source_url
stringlengths 202
245
| target_url
stringlengths 202
245
| text
stringlengths 169
36.1k
| summary
stringlengths 26
293
|
---|---|---|---|
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%AC%E0%A7%83%E0%A6%B9%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%96%E0%A6%BE%E0%A6%A6%E0%A7%80%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%AC%E0%A7%83%E0%A6%B9%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%96%E0%A6%BE%E0%A6%A6%E0%A7%80%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্বৰ বৃহত্তম খাদীৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ বাবে খাদী আৰু গ্রামোদ্যোগ আয়োগৰ প্রশংসা কৰে৷ মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জনাই লাডাখৰ লেহত ২২৫ ফুট দীঘল আৰু ১৫০ ফুট উচ্চ ৰাষ্ট্ৰীয় পতাকা প্রদর্শন কৰা হৈছে। টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বাপুৰ প্রতি শ্রদ্ধা নিবেদনৰ এয়া এক ব্যতিক্ৰমী পন্থা। বাপুৰ খাদীৰ প্রতি অনুৰাগ সর্বজনবিদিত। উৎসৱৰ এই বতৰত খাদীৰ পোচাক প্ৰস্তুত কৰা হস্তশিল্পক আপোনালোকৰ জীৱনৰ অংগ কৰি তোলক আৰু আত্মনির্ভৰ ভাৰত নিৰ্মাণৰ সংকল্পক দৃঢ় কৰক।” | বিশ্বৰ বৃহত্তম খাদীৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ বাবে কেভিআইচিৰ প্রশংসা প্রধানমন্ত্রী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%80%E0%A6%AA%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%80%E0%A6%AA%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE/ | মহামহিম ৰাষ্ট্ৰপতি ছ’লীহ, মালদ্বীপৰ পৰা অহা অন্যান্য মন্ত্রীবৰ্গ তথা অতিথিবৃন্দ, আপোনালোক সকলোকে ভাৰতলৈ আন্তৰিক আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত। ৰিপাবলিক অফ মালডিভ্ছ’ৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ বাবে আপোনাক পুনৰ শুভেচ্ছা জনাইছো। কেৱল মালদ্বীপেই নহয়, সমগ্ৰ বিশ্বত আপোনাৰ গণতন্ত্রৰ বাবে সংগ্রাম আৰু সাফল্য প্রেৰণাৰ উৎস হৈ পৰিব। যোৱা মাহত আপোনাৰ শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকিবলৈ পোৱাটো কেৱল মোৰ বাবেই নহয়, ভাৰতৰ বাবেও ডাঙৰ সন্মানৰ বিষয় আছিল। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ এমাহৰ ভিতৰতে আুপনি বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছনি কৰে। আমাৰ বাবে এয়া ডাঙৰ সন্মান আৰু গৌৰৱৰ বিষয়। আপোনাৰ এই ভ্ৰমণ সেই সুদৃঢ় পাৰস্পৰিক ভৰসা আৰু বন্ধুত্বৰ ভেঁটীৰ ওপৰত প্ৰতিষ্ঠিত। আমাৰ বন্ধুত্ব কেৱল ভৌগোলিক প্ৰতিৱেশীৰ ফলত নহয়, সাগৰৰ ঢৌৱে উভয় দেশৰ ইপাৰ–সিপাৰক একেলগ কৰিছে৷ আমাৰ ইতিহাস, সংস্কৃতি, ব্যৱসায় আৰু সামাজিক সম্পর্কও ক্ৰমান্বয়ে আৰু অধিক কাষ চাপিছে। উভয় দেশৰ লোকসকলে আজি গণতন্ত্রৰ প্ৰতি নিজৰ আস্থা আৰু উন্নয়নৰ আকাংক্ষা লৈ পৰস্পৰৰ সৈতে জড়িত হৈছে৷ আপোনাৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ সম্পর্কৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব। বন্ধুসকল, ৰাষ্ট্ৰপতি ছ’লীহ আৰু মোৰ মাজত আজি অতি সৌহাদ্যপূর্ণ আৰু বন্ধুতপূর্ণ পৰিৱেশত আলোচনা হৈছে। উভয় দেশৰ মাজত পৰম্পৰাগত শক্তিশালী আৰু মৈত্রীপূর্ণ সম্পর্ক আৰু অধিক নিবিড় কৰাৰ প্ৰতি আমি দৃঢ়তাৰে এই আলোচনাক আগুৱাই নিছো৷ মহামহিম ৰাষ্ট্ৰপতি, আপোনাৰ চৰকাৰৰ জনতাকেন্দ্রিক উন্নয়নৰ লক্ষ্যক মই অনেক প্ৰশংসা জনাইছো। এক ঘনিষ্ঠ বন্ধু তথা প্ৰতিৱেশী হিচাপে আমি মালদ্বীপৰ সফলতা কামনা কৰো। মালদ্বীপৰ জনগণৰ জীৱন সলনি কৰিবলৈ আপোনাৰ চৰকাৰৰ অভিলাসী প্ৰকল্পসমূহ বাস্তবায়িত কৰি মালদ্বীপৰ উন্নয়নৰ মানৱীয় ৰূপ আৰু অধিক উজ্জ্বল কৰি তুলিছে। ভাৰত সদায়েই আপোনাৰ সৈতে আছে। মই আনন্দিত যে এই দায়বদ্ধতাৰ প্ৰত্যক্ষ অভিব্যক্তি ৰূপে মালদ্বীপৰ সামাজিক, আর্থিক উন্নয়নৰ বাবে আর্থিক সাহায্য, কাৰেন্সি সোৱাইপ আৰু ন্যূনতম সুদৰ হাৰত লাইন্ছ অৱ ক্রেডিট ৰূপত ভাৰতে মালদ্বীপক ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ আর্থিক সাহায্য প্ৰদান কৰিব। উভয় দেশৰ মাজত যোগাযোগ ব্যৱস্থা উন্নয়নত ভাৰতে সম্পূর্ণ সহযোগিতা আগবঢ়াব। উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে সামগ্ৰী পৰিবহণ সেৱা, তথ্য, ভাৱনা, সংস্কৃতি আৰু জনগণৰ মাজত ভাৱৰ আদানপ্ৰদানক উৎসাহ যোগোৱা হ’ব। ৰাষ্ট্ৰপতি ছ’লীহক স্বাস্থ্য, মানৱসম্পদ উন্নয়ন, আন্তঃগাঁথনি, কৃষি, দক্ষতা আৰু সক্ষমতা বৃদ্ধি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা পর্যটনত আমাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্রুতি দিছো৷ আমি অহা পাঁচ বছৰত মালদ্বীপৰ নাগৰিকসকলৰ প্ৰশিক্ষণ, দক্ষতা আৰু সক্ষমতা বৃদ্ধিৰ বাবে অতিৰিক্ত ১,০০০খন আসন প্ৰদানৰো সিদ্ধান্ত লৈছো। আমাৰ নাগৰিকসকলৰ মাজ সৌহার্দ্র্য আমাৰ পাৰস্পৰিক সম্পর্কক নতুন মাত্রা দিছে। সেইবাবে আজি আমি নতুন ভিছা চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱক আজৰণি জনাইছো। আমি পাৰস্পৰিক বাণিজ্যিক সম্পর্কৰ উন্নতি তথা দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব বিচাৰো। এয়া উভয় দেশৰ বাবে লাভজনক। মালদ্বীপত স্বচ্ছ, জবাবদিহিতা আৰু আইনী প্ৰশাসনৰ লক্ষ্যৰে ভাৰতীয় ব্যৱসায়ীসকলৰ এক আদৰণি বার্তা প্ৰদান কৰে। ৰাষ্ট্ৰপতি ডাঙৰীয়া, আমাৰ প্ৰতিৱেশী আৰু মিত্ৰ দেশ মালদ্বীপ ‘এলভিচি’ শ্রেণীৰ পৰা উন্নীত হৈ এতিয়া মধ্যবিত্ত গোষ্ঠীৰ দেশ হৈ উঠাৰ দৃষ্টান্ত প্ৰতিষ্ঠা কৰাত আমি ভাৰতবাসী গৌৰবান্বিত। দীর্ঘস্থায়ী সুদূৰপ্ৰসাৰী উন্নয়ন আৰু পৰিৱেশ পৰিৱর্তনৰ কঠিন প্ৰত্যাহ্বান মোকাবিলা কৰি মালদ্বীপে এই সাফল্য লাভ কৰিছে। এইবোৰ সমস্যাৰ মোকাবিলা আৰ সমুদ্ৰ–সম্পদৰ সুদূৰপ্ৰসাৰী উন্নয়নত মালদ্বীপৰ ভূমিকা বিশ্বত গুৰুত্বপূর্ণ হৈ পৰিব। সেয়েহে ভাৰত আৰু মালদ্বীপৰ মাজত সামুদ্রিক সহযোগিতাৰ বিবিধ মাত্রাত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে আমি সহমত প্ৰকাশ কৰিছো। মহামহিম, আপোনালোকে পুনৰ কমনৱেল্থৰ সৈতে যুক্ত হোৱাৰ সিদ্ধান্তক আমি আদৰণি জনাইছো। আমি ইয়াক সমর্থন কৰিম। আমি ভাৰত মহাসাগৰ ৰিম এছোচিয়েচন (আইঅ’আৰএ) পৰিয়াললৈও আপোনাক স্বাগতম জনাইছো। ৰাষ্ট্ৰপতি ছ’লীহ আৰু মই এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছো যে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ পাৰস্পৰিক সহযোগিতা আৰু নিবিড় কৰাৰ প্ৰয়োজন আছে। উভয় দেশৰ নিৰাপত্তা পৰস্পৰৰ স্বার্থ জড়িত হৈ আছে। এই অঞ্চলৰ স্থিতিশীলতা বজাই ৰাখিবলৈ পৰস্পৰৰ হিতাৰ্থে সদায় সজাগ হৈ থকাৰ ক্ষেত্রতো আমি একমতত উপনীত হৈছো। ইয়াৰ সমান্তৰালভাৱে এনে কোনো গতিবিধি আমি নিজৰ দেশত হ’বলৈ নিদিও, যি আনৰ ক্ষতি কৰিব পাৰে। এই অঞ্চলৰ উন্নয়ন আৰু সুস্থিৰতাৰ ক্ষেত্রত ভাৰত আৰু মালদ্বীপৰ অংশীদাৰিত্ব সমান থাকিব। সেইবাবে মই ৰাষ্ট্ৰপতি ছ’লীহৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰাৰ ক্ষেত্রত সহমত প্ৰকাশ কৰিছো যাতে দুয়োখন দেশৰ সম্পর্কৰ অসীম সম্ভাৱনা বিকশিত হয় আৰু উভয় দেশৰ জনতাৰ ইয়াৰ দ্বাৰা উপকৃত হয়। সকলোকে বহুত বহুত ধন্যবাদ। | মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত যুটীয়া সংবাদমেলত প্ৰধানমন্ত্রীৰ প্ৰেছ বিবৃতি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AE%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%8B%E0%A7%B1%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6-%E0%A6%B8%E0%A6%BF%E0%A6%82/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AE%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%8B%E0%A7%B1%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6-%E0%A6%B8%E0%A6%BF%E0%A6%82/ | কেনে আছে! সুখেৰে আছে নে সকলো? শিৱৰাত্ৰিৰ এই পবিত্ৰ ক্ষণত আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷ ভোলানাথে সকলোৰে ভাল কৰক৷ মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মই তিনিবাৰ ভাৰত মাতা কী জয় ক’ম৷ আপোনালোকেও ক’ব৷ পৰাক্ৰমী ভাৰতৰ বাবে ভাৰত মাতা কী-জয়৷ বিজয়ী ভাৰতৰ বাবে ভাৰত মাতা কী-জয়৷ বীৰ জোৱানসকলৰ বাবে ভাৰত মাতা কী-জয়৷ মোক আশীৰ্বাদ দিবলৈ বিশাল হাৰত সমবেত হোৱা জামনগৰৰ মোৰ মৰমৰ ভাই-ভনীসকল, আজি শিৱৰাত্ৰিৰ পবিত্ৰ দিন আৰু গুজৰাট এনে এক ঠাই, য’ত দুটাকৈ জ্যোতিৰ্লিংগ আছে৷ সোমনাথ আৰু নাগেশ্বৰৰ এই ভূমি মোৰ বাবে বহুত সুখকৰ এইবাবে যে শিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত মই সোমনাথ আৰু নাগেশ্বৰৰ ভূমিলৈ অহাৰ সুবিধা পালো৷ যেতিয়া মই মুখ্যমন্ত্ৰী হৈ আছিলো আৰু দেশৰ সকলো মুখ্যমন্ত্ৰীৰ বৈঠকলৈ গৈছিলো, তেতিয়া তেওঁলোকক মই কৈছিলো যে ভাই আপোনালোকে গুজৰাটত কি কি সমস্যা আছে বুলি ভাৱে৷ তেতিয়া তেওঁলোকে কয় সকলোবোৰ দেখোন ভাল, আপোনাৰ কিহৰ চিন্তা৷ যেতিয়া তেওঁলোকক মই মোৰ কথা বুজাইছিলো, তেতিয়া তেওঁলোক আচৰিত হৈছিল৷ মই তেওঁলোকক কৈছিলো যে আমাৰ ৰাজ্যখন এনেকুৱা যে তাত কোনো খনি অথবা খনিৰ বিশাল ভাণ্ডাৰ নাই৷ তাতকৈ ডাঙৰ সমস্যা হৈছে পানী৷ আমাৰ বহুসংখ্যক গাঁৱত খোৱাপানীৰ বাবে হাহাকাৰ কৰে, আমাৰ চৰকাৰৰ অধিকাংশ শক্তি, দহ বছৰৰ ভিতৰত ৭ বছৰ খৰাং তথা খোৱা পানী কিদৰে দিব পৰা যায়, তাত ব্যয় হয়৷ ঈশ্বৰে আমাক পানীৰ সুবিধা কৰি দিয়া হ’লে, আমি ইমান শক্তিশালী হ’লোহেতেন যে আমি গোটেই ভাৰতবৰ্ষক য’লৈ নিব খোজো তালৈ লৈ যাব পাৰিলোহেতেন, আমাৰ ভিতৰত ইমান শক্তি আছে৷ আমাৰ বাজেট, আমাৰ চৰকাৰৰ শক্তি সকলো আমি পানীৰ বাবদ খৰচ কৰিবলগীয়া হৈছিল, ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এইটো সঁচা যেন লগা নাছিল, ইমানবোৰ সমস্যা৷ তেওঁলোকে অনুমান কৰিব পৰা নাছিল৷ কিন্তু ইয়াৰ বিপৰীতে আমাৰ সংকল্পও আছিল৷ আমাৰ ১২ মাহে বৈ থকা নদী নাই, বৰষুণ কম হয় আৰু গুজৰাটৰ বিকাশৰ পথত আগুৱাই যোৱাটো কান্দি-কাতি বহি থকাৰ বাবে একো নাই ভাই৷ আগতে পানী নাছিল বাবে কচ্ছ খালী আছিল, আমি সিদ্ধান্ত ল’লো পানী নাই বাবে আমি পানীৰ সমস্যা প্ৰথমে সমাধান কৰিম, পানী দিম আৰু দেশত গুজৰাটক পানীদাৰ বনাম আৰু এইটো বাস্তৱ যে চৰ্দাৰ সৰোবৰ বান্ধত ইমান বাধা আহিল, ইয়াৰ বাবে সেই সময়ৰ চৰকাৰেই দায়ী৷ তেওঁলোক সাৰিব নোৱাৰে, তেওঁলোকে উত্তৰ দিব লাগিব৷ যদি ৪০ বছৰৰ পূৰ্বে নৰ্মদাৰ কাম সম্পূৰ্ণ হোৱা হ’লে, তেতিয়া বিগত ৪০ বছৰত গুজৰাট চৰকাৰে পানীৰ বাবদ ইমান খৰচ কৰিবলগীয়া নহ’লহেতেন৷ বৰ্তমান চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ হ’ল, পানী আহিল, বান্ধ সম্পূৰ্ণ হোৱাৰ আগতে কচ্ছ আৰু কাথিয়াবাদৰ ভূমিত কিদৰে পানী পাবগৈ তাকলৈ বহুতে মতবিৰোধ কৰিলে আৰু প্ৰথমবাৰলৈ ‘ছেউনী’আঁচনি গ্ৰহণ কৰিলো, তেতিয়া ৰাজকোটলৈ আহি অধিকাংশ লোকে তৰ্ক কৰিবলৈ ধৰিলে যে নিৰ্বাচন আহিছে বাবে মোদীয়ে এই প্ৰসংগ উত্থাপন কৰিছে৷ মই যি কামেই নকৰো, তাক আপোনালোকে নিৰ্বাচনৰ সৈতে জড়িত কৰিব পাৰে৷ সেই সময়ত আশংকা আছিল যে এয়া অসম্ভৱ, হাজাৰ কোটি টকা, পানীৰ পাইপ লগোৱা, পানীৰ মাজে মাজে ফ্ল’ৰ, ঘৰ যিমান ওপৰলৈ লৈ যাব আৰু সেই সকলো অলপো সম্ভৱ যেন লগা নাছিল৷ কাৰণ আমি অধিক টেংকাৰ দেখিছো, হেণ্ডপাম্প দেখিছো, তাতকৈ ওপৰত পানীৰ সমাধানৰ কথা কেতিয়াও ভবা নাছিলো৷ ইফালে, সেই সময়ৰ চৰকাৰৰ মানসিকতা, তেতিয়া এনে লোকে শাসন কৰিছিল, যিসকলে টেংকাৰতকৈ ওপৰত একো দেখাই নাই আৰু আমি এনেকুৱা লোক আহিলো যি পাইপলাইনেৰে ৫০০-৭০০ কিলোমিটাৰ আৰু এনে পাইপলাইন য’ত মাৰুতি লৈ যাব পাৰে আৰু তাৰ ফলশ্ৰুতিত আজি ‘ছেউনী’ যোজনাৰ পানী পাবলৈ সক্ষম হৈছে৷ কচ্ছৰ সীমাত বিএছএফক জোৱানসকলে নৰ্মদাৰ বিশুদ্ধ পানী সেৱন কৰিবলৈ সক্ষম হৈছে আৰু এয়া প্ৰযুক্তি, অভিযান্তিক আৰু ইচ্ছাশক্তিৰ বাবে সম্ভৱ হ’ল৷ মই আনন্দিত হৈছো যে গুজৰাট এৰাৰ পাছতো আমাৰ টীমে একেই উৎসাহেৰে, সময়ানুসৰি এই সপোন বাস্তৱ কৰাৰ কামত লাগি আছিল আৰু এটাৰ পাছত এটা ‘ছেউনী’ যোজনাৰ দায়িত্ব সম্পূৰ্ণ কৰি গৈ আছে আৰু ইয়াৰ ফল অনাগত দিনত উপভোগ কৰিব৷ মই প্ৰায়েই কও যে নৰ্মদাৰ পানী সেই পানী নহয়, সেয়া পাৰশ৷ যিদৰে পাৰশে স্পৰ্শ কৰিলেই লোহা সোণলৈ পৰিণত হয়, সেইদৰে নৰ্মদাৰ স্পৰ্শত গুজৰাটৰ ভূমি সেউজীয়া হৈ যায়, সোণৰ দৰে উজ্বলি উঠে৷ আমাৰ কৃষকসকলে ঘাম বাহিৰ কৰে, কিন্ত সেই ঘামৰ সৈতে যেতিয়া নৰ্মদাৰ মিলন হয়, তেতিয়া সেই ঘাম উজ্বলি উঠে, জাগি উঠে আৰু সেয়া আজি গুজৰাটে কৰি দেখুৱাইছে৷ আজি ইয়াত মই গুৰু গোৱিন্দ সিংজী মেডিকেল কলেজৰ বাবে তথা ইয়াৰ সম্প্ৰসাৰণৰ লগতে নতুন নতুন আঁচনিৰ উদ্বোধনৰ সূযোগ লাভ কৰিলো। আমি মনত ৰাখিব লাগিব যে গুৰু পৰম্পৰাৰ সৈতে গুজৰাটৰ বিশেষ সম্পৰ্ক আছে। গুৰু গোৱিন্দ সিংজীৰ যি পহলে পঞ্চ প্যাৰে আছিল, সেই পঞ্চ প্যাৰেৰ ভিতৰত এক দ্বাৰিকা আৰু দৰ্জী সমাজৰ আছিল আৰু তেওঁ গুৰু গোৱিন্দ সিংজীৰ সন্মুখত আইনা কাটি দি ক’লে মই আপোনাৰ শিষ্য হৈ আহিছো। দ্বাৰিকাৰ পৰা গৈ দৰ্জীৰ পুত্ৰ আৰু গুৰু গোৱিন্দ সিংজীয়ে শিখ পৰম্পৰাৰ বাবে যি কাম কৰিলে তাত এক পহলে পাঁচ চিপাহীৰ ভিতৰত এগৰাকী আমাৰ দ্বাৰিকাৰ আছিল আৰু সেইবাবে সেই সময়ত দ্বাৰিকা জামনগৰৰ অংশ আছিল আৰু ইয়াৰ পৰিণামস্বৰূপে এই হস্পিটেল গুৰু গোৱিন্দ সিংজীৰ নামেৰে নামকৰণ হৈছে। ইতিহাসত সেই ঘটনাৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস এই কামৰ সৈতে জড়িত হৈ আছে। আজি এই হস্পিটেল আৰু চিকিৎসা খণ্ডত এক ডাঙৰ বিপ্লৱৰ কাম আমি কৰিলো। গুজৰাটত হৈ আছে। ইয়াৰ পৰা মই আহমেদাবাদলৈ যাম। তাতো চাৰিখন ডাঙৰ হস্পিটেলৰ প্ৰকল্প হাতত লৈছে। কাৰণ হস্পিটেলৰ ব্যৱস্থা অবিহনে, আধূনিক প্ৰযুক্তিৰ অবিহনে আজিকালি অতি ব্যস্ত জীৱনত আধূনিক চিকিৎসা সম্ভৱ নহয়। আগতে সকলো ইমান সুস্থ আছিল যে গাঁৱত এগৰাকী বৈদ্যৰাজ থাকিলে গাঁৱৰ সকলো সুস্থ থাকে। এতিয়া বিশ্বৰ আমূল পৰিৱৰ্তন হৈছে। সোঁফালৰ চকুত এজন চিকিৎসক থাকিলে, বাওঁ চকুতো আন এজন চিকিৎসক থাকে। বিশেষজ্ঞৰ দিন। আমি তাৰ বাবে সাদু থাকিব লাগে আৰু আজি গুজৰাটত যি আধূনিক চিকিৎসালয় নিৰ্মাণ হৈছে, তাৰ প্ৰত্যক্ষ লাভ কৰিব, আয়ুষ্মান যোজনাই হওঁক বা মা-মুখ্যমন্ত্ৰী অমৃতম যোজনা। মই যেতিয়া গুজৰাটত আছিলো, তেতিয়া এক চিৰঞ্জীৱি যোজনা আৰম্ভ কৰিছিলো। দুখীয়া মহিলাসকলৰ প্ৰসৱ চিকিৎসালয়ত হওক, মাতৃসকল জীৱন ৰক্ষা হওক, সন্তানৰ জীৱন ৰক্ষা হওক আৰু সেই ক্ষেত্ৰত ইমান সফলতা লাভ কৰিছিলো আৰু তাৰ পাছত ইখনৰ পাছত সিখনকৈ গুজৰাটত চিকিৎসা ক্ষেত্ৰত আমি যোজনা আনিছিলো আৰু যেতিয়া ভাৰত চৰকাৰলৈ গ’লো, তেতিয়া আয়ুষ্মান ভাৰত নামৰ আঁচনি আহিল আৰু আয়ুষ্মান ভাৰত যোজনা বিশ্বৰ সৰ্ববৃহৎ যোজনাত পৰিণত হৈছে। আপোনালোক সকলোৱে জানে যে মোৰ সৰু বস্তু পছন্দ নহয়। যিয়েই নকৰো ডাঙৰকৈ কৰো। পাইপলাইন দিবলগীয়া হ’লে ৫০০ কিলোমিটাৰ, ৭০০ কিলোমিটাৰ অথবা ৯০০ কিলোমিটাৰ দিয়া হয়। ৰৈ ৰৈ কাম নকৰো। সেই ধৰণৰ কাম কৰিয়েই আয়ুষ্মান যোজনাৰ অধীনত ভাৰতত আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ জনসংখ্যাতকৈ অধিক লোকে সুবিধা লাভ কৰিব। যিকোনো দুখীয়া পৰিয়ালে বছৰত ৫ লাখ টকালৈকে চিকিৎসাৰ সুবিধা লাভ কৰিব আৰু চৰকাৰে এই ধন যোগান ধৰিব। ইমানেই নহয়, ডাঙৰ চিকিৎসালয়ত ইয়াৰ চিকিৎসা কৰাব পাৰিব। এনেকুৱা নহয় যে তেওঁ সেই চৰকাৰী চিকিৎসালয়লৈ যাব আৰু আবেলি চিকিৎসকক নেদেখুৱাকৈ ঘুৰি আহিব। তেওঁৰো অধিকাৰ আছে। বৰ্তমান দেশৰ ১৫,০০০তকৈ অধিক চিকিৎসালয়ে আমাৰ এই আঁচনিৰ প্ৰতি সহযোগিতা আগবঢ়াইছে। ইমানেই নহয়, আমাৰ জামনগৰৰ কোনো লোক ভূপাললৈ গ’ল আৰু তেওঁ তাত বেমাৰত আক্ৰান্ত হ’ল, তেতিয়া তেওঁ জামনগৰলৈ ঘুৰি আহি চিকিৎসা কৰোৱাৰ দৰকাৰ নাই, ভূপালৰ চিকিৎসালয়লৈ যাওক আৰু তেওঁ সেই কাৰ্ড দেখুৱাই বিনামূলীয়াকৈ ইয়াৰ সেৱা গ্ৰহণ কৰিব পাৰে। কলকাতা, কোচি য’লৈকে নাযাওক তাতে সেই সুবিধা গ্ৰহণ কৰিব পাৰিব। সেইদৰেই চিকিৎসাৰ সেৱা সাধাৰণ লোকেও পাইছে। এতিয়া কেৱল চিকিৎসাৰ সেৱা লাভ কৰাটোৱেই নহয়, ইয়াৰ ফলত যিবোৰ সৰু সৰু চহৰ আছে, তাতো ডাঙৰ ডাঙৰ চিকিৎসালয় খোলাৰ সম্ভাৱনা সৃষ্টি হৈছে। অতি কমও ২-৩ হাজাৰ নতুন চিকিৎসালয় নিৰ্মাণ হ’ব। এইবোৰৰ শ শ লোকে সংস্থাপন লাভ কৰিব। সৰু সৰু টেকনিছিয়ান তথা অন্যান্য লোকে ইয়াত কাম পাব। দেশৰ চিকিৎসা খণ্ডত ইয়াৰ ফলত বৃহৎ বিপ্লৱৰ সুচনা হ’ব আৰু এনে চিকিৎসালয়ৰ বাবে আজি মই ইয়ালৈ আহিবলগীয়া হৈছে। পানীৰ কথা যেতিয়াই পাতো, তেতিয়াই ইয়াত এক সমস্যা থাকে। পানী এনে এক সামগ্ৰী যেতিয়াই মানুহে ইয়াৰ মৰ্যাদা লাঘৱ কৰে তেতিয়াই তাত সংকট আৰম্ভ হয়। ইমান বৃহৎ ‘ছেউনী’ যোজনা সম্পূৰ্ণ কৰাৰ পাছতো মোৰ এনেকুৱা লাগে যে গুজৰাটৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বাবে বৰষুণৰ পানী তথা নদীৰ পানী অবিহনে সদায় অসম্পূৰ্ণ হৈয়ে থাকিব। সেইবাবে বিশাল পৰিসৰত সাগৰৰ পানীক মিঠা বনোৱাৰ বাবে কোটি কোটি টকা ব্যয়েৰে আঁচনি গ্ৰহণ কৰাটো প্ৰয়োজন আৰু আজি তেনে এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। সাগৰৰ পানী মিঠা কৰি সেইসকল লোকক প্ৰদান কৰা হ’ব। ইয়াৰ অৰ্থ এই যে পানীৰ পৰমাত্মাৰ প্ৰসাদ বুলি ভাবি ব্যৱহাৰ কৰিব লাগিব, গুজৰাটৰ পানী নষ্ট কৰাৰ অধিকাৰ একেবাৰে নাই৷ ইয়ান কষ্ট কৰি দুখীয়া লোকসকলে লাভ কৰে, তেওঁলোকে ১টকা পাব লাগে, ৮০ পইচা দিয়ে ২০ পইচা উলিয়াই পানী পাবলৈ৷ কাৰণ পানী নহ’লে জীয়াই থকাটো অসম্ভৱ৷ বিভিন্ন কাম যেনে- স্কুলৰ কোঠা নিৰ্মাণ, লাখ লাখ কোঠা বনাবলগীয়া হ’লে ১০,০০০ কোঠা কম কৰি সেই পইচা পানীৰ বাবে ৰাখিব লাগে৷ চিকিৎসালয় নিৰ্মাণ কৰিবলগীয়া হ’লে, অলপ পইচা পানীৰ নামত দিয়ক৷ গুজৰাটত প্ৰতিটো ক্ষেত্ৰত পানীৰ বাবে অলপ অলপ উলিয়াব লাগে৷ ইয়াৰ অৰ্থ হৈছে পানী আটাইতকৈ মূল্যবান হৈ পৰিছে৷ এনে সময়ত গুজৰাটৰ প্ৰতিগৰাকী নাগিৰিক পানী সংৰক্ষণৰ বাবে দায়বদ্ধ৷ কৃষকসকলে ড্ৰিপ জলসিঞ্চনৰ বাবে দায়বদ্ধ৷ পানী সংৰক্ষণ কৰাটো অতি আৱশ্যক৷ প্ৰতিটোপাল পানীৰ ব্যৱহাৰ কৰাৰ এক পৰিৱেশ গঢ় দিব লাগিব আৰু যিধৰণে দেশক স্বচ্ছতা অভিযানে এক বৃহৎ সফলতা লাভ কৰাৰ লগতে জন আন্দোলনত পৰিণত হ’ল, সেইদৰে এইবাৰৰ কুম্ভমেলালৈ গুজৰাটৰ পৰা যিসকল লোক আহিছিল, কুম্ভমেলালৈ যায় আৰু আকৌ অহা-যোৱা কৰি থাকে তেওঁলোকে কুম্ভমেলাৰ বহুত প্ৰশংসা কৰিছিল৷ কুম্ভমেলাৰ স্বচ্ছতাই জনতাৰ অন্তৰ ছুই গৈছে৷ দেশত স্বচ্ছতাৰ এক আন্দোলনত পৰিণত হ’ল৷ মহাত্মা গান্ধীয়ে এশ বছৰ পূৰ্বে হৰিদ্বাৰৰ কুম্ভলৈ গৈছিল আৰু তেতিয়া তেওঁ কুম্ভ মেলা স্বচ্ছ হোৱাৰ ইচ্ছা প্ৰকট কৰিছিল, ১০০ বছৰে কৰিব নোৱাৰিলে, আমি কৰি দেখুৱালো আৰু সেইবাবে যিধৰণে স্বচ্ছতাৰ আন্দোলন সফল হ’ল, তেনেধৰণে গুজৰাটত পানী সংৰক্ষণ আন্দোনল সফল কৰিব নোৱাৰি নে? আমি সকলো সেই দিশ কাম কৰিব নোৱাৰো নে? আজি যেতিয়া প্ৰভূ শিৱক নৰ্মদাৰ জলেৰে অভিষেক কৰিছো সেয়েহে আজি শিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত সমগ্ৰ গুজৰাটবাসীয়ে সংকল্প কৰক যে আমি পানীও সংৰক্ষণ কৰিম৷ আপোনালোকে দেখিব এক ডাঙৰ বিপ্লৱ সৃষ্টি হ’ব৷ আজি ইয়াৰ ৰে’লৱেৰো কেইবাটাও প্ৰকল্প গ্ৰহণ কৰা হৈছে৷ ৰে’লৱেৰ কাম যেনে—বিদ্যুতীকৰণ, গজ পৰিৱৰ্তন, দ্বৈত পথ ইত্যাদিবোৰ পূৰ্বতকৈ দুগুণ অধিক হাৰত হৈছে৷ আপোনালোকৰ বাবে একো নতুনত্ব নাই, কাৰণ আপোনালোকে মোক দেখিছে, মই ইয়াত কিধৰণে কাম কৰিছিলো, কিন্তু দেশৰ বাকীবোৰে দেখি আচৰিত হৈছে যে এনেকৈও কাম হয়নেকি? মই তেওঁলোকক কও যোৱা গুজৰাটলৈ গৈ চাই আহা৷ তাত সকলো সম্ভৱ৷ দেশৰ ৰে’লৱেৰ কামৰ হাৰ বৃদ্ধি পাইছে৷ ৰে’লৱেৰ আধূনিকৰণ… আধূনিক ৰে’ল, ডবাৰ ব্যৱস্থা, এই সকলোবোৰ সম্ভৱ হৈছে আৰু পূৰ্বতকৈ দুগুন অধিক হাৰত হৈছে৷ আমি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি গ্ৰহণ কৰি ইয়াৰ অধীনত ৫ একৰ বা তাতকৈ কম ভূমি থকা কৃষকক বছৰি ৬হাজাৰকৈ টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰিছো৷ প্ৰতিটো ছিজনৰ পূৰ্বে ২ হাজাৰকৈ টকা লাভ কৰিব৷ তেওঁলোকৰ সাৰ ক্ৰয় কৰা, বীজ ক্ৰয় কৰা, ঔষধ ক্ৰয় কৰা ইত্যাদি দিশত কামত আহিব আৰু একাংশ লোকে ইমান মিছা কথা ক’ব পাৰে যে প্ৰতি ১০ বছৰৰ মুৰে মুৰে তেওঁলোকৰ জ্বৰ উঠে, কৰ ৰেহাই কৰাৰ, নিৰ্বাচন অহাৰ লগে লগে কৰ ৰেহাইৰ ভাষণ আৰম্ভ কৰি দিয়ে, কাম হ’লে একো নাই, ১০ বছৰলৈ কৃষক যেনে আছিল তেনেকৈয়ে থাকিব৷ আপোনালোকে জানি আচৰিত হ’ব যে ২০০৮-০৯ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কৰ ৰেহাই কৰাৰ কথা কৈছিল, পূৰ্বৰ চৰকাৰৰ দিনত ৬লাখ কোটি টকাৰ কৰ আছিল, দেশৰ কৃষকক কিমান ৰেহাই দিলে? ৫২ কোটি আৰু সকলোৰে ভোট চলনাৰে লৈ ল’লে, সকলোৰে চকুত ধুলি দিলে আৰু নিৰ্বাচন শেষ হোৱাৰ পাছত কৃষকে কি কৰিব, তেওঁলোকে ভাবিব মোৰ নিয়মত নহ’ল বাবে নাহিল৷ তেওঁলোকক এনেকৈ মুৰ্খ সজাইছে৷ আমি এনেকুৱা আঁচনি গ্ৰহণ কৰিছো যে প্ৰতি বছৰে কৃষকক বেংক একাউণ্টত ৭৫ হাজাৰ কোটি টকা সোমাব আৰু ১০ বছৰত ৭.৫লাখ কোটি টকা কৃষকৰ একাউণ্টত সোমাব৷ ইয়াৰ অৰ্থ হৈছে গাঁৱত ৭.৫ লাখ কোটি টকা একেলগ হ’ব, ফলত গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন আহিব৷ ৭.৫লাখ কোটি টকা গাঁওবোৰ উৰি আছে অৰ্থাৎ গাঁওবাসীয়ে প্ৰথমে চাইকেল ক্ৰয় কৰা নাছিল, এতিয়া চাইকেল ক্ৰয় কৰিব, সন্তানৰ বাবে জোতা-মোজা ক্ৰয় কৰা নাছিল, এতিয়া জোতা-মোজা ক্ৰয় কৰিব, ঘৰৰ বাবে ভাল বাচন আনিব, ঘৰতে ভাল খাদ্য প্ৰস্তুত কৰিব ইত্যাদি ধৰণে গাঁৱৰ অৰ্থনীতিৰ পৰিৱৰ্তন সাধন কৰিব পৰা কাম আমি কৰিছো আৰু তেওঁলোকে কৰ ৰেহাই কৰি প্ৰতিখন গাঁৱৰ ২০-২৫গৰাকী কৃষকক উপকৃত কৰিব খুজিছে, কিন্তু আমাৰ আঁচনিৰ জৰিয়তে প্ৰতি বছৰে প্ৰতিখন গাঁৱৰ অতি কমেও ৯০গৰাকী কৃষক উপকৃত হ’ব৷ ভাই-ভনীসকল, সমস্যাৰ স্থায়ী সমাধান আৰু যিকোনো প্ৰকাৰে আপোন-পৰ এই মনোভাৱ অবিহনে সবকা সাথ সবকা বিকাশৰ মন্ত্ৰেৰে কাম কৰিলে বহুতেই লাভৱান হয়৷ এতিয়া আমি কৃষকে যি লাভ পায়, সেই লাভ পশুপালকসকলকো দিয়াৰ সিদ্ধান্ত লৈছো৷ কিষাণ ক্ৰেডিট কাৰ্ড পশুপালক সকলেও লাভ কৰিব৷ যিধৰণে কম সুদৰ হাৰত বেংকৰ পৰা কৃষকে ধন লাভ কৰে, সেইদৰে পশুপালক তথা মাছমৰীয়াসকলেও লাভ কৰিব৷ মাছমৰীয়াসকলৰ বাবেও ইয়াৰ ব্যৱস্থা কৰা হৈছে, দেশত প্ৰথমবাৰ যেতিয়া অটলজীৰ চৰকাৰ গঠন হৈছিল, তেতিয়া আদিবাসী লোকসকলৰ বাবে পৃথক বিভাগ গঠন কৰা হৈছিল৷ এই দেশত মোদী চৰকাৰ শাসনলৈ অহাৰ পাছ প্ৰথমবাৰলৈ মাছমৰীয়াসকলৰ বাবে পৃথক বিভাগ গঠন কৰা হয় আৰু মাছমৰীয়াসকলে, সাগৰৰ উপকূলৰ পৰা সমগ্ৰ দেশৰ মাছমৰীয়াৰ সমস্যা, উন্নয়ন, তেওঁলোকৰ পদ্ধতিৰ আধূনিকীকৰণ, মৎসপালনৰ ক্ষেত্ৰত কাম কৰিবলগীয়া লোকৰ বাবে আধূনিক সম্পদ ইত্যাদি সকলো কাম কৰা হৈছে৷ মাছমৰীয়াসকলেও কিষাণ কাৰ্ডৰ জৰিয়তে কম সুদৰ হাৰত বেংকৰ ঋণ লাভ কৰিব পৰাকৈ আমি কাম কৰিছো৷ এয়া স্থায়ী পৰিৱৰ্তনৰ দিশত কৰা এক কাম৷ গভীৰত সমুদ্ৰত মাছ মাৰিবলৈ যোৱাৰ অসুবিধাৰ বাবে আমাৰ মাছমৰীয়া ভাইসকলে কাষে-কাষে মাছ মাৰে, ফলত তেওঁলোকে বেছি মাছ নাপায়৷ কিন্তু মাজভাগত গৈ কম পৰিশ্ৰমতে মাছমৰাৰ অত্যাধূনিক সুবিধা আহৰণৰ বাবে আমাৰ চৰকাৰে ১৫ লাখলৈকে ৰাহসাহায্য প্ৰদান কৰিছে৷ আমাৰ প্ৰচেষ্টা এই যে এইখন দেশৰ প্ৰতিগৰাকী ব্যক্তিৰে ২০২২ চনৰ ভিতৰত নিজাকৈ এখন ঘৰ হওক৷ মই আগতেই কৈছো যে মই সৰু-সুৰা কাম পছন্দ নকৰো, যিটো কৰো সেয়া সম্পূৰ্ণ কৰো ডাঙৰ কৰো আৰু শীঘ্ৰে কৰো৷ পূৰ্বতে যি চৰকাৰ আছিল, তেওঁলোকে ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছিল৷ আমি ৫৫ মাহত ১ কোটি ৩০ লাখ ঘৰ নিৰ্মাণ কৰিলো আৰু কৈছো যে ২০২২ চনৰ ভিতৰত প্ৰত্যেকেই ঘৰ লাভ কৰিব৷ ঘৰ পোৱা মানে কেৱল, চাৰিখন বেৰ নহয়, গেছ সংযোগ, বিদ্যুৎ সংযোগ, পানীৰ সংযোগ, সমীপত স্কুল ইত্যাদি সকলোবোৰ থাকিব, একো বাকী নাথাকে৷ এই সম্পূৰ্ণ আঁচনিৰ কাম চলি আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি জামনগৰত একাংশ ঘৰৰ চাবি দিয়াৰো সূযোগ পালো আৰু যিসকলে নাই পোৱা, তেওঁলোককো কৈ থও যে মোদী চৰকাৰ পুনৰ গঠন হ’ব আৰু ২০২২ৰ মোৰ সপোন পুৰণ কৰি সকলোকে ঘৰ প্ৰদান কৰা হ’ব৷ জামনগৰ লঘু উদ্যোগৰ বিকাশৰ বাবে ভাৰত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, প্ৰথমে আপোনালোকে অনলাইনত গৈ বেংকৰ ঋণৰ বাবে আবেদন কৰিব পাৰে৷ ইয়াৰ বাবে বেংকলৈ অহা-যোৱা কৰি থাকিব নালাগে, কেৱল অনলাইন পুৰণ কৰক, ৫৯ মিনিটতে আপুনি ১ কোটি টকালৈকে ঋণ লাভ কৰিব৷ কেৱল ৫৯ মিনিটত৷ কাৰো খানা খুওৱা, বেংকাৰক চাহ খুওৱা, চাৰ চাৰ ক’ৱলৈ দৰকাৰ নাই, অনলাইন কৰক, ৫৯ মিনিটত আপোনাৰ আবেদনৰ প্ৰত্যুত্তৰ পাব৷ এনে বিপ্লৱৰ দিশত বৰ্তমান চৰকাৰে কাম কৰি আছে আৰু ইয়াৰ ফলতে ইজ অৱ ডুইং বিজিনেছৰ ৰেংকিঙত ভাৰতে ১৪২ৰ পৰা ৭৭লৈ উন্নীত হৈছে৷ পূৰ্বতে দেখা দিয়া অনুজ্ঞাপত্ৰৰ সমস্যা দূৰ কৰাৰ ফলতে এই সফলতা অৰ্জন কৰিব পৰা গৈছে৷ ইয়াপ ফলতে জামনগৰ, মোৰবী, ৰাজকোটৰ সৰু সৰু কাৰখনাসমূহত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷ লঘু উদ্যোগ, অভিযান্ত্ৰিক কাম কৰা লোকসকলৰ লগতে, উৎপাদন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল ইয়াৰ দ্বাৰা উপকৃত হৈছে৷ জিএছটি আইনৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰি থকা হৈছে আৰু ই বৰ্তমান সাধাৰণ জনতাৰ উপকাৰ কৰিছে৷ এফালে সাধাৰণ জনতাই ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ অধীনত নিজে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰিব পৰা নাছিল৷ সৰু কামেই হওক, সৰু সৰু সামগ্ৰী প্ৰস্তুত কৰাই হওক, কোনো প্লাষ্টিক বাল্টি নিৰ্মাণ কৰাই হওক, চকী-টেবুল বনোৱাই হওক, তেওঁলোকে একোৱেই কৰিব পৰা নাছিল৷ আমি একাট জিইএম পোৰ্টেল শুভাৰম্ভ কৰিলো, সেই পোৰ্টেলত আপুনি পঞ্জীয়ন কৰি লওক, ভাৰত চৰকাৰৰ য’লৈকে লিখে তাত লিখি লওক, পঠিয়াবলগীয়াটো লিখক, কোটি কোটি টকাৰ কাম আজিকালি সাধাৰণ জনতাই চৰকাৰলৈ প্ৰেৰণ কৰেস কোনো নিবিদা নহয়, কোনো মধ্যস্থতাকাৰী নাই, কোনো আপোন-পৰ নাই, কোনো দুৰ্নীতি নাই, সাধাৰণ জনতাই নিৰ্মাণ কৰা সামগ্ৰী আজিকালি চৰকাৰে ক্ৰয় কৰে৷ আগতে ডাঙৰ ডাঙৰ নিবিদা হৈছিল, চৰকাৰে যি কয় তাকে হৈছিল, সেয়েহে ডাঙৰ ডাঙৰ মানুহৰ তালৈ সকলো গৈছিল৷ এতিয়া সৰু সৰু লোকৰ হাতলৈ সেই ধন যায় আৰু এই কাম আজি ভাৰত চৰকাৰে কৰি দেখুৱাইছে৷ তাৰ লাভালাভ আমি দি আছো৷ ভাই-ভনীসকল, কোনেও দেশভক্তি, সামৰ্থ্য অবিহনে আগুৱাই যাব নোৱাৰে, আমাৰ গুজৰাটত ভাতৃঘাটি সংঘৰ্ষ হৈছিলে নে নাই? আমাৰ জামনগৰতো এনে হৈছিল নহয় নে? সকলো বন্ধ হৈ গ’ল নে? সকলো লোকে সুখে-শান্তিৰ থাকিব পাৰিছে নে নাই? সকলো প্ৰগতিৰ দিশত আগুৱাই যোৱা নাই নে? এতিয়া মোৰ কওকছোন দেশৰ পৰা সন্ত্ৰাসবাদী নিৰ্মূল হ’ব লাগে নে নালাগে? ইয়াৰ পুলিয়ে পোখাই উভালিব লাগে নে নালাগে? আমি ইয়াত ঔষধ দিলে জানো হ’ব? য’ৰ পৰা কৰি আছে, তাত দিব নালাগিবনে? আপুনি যিকোনো চিকিৎসকৰ ওচৰলৈ যাওক, তেওঁ আপোনাৰ ক’ব আপোনাৰৰ এই ৰোগ ঠিকেই আছে, কিন্ত আপোনাৰ মুল সমস্যা তেজত আছে, তেজ ঠিক কৰিব লাগিব, তাৰ ঔষধ ল’লেই ঠিক হ’ব? অৰ্থাৎ মুল ৰোগৰ চিকিৎসা কৰিব লাগিব৷ এতিয়া মুল ৰোগ চুবুৰীয়া দেশত আছে, আপোনালোকৰ জামনগৰৰ কাষতে আছে, তাৰ পৰা খবৰ আহিয়েই থাকে, কচ্ছ আৰু জামনগৰত শীঘ্ৰে খবৰ আহে৷ মই জামনগৰবাসীক শুধিব বিচাৰিছো, আপোনালোকে দেশৰ সেনাই কোৱা কথাৰ ওপৰত ভৰসা আছে নে নাই? সেনাই কোৱা কথা সঁচা বুলি ভাবেনে নাভাবে? মইও মানিব লাগিবনে নাই? কিন্তু একাংশ লোকৰ পেটৰ বিষ হৈছে, এতিয়া তাৰপৰাও তেওঁলোকৰ সমস্যা হৈ আছে৷ ভাই-ভনীসকল, সেনাৰ পৰাক্ৰমক লৈ দেশবাসীয়ে গৌৰৱ কৰিব লাগে৷ মই কিছু সময়ৰ পূৰ্বে দিল্লীত এটা ভাষণ আগবঢ়ালো৷ তাত মই কৈছো যে দেশে সেনাৰ পৰাক্ৰমক লৈ গৌৰৱ কৰিছে, আমাৰ জোৱানসকলে অদ্ভূট পৰাক্ৰম দেখুৱালে৷ তাক লৈ কন্দা কটা কৰা কি দৰকাৰ৷ মই তেওঁলোকক ক’লো চোৱা আজি আমাৰ সেনাৰ হাতত ৰাফেল থকা হ’লে পৰিণাম আৰু ভয়ংকৰ হ’লহেতেন৷ যিসকলে মোৰ কথা বিশ্বাস কৰা নাই, তাত মোৰ কি দোষ? মই এই কথা কোৱাৰ পাছতে তেওঁলোকে কৈছে মোদীয়ে ভাৰতীয় বায়ু সেনাই কৰা কামক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ ডাঙৰীয়া সাবু লগাওক, সাবু মানে সামান্য বুদ্ধি৷ ইয়াৰ ষ্ট্ৰাইকৰ সময়ত আমাৰ জোৱালসকলৰ হাতত ৰাফেল থকা হ’লে আমাৰ একো নাযায় আৰু তেওঁলোকৰো একো সাৰি নগ’লহেতেন৷ কিন্তু এই দেশৰ বীৰসকলৰ লগতে বীৰ প্ৰজাক প্ৰণাম জনাইছো আৰু আমাৰ সংকল্প এই যে আমাৰ দেশৰ ক্ষতি কৰিব পৰা লোকসকলৰ আকা সিপাৰে বহি থকাৰ বাবে আমাৰ দেশত অশান্তি বিৰাজ কৰিছে৷ এতিয়া আমাৰ বিৰোধীৰো এই লৈ সমস্যা হৈছে মোদীয়ে কি কৰে৷ আহা আহি চাই লোৱা মোদীয়ে কি কৰিছে৷ তেওঁলোকৰ মন্ত্ৰ হৈছে একেলগ হোৱা আৰু মোদী নিঃশেষ কৰা৷ দেশৰ মন্ত্ৰ হৈছে, আহক আমি একেলগে সন্ত্ৰাসবাদ নিৰ্মূল কৰো৷ তেওঁলোকৰ মন্ত্ৰ মোদীক নিঃশেষ কৰা আৰু আমাৰ মন্ত্ৰ সন্ত্ৰাসবাদক নিৰ্মূল কৰা৷ আপোনালোকে সন্ত্ৰাসবাদ নিৰ্মূল কৰা সহযোগিতা আগবঢ়াবনে নাই? বহুত বহুত ধন্যবাদ ভাইসকল৷ মোৰ সৈতে কওঁক, ভাৰত মাতা কী—জয় ভাৰত মাতা কী—জয় ভাৰত মাতা কী—জয় ধন্যবাদ৷ | জামনগৰত গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%95%E0%A6%A5%E0%A6%BE-%E0%A6%AA%E0%A6%BE%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%95%E0%A6%A5%E0%A6%BE-%E0%A6%AA%E0%A6%BE%E0%A7%B0/ | জয় সিয়া ৰাম। জয় জয় সিয়া ৰাম।। কাৰ্যক্ৰমত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইয়াৰ জনপ্ৰিয় কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, সকলো পূজ্য সন্তগণ, উপস্থিত অন্য সকলো প্ৰবুদ্ধগণ, শ্ৰদ্ধালুগণ, দেৱী আৰু সজ্জনসকল, শ্ৰীৰামললাৰ দৰ্শন আৰু তাৰ পাছত ৰাজা ৰামৰ অভিষেক, এই সৌভাগ্য ৰামজীৰ কৃপাতেই হয়। যেতিয়া শ্ৰীৰামৰ অভিষেক হয়, তেতিয়া আমাৰ ভিতৰত ভগৱান ৰামৰ আদৰ্শ আৰু মূল্য অধিক দৃঢ় হৈ যায়। ৰামৰ অভিষেকৰ লগতে তেওঁ দেখুওৱা পথ অধিক প্ৰদীপ্ত হৈ উঠে। অযোধ্যাৰ তো শিৰাই শিৰাই, কণাই কণাই তেওঁৰ দৰ্শন সমাহিত হৈ আছে। আজি অযোধ্যাৰ ৰামলীলাৰ মাধ্যমত, সৰযু আৰতিৰ মাধ্যমত, দীপোৎসৱৰ মাধ্যমত, ৰামায়ণৰ ওপৰত গৱেষণা আৰু অনুসন্ধানৰ মাধ্যমত এই দৰ্শন সমগ্ৰ বিশ্বত প্ৰসাৰিত হৈ আছে। মই আনন্দিত যে অযোধ্যাৰ মানুহে, সমগ্ৰ উত্তৰ প্ৰদেশ আৰু দেশৰ মানুহ এই প্ৰবাহৰ অংশ হৈ আছে, দেশত জনকল্যাণৰ ধাৰাক গতি দি আছে। মই এই উপলক্ষত আপোনালোকক, দেশবাসীক আৰু বিশ্বজুৰি বিয়পি থকা ৰাম ভক্তসকলকো আন্তৰিক অভিনন্দন জানাইছো। মই প্ৰভু শ্ৰীৰামৰ পৱিত্ৰ জন্মভূমিৰ পৰা সকলো দেশবাসীক আজি ছোটী দীপাৱলী উৎসৱত কাইলৈৰ দীপাৱলীৰো আন্তৰিক শুভকামনা জানাইছো। বন্ধুসকল, এইবাৰ দীপাৱলী এনে এক সময়ত আহিছে, যি সময়ত আমি কিছু আগতেহে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছো, আমি আজাদী কা অমৃত মহোৎসৱ পালন কৰি আছো। স্বাধীনতাৰ এই অমৃত কালত ভগৱান ৰামৰ দৰে সংকল্প শক্তিয়ে দেশক নতুন উচ্চতালৈ লৈ যাব। ভগৱান ৰামে নিজৰ বচনত, নিজৰ বিচাৰত, নিজৰ শাসনত, নিজৰ প্ৰশাসনত যিসমূহ মূল্য গঢ়িলে, সেয়া সবকা সাথ সবকা বিকাশৰ প্ৰেৰণা আৰু সবকা বিশ্বাস সবকা প্ৰয়াসৰ আধাৰো। অহা ২৫ বছৰত বিকশিত ভাৰতৰ আকাংক্ষা লৈ আগুৱাই থকা আমি হিন্দুস্তানীৰ বাবে শ্ৰীৰামৰ আদৰ্শ, সেই প্ৰকাশ স্তম্ভৰ দৰে যি আমাক কঠিনতকৈও কঠিন লক্ষ্য আহৰণৰ প্ৰেৰণা দিব। বন্ধুসকল, এইবাৰ লালকিলাৰ পৰা মই সকলো দেশবাসীক পঞ্চ পণ আকোৱালি ল'বলৈ আহ্বান জনাইছো। এই পঞ্চ পণৰ শক্তি যি এক তত্ত্বৰে সংযুক্ত সেয়া হৈছে ভাৰতৰ নাগৰিকসকলৰ কৰ্তব্য। আজি অযোধ্যা নগৰীত, দীপোৎসৱৰ এই পৱিত্ৰ উপলক্ষত আমি নিজৰ এই সংকল্প দোহাৰিব লাগিব, শ্ৰীৰামৰ পৰা যিমান শিকিব পাৰো, শিকিব লাগিব। ভগৱান ৰামক মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হয়। মৰ্যাদাই মান ৰাখিবলৈও শিকায় আৰু মান দিবলৈও শিকায়। আৰু মৰ্যাদা যি বোধৰ আগ্ৰহী, সেই বোধ কৰ্তব্যই হয়। আমাৰ ধৰ্ম গ্ৰন্থত কোৱা হৈছে- “रामो विग्रहवान् धर्मः”॥ অৰ্থাৎ, ৰাম সাক্ষাৎ ধৰ্ম অৰ্থাৎ কৰ্তব্যৰ জীৱন্ত স্বৰূপ। ভগৱান ৰাম যেতিয়াই যি ভূমিকাত আছে, তেওঁ কৰ্তব্যৰ ওপৰত সবাতোকৈ বেছি জোৰ দিছে। তেওঁ যেতিয়া ৰাজকুমাৰ আছিল, তেতিয়া ঋষিসকলৰ, তেওঁলোকৰ আশ্ৰমৰ আৰু গুৰুকুলৰ সুৰক্ষাৰ কৰ্তব্য পালন কৰিছে। ৰাজ্যাভিষেকৰ সময়ত শ্ৰীৰামে এজন আজ্ঞাকাৰী পুত্ৰৰ কৰ্তব্য পালন কৰে। তেওঁ পিতা আৰু পৰিয়ালৰ কথাক প্ৰাথমিকতা দি ৰাজ্য ত্যাগক, বনলৈ যোৱাক নিজৰ কৰ্তব্য বুলি স্বীকাৰ কৰে। তেওঁ যেতিয়া বনত থাকে তেতিয়া বনবাসীক আকোৱালি লয়। আশ্ৰমলৈ যাওঁতে মাতা সবৰীৰ আশীৰ্বাদ লয়। তেওঁ সকলোকে লগত লৈ লংকাত বিজয় প্ৰাপ্ত কৰে আৰু যেতিয়া সিংহাসনত বহে তেতিয়া বনৰ সেই সকলো সংগী ৰামৰ সৈতে থিয় দিয়ে। কিয়নো ৰামে কাকো পিছত নেৰে। ৰামে কৰ্তব্য ভাবনাৰ পৰা মুখ নুঘুৰায়। সেয়ে ৰাম ভাৰতৰ সেই ভাবনাৰ প্ৰতীক যি মানে যে আমাৰ অধিকাৰ আমাৰ কৰ্তব্যৰে স্বয়ংসিদ্ধ হয়। সেয়ে আমি কৰ্তব্যৰ প্ৰতি সমৰ্পিত হোৱা দৰকাৰ। আৰু সংযোগ চাওক, আমাৰ সংবিধানৰ যি মূলপ্ৰতিত ভগৱান ৰাম, মা সীতা আৰু লক্ষ্মণ জীৰ চিত্ৰ অংকিত আছে, সংবিধানৰ সেই পৃষ্ঠায়ো মৌলিক অধিকাৰৰ কথা কয়। অৰ্থাৎ এফালে আমাৰ সাংবিধানিক অধিকাৰৰ নিশ্চয়তা, লগতে প্ৰভু ৰামৰ ৰূপত কৰ্তব্যৰ স্বাশ্বত সাংস্কৃতিক বোধ! সেয়ে আমি যিমানেই কৰ্তব্যৰ সংকল্পক শক্তিশালী কৰিম, ৰাম ৰাজ্যৰ সংকল্পও সিমানেই সাকাৰ হৈ যাব। বন্ধুসকল, আজাদী কে অমৃত কালত দেশে নিজৰ ঐতিহ্যৰ ওপৰত গৌৰৱ আৰু দাসত্বৰ মানসিকতাৰ পৰা মুক্তিৰ আহ্বান জনাইছে। এই প্ৰেৰণাও আমি প্ৰভু শ্ৰীৰামৰ পৰা পাইছো। তেওঁ কৈছিল- জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী। অৰ্থাৎ, তেওঁ স্বৰ্ণময়ী লংকাৰ সন্মুখতো হীন ভাবনালৈ অহা নাই, বৰং তেওঁ কয় যে মা আৰু মাতৃভূমি স্বৰ্গতকৈও অধিক। এই আত্মবিশ্বাসেৰেই যেতিয়া তেওঁ অযোধ্যালৈ উভতি আহে তেতিয়া অযোধ্যাৰ বিষয়ে কোৱা হয়- "নৱ গ্ৰহ নিকৰ অনীক বনাই। জনু ঘেৰী অমৰাৱতী আঈ।।" অৰ্থাৎ, অযোধ্যাৰ তুলনা স্বৰ্গৰ সৈতে কৰা হৈছে। সেয়ে ভাতৃ আৰু ভগ্নীসকল, যেতিয়া ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প হয়, নাগৰিকৰ মাজত সেৱাভাব হয় তেতিয়াই ৰাষ্ট্ৰ বিকাশৰ অসীম উচ্চতা স্পৰ্শ হয়। এটা সময় আছিল, যেতিয়া ৰামৰ বিষয়ে, আমাৰ সংস্কৃতি আৰু সভ্যতাৰ বিষয়ে কথা পতাও এৰাই চলা হৈছিল। এই দেশত ৰামৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন চিহ্ন লগোৱা হৈছিল। তাৰ পৰিণাম কি হ'ল? আমাৰ ধাৰ্মিক, সাংস্কৃতিক স্থান আৰু নগৰ পিছুৱাই গৈ থাকিল। আমি এই অযোধ্যাৰে ৰামঘাটলৈ আহিলে দুৰ্দশা দেখি মন দুখী হৈ গৈছিল। কাশীৰ বিশৃংখলতা, সেই লেতেৰা আৰু আৱৰ্জনাই অসুবিধাত পেলাইছিল। যি স্থানক আমি নিজৰ পৰিচয়ৰ, নিজৰ অস্তিত্বৰ প্ৰতীক বুলি গণ্য কৰিছিলো, যেতিয়া তাৰেই অৱস্থা বেয়া আছিল, তেতিয়া দেশৰ উত্থাপন মনোবল নিজেনিজে ভাগি পৰিছিল। বন্ধুসকল, যোৱা আঠ বছৰত দেশে হীন ভাবনাৰ এই বৃত্ত ভাঙিলে। আমি ভাৰতৰ তীৰ্থসমূহৰ বিকাশৰ এটা সামগ্ৰিক চিন্তা সন্মুখত ৰাখিছো। আমি ৰাম মন্দিৰ আৰু কাশী বিশ্বনাথ ধামৰ পৰা আৰম্ভ কৰি কেদাৰনাথ আৰু মহাকাল-মহালোকলৈকে ঘনঘোৰ অৱহেলাৰ চিকাৰ আমাৰ আস্থাৰ স্থানৰ গৌৰৱ পুনৰুজ্জীৱিত কৰিলো। এটা সামগ্ৰিক প্ৰয়াস কেনেকৈ সামগ্ৰিক বিকাশৰ মাধ্যম হৈ পৰে, আজি দেশ ইয়াৰ সাক্ষী। আজি অযোধ্যাৰ বিকাশৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ নতুন যোজনা আৰম্ভ কৰা হৈছে। পথসমূহৰ বিকাশ হৈ আছে। সংযোগ স্থল আৰু ঘাটসমূহৰ সৌন্দৰ্য বৰ্ধন হৈ আছে। নতুন আন্তঃগাঁথনি হৈ আছে। অৰ্থাৎ অযোধ্যাৰ বিকাশে নতুন পৰিসৰ লাভ কৰিছে। অযোধ্যা ৰে'লৱে ষ্টেচনৰ সমান্তৰালকৈ ৱৰ্ল্ড ক্লাছ এয়াৰপৰ্টো নিৰ্মাণ কৰা হ'ব। অৰ্থাৎ, কানেক্টিভিটী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ মুনাফা এই সমগ্ৰ অঞ্চলে পাব। অযোধ্যাৰ বিকাশৰ সমান্তৰালকৈ ৰামায়ণ চাৰ্কিটৰ বিকাশৰ কামো চলি আছে। অৰ্থাৎ, অযোধ্যাৰ পৰা যি বিকাশ অভিযান আৰম্ভ হ'ল, তাৰ বিস্তাৰ ওচৰ-পাজৰৰ সকলো ঠাইৰ হ'ব। বন্ধুসকল, এই সাংস্কৃতিক বিকাশৰ কেইবাটাও সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় দিশো আছে। শৃংগবীৰপুৰ ধামত নিষাদৰাজ পাৰ্ক নিৰ্মাণ কৰি থকা হৈছে। ইয়াত ভগৱান ৰাম আৰু নিষাদৰাজৰ ৫১ ফুট ওখ ব্ৰঞ্জৰ প্ৰতিমা বনাই থকা হৈছে। এই প্ৰতিমাই ৰামায়ণৰ সেই সৰ্বসমাৱেশী বাৰ্তাও জনমানসত সৃষ্টি কৰিব যি আমাক সমতা আৰু সংহতিৰ বাবে সংকল্পবদ্ধ কৰে। এনেকৈ, অযোধ্যাত কুইন-হো মেমৰিয়েল পাৰ্ক নিৰ্মাণ কৰা হৈছে। এই পাৰ্ক ভাৰত আৰু দক্ষিণ কোৰিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক গভীৰ কৰিবলৈ, দুয়োখন দেশৰ সাংস্কৃতিক সম্পর্ক শক্তিশালী কৰাৰ এটা মাধ্যম হ'ব। আপোনালোকে কল্পনা কৰিব পাৰে যে এই বিকাশৰ ফলত, পৰ্যটনৰ এই সম্ভাৱনাৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সংস্থাপনৰ কিমান সুযোগ সৃষ্টি হ'ব। চৰকাৰে যি ৰামায়ণ এক্সপ্ৰেছ ট্ৰেইন চলাইছে, সি স্পিৰিচুৱেল টুৰিজিমৰ দিশত এটা উৎকৃষ্ট আৰম্ভণি। আজি দেশত চাৰধাম প্ৰকল্পই হওক, বুদ্ধ চাৰ্কিট হওক, বা প্ৰসাদ যোজনাৰ জৰিয়তে চলি থকা বিকাশৰ কাম হওক, আমাৰ এই সাংস্কৃতিক উৎকৰ্ষে নতুন ভাৰতৰ সামগ্ৰিক উত্থানৰ সংকেত। বন্ধুসকল, আজি অযোধ্যা নগৰীৰ পৰা মোৰ সমগ্ৰ দেশৰ মানুহৰ বাবে এটা প্ৰাৰ্থনাও আছে, এটা বিনম্ৰ নিবেদনো আছে। অযোধ্যা ভাৰতৰ মহান সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিবিম্ব। ৰাম, অযোধ্যাৰ ৰাজকুমাৰ আছিল। কিন্তু আৰাধ্য তেওঁ সমগ্ৰ দেশৰ। তেওঁৰ প্ৰেৰণা, তেওঁৰ তপস্যা, তেওঁ দেখুওৱা পথ, প্ৰতিজন দেশবাসীৰ বাবে। ভগৱান ৰামৰ আদৰ্শৰ ওপৰত চলাটো আমি সকলো ভাৰতীয়ৰ কৰ্তব্য। তেওঁৰ আদৰ্শক আমি নিৰন্তৰ জীয়াব লাগিব, জীৱনলৈ নমাব লাগিব। আৰু এই আদৰ্শ পথত চলি অযোধ্যাবাসীৰ ওপৰত দুগুণ দায়িত্ব আছে। আপোনালোকৰ ডবল ৰেস্পন্সিবিলিটী আছে মোৰ অযোধ্যাৰ ভাতৃ আৰু ভগ্নীসকল! সেই দিন দূৰত নাই যেতিয়া বিশ্বজুৰি ইয়ালৈ অহা লোকৰ সংখ্যা বহুগুণ বাঢ়ি যাব। য'ত কণাই কণাই ৰাম ব্যাপ্ত হৈ আছে, তাৰ মানুহ কেনেকুৱা, তাৰ মানুহৰ মন কেনেকুৱা, এয়াও সিমানেই বিশেষ। যেনেকৈ ৰামজীয়ে সকলোকে আপোনত্ব দিলে, তেনেকৈ অযোধ্যাবাসীয়ে ইয়ালৈ আহিবলগা প্ৰত্যেক ব্যক্তিৰ আদৰণি আপোনত্বৰে কৰিব লাগিব। অযোধ্যাৰ পৰিচয় কৰ্তব্য নগৰী হিচাপেও হোৱা উচিত। অযোধ্যা, সকলোতকৈ স্বচ্ছ নগৰী হওক, ইয়াৰ পথ ওখ হওক, সুন্দৰতা অপৰিসীম হওক, ইয়াৰ বাবে যোগীজীৰ চৰকাৰে দিব্য দৃষ্টিৰে অনেক প্ৰকল্প আগবঢ়াই আছে, প্ৰয়াস কৰি আছে। কিন্তু এই প্ৰয়াসত অযোধ্যাৰ মানুহৰ সংগ যদি আৰু বাঢ়ি যায় তেন্তে অযোধ্যাৰ দিব্যতাও আৰু উজ্জ্বলি উঠিব। মবিচাৰিম যে যেতিয়াই নাগৰিক মৰ্যদাৰ কথা হয় , নাগৰিক অনুশাসনৰ কথা হয়, অযোধ্যাৰ মানুহৰ নাম সবাতোকৈ আগত আহে। মই অযোধ্যাৰ পূণ্য ভূমিত প্ৰভু শ্ৰীৰামৰ পৰা এয়াই কামনা কৰো, দেশৰ প্ৰতিজনৰ কৰ্তব্য শক্তিৰে ভাৰতৰ সামৰ্থ্য শিখৰলৈ পাওক। নতুন ভাৰতৰ আমাৰ স্বপ্ন মানৱতাৰ কল্যাণৰ মাধ্যম হওক। এই কামনাৰেই, মই নিজৰ বক্তব্য সমাপ্ত কৰিছো। এবাৰ আকৌ সকলো দেশবাসীক দীপাৱলীৰ বহুত বহুত অভিনন্দন জানাইছো। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! কওক- সিয়াৱৰ ৰামচন্দ্ৰ কী জয়! সিয়াৱৰ ৰামচন্দ্ৰ কী জয়! সিয়াৱৰ ৰামচন্দ্ৰ কী জয়! ধন্যবাদ জী! | অযোধ্যাত শ্ৰী ৰাম কথা পাৰ্কত ভগৱান শ্ৰী ৰামৰ ৰাজ্যাভিষেকৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9A%E0%A7%B0%E0%A7%8D%E0%A6%A6%E0%A6%BE%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9A%E0%A7%B0%E0%A7%8D%E0%A6%A6%E0%A6%BE%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে আৰু ভাৰতবৰ্ষ প্ৰতি তেওঁৰ চিৰসেউজ অৱদানৰ কথা স্মৰণ কৰে। এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়; "মই চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছো আৰু ভাৰতৰ প্ৰতি, বিশেষকৈ আমাৰ দেশখনক একত্ৰিত কৰাত আৰু সৰ্ব-দিশৰ বিকাশক গতি দিয়াত তেওঁৰ চিৰসেউজ অৱদানৰ কথা স্মৰণ কৰিছো।" | প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেলুৱৈসকলক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে মহান ভাৰতীয় হকি খেলুৱৈ মেজৰ ধ্যানচন্দক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলিও অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কৈছে; "ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অভিনন্দন আৰু মেজৰ ধ্যানচন্দ জীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি। এই বছৰটো ক্ৰীড়াৰ বাবে বহুত ভাল। কামনা কৰিছো যে এই অৱস্থা অব্যাহত থাকক। ক্ৰীড়াই সমগ্ৰ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছে।" | প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেলুৱৈসকলক অভিনন্দন জনা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%AC-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%AC-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১৬ ডিচেম্বৰৰ পুৱা প্ৰায় ১০:৩০ বজাত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত সোণালী বিজয় মশালৰ শ্ৰদ্ধাঞ্জলি আৰু অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ১৯৭১ চনৰ যুদ্ধত ভাৰতৰ বিজয় আৰু বাংলাদেশ গঠনৰ ৫০ তম বাৰ্ষিকী উপলক্ষে সোণালী বিজয় বৰ্ষ উদযাপনৰ অংশ হিচাপে যোৱা বছৰৰ ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত চিৰন্তন শিখাৰে সোণালী বিজয় মিছিল জ্বলাইছিল। তেওঁলোকে চাৰিটা মিছিলো জ্বলাইছিল যিবোৰ বিভিন্ন দিশত যাব লগা হৈছিল। তেতিয়াৰ পৰা, এই চাৰিটা মশাল চিয়াচেন, কন্যাকুমাৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লংগেৱালা, কচ্ছৰ ৰণ, আগৰতলা আদিকে ধৰি দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থত বিয়পি পৰিছে। মুখ্য যুদ্ধ ক্ষেত্ৰ আৰু বীৰত্ব বঁটা বিজয়ী আৰু ১৯৭১ চনৰ যুদ্ধৰ প্ৰাক্তন সকলৰ ঘৰলৈ ও লোৱা হৈছিল অগ্নি মশাল। ২০২১ চনৰ ১৬ ডিচেম্বৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই চাৰিটা মিছিল ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰধানমন্ত্ৰীয়ে চিৰন্তন শিখাৰে একত্ৰিত কৰিব। | প্ৰধানমন্ত্ৰীয়ে ১৬ ডিচেম্বৰত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত স্বৰ্ণবিজয় মিছিলৰ শ্ৰদ্ধাঞ্জলি আৰু অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A6%A6-%E0%A6%B8%E0%A6%A6%E0%A6%A8%E0%A6%A4-%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%B6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A6%A6-%E0%A6%B8%E0%A6%A6%E0%A6%A8%E0%A6%A4-%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%B6/ | মাননীয় উপ-সভাপতি মহোদয়, সকলো জ্যেষ্ঠ সদস্য, আজি উপস্থিত থকা সকলো বিশিষ্ট সংসদ সদস্য আৰু আন সকলো গণ্যমান্য ব্যক্তি। ভেংকাইয়া জীক যিমানদূৰ জানো, বিদায় সম্ভব বুলি মই নাভাবো। ১১ তাৰিখৰ পিছতো আপুনি হয়তো কিছু কামৰ বাবে, বা কিছু তথ্যৰ বাবে, বা কেৱল আপোনাৰ জীৱনৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সোধা-পোছা কৰিবলৈ ফোন পাব পাৰে। অৰ্থাৎ এক প্ৰকাৰে তেওঁ প্ৰতিটো মুহূৰ্ততে সদায় সক্ৰিয় হৈ থাকে। তেওঁ প্ৰতি মূহুৰ্ততে সকলোৰে মাজত উপস্থিত থাকে আৰু এয়াই হৈছে তেওঁৰ সৰ্বশ্ৰেষ্ঠ গুণ। তেওঁৰ জীৱনলৈ উভতি চালে মই সেই সময়ছোৱাৰ কথা ক’ব বিচাৰিছো যেতিয়া মই দলীয় সংগঠনত কাম কৰিছিলো আৰু অটলজীৰ চৰকাৰ গঠন হৈছিল। মন্ত্ৰী পৰিষদ গঠন হৈ আছিল। মই সাংগঠনিক বিষয়বোৰ চম্ভালি থাকোঁতে স্বাভাৱিকতে মোৰ আৰু ভেংকাইয়া জীৰ মাজৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া অলপ বেছি আছিল। উজনিৰ পৰা অহা ভেংকাইয়া জীৰ দৰে এজন জ্যেষ্ঠ নেতা নিশ্চিতভাৱে মন্ত্ৰী হ’ব বুলিও ধাৰণা কৰা হৈছিল। তেওঁ মোক ক’লে যে যদিও কোন মন্ত্ৰী হ’ব আৰু প্ৰতিজন মন্ত্ৰীয়ে কেনেধৰণৰ কাম আৰু বিভাগ পাব সেয়া প্ৰধানমন্ত্ৰীৰ বিশেষাধিকাৰ, তথাপিও তেওঁ কোনো ধৰণৰ গ্লেমাৰাছ বিভাগ নিবিচাৰে। প্ৰধানমন্ত্ৰীয়ে যদি আপত্তি নকৰে তেন্তে গ্ৰামোন্নয়নৰ বাবে কাম কৰিব বিচাৰিব বুলিও তেওঁ কয়। গ্ৰাম্য উন্নয়ন তেওঁৰ মনত আছিল। ভেংকায়াজী সম্ভৱতঃ এনে এজন ব্যক্তি যিয়ে কেৱল গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ চোৱাচিতা কৰাই নহয়, নগৰ উন্নয়ন মন্ত্ৰালয়ৰ চোৱাচিতা ও কৰিছে। অৰ্থাৎ, এক প্ৰকাৰে, তেওঁ বিকাশৰ দুয়োটা মুখ্য দিশতে নিজৰ নিপুণতা প্ৰদৰ্শন কৰিছিল। তেওঁ হয়তো প্ৰথম উপ-সভাপতি, ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ, যিজন ৰাজ্যসভাৰ সদস্য আছিল। অতি কম সংখ্যক মানুহৰে এই সৌভাগ্য আছে। হয়তো ভেংকাইয়া জী একমাত্ৰ ব্যক্তি যিয়ে এইটো পাইছে। এতিয়া যিজন ব্যক্তিয়ে বহুদিনৰ পৰা ৰাজ্যসভাত থাকি সংসদীয় কাম-কাজ চোৱা-চিতা কৰি আহিছে, মানে তেওঁ সদনত ঘটা সকলো কথা, ‘পৰ্দাৰ আঁৰত’, বিভিন্ন দলে কৰা কাম-কাজ আৰু তাৰ পৰা সম্ভাব্য কাৰ্য্যৰ বিষয়ে জানে। এই সকলোবোৰ কথাৰ বিষয়ে তেওঁৰ বহুত ভাল ধাৰণা আছিল আৰু সেইবাবেই এজন চেয়াৰমেন হিচাপে তেওঁ দুয়োপক্ষক ভালদৰে চিনি পাইছিল। এফালে এই অভিজ্ঞতা ট্ৰেজাৰী বেঞ্চৰ বাবে উপযোগী আছিল আনহাতে আনফালে বিৰোধীৰ পৰা অহা বন্ধুসকলৰ বাবেও অসুবিধাৰ সৃষ্টি কৰিব। কিন্তু তেওঁ সদনক অধিক কাৰ্যক্ষম কৰি তোলাৰ উপায় আৰু জাতিটোৰ বাবে সদনৰ পৰা সৰ্বোত্তমখিনি উলিয়াব পৰা উপায়ৰ কথা ভাবিলে। তেওঁ নিশ্চিত কৰিছিল যে সংসদীয় সমিতিসমূহ মূল্য সংযোজনৰ বাবে অধিক উৎপাদনশীল আৰু ফলাফলমুখী হয়। ভেংকাইয়া জী সম্ভৱতঃ প্ৰথমজন অধ্যক্ষ যিয়ে সংসদীয় সমিতিসমূহৰ কাৰ্য্যকলাপৰ প্ৰতি ইমান গুৰুত্ব দিছিল। সেইবোৰৰ প্ৰতি তেওঁৰ আনন্দ আৰু অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ ইয়াক উন্নত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিল। আশাকৰোঁ আজি আমি ভেংকাইয়া জীৰ কাম-কাজক শলাগ লোৱাৰ সময়ত আমিও সংসদৰ সদস্য হিচাপে আমাৰ পৰা অধ্যক্ষ হিচাপে যি আশা কৰিছিল, সেই আশা-আকাংক্ষা পূৰণৰ বাবেও সংকল্প লোৱা উচিত। যদি আমি আমাৰ জীৱনত তেওঁৰ পৰামৰ্শ মানি চলো, তেন্তে ই এক মহান সেৱা হ’ব বুলি মই বিশ্বাস কৰোঁ। ভেংকাইয়া জীয়ে তেওঁৰ বেছিভাগ সময় ভ্ৰমণ কৰি বহুত ব্যৱহাৰ কৰিছিল। তেওঁ ব্যক্তিগতভাৱে বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। যোৱা পাঁচ দশকৰ ভিতৰত সেইটোৱেই আছিল তেওঁৰ জীৱন। কিন্তু কৰ’ণা কালত এদিন আমি কেৱল আকস্মিকভাৱে বহি আড্ডা মাৰি আছিলো। মই সুধিলোঁ, এই কৰোনা মহামাৰী আৰু লকডাউনৰ বাবে কোনে আটাইতকৈ বেছি বিপদৰ সন্মুখীন হ’ব? মোৰ প্ৰশ্নটোত সকলোৱে বিমোৰত পৰিল। মই আকৌ সুধিলোঁ, কোনে বেছি কষ্ট পাব? কোনেও উত্তৰ নিদিলে। গতিকে মই ক'লোঁ, "এই পৰিস্থিতিত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'বলগীয়া ব্যক্তিজন হ'ল ভেংকাইয়া নাইডু জী"। কাৰণ তেওঁ সদায় কোনোবা নহয় কোনোবা কাম-কাজ বা কামৰ প্ৰতি আকৰ্ষিত হৈ আহিছে। এঠাইত বহি থকাটো তেওঁৰ বাবে আছিল এক বৃহৎ শাস্তি। কিন্তু তেওঁ এজন উদ্ভাৱনীমূলক ব্যক্তি। তেওঁ এই কৰোনা যুগৰ সৃষ্টিশীল ব্যৱহাৰ কৰিছিল। তেওঁ আগতে "টেলি-ট্ৰেভেল" কৰিছিল। এই পৰিভাষাটো সঠিক নে নহয় মই নাজানো। তেওঁ পুৱা টেলিফোন ডায়েৰী লৈ বহিছিল আৰু দৈনিক ৩০, ৪০ বা ৫০ জন মানুহক ফোন কৰিছিল; যোৱা ৫০ বছৰত দেশ ভ্ৰমণ কৰি থাকোঁতে তেওঁৰ সন্মুখীন হোৱা মানুহখিনি, তেওঁৰ ৰাজহুৱা জীৱন বা ৰাজনৈতিক জীৱনত থকা মানুহখিনি। তেওঁ তেওঁলোকৰ মংগলৰ বিষয়ে সোধা-পোছা কৰিব, তথ্য বিচাৰিব, ক’ৰোনা সম্পৰ্কীয় সমস্যাৰ বিষয়ে সুধিব আৰু সম্ভৱ হ’লে তেওঁলোকক সহায় কৰিব। তদুপৰি কৰোনাৰ সময়ছোৱাত ভেংকাইয়া জীৰ পৰা ফোন নোপোৱা এজনো সাংসদ হয়তো নাই। তেওঁ তেওঁলোকৰ সুস্থতাৰ বিষয়ে সোধা-পোছা কৰিছিল আৰু তেওঁলোকৰ টিকাকৰণৰ অৱস্থাৰ বিষয়ে চিন্তিত হৈছিল। অৰ্থাৎ পৰিয়ালৰ মুৰব্বীজনৰ দৰেই তেওঁ সকলোৰে যত্ন লৈছিল। সেইটোৱেই আছিল তেওঁৰ প্ৰচেষ্টা। ভেংকাইয়া জীৰ আন এটা গুণ আছে। মই কৈয়েই থাকোঁ যে তেওঁ কেতিয়াও আমাৰ পৰা আঁতৰত থাকিব নোৱাৰে। গতিকে, মই একেটা উদাহৰণ দিছো। এবাৰ তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰ ভ্ৰমণ কৰিবলগীয়া হৈছিল। হঠাতে তেওঁৰ হেলিকপ্টাৰখনে পথাৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হ’ল। এতিয়া সেই অঞ্চলটোতো কিছুমান নিৰাপত্তাজনিত সমস্যা আছে। কিন্তু ওচৰৰ এজন কৃষক আহি তেওঁক সহায় কৰি মটৰ চাইকেলত উঠাই ওচৰৰ থানালৈ লৈ গৈছিল। এতিয়া ভাৰতৰ ৰাজহুৱা জীৱনলৈ চাই ভেংকাইয়া জী এজন অতি ডাঙৰ ব্যক্তিত্ব কিন্তু আজিও সেই কৃষক পৰিয়ালৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে। অৰ্থাৎ বিহাৰৰ এখন দুৰ্গম গাঁৱত সংকটৰ সময়ত তেওঁ কাৰোবাৰ পৰা সহায় লাভ কৰিছিল। কিন্তু আজিও ভেংকাইয়া জীয়ে সেই খেতিয়কৰ বিষয়ে অতি গৌৰৱেৰে ক’ব। এয়া ভেংকাইয়া জীৰ অন্যতম শ্ৰেষ্ঠ গুণ। আৰু সেইবাবেই মই কৈছো যে তেওঁ সদায় আমাৰ লগত থাকিব এজন সক্ৰিয় সহকৰ্মী হিচাপে, এজন গাইড হিচাপে। তেওঁৰ অভিজ্ঞতা আমাৰ বাবে উপযোগী হ’ব। এনে অভিজ্ঞতাৰ পুল লৈ এতিয়া ভেংকাইয়া জীয়ে সমাজত এক নতুন দায়িত্বৰ দিশে আগবাঢ়িব। হয়, আজি ৰাতিপুৱা তেওঁ মোক ক’লে যে যেতিয়া তেওঁ এই পদটো গ্ৰহণ কৰিলে, তেতিয়া তেওঁৰ বেদনাৰ কাৰণ হ’ল তেওঁ নিজৰ দলৰ পৰা পদত্যাগ কৰিব লাগিব; যিটো দলৰ বাবে তেওঁ গোটেই জীৱন পাৰ কৰিছিল। ইয়াৰ কিছু সাংবিধানিক বাধ্যবাধকতা আছিল। কিন্তু মই ভাবো ভেংকাইয়া জীয়ে সেই পাঁচ বছৰৰ অভাৱ নিশ্চিতভাৱে পূৰণ কৰিব। নিশ্চয়কৈ তেওঁৰ সেই সকলো পুৰণি বন্ধুক প্ৰেৰণা দিয়া, উৎসাহিত কৰা, লালন-পালন কৰা কাম অব্যাহত থাকিব। ভেংকাইয়া জীৰ জীৱন আমাৰ বাবে এক বৃহৎ সম্পদ আৰু এক বিশাল উত্তৰাধিকাৰ। তেওঁৰ পৰা যিখিনি শিকিছো, তাক আমি আগবঢ়াই দিওঁ। মাতৃভাষা প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা আৰু ভাষাৰ প্ৰতি থকা তেওঁৰ প্ৰেমক আগুৱাই নিয়াৰ বাবে অধিক প্ৰচেষ্টা চলিব। যদি আপুনি আগ্ৰহী, তেন্তে মই "ভাষিনী"ৰ বিষয়ে ক'ব বিচাৰিম। ভাৰত চৰকাৰে মুকলি কৰা এটা ৱেবচাইট। "ভাষিনী"ত আমাৰ ভাৰতীয় ভাষাৰ ব্যাখ্যা আৰু অনুবাদ কৰাৰ লগতে ইয়াক আৰু অধিক বিকশিত কৰাৰ সকলো সুবিধা আছে। ই এক মহান আহিলা যিটো আমাৰ বাবে অপৰিসীম উপযোগী হ’ব পাৰে। কিন্তু মোৰ মনত কিবা এটা আছে। অধ্যক্ষ ছাৰ আৰু হৰিবংশ জীয়ে চাওঁক আমি এই দিশত কাম কৰিব পাৰিম নে নাই চাব বিচাৰিছো। হৰিবংশ জীৰ এই ক্ষেত্ৰৰ জ্ঞান আছে। গতিকে, নিশ্চিতভাৱে এই দিশত কাম কৰিব পাৰি। অভিধানত নতুন নতুন শব্দ সংযোজন কৰাৰ পৰম্পৰা পৃথিৱীত আছে। আৰু এনে কথাও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ইংৰাজী অভিধানত যেতিয়াই কোনো দেশৰ কোনো বিশেষ ভাষাৰ কোনো বিশেষ শব্দই স্থান পায় তেতিয়াই ইয়াৰ এক বৃহৎ তাৎপৰ্য্য আছে। ই এক অপৰিসীম গৌৰৱৰ কথা। যেনে, ‘গুৰু’ শব্দটো ইংৰাজী অভিধানৰ এটা অংশ হৈ পৰিছে। এনেধৰণৰ শব্দ বহুত আছে। মাতৃভাষাত, দুয়োটা সদনত দিয়া ভাষণৰ সময়ত ৰাইজৰ মাজৰ পৰা বিভিন্ন আশ্চৰ্যজনক শব্দ ওলাই আহে। আৰু সেই ভাষা জনা মানুহখিনিৰ বাবে সেই বিশেষ শব্দটো অতি উপযুক্ত আৰু আকৰ্ষণীয় যেন লাগে। প্ৰতি বছৰে এনে নতুন শব্দ সংকলন কৰাৰ কাম আমাৰ দুয়োটা সদনে হাতত ল’ব পাৰিবনে? এনে শব্দই আমাৰ ভাষাবোৰৰ বৈচিত্ৰ্যক উলিয়াই আনে। এনে শব্দ সংকলনৰ এই পৰম্পৰা সৃষ্টি কৰিলে আমি আমাৰ মাতৃভাষাৰ লগত লাগি থকা ভেংকাইয়া জীৰ এই উত্তৰাধিকাৰক আগুৱাই নিব পাৰিম। আৰু যেতিয়াই আমি এই কামটো কৰিম, তেতিয়াই আমাক সদায় ভেংকাইয়া জীৰ কথাবোৰ মনত পেলাই দিম আৰু শেষত আমি এটা স্পন্দনশীল নথি সংকলন কৰিম। আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভেংকাইয়া জী আৰু তেওঁৰ সমগ্ৰ পৰিয়াললৈ অশেষ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ! | সংসদ সদনত উপ-ৰাষ্ট্ৰপতি শ্ৰী ভেংকায়া নাইডুৰ বিদায় অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A1/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A1/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জনায়। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ জন্মদিন অলেখ শুভকামনা জনাইছোঁ। তেওঁৰ দীৰ্ঘায়ুৰ লগতে সু-স্বাস্থ্যৰ কামনা কৰিলোঁ। | প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B8%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%8F%E0%A6%87%E0%A6%AE%E0%A7%8D%E2%80%8C%E0%A6%9B-%E0%A6%B8%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B8%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%8F%E0%A6%87%E0%A6%AE%E0%A7%8D%E2%80%8C%E0%A6%9B-%E0%A6%B8%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা(PMSSY)ৰ অধীনত বিলাসপুৰ(হিমাচলপ্ৰদেশ) নতুন এইম্ছ স্থাপনত কেবিনেটে অনুমোদন জনায়। এই প্ৰকল্পৰ বাবে সৰ্বমুঠ ১,৩৫১ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। মুল বৈশিষ্ট্যসমূহঃ ১২ মাহ প্রাক্-নির্মাণ পর্যায়ৰ কাম, ৩০ মাহ নির্মাণ কাৰ্য আৰু শুভাৰম্ভৰ বাবে ৬ মাহ সময়কে ধৰি মুঠ ৪৮ মাহৰ ভিতৰত এইম্ছ নিৰ্মাণৰ কাম সম্পূর্ণ কৰা হ’ব। এই প্ৰতিষ্ঠানত ৭৫০খন বিছনাযুক্ত এখন হস্পিটেল আৰু ট্ৰ’মা কেন্দ্ৰৰ সুবিধা থাকিব। ইয়াত প্রতি বছৰে ১০০ গৰাকী এমবিবিএছ ছাত্র-ছাত্রীয়ে অধ্যয়ণ কৰিব পৰা এখন মেডিকেল কলেজো থাকিব। ইয়াত প্রতি বছৰে ৬০ গৰাকী বি.এছচি(নাৰ্চিং) ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰিব পৰা এখন নাৰ্চিং কলেজো থাকিব। নতুন দিল্লীৰ এইম্চৰ দৰে এই প্রতিষ্ঠানতো শিক্ষক, চিকিৎসক আৰু ছাত্র-ছাত্রীসকলৰ বাবে থকাৰ ব্যৱস্থা থাকিব, যাৰ বাবে এটি আবাসিক চৌহদৰ লগতে অন্যান্য সুযোগ-সুবিধাও থাকিব। এই হস্পিটেলত ১৫টা অপাৰেশন থিয়েটাৰসহ ২০টাকৈ স্পেছিয়েলিটি আৰু ছুপাৰ স্পেছিয়েলিটি বিভাগ থাকিব। পৰম্পৰাগত পদ্ধতিৰ ঔষধেৰে চিকিৎসাৰ সুবিধাৰ্থে ইয়াত ৩০খন বিছনাযুক্ত এটা আয়ুস বিভাগো থাকিব। প্ৰভাৱঃ নতুনকৈ স্থাপন হ’বলগীয়া এই এইম্চৰ জৰিয়তে জনসাধাৰণক ছুপাৰস্পেচিয়েলিটি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(NHM)ৰ অধীনত অঞ্চলটোৰ প্ৰাথমিক আৰু উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানত সেৱা আগবঢ়াব পৰাকৈ চিকিৎসক তথা স্বাস্থ্য কৰ্মী গঢ় দিয়াৰ দৰে দুটা কাম সমাধা হ’ব। পটভূমিঃ প্রধানমন্ত্রী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত ইতিমধ্যে ভুৱনেশ্বৰ, ভূপাল, ৰায়পুৰ, যোধপুৰ, ঋষিকেশ আৰু পাটনাত এইম্চ নিৰ্মাণ কাম চলি থকাৰ লগতে ৰায়বেৰেইলীত এইম্চ নির্মাণৰো অগ্ৰগতি লাভ কৰিছে। তদুপৰি, ২০১৫ চনত মহাৰাষ্ট্রৰ নাগপুৰ, পশ্চিমবংগৰ কল্যাণী আৰু অন্ধ্রপ্রদেশৰ গুন্টুৰৰ মংগলাগিৰিত এখনকৈ এইম্চ স্থাপনত অনুমোদন কৰা হৈছে। ২০১৬ত ভাটিণ্ডা আৰু গোৰখপুৰত দুখন আৰু অসমৰ কামৰূপত এখন এইম্চ স্থাপনৰ প্রস্তাৱত অনুমোদন দিয়া হৈছে। | বিলাসপুৰত নতুন এইম্ছ স্থাপনত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A7%A8%E0%A7%AB%E0%A7%AC%E0%A7%AC-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A7%A8%E0%A7%AB%E0%A7%AC%E0%A7%AC-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7/ | নমো বুদ্ধায়! নেপালৰ প্ৰধানমন্ত্ৰী সন্মানীয় শ্ৰী শ্বেৰ বাহাদুৰ দেউবা জী, আদৰণীয় শ্ৰীমতী আৰজু দেউবা জী, সভাত উপস্থিত থকা নেপাল চৰকাৰৰ মন্ত্ৰীসকল, বিশাল সংখ্যাত উপস্থিত থকা বৌদ্ধ ভিক্ষু তথা বৌদ্ধ ধৰ্মাৱলম্বী বিভিন্ন দেশৰ পৰা সমবেত হোৱা গণ্যমান্য অতিথিবৃন্দ, আইসকল আৰু সজ্জনসকল! বুদ্ধ জয়ন্তী-কো পৱন অৱসৰ মা, য়স সভা-মা উপস্থিত, য়হা-হৰু সবে-লাই, সম্পূৰ্ণ নেপালবাসী-হৰুলাই, ৰ বিশ্বকা সবৈ শ্ৰদ্ধালু-জন-লাই, লুম্বিনীকো পবিত্ৰ ভূমিবাট, বুদ্ধ পূৰ্ণামাকো ধেৰে ধেৰে শুভকামনা! ইয়াৰ আগতেও মই বৈশাখ পূৰ্ণিমাৰ দিনা ভগবান বুদ্ধৰে বিজড়িত দিব্য স্থলসমূহত, সেইসমূহৰে জড়িত আয়োজনত উপস্থিত থকাৰ সুযোগ লাভ কৰিছিলো। আৰু আজি ভাৰতৰ বন্ধু দেশ নেপালত ভগবান বুদ্ধৰ পবিত্ৰ জন্ম-স্থলী লুম্বিনীলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। কিছু সময়ৰ আগতে মায়াদেবী মন্দিৰত দৰ্শনৰ যি সুযোগ মই লাভ কৰিলো, সেয়াও মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। সেইখন ঠাই, য’ত স্বয়ং বুদ্ধই জন্ম গ্ৰহণ কৰিছিল, সেইখন ঠাইৰ শক্তি, সেইখন ঠাইৰ চেতনা, এয়া নিতান্তই এক অনন্য অভিজ্ঞতা! মই এই কথা দেখিও আনন্দ পাইছো যে এইডোখৰ ঠাইৰ বাবে ২০১৪ চনত মই মহাবোধী বৃক্ষৰ যিটো পুলি উপহাৰ হিচাপে আগবঢ়াইছিলো, সেই পুলিটো এতিয়া বিকশিত হৈ এজোপা গছত পৰিণত হৈছেহি। বন্ধুসকল, সেয়া লাগিলে পশুপতিনাথ জীয়েই হওক, মুক্তিনাথ জীয়েই হওক, লাগিলে সেয়া জনকপুৰ ধাম অথবা লুম্বিনী, মই যেতিয়াই নেপাললৈ আহিছো, নেপালে নিজৰ আধ্যাত্মিক আশীৰ্বাদৰে মোক কৃতাৰ্থ কৰিছে। বন্ধুসকল, জনকপুৰত মই কৈছিলো যে নেপাল অবিহণে আমাৰ ৰামো সম্পূৰ্ণ নহয়। মই জানিছিলোৱেই আজি যেতিয়া ভাৰতত ভগবান শ্ৰীৰামৰ বিশাল-বৰ্ণাঢ্য মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে, তেতিয়া নেপালৰ লোকসকলেও সিমানেই আনন্দ অনুভৱ কৰিছে। বন্ধুসকল, নেপাল অৰ্থাত্, পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত-সাগৰমাথাৰ দেশ! নেপাল অৰ্থা্ত্, পৃথিৱীৰ অনেক পবিত্ৰ তীৰ্থ, মন্দিৰ আৰু মঠসমূহৰ দেশ! নেপাল অৰ্থাত্, পৃথিৱীৰ প্ৰাচীন সভ্যতা সংস্কৃতিক প্ৰতিপালিত কৰি ৰখা দেশ! নেপাল আঁউদা, মলাই কুনৈ ৰাজনীতিক ভ্ৰমম ভন্দা, অলগ এউটা ছুট্টে আধ্যাত্মিক অনুভূতি হুঞ্চ! ভাৰত আৰু ভাৰতৰ লোকসকলে হাজাৰ বছৰ ধৰি নেপালক এই দৃষ্টি আৰু আস্থাৰেই গ্ৰহণ কৰি আহিছে। মোৰ বিশ্বাস আছে, এই অলপতে মাত্ৰ যেতিয়া শ্বেৰ বাহাদুৰ দেউবা জী, শ্ৰীমতী আৰজু দেউবা জী যেতিয়া ভাৰতলৈ গৈছিল, আৰু যেনেকৈ এতিয়া দেউবা জীয়ে বৰ্ণনা কৰিছে, বেনাৰসৰ কাশী বিশ্বনাথ ধামৰ যাত্ৰাও কৰিছিল, তেতিয়া তেওঁৰো ভাৰতৰ বাবে ঠিক এনেকুৱাই অনুভূতি হোৱাটো তেনেই স্বাভাৱিক আছিল। বন্ধুসকল, এই উমৈহতীয়া ঐতিহ্য, এই উমৈহতীয়া সংস্কৃতি, এই উমৈহতীয়া আস্থা আৰু প্ৰেম, এয়াইতো আমাৰ সকলোতকৈ বৃহত্ পুঁজি। আৰু এই পুঁজি যিমানেই সমৃদ্ধ হ’ব, আমি সিমানেই প্ৰভাৱশালী ভাবে একেলগে সমগ্ৰ পৃথিৱীলৈ ভগবান বুদ্ধৰ বাণীসমূহ লৈ যাব পাৰিম, পৃথিৱীখনক দিক-দৰ্শন কৰাব পাৰিম। আজি বিশ্বৰ পৰিস্থিতিয়ে যেনে ধৰণে মোৰ লৈছে, তাত ভাৰত আৰু নেপালৰ নিৰন্তৰ শক্তিশালী হোৱা মিত্ৰতা, আমাৰ ঘনিষ্ঠতাই সম্পূৰ্ণ মানৱতাৰ হিতৰ কাৰণে কাম কৰিব। আৰু ইয়াৰ দ্বাৰা ভগবান বুদ্ধৰ প্ৰতি আমাৰ দুয়োখন দেশৰ আস্থা, তেওঁৰ প্ৰতি থকা অসীম শ্ৰদ্ধাই আমাক এডাল সূতাৰে বান্ধিব, এটা পৰিয়ালৰ সদস্য কৰি তুলিব। ভাই-ভনীসকল, বুদ্ধ মানৱতাৰ সামূহিক বোধৰ অৱতৰণ আছিল। বুদ্ধ বোধতো হয়েই, বুদ্ধ শুদ্ধিও হয়! বুদ্ধ বিচাৰো হয়, আৰু সংস্কাৰো হয়। বুদ্ধ এই কাৰণেই বিশেষ হয়, কিয়নো তেওঁ কেৱল উপদেশেই দিয়া নাছিল, বৰঞ্চ তেওঁ মানৱতাক জ্ঞানৰ অনুভূতিও প্ৰদান কৰিছিল। তেওঁ মহান বৈভৱশালী ৰাজ্য আৰু চৰম সুখ-সুবিধাসমূহকো ত্যাগ কৰাৰ সাহস দেখুৱাইছিল। নিশ্চিত ৰূপতে তেওঁৰ জন্ম কোনো সাধাৰণ বালকৰ ৰূপত হোৱা নাছিল। কিন্তু তেওঁ আমাক এই কথাৰ অনুভৱ কৰাইছিল যে প্ৰাপ্তিতকৈয়ো অধিক মহত্ব ত্যাগতহে সংপৃক্ত হৈ থাকে। ত্যাগৰেহে প্ৰাপ্তিয়ে পূৰ্ণতা লাভ কৰে। সেয়ে, তেওঁ জংঘলে জংঘলে বিচৰণ কৰিছিল, তেওঁ তপস্যা কৰিছিল, তেওঁ শুদ্ধি কৰিছিল। সেই আত্মশুদ্ধিৰ পিচত যেতিয়া তেওঁ জ্ঞানৰ শিখৰত উপস্থিত হৈছিলগৈ, তেতিয়াও তেওঁ কোনো আশ্চৰ্যৰে মানুহৰ কল্যাণ সাধন কৰা বুলি কেতিয়াও দাবী কৰা নাছিল। বৰং ভগবান বুদ্ধই আমাক সেইটো পথহে দেখুৱাইছিল, যিটো পথেৰে তেওঁ নিজেই জীৱন-যাত্ৰা সম্পূৰ্ণ কৰিছিল। তেওঁ আমাক মন্ত্ৰ দিছিল- অপ্প দীপো ভৱ ভিক্ষৱে। পৰীক্ষ্য ভিক্ষৱো গ্ৰাহ্যম মদ্বচো, ন তু গৌৰৱাত্। অৰ্থাত্, নিজেই নিজৰ দীপক হোৱা। মোৰ কথাকো কেৱল মোৰ প্ৰতি থকা আদৰৰ বাবেই গ্ৰহণ নকৰিবা। বৰঞ্চ সেইবোৰ কথাকো পৰীক্ষা কৰিহে আত্মস্যাত কৰিবা। বন্ধুসকল, ভগবান বুদ্ধৰে জড়িত এটা বিষয় আছে, যিটোৰ কথা আজি মই উল্লেখ কৰিব বিচাৰিম! বহাগৰ পূৰ্ণিমাৰ দিনা লুম্বিনীত সিদ্ধাৰ্থৰ ৰূপত বুদ্ধৰ জন্ম হৈছিল। এই দিনটোতে তেওঁ বোধগয়াত বোধ প্ৰাপ্ত কৰি ভগবান বুদ্ধ হৈছিল আৰু এই দিনটোতে কুশীনগৰত তেওঁৰ মহাপৰিনিৰ্বাণ হৈছিল। একেটাই তিথি, একেই বহাগৰ পূৰ্ণিমাত ভগবান বুদ্ধৰ জীৱন-যাত্ৰাৰ এই মোৰবোৰ কেৱল একোটা কাকতালীয় সংযোগেই নাছিল। ইয়াত বুদ্ধত্বৰ সেই দাৰ্শনিক বাৰ্তাও সমাহিত হৈ আছে, য’ত জীৱন, জ্ঞান আৰু নিৰ্বাণ, এই তিনিওটাই একলগ হৈ আছে। এয়াই মানৱীয় জীৱনৰ পূৰ্ণতা, আৰু সম্ভৱতঃ সেয়েই ভগবান বুদ্ধই চাগৈ পূৰ্ণিমাৰ এই পবিত্ৰ তিথিটো নিৰ্বাচিত কৰি লৈছিল। যেতিয়া আমি মানৱীয় জীৱনক এই পূৰ্ণতাৰে চবলৈ লওঁ, তেতিয়া বিভাজন আৰু ভেদভাৱৰ বাবে কোনো ঠায়েই নাথাকেগৈ। তেতিয়া আমি নিজেই ‘বসুধৈৱ কুটুম্বকম’ৰ সেই ভৱনাৰে জীয়াই থাকিব পাৰিম, যি সৰ্ব ভৱন্তু সুখিনঃ-ৰ পৰা ভৱন্তু সৰ্ব মংগলমৰ বুদ্ধ উপদেশলৈকে উজলি উঠে। সেয়ে ভৌগলিক সীমাৰো উৰ্ধ্বলৈ গৈ বুদ্ধ প্ৰতিজন ব্যক্তিৰে হৈ পৰে, যিকোনো জনৰ বাবেই হৈ পৰে। বন্ধুসকল, ভগবান বুদ্ধৰ সৈতে মোৰ আৰু এটা সম্বন্ধ আছে, যিটো সম্বন্ধৰ সৈতে এক অদ্ভুত সংযোগতো আছেই, সেয়া খুবেই সখপ্ৰদও। যিডোখৰ ঠাইত মোৰ জন্ম হৈছিল, গুৰাটৰ ৱড়নগৰ, তাত বহু শতিকাৰ আগতে বৌদ্ধ শিক্ষাৰ বহুত ডাঙৰ কেন্দ্ৰ আছিল। আজিও তাত প্ৰাচীন অৱশেষ ওলাই আছে, যিবোৰ স্মাৰকৰ সংৰক্ষণৰ কাম অব্যাহত ৰখা হৈছে। আৰু আমিতো জানো যে হিন্দুস্থানৰ এনে বহুবোৰ নগৰ এনেকুৱা, বহুবোৰ চহৰ, বহুবোৰ ঠাই এনেকুৱা, যাক লৈ মানুহে বহুত গৰ্বৰে সেইখন ৰাজ্যৰ কাশী বুলি জানে। ভাৰতৰ বিশেষত্ব তেনে যে, আৰু সেয়ে কাশীৰ ওচৰৰ সাৰনাথৰ সৈতে মোৰ আত্মীয়তাৰ কথা আপোনালোকেও জানে। ভাৰতত সাৰনাথ, বোধগয়া আৰু কুশীনগৰকে ধৰি নেপালৰ লুম্বিনীলৈকে, এইসমূহ পবিত্ৰ স্থান আমাৰ উমৈহতীয়া ঐতিহ্য ক্ষেত্ৰ আৰু উমৈহতীয়া প্ৰমূল্যৰ প্ৰতীক। আমি এইসমূহ ঐতিহ্যক একেলগে মিলি বিকশিত কৰিব লাগিব, আৰু আগলৈ সমৃদ্ধও কৰিব লাগিব। এতিয়া আমি দুযোখন দেশৰ প্ৰধানমন্ত্ৰীদ্বয়ে ইয়াত ‘ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ বুদ্ধিষ্ট কালচাৰ এণ্ড হেৰিটেজ’-ৰ আধাৰশিলা স্থাপন কৰিছো। ইয়াৰ নিৰ্মাণ ‘ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যন অব ইণ্ডিয়া’ৰ দ্বাৰা কৰোৱা হ’ব। আমাৰ সহযোগিতাৰ এই বহু দশক পূৰণা সপোনবোৰক সাকাৰ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী দেউবা জীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ‘লুম্বিনী উন্নয়ণ ন্যাস’ৰ অধ্যক্ষৰ ৰূপত তেওঁ ‘ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যন’ক ইয়াৰ বাবে ভূমি দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এতিয়া এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো তেওঁৰ ফালৰ পৰা সম্পূৰ্ণ সহয়োগিতা আগবঢ়াইছে। ইয়াৰ বাবে আমি সকলোৱে আন্তৰিকতাৰে তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ ভাল লাগিছে যে নেপাল চৰকাৰে, ‘বুদ্ধ চাৰ্কিট’ আৰু লুম্বিনীৰ বিকাশৰ বাবে লোৱা সকলো প্ৰয়াসলৈ সহযোগিতা আগবঢ়াই আহিছে, বিকাশৰ সকলো সম্ভাৱনাকে সাকাৰ কৰিও আহিছে। নেপালত ‘লুম্বিনী সংগ্ৰহালয়’ৰ নিৰ্মাণো দুয়োখন দেশৰ উমৈহতীয়া সহয়োগিতাৰ উদাহৰণ। আৰু আজি আমি ‘লুম্বিনী বুদ্ধিষ্ট ইউনিভাৰ্ছিটী’ত ‘ড০ বাবা চাহেব আম্বেডকৰ চেয়াৰ ফৰ বুদ্ধিষ্ট ষ্টাডিজ’ স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছো। বন্ধুসকল, ভাৰত আৰু নেপালৰ অনেক তীৰ্থই শতিকাৰ পিচত শতিকা ধৰি সভ্যতা, সংস্কৃতি আৰু জ্ঞানৰ বিশাল পৰম্পৰাক গতি প্ৰদান কৰি আহিছে। আজিও এইসমূহ তীৰ্থলৈ সমগ্ৰ পৃথিৱীৰ লাখ লাখ শ্ৰদ্ধালু প্ৰতি বছৰে আহে। আমি ভৱিষ্যতে আমাৰ এই প্ৰয়াসসমূহক আৰু অধিক গতিশীল কৰি তুলিব লাগিব। আমাৰ চৰকাৰে ভৈৰহৱা আৰু সোণৌলীত ‘সংহত পৰীক্ষণ চকী’ স্থাপনৰ দৰে সিদ্ধান্তও গ্ৰহণ কৰিছে। ইয়াৰ কামো আৰম্ভ কৰা হৈছে। এই চকী দুটা স্থাপনৰ পিচত সীমান্তত মানুহৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হ’ব। ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলে খুব সহজেই নেপাললৈ আহিব পাৰিব। লগতে, ইয়াৰ জৰিয়তে বেহা-বেপাৰ আৰু অত্যাৱশ্যকীয় বস্তুৰ পৰিবহণৰ ক্ষেত্ৰটো গতি লাভ কৰিব পৰা যাব। ভাৰত আৰু নেপাল, দুয়োখন দেশৰ মাজত মিলিজুলি কাম কৰাৰ বাবে এনে বহু সম্ভাৱনাই আছে। আমাৰ এইবোৰ প্ৰয়াসৰ সুফল দুয়োখন দেশৰ নাগৰিকসকলেও লাভ কৰিব। বন্ধুসকল, ‘ভাৰত ৰ নেপাল-বিছ-কো সম্বন্ধ, হিমাল জস্তে অটল ছ, ৰ হিমাল জত্তিকৈ পুৰাণো ছ’! আমি আমাৰ এই স্বাভাৱিক আৰু নৈশৰ্গিক সম্পৰ্কৰ হিমালয় জয় কৰিলেই নহ’ব, ইয়াক নতুন উচ্চতাও প্ৰদান কৰিব লাগিব। খোৱা-বোৱা, গীত-সংগীত, পৰ্ব-উত্সৱ আৰু ৰীতি-পৰম্পৰাৰ পৰা পাৰিবাৰিক সম্বন্ধলৈকে যিবোৰ সম্পৰ্কক আমি হাজাৰ বছৰ ধৰি অব্যাহত ৰাখিছো, এতিয়া সেইবোৰক বিজ্ঞান, প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ দৰে নতুন ক্ষেত্ৰসমূহৰেও সংযোজিত কৰিব লাগিব। মোৰ ভাল লাগিছে যে এই দিশত ভাৰতে নেপালৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি আছে। ‘লুম্বিনী বিশ্ববিদ্যালয়’, ‘কাঠমাণ্ডু বিশ্ববিদ্যালয়’ আৰু ‘ত্ৰিভুৱন বিশ্ববিদ্যালয়’ত ভাৰতে আগবঢ়োৱা সহযোগিতা ইয়াৰ ডাঙৰ উদাহৰণ। মই এইবোৰ ক্ষেত্ৰত আমাৰ পৰস্পৰৰ সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ বাবে আৰু বহুবোৰ সম্ভানাও প্ৰত্যক্ষ কৰিছো। আমি এইবোৰ সম্ভাৱনাক ভাৰত-নেপালৰ সপোনবোৰৰ সৈতে মিলাই সাকাৰ কৰি তুলিব লাগিব। আমাৰ সক্ষম যুৱ-প্ৰজন্মই সাফল্যৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাটত সমগ্ৰ পৃথিৱীতে বুদ্ধৰ শিকনীসমূহৰ বাৰ্তাবাহক হৈ উঠিব। বন্ধুসকল, ভগবান বুদ্ধই কৈছিল-সুপ্পবুদ্ধ পবুজছন্তি, সদা গোতম সাৱকা। য়েঞ্চ দিৱা চ, ভাৱনায়ে ৰতো মনো।। অৰ্থাত্, যি সদায়ে মৈত্ৰী ভাৱনাৰে, সদ্ভাৱনাৰে লাগি থাকে, গৌতমৰ সেইসকল অনুগামী সদায়ে জাগ্ৰত হৈ থাকে। অৰ্থাত্ সেইসকলেই বুদ্ধৰ বাস্তৱিক অনুগামী হয়। এই ভাৱনাকে লৈ আজি আমি সমগ্ৰ মানৱতাৰ বাবে কাম কৰি যাব লাগিব। এই ভাৱনাকে লৈ আমি সংসাৰত মৈত্ৰী ভাৱনাক শক্তিশালী কৰিব লাগিব। ‘ভাৰত ৰ নেপাল-বীছ-কো মিত্ৰতালে, য়স মানৱীয় সংকল্প-লাই পুৰা গৰ্ণ, য়সৈ গৰী মিলেৰ কাম, গৰিৰহনে, মলাই পূৰ্ণ বিশ্বাস ছ’। এই ভাৱনাৰেই আপোনালোক সকলোকে আকৌ এবাৰ বৈশাখ পূৰ্ণিমাৰ অনেক অনেক শুভকামনা জনালো। নমো বুদ্ধায়! নমো বুদ্ধায়! নমো বুদ্ধায়! | নেপালত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী আৰু ‘লুম্বিনী দিৱস ২০২২’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A6%A4/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দল ফ্ৰাটেলি ডি’ইটালিয়াৰ বিজয়ৰ বাবে জিঅৰ্জিয়া মেলোনিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; “ইটালীৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দল@FratellidItalia বিজয়ৰ দিশে আগুৱাই নিয়াৰ বাবে @GiorgiaMeloni অভিনন্দন। আমি আমাৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ একেলগে কাম কৰাৰ বাবে আশাবাদী।” “ | ইটালীৰ সাধাৰণ নিৰ্বাচনত ফ্ৰাটেলি ডি’ইটালিয়াক বিজয়ৰ দিশে আগুৱাই নিয়াৰ বাবে জিঅৰ্জিয়া মেলোনিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%A6%E0%A7%87%E0%A6%A8%E0%A6%BE-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%A6%E0%A7%87%E0%A6%A8%E0%A6%BE-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ইণ্ডিয়া পোষ্ট পেমেণ্টত বেংক(আইপিপিবি) স্থাপনৰ বাবে সংশোধিত প্ৰকল্প ব্যয় ৮০০ কোটিৰ পৰা ১,৪৩৫ কোটিলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অনুমোদন জনায়। অতিৰিক্ত সংশোধিত আনুমানিক ব্যয় ৬৩৫ কোটি টকাৰ ৪০০ কোটি টকা প্ৰযুক্তি ব্যয় আৰু ২৩৫ কোটি মানৱ সম্পদৰ নামত ব্যয় কৰা হ’ব। উল্লেখ্য যে ২০১৮ৰ ১ ছেপ্তেম্বৰৰ পৰা দেশত আইপিপিবিৰ সেৱা ৬৫০টা আইপিপিবি শাখা আৰু ৩২৫০ আহৰণ কেন্দ্ৰত আৰু ডিচেম্বৰ মাহৰ ভিতৰত ১.৫৫ লাখ ডাকঘৰ (আহৰণ কেন্দ্ৰ)ৰ সকলোতে এই সেৱা উপলব্ধ হ’ব। এই প্ৰকল্পই বেংকিং দক্ষতা থকা দেশৰ প্ৰায় ৩,৫০০ লোকে নতুন সংস্থাপনৰ সূযোগ প্ৰদান কৰাৰ উপৰি দেশজুৰি বিত্তীয় স্বাক্ষৰ লোকৰো উপাৰ্জনৰ পথ প্ৰশস্ত কৰিব। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে দেশৰ সাধাৰণ লোকসকলৰ বাবে সৰ্বাধিক সুলভ, সহজলভ্য আৰু বিশ্বাসযোগ্য বেংক প্ৰতিষ্ঠা কৰা; বেংকৰ সৈতে জড়িত নথকা লোকসকলক সকলো অসুবিধা দূৰ কৰি বিত্তীয় অন্তৰ্ভূক্তিত নেতৃত্ব প্ৰদান কৰা আৰু ঘৰৰ সন্মুখতে বেংকৰ সুবিধা প্ৰদান কৰি বেংকৰ লগত জড়িত লোকসকলৰ সূযোগ ব্যয় হ্ৰাস কৰা। এই প্ৰকল্প চৰকাৰৰ ‘সীমিত নগদ ধন’ অৰ্থনীতি দৃষ্টিভংগীৰ পৰিপূৰক আৰু একে সময়কে ই অৰ্থনৈতিক বিকাশ আৰু বিত্তীয় অন্তৰ্ভূক্তিতো উদ্গনি যোগাব। আইপিপিবিৰ বলিষ্ঠ আইটি আর্কিটেকচাৰক বেংকৰ গ্রেডৰ কর্মক্ষমতা, জালিয়াতি আৰু ক্ষতিশংকা সমস্যা সমাধানৰ মান বিবেচনা কৰাৰ লগতে দেনা আৰু বেংকিং ডোমেনৰ ক্ষেত্ৰত সেইবোৰৰ উন্নত অনুশীলন সম্ভৱ হোৱাকৈ প্ৰস্তুত কৰা হৈছে। আইপিপিবি সেৱাঃ আইপিপিবিয়ে ইয়াৰ কৰ্মচাৰী/অন্তিমগৰাকী অভিকৰ্তাক ডাক বিভাগে প্ৰদান কৰা সু-সজ্জিত তথ্য প্ৰযুক্তিৰ দ্বাৰা দেনা/বিত্তীয় সেৱা আগবঢ়াব, যাৰ দ্বাৰা বিত্তীয় সেৱাৰ অগ্ৰদূত হিচাপে সেৱা আগবঢ়াব। আইপিপিবিয়ে ইয়াৰ কৰ্মচাৰী/অন্তিমগৰাকী অভিকৰ্তাক(ডাকঘৰৰ কৰ্মচাৰী আৰু গ্ৰামীণ ডাক সেৱকক) তেওঁলোকৰ একাউণ্টত পোনে-পোনে ইনচেনটিভ/কমিচন প্ৰদান কৰিব। আইপিপিবিয়ে ডাক বিভাগক প্ৰদান কৰা কমিচনৰ এটা অংশ ডাকঘৰৰ সুবিধা বৃদ্ধিত ব্যৱহাৰ কৰিব। | ইণ্ডিয়ান পোষ্ট দেনা বেংক স্থাপনৰ বাবে সংশোধিত আনুমানিক ব্যয়ত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A4%E0%A7%80-%E0%A6%9B%E0%A7%8B%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A4%E0%A7%80-%E0%A6%9B%E0%A7%8B%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী ছোনিয়া গান্ধীৰ মাতৃ শ্ৰীমতী পাওলা মাইনোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: “ছোনিয়া গান্ধীজীৰ মাতৃ পাওলা মাইনোৰ মৃত্যুত মোৰ সমবেদনা। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। এই দুখৰ সময়ত, মোৰ সমবেদনা গোটেই পৰিয়ালটোৰ সৈতে আছে। | শ্ৰীমতী ছোনিয়া গান্ধীৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86/ | প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত স্বাস্থ্যক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চূক্তি কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। বুজাবুজিৰ চূক্তিয়ে সামৰি লোৱা বিভিন্ন দিশসমূহঃ ১. কেন্সাৰ আৰু শিশুৰ হৃদৰোগকে ধৰি অসংক্ৰামক ৰোগ ২. ড্ৰাগছ নিয়ন্ত্ৰণ আৰু ফাৰ্মাচিটিকেলৰ মান নিৰূপণ ৩. সংক্ৰামক ৰোগ ৪. প্ৰসূতি আৰু সদ্যজাত শিশুৰ স্বাস্থ্য ৫. চিকিৎসালয়ৰ মাজত সহযোগিতা আৰু উন্নত ব্যৱস্থাৰ আদান-প্ৰদান ৬. চিকিৎসালয় তথা স্বাস্থ্যসেৱাৰ পৰিচালনাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা ৭. পাৰস্পৰিকভাৱে সিদ্ধান্ত কৰা কোনো বিষয়ত সহযোগিতা ভৱিষ্যতে এই বুজাবুজিৰ চূক্তি ৰূপায়ণৰ বাবে আৰু বিতং সহযোগিতাৰ বাবে এটা কৰ্মীগোট গঠন কৰা হ’ব। | স্বাস্থ্যক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চূক্তি কৰাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A6%B2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A6%B2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ সৈতে কথা বাৰ্তালাপ কৰে। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সংঘৰ্ষৰ পৰিস্থিতি আৰু অব্যাহত থকা আলোচনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক বিতংভাৱে অৱগত কৰে ৰাষ্ট্ৰপতি জেলেনস্কীয়ে। প্ৰধানমন্ত্ৰীয়ে অব্যাহত থকা সংঘৰ্ষ আৰু ইয়াৰ ফলত হোৱা মানৱীয় সংকটক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় আৰু কয় যে ভাৰতে সদায়ে সমস্যাসমূহৰ শান্তিপূৰ্ণ সমাধান আৰু দুয়োপক্ষৰ মাজত পোনপটীয়া আলোচনাৰ সমৰ্থন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ পৰা ২০,০০০তকৈও অধিক ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবে ইউক্ৰেইনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এতিয়াও ইউক্ৰেইনত থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দ্ৰুত আৰু সুৰক্ষিত স্থানান্তৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। | ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%BF%E0%A6%82-%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A6%B6%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%BF%E0%A6%82-%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A6%B6%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বিজয়ী মহিলা বক্সাৰ নিখাত জাৰিন, মনীষা মৌন আৰু পাৰবীন হুডাক সাক্ষাৎ কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতক গৌৰৱান্বিত কৰা বক্সাৰ @nikhat_zareen, @BoxerMoun আৰু পাৰবীন হুডাক লগ পাই আনন্দিত হৈছোঁ। আমি তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি অনুৰাগ আৰু ইয়াৰ উৰ্দ্ধৰ জীৱন সন্দৰ্ভত এক উৎকৃষ্ট বাৰ্তালাপত মিলিত হৈছিলোঁ। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।" | বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বিজয়ী মহিলা বক্সাৰসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত এক শিখ প্ৰতিনিধি দলক আমন্ত্ৰণ জনাইছে। তেওঁ আজি সন্ধিয়া প্ৰায় ০৫:৩০বজাত সমবেত লোকসকলক সম্বোধন কৰিব। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "আজি সন্ধিয়া মই মোৰ বাসগৃহত এটা শিখ প্ৰতিনিধি দলক আমন্ত্ৰণ জনাইছো। প্ৰতিনিধি দলটোত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোক অন্তৰ্ভুক্ত হৈ আছে। মই সন্ধিয়া প্ৰায় ৫:৩০ বজাত সমবেত লোকসকলক সম্বোধন কৰিম।" | প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীস্থিত তেওঁৰ বাসগৃহত এটা শিখ প্ৰতিনিধি দলক সাক্ষাৎ কৰি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%B8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%B8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ম্যানমাৰৰ মাজত সীমা সম্বন্ধীয় প্ৰস্তাৱিত চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হয়। এই চুক্তিয়ে দুয়োখন দেশৰ সীমান্তৱৰ্তী অঞ্চলত অস্থায়ীভাৱে বসবাস কৰা লোকসকলৰ পূৰ্বৰ বিনামুলীয়া মুক্ত চাল-চলন ব্যৱস্থা আৰু সংহতি বৰ্তাই ৰখাৰ সুবিধা প্ৰদান কৰিব। এই চুক্তিয়ে লগতে এই লোকসকলক বৈধ পাৰপত্ৰ আৰু ভিছাৰ ভিত্তিত চলাচল কৰাৰ সুবিধা প্ৰদান কৰিব, যিটোৱে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্ক উন্নত কৰিব। এই চুক্তিখন ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী লোকসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছে। এই চুক্তিখনে ম্যানমাৰৰ লোকসকলৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যবাসীৰ যোগাযোগ আৰু সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই চুক্তিয়ে উত্তৰ-পূবৰ অৰ্থনীতিৰো ব্যাপক উন্নয়ণ ঘটাব আৰু ম্যানমাৰৰ সৈতে আমাৰ ভৌগোলিক সম্পৰ্কৰ লাভালাভ আদায় কৰাত অনুমতি দিয়াৰ লগতে বাণিজ্য আৰু অঞ্চলটোৰ লোকসকলৰ মাজত পাৰস্পৰিক সম্পৰ্কৰো উন্নত কৰিব। এই চুক্তিখন সীমান্তৱৰ্তী অঞ্চলত মুক্তভাৱে চাল-চলন কৰা বৃহৎ সংখ্যক জনজাতীয় সমূদায়ৰ পৰম্পৰাগত অধিকাৰৰ ৰক্ষাকবচ হিচাপে পৰিগণিত হ’ব। | ভাৰত আৰু ম্যানমাৰৰ মাজত সীমা সম্বন্ধীয় চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%8B%E0%A7%B1%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6-%E0%A6%B8%E0%A6%BF%E0%A6%82%E0%A6%9C%E0%A7%80%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%8B%E0%A7%B1%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6-%E0%A6%B8%E0%A6%BF%E0%A6%82%E0%A6%9C%E0%A7%80%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE/ | ৱাহে গুৰুজী কা খালসা..ৱাহে গুৰু জী কী ফতেহ!! দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা আপোনালোক সকলো মহানুভৱক মই স্বাগতম জনাইছোঁ৷ আপোনালোক সকলোকে, সমগ্ৰ দেশকে লোহৰীৰ লক্ষ লক্ষ অভিনন্দন৷ বিশেষকৈ আমাৰ দেশৰ অন্নদাতা বন্ধুসকলৰ বাবে শস্য চপোৱাৰ এই বতৰে যাতে অনন্ত সুখ লৈ আহক, তাৰেই মংগল কামনা কৰিছো৷ বন্ধুসকল, আজি গুৰু গোৱিন্দ সিং মহাৰাজৰ প্ৰকাশ পৰ্ব সমগ্ৰ দেশে উদযাপন কৰিছে৷ খালসা পথৰ সৃজনকৰ্তা, মানৱতাৰ পালনকৰ্তা, ভাৰতীয় মূল্যৰ বাবে সমৰ্পিত গুৰু গোৱিন্দ সিঙক মই শ্ৰদ্ধাৰে সেৱা জনাইছো৷ গুৰু গোৱিন্দ সিঙৰ প্ৰকাশোৎসৱ উপলক্ষে আপোনালোক বন্ধুসকলৰ সৈতে দেশ আৰু বিশ্বৰ শিখপন্থী তথা ভাৰতীয় সংস্কৃতিৰ বাবে সমৰ্পিত জনতাক মই অলেখ অভিনন্দন জনাইছো৷ বন্ধুসকল, যোৱা বছৰত আমি গুৰু গোৱিন্দ সিং মহাৰাজৰ ৩৫০তম জন্মজয়ন্তী পালন কৰিছিলো৷ শিখপন্থীৰ এই গুৰুত্বপূৰ্ণ অৱকাশক স্মৰণীয় কৰি তোলাৰ বাবে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা দেশবাসীলৈ উৎসৰ্গিত কৰাৰ মই সৌভাগ্য লাভ কৰিছো৷ অৱশ্যে গুৰু গোৱিন্দ সিংজীৰ মুদ্ৰা আমাৰ হৃদয়ত শ শ বছৰ ধৰি চলি আহিছে আৰু অনাগত শ শ বছৰলৈ এয়া চলি থাকিব৷ সেইবাবে যাৰ কৃতিত্ব এক মূল্যৰ ৰূপত আমাৰ জীৱনক চলমান কৰি ৰাখিছে, আমাক প্ৰেৰণা প্ৰদান কৰিছে, তাক স্মৰণীয় কৰি ৰখাৰ বাবে আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস৷ তেওঁৰ প্ৰতি আদৰ তথা শ্ৰদ্ধা ব্যক্ত কৰাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস আৰু সেইবাবে আমি সকলোৱে সন্তোষ অনুভূত কৰিছো৷ বন্ধুসকল, শ্ৰী গুৰু গোৱিন্দ সিঙৰ ব্যক্তিত্বত অনেক প্ৰতিভাৰ সংগম হৈছিল৷ তেওঁ গুৰুতো আছিলেই, লগতে শ্ৰেষ্ঠ ভক্তও আছিল৷ তেওঁ যিমান কুশলী যোদ্ধা আছিল সিমানেই কুশলী কবি আৰু সাহিত্যিকো আছিল৷ অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে তেওঁ যিমান আগ্ৰহী আছিল সিমানেই শান্তি স্থাপনৰ বাবেও আগ্ৰহী আছিল৷ মানৱতাৰ ৰক্ষাৰ বাবে, ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবে, ধৰ্মৰ ৰক্ষাৰ বাবে তেওঁৰ সৰ্বোচ্চ বলিদানৰ বিষয়ে দেশ আৰু বিশ্ব ইতিমধ্যেই পৰিচিত৷ ইন পুত্ৰন কে কাৰণ, ৱাৰ দিয়ে সুত চাৰ৷ চাৰ মুয়ে তো ক্যা হুৱা, জীৱিত কই হাজাৰ৷৷ হাজাৰ সন্তানৰ ৰক্ষাৰ বাবে নিজৰ সন্তানক, নিজৰ বংশক যিয়ে বলিদান দিছিল, ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবে, ধৰ্মৰ ৰক্ষাৰ বাবে ত্যাগ আৰু বলিদানৰ ইয়াতকৈ উৎকৃষ্ট উদাহৰণ আৰু কি হ’ব পাৰে৷ বন্ধুসকল, বীৰত্বৰ সৈতে তেওঁৰ যি ধীৰতা আছিল, ধৈৰ্য আছিল সেয়া আছিল অনুপম৷ তেওঁ সংঘৰ্ষ কৰিছিল কিন্তু ত্যাগৰ অভুতপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল৷ তেওঁৰ সমাজৰ বেয়া শক্তিৰ বিৰুদ্ধে যুঁজিছিল৷ উচ্চ–নীচ, জাতিভেদৰ বিৰুদ্ধে গুৰু গোৱিন্দ সিংজীয়ে সংঘৰ্ষত লিপ্ত হৈছিল৷ এই সকলো মুল্যবোধেই হ’ল নতুন ভাৰতৰ নিৰ্মাণৰ মূলভেঁটি৷ বন্ধুসকল, গুৰু চাহেবে জ্ঞানক গুৰুত্ব প্ৰদান কৰি গুৰু গ্ৰন্থ চাহিবৰ প্ৰতিটো শব্দক জীৱনৰ মন্ত্ৰ হিচাপে স্বীকাৰ কৰিছিল৷ তেওঁ কৈছিল যে এতিয়া গুৰু গ্ৰন্থ চাহিবেই হ’ল তেওঁৰ প্ৰতিটো শব্দ, ইয়াৰে প্ৰতিটো পৃষ্ঠাই ভৱিষ্যতৰ যুগক প্ৰেৰণা প্ৰদান কৰিব৷ আগলৈ যেতিয়া পঞ্চ প্যাৰে আৰু খালসা পন্থৰ সূচনা হ’ল, তাতো সমগ্ৰ ভাৰতক একত্ৰিত কৰাৰ প্ৰয়াস কৰা হ’ল৷ লসা পন্থৰ বিকাশ গুৰু চাহেবৰ দীৰ্ঘসময়ৰ গহীন চিন্তন–মনন আৰু অধ্যয়নৰ পৰিণাম আছিল৷ তেওঁৰ বেদ, পুৰাণ তথা অন্য প্ৰাচীন গ্ৰন্থসমূহৰ জ্ঞান আছিল৷ গুৰু চাহেবে গুৰু নানকৰ পৰা আৰম্ভ কৰি গুৰু টেগ বাহাদুৰ পৰ্যন্ত শিখপন্থীৰ পৰম্পৰা, মোগল শাসনৰ সময়চোৱাত শিখপন্থীৰ সৈতে জড়িত ঘটনাসমূহৰ ব্যাপক জ্ঞান আছিল৷ দেশ–সমাজত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত তেওঁ নিজৰ মতামত প্ৰকাশ কৰিছিল৷ বন্ধুসকল, আপোনালোকৰ অনেকে হয়তো ‘শ্ৰী দশমগ্ৰন্থ চাহেব’ অধ্যয়ন কৰিছে৷ ভাষা আৰু সাহিত্যৰ ওপৰত তেওঁৰ যি দখল আছিল সেয়া আছিল অতুলনীয়৷ জীৱনৰ প্ৰতিটো ৰসৰ ব্যাখ্যা এনেদৰে কৰা হৈছে যি সাধাৰণতম ব্যক্তিৰো হৃদয় স্পৰ্শ কৰি যায়৷ অলংকাৰেই হওক, পদশৈলীয়েই হওক, চন্দই হওক, প্ৰবাহেই হওক, সকলোৱে মন্ত্ৰমুগ্ধ কৰে৷ ভাৰতীয় ভাষাসমূহক লৈ তেওঁৰ জ্ঞান আৰু মোহ অতুলনীয় আছিল৷ বন্ধুসকল, গুৰু গোৱিন্দ সিংজীৰ কাব্য ভাৰতীয় সংস্কৃতি, আমাৰ জীৱন–দৰ্শনৰ সৰল অভিব্যক্তিস্বৰূপ৷ যিদৰে তেওঁৰ ব্যক্তিত্ব বহুমুখী আছিল তেনেদৰেই তেওঁ কাব্যও অনেক আৰু বিবিধ বিষয়ৰ দ্বাৰা সমাহিত আছিল৷ বহু সাহিত্যিকে তেওঁৰ সাহিত্যকাৰ্যৰ পৰা প্ৰেৰণা লাভ কৰে৷ বন্ধুসকল, যিকোনো দেশৰ সংস্কৃতিয়ে সেই দেশৰ মহিমাক উজ্বল কৰে, সুৱগা চৰায়৷ সেয়ে সংস্কৃতিক সমৃদ্ধ কৰা আৰু তাৰ প্ৰচাৰ–প্ৰসাৰ কৰা সদায়েই বিশ্বৰ শক্তিশালী সভ্যতাসমূহৰ প্ৰাথমিক কাৰ্য হয়৷ এই প্ৰচেষ্টা বিগত চাৰে চাৰি বছৰ ধৰি আমাৰ চৰকাৰে কৰি আছে৷ ভাৰতৰ ওচৰত যি সাংস্কৃতিক জ্ঞানৰ ঐতিহ্য আছে সেয়া বিশ্বৰ প্ৰতিটো কোণত প্ৰচাৰ কৰাৰ ব্যাপক প্ৰয়াস কৰা হৈছে৷ যোগৰ পৰা আৰম্ভ কৰি আয়ুৰ্বেদলৈ আমাৰ প্ৰতিষ্ঠাক পুনঃস্থাপিত কৰাত দেশ সফল হৈছে৷ এই কাম নিৰন্তৰভাৱে হ’বলৈ ধৰিছে৷ বন্ধুসকল, বিশ্বজনীন আৰোগ্য, সমৃদ্ধি আৰু শান্তিক লৈ আমাৰ ঋষি, মুনি আৰু গুৰুসকলে যি বাৰ্তা প্ৰদান কৰিছিল তাৰ দ্বাৰা বিশ্বই যাতে লাভান্বিত হয়, সেয়া প্ৰয়াস কৰা হৈছে৷ গুৰু গোৱিন্দ সিংজীৰ ৩৫০তম প্ৰকাশ পৰ্ব আমি পালন কৰাৰ লগতে গুৰু নানক দেৱৰো ৫৫০তম জন্মজয়ন্তী সমাৰোহৰো প্ৰস্তুতি চলিব ধৰিছে৷ এয়া আমাৰ চৰকাৰৰ সৌভাগ্য যে এই পবিত্ৰ উৎসৱসমূহৰ সৈতে জড়িত হোৱাৰ অৱকাশ আমি লাভ কৰিছো৷ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই প্ৰকাশোৎসৱ দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পালন কৰা হ’ব, সমগ্ৰ বিশ্বতে আমাৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়তো এই সমাৰোহৰ আয়োজন কৰা হ’ব৷ কেৱল এয়াই নহয়, আপোনালোকে এয়াও ভালদৰে জানে এতিয়া কেন্দ্ৰ চৰকাৰৰ অৰ্থক আৰু অভুতপূৰ্ব প্ৰয়াসৰ ফলত কৰতাৰপুৰ কৰিডৰৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ এতিয়া গুৰু নানকে প্ৰচাৰ কৰা পথত চলা প্ৰতিজন ভাৰতীয়ই, প্ৰতিজন শিখে দূৰবীণৰ পৰিৱৰ্তে নিজৰ চকুৰে দৰ্শন কৰিব পাৰিব আৰু ভিজা নোহোৱাকৈ গুৰুদ্বাৰা দৰবাৰ সাহিবৰ দৰ্শন কৰিব পাৰিব৷ ১৯৪৭ চনত যি ভুল কৰা হৈছিল এয়া তাৰেই প্ৰায়শ্চিত্ত৷ আমাৰ গুৰুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্থল কেৱল কিছু কিলোমিটাৰৰ দূৰত্বত আছিল কিন্তু সেয়াও নিজৰ সৈতে ৰাখিব পৰা নগ’ল৷ এই কৰিডৰক দ্বাৰা সেই লোকচান হ্ৰাস কৰাৰ এক প্ৰয়াস কৰা হৈছে৷ বন্ধুসকল, গুৰু গোৱিন্দ সিংজীয়ে হওক অথবা গুৰু নানক দেৱজী, আমাৰ প্ৰতিজন গুৰুৱে ন্যায়ৰ সৈতে অংশীদাৰ হোৱাৰ ডাঙৰ শিকনি প্ৰদান কৰিছে৷ তেওঁলোকৰ পথত অগ্ৰসৰ হৈ আজি কেন্দ্ৰ চৰকাৰে ১৯৮৪ চনত আৰম্ভ হোৱা প্ৰতিটো অন্যায়ক ন্যায় প্ৰদান কৰাৰ প্ৰয়াসত লিপ্ত হৈছে৷ দশকজুৰি মাতৃ, ভগ্নী, পুত্ৰ–কন্যাসকলে যিমান চকুপানী টুকিলে সেয়া মোচাৰ কাম, তেওঁলোকক ন্যায় প্ৰদান কৰাৰ কাম এতিয়া আইনে কৰিব৷ বন্ধুসকল, আজিৰ এই পবিত্ৰ দিনটোত গুৰু গোৱিন্দ সিং মহাৰাজে দেখুৱাই যোৱা ১১ সূত্ৰীয় পথত আগবঢ়াৰ বাবে পুনৰ সংকল্প লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ আজি যেতিয়া ভাৰত সশক্ত ৰাষ্ট্ৰৰ ৰূপত স্থাপিত হোৱাৰ পথত অগ্ৰসৰ হৈছে সেইসময়তে ভাৰতৰ ভাৱনাক আৰু অধিক শক্তিশালী কৰাৰ আৱশ্যকতা আহি পৰিছে৷ মোৰ বিশ্বাস যে আমি সকলোৱে গুৰুজীয়ে প্ৰচাৰ কৰা পথত আগবাঢ়ি নিজৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিম৷ পুনৰ বাৰ আপোনালোক সকলোকে প্ৰকাশ পৰ্বৰ অভিনন্দন৷ আপোনালোকৰ বাবে নতুন বৰ্ষই যাতে অলেখ সুখ কঢ়িয়াই আনে, এই কামনাৰ সৈতে– জো বোলে, সো নিহাল!…সত্ শ্ৰী অকাল! | গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকীত স্মাৰক মুদ্ৰা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A8%E0%A6%BE%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে সমাজ সংস্কাৰক নানাজী দেশমুখক স্মৰণ কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নানাজী দেশমুখৰ জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো। দেশৰ প্ৰতি তেওঁৰ বিনম্ৰ সেৱা আৰু গ্ৰামোন্নয়নৰ দিশত দিয়া গুৰুত্বৰ বাবে আমি সদায় প্ৰণোদিত হওঁ।” | জন্মবাৰ্ষিকী উপলক্ষে নানাজী দেশমুখক স্মৰণ প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%A1/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AD%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%A1/ | ক্ৰমিক নং. বুজাবুজি চুক্তিপত্ৰ/চুক্তিপত্ৰ/সন্ধিৰ নাম ৰাছিয়া ফেডাৰেছনৰ পৰা বিনিময় কৰা ব্যক্তি ভাৰতৰ পৰা বিনিময় কৰা ব্যক্তি ১ ২০১৯–২০২৩ বৰ্ষৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু এমইএৰ মাজত আলোচনাৰ প্ৰ’ট’ক’ল এইচ.ই. ছাৰ্গে লেভ্ৰ’ভ ৰাছিয়ান ফেডাৰেচনৰ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ২ ৰাছিয়ান ফেডাৰেছনৰ অৰ্থনৈতিক বিকাশ মন্ত্ৰালয় আৰু পৰিৱৰ্তিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (নিটি আয়োগ)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ এইচ.ই. মেক্সিম অ’ৰেশ্বকিন, ৰাছিয়ান ফেডাৰেচনৰ অৰ্থনৈতিক বিকাশৰ মন্ত্ৰী ডঃ ৰাজীৱ কুমাৰ ভিচি, নিটি আয়োগ ৩ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’) আৰু ৰাছিয়াৰ ফেডাৰেল মহাকাশ সংস্থা ‘ROSCOSMOS’ৰ মাজত মহাকাশলৈ মানৱ প্ৰেৰণৰ যৌথ কাৰ্যসূচীৰ বুজাবুজিৰ চুক্তিপত্ৰ ডিমিট্ৰি ৰ’গ’জিন ROSCOMOSৰ সঞ্চালক শ্ৰী বিজয় গোখলে বৈদেশিক সচিব ৪ ভাৰতীয় আৰু ৰাছিয়ান ৰে’লৱেৰ মাজত সহযোগিতাৰ চুক্তিপত্ৰ অ’লেগ বেল’জেৰ’ভ জেএছচি ৰাছিয়ান ৰে’লৱেৰ মুখ্য কাৰ্যবাহী বিষয়া–অধ্যক্ষ শ্ৰী বিজয় গোখলে বৈদেশিক সচিব ৫ পৰমাণু ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰ প্ৰণয়ন আৰু অগ্ৰাধিকাৰৰ কাৰ্যকৰী পৰিকল্পনা এলেক্সি লিখাচেভ ডিজি, ৰ’ছাটম শ্ৰী কে এন ব্যাস সচিব, ডিএই ৬ ৰাছিয়ান পৰিবহণ মন্ত্ৰালয় আৰু ভাৰতীয় ৰে’লৱেৰ মাজত পৰিবহণ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি পত্ৰ এইচ.ই. নিকোলাই কুডাছেভ, ভাৰতীয় ৰাছিয়ান ফেডাৰেছনৰ ৰাষ্ট্ৰদূত শ্ৰী ডি.বি. ভেংকটেছ ভাৰ্মা ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত ৭ ভাৰতৰ নেচনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্পৰেচন (এনএছআইচি) আৰু ৰাছিয়ান স্মল এণ্ড মিডিয়াম বিজনেছ কৰ্প’ৰেছন (আৰএছএমবি)ৰ মাজত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া সংস্থাসমূহৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তি পত্ৰ আলেকজেণ্ডাৰ ব্ৰেভাৰমেন সঞ্চালক প্ৰধান, ৰাছিয়ান স্মল এণ্ড মিডিয়াম বিজনেছ কৰ্প’ৰেছন শ্ৰী ডি.বি. ভেংকটেছ ভাৰ্মা ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত ৮ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰডিআইএফ); পিজেএছচি ফ’ছ এগ্ৰ’ (ফ’ছ এগ্ৰ’) আৰু ভাৰতীয় পটাছ লিমিটেড (আইপিএল)ৰ মাজত সাৰ খণ্ডত সহযোগিতাৰ চুক্তি কিৰিল ডিমিট্ৰিভ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ সঞ্চালক প্ৰধান এণ্ড্ৰী গুৰয়েভ, ফ’ছএগ্ৰ’ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ডি.বি. ভেংকটেছ ভাৰ্মা ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত | ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পন্ন হোৱা চুক্তি/বুজাবুজিৰ চুক্তিপত্ৰ বিনিময়ৰ তালিকা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ বাৰাণসীৰ বাবে প্ৰায় ৫,২০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰে। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া আৰু ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধি ড০ মহেন্দ্ৰ নাথ পাণ্ডেও উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশখনে ১০০ কোটি কোটি পালিৰ কোভিড-১৯ ভেকছিনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে। "বাবা বিশ্বনাথৰ আশীৰ্বাদত, গংগা মাতৃৰ অখণ্ড গৌৰৱৰ সৈতে, কাশীৰ জনসাধাৰণৰ অখণ্ড বিশ্বাসৰ সৈতে, সকলোৰে বাবে ভেকছিন-মুক্ত ভেকছিনৰ অভিযান সফলতাৰে আগবাঢ়িছে। " প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি কয় যে স্বাধীনতাৰ পিছৰ দীঘলীয়া সময়ছোৱাত দেশৰ প্ৰয়োজনীয়তা অনুসৰি স্বাস্থ্য সুবিধাসমূহক সিমান গুৰুত্ব দিয়া হোৱা নাছিল আৰু নাগৰিকসকলে সঠিক চিকিৎসাৰ বাবে স্তম্ভৰ পৰা ডাকলৈ ঘূৰি ফুৰিব লগা হৈছিল, যাৰ ফলত তেওঁলোকৰ অৱস্থা অধিক অৱনতি ঘটিব আৰু এক বিত্তীয় বোজা পৰিব। ইয়াৰ ফলত মধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকলৰ হৃদয়ত নিৰন্তৰ উদ্বেগৰ সৃষ্টি হৈছে। যিসকলৰ চৰকাৰ দীৰ্ঘদিন ধৰি দেশত আছিল তেওঁলোকে দেশৰ স্বাস্থ্য ব্যৱস্থাৰ সৰ্বাংগীন বিকাশৰ পৰিৱৰ্তে ইয়াক সুবিধাৰ পৰা বঞ্চিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ লক্ষ্য হৈছে এই অভাৱ দূৰ কৰা। ইয়াৰ উদ্দেশ্য হৈছে অহা চাৰিৰ পৰা পাঁচ বছৰৰ ভিতৰত গাওঁৰ পৰা ব্লক, জিলাৰ পৰা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ গুৰুত্বপূৰ্ণ স্বাস্থ্য নেটৱৰ্ক শক্তিশালী কৰা। নতুন অভিযানৰ অধীনত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন ত্ৰুটি দূৰ কৰাৰ বাবে আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ তিনিটা মুখ্য দিশ আছে। প্ৰথমে, চিকিৎসাৰ বাবে বিতং সুবিধাবোৰ ৰোগ নিৰ্ণয় আৰু নিৰ্মাণ। ইয়াৰ অধীনত, গাওঁ আৰু চহৰবোৰত স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ খোলা হৈছে য'ত ৰোগবোৰ সোনকালে চিনাক্ত কৰা হ'ব। এই কেন্দ্ৰবোৰত বিনামূলীয়া চিকিৎসা পৰামৰ্শ, বিনামূলীয়া পৰীক্ষা, বিনামূলীয়া ঔষধৰ দৰে সুবিধা থাকিব। গুৰুতৰ ৰোগৰ বাবে ৬০০ খন জিলাত ৩৫০০০ নতুন গুৰুত্বপূৰ্ণ যত্ন বিচনা যোগ দিয়া হৈছে আৰু ১২৫ খন জিলাত ৰেফাৰেল সুবিধা প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে কয় যে আঁচনিখনৰ দ্বিতীয় দিশটো ৰোগ পৰীক্ষাৰ বাবে নেটৱৰ্ক পৰীক্ষাৰ সৈতে সম্পৰ্কিত। এই অভিযানৰ অধীনত, ৰোগনিৰীক্ষণ আৰু নিৰীক্ষণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি বিকশিত কৰা হ'ব। দেশৰ ৭৩০ খন জিলাই ইণ্টিগ্ৰেটেড পাব্লিক হেল্থ লেব লাভ কৰিব আৰু ৩০০০ টা ব্লকে ব্লক পাব্লিক হেল্থ ইউনিট লাভ কৰিব। ইয়াৰ উপৰিও, পাঁচটা আঞ্চলিক ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, ২০ টা মেট্ৰ'পলিটান ইউনিট আৰু ১৫ টা বিএছএল পৰীক্ষাগাৰে নেটৱৰ্কটো অধিক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীৰ মতে, তৃতীয় দিশটো হ'ল মহামাৰী অধ্যয়ন কৰি থকা বিদ্যমান গৱেষণা প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ। বিদ্যমান ৮০ টা ভাইৰেল ডায়গনষ্টিক আৰু গৱেষণা গৱেষণাগাৰ শক্তিশালী কৰা হ'ব, ১৫ টা জৈৱ সুৰক্ষা স্তৰৰ পৰীক্ষাগাৰ পৰিচালনা কৰা হ'ব, চাৰিটা নতুন ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠান আৰু এটা ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। দক্ষিণ এছিয়াত অৱস্থিত হু আঞ্চলিক গৱেষণা মঞ্চইও নেটৱৰ্কশক্তিশালী কৰিব। "ইয়াৰ অৰ্থ হৈছে, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ জৰিয়তে চিকিৎসাৰ পৰা গুৰুত্বপূৰ্ণ গৱেষণালৈকে দেশৰ প্ৰতিটো কোণত সেৱাৰ বাবে এক সামগ্ৰিক পৰিৱেশ তন্ত্ৰ নিৰ্মাণ কৰা হ'ব। " প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহৰ নিযুক্তিৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন হৈছে স্বাস্থ্যৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এক মাধ্যম। তেওঁ কয়, "সামগ্ৰিক স্বাস্থ্য সেৱা প্ৰাপ্ত কৰাৰ প্ৰচেষ্টাৰ এয়া এক অংশ।" যাৰ অৰ্থ হৈছে স্বাস্থ্য সেৱা যি সকলোৰে বাবে সুলভ আৰু সুলভ। শ্ৰী মোদীয়ে কয় যে সামগ্ৰিক স্বাস্থ্য সেৱাই স্বাস্থ্যৰ লগতে কল্যাণৰ ওপৰতগুৰুত্ব আৰোপ কৰে। স্বচ্ছ ভাৰত মিছন, জল জীৱন মিছন, উজ্জ্বলা, পোষণ অভিযান, মিছন ইন্দ্ৰধনুষৰ দৰে আঁচনিয়ে কোটি কোটি লোকক ৰোগৰ পৰা ৰক্ষা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ২ কোটিতকৈও অধিক দৰিদ্ৰ লোকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ জৰিয়তে বহুতো স্বাস্থ্য সমস্যাৰ সমাধান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি কেন্দ্ৰ আৰু ৰাজ্যখনত এনে এখন চৰকাৰ আছে যিয়ে দৰিদ্ৰ, দলিত, শোষিত আৰু বঞ্চিত, পিছপৰা, মধ্যবিত্ত শ্ৰেণীৰ সকলোৰে বেদনা বুজি পায়। "আমি দেশত স্বাস্থ্য সুবিধা উন্নত কৰাৰ বাবে দিন-ৰাতি কাম কৰি আছো। " | প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান আৰম্ভ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A7%B1%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A7%B1%E0%A6%A8/ | আপোনালোক সকলোকে, সমগ্ৰ বিশ্বক বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছো। সাধগুৰু আৰু ঈশা ফাউণ্ডেচনও আজি অভিনন্দনৰ যোগ্য। মাৰ্চ মাহত, তেওঁৰ সংগঠনে চেভ চাইল্ড অভিযান আৰম্ভ কৰে। ২৭ খন দেশৰ পৰা তেওঁৰ যাত্ৰা আজি ৭৫ তম দিনত ইয়াত উপস্থিত হৈছিল। আজি, যেতিয়া দেশখনে ইয়াৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপন কৰি আছে, এই অমৃত কালত নতুন সংকল্প লৈছে, তেতিয়া এনে গণ প্ৰচাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বন্ধুসকল, মই সন্তুষ্ট যে যোৱা ৮ বছৰ ধৰি দেশত চলি থকা আঁচনিসমূহ, যিকোনো কাৰ্যসূচীচলি আছে, সকলোৰে পৰিৱেশ সুৰক্ষিত কৰাৰ আগ্ৰহ আছে। স্বচ্ছ ভাৰত মিছন হওঁক বা Waste to Wealth সংক্ৰান্তীয় কাৰ্যসূচীয়েই হওঁক, অম্ৰুত অভিযানৰ অধীনত চহৰসমূহত আধুনিক নৰ্দমা শোধন প্ৰকল্প নিৰ্মাণ হওঁক বা একক ব্যৱহাৰৰ প্লাষ্টিকৰ পৰা পৰিত্ৰাণ পাবলৈ অভিযান হওঁক, বা নমামি গঙ্গাৰ অধীনত গংগা পৰিষ্কাৰ কৰাৰ অভিযান হওঁক, এক সূৰ্য-এক গ্ৰিড – সৌৰ শক্তিৰ ওপৰত গুৰুত্ব দিয়ক বা ইথানলৰ উৎপাদন আৰু মিশ্ৰণ দুয়োটাতে বৃদ্ধি কৰক, পৰিৱেশ সুৰক্ষাৰ বাবে ভাৰতৰ প্ৰচেষ্টা বহুমুখী হৈ আছে আৰু ভাৰতে এই প্ৰচেষ্টা বোৰ কৰি আছে যেতিয়া বিশ্বই আজি ৰক্ষা কৰি থকা জলবায়ু ধ্বংসৰ ক্ষেত্ৰত আমাৰ কোনো ভূমিকা নাই, ভাৰতৰ কোনো ভূমিকা নাই। পৃথিৱীৰ ডাঙৰ আৰু আধুনিক দেশবোৰে কেৱল পৃথিৱীৰ অধিক সংখ্যক সম্পদৰ শোষণ কৰাই নহয়, সৰ্বাধিক কাৰ্বন নিৰ্গমনও তেওঁলোকৰ হিচাপলৈ যায়। কাৰ্বন নিৰ্গমনৰ বিশ্বব্যাপী গড় হৈছে প্ৰতিজন ব্যক্তিৰ বাবে ৪ টন। আনহাতে ভাৰতত, জনমূৰি কাৰ্বন পদচিহ্ন বছৰি মাত্ৰ আধা টন। য’ত চাৰি টন আৰু য’ত আধা টন। ইয়াৰ স্বত্ত্বেও, ভাৰতে কেৱল দেশৰ ভিতৰতেই নহয়, বিশ্ব সম্প্ৰদায়ৰ সৈতেও জড়িত হৈ পৰিৱেশৰ প্ৰতি এক সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰি আছে। আন্তৰ্জাতিক ভাৱে, ভাৰতে দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (চিডিআৰআই) গঠনৰ নেতৃত্ব দিছে আৰু সধগুৰুজীয়ে এইমাত্ৰ কোৱাৰ দৰে, আন্তৰ্জাতিক সৌৰ মিত্ৰতা, আইএছএ। যোৱা বছৰ, ভাৰতেও সংকল্প লৈছে যে ভাৰতে ২০৭০ চনৰ ভিতৰত মুঠ শূন্য লক্ষ্যত উপনীত হ’ব। বন্ধুসকল, মাটি বা এই ভূমি আমাৰ বাবে পাঁচটা উপাদানৰ ভিতৰত এটা। আমি আমাৰ কপালৰ পৰা গৌৰৱেৰে মেটিটো ৰাখিছিলো। ইয়াত পৰি, খেলি, আমি ডাঙৰ হওঁ। মাটিৰ প্ৰতি সন্মানৰ কোনো অভাৱ নাই, মাটিৰ গুৰুত্ব বুজি পোৱাৰ কোনো অভাৱ নাই। মানৱ জাতিয়ে কি কৰি আছে তাৰ ফলত মাটিৰ কিমান ক্ষতি হৈছে সেয়া স্বীকাৰ কৰাত ত্ৰুটিটো আছে, ইয়াৰ বুজাবুজিৰ ব্যৱধান আছে। আৰু এতিয়া, সতগুৰুজীয়ে কৈ আছিল যে সমস্যাটো কি সেয়া সকলোৱে জানে। যেতিয়া আমি সৰু আছিলোঁ, আমাক পাঠ্যক্ৰমৰ এটা পাঠ শিকোৱা হৈছিল, কিতাপখনৰ সময়ত, গুজৰাটীত মই পঢ়িছোঁ, বাকীবোৰে হয়তো তেওঁলোকৰ নিজৰ ভাষাত পঢ়িছে… কৰবাত এটা শিল আছিল, মানুহ বোৰ গৈ আছিল। কোনোবাই খং কৰিছিল, কোনোবাই তেওঁৰ ওপৰত লাথি মাৰিছিল। সকলোৱে কৈছিল যে কোনে এই শিলটো ৰাখিছিল, শিলটো ক’ৰ পৰা আহিছিল, তেওঁলোকে বুজি নাপায়, ইত্যাদি ইত্যাদি। কিন্তু কোনেও তেওঁক তুলি লৈ কাষত ৰখা নাছিল। এজন ভদ্ৰলোক ওলাই আহিল, তেওঁ ভাবিলে আহক… সাধগুৰুৰ দৰে কোনোবা আহিব লাগিব। যেতিয়া আমি যুধিষ্ঠিৰ আৰু দুৰ্যোধনৰ সভাৰ বিষয়ে আলোচনা কৰোঁ, যেতিয়া দুৰ্যোধনৰ বিষয়ে কোৱা হয়, কোৱা হয় যে – “जानाम धर्मं न च में प्रवृत्ति।।” মই ধৰ্মৰ বিষয়ে জানো, কিন্তু মোৰ কোনো ইয়াৰ প্ৰতি কোনো প্ৰবৃত্তি নাই, মই নোৱাৰো, মই জানো সত্য কি, কিন্তু মই সেই পথ অনুসৰণ কৰিব নোৱাৰো। গতিকে যেতিয়া সমাজত এনে ধৰণৰ প্ৰৱণতা বৃদ্ধি পায়, তেতিয়া এনে সংকট দেখা দিয়ে, তেতিয়া এক সামূহিক প্ৰচাৰে সমস্যাবোৰ সমাধান কৰাৰ উপায় বিচাৰিব লাগিব। মই সুখী যে যোৱা আঠ বছৰত দেশখনে মাটি জীয়াই ৰাখিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছে। মাটি বচাবলৈ, আমি পাঁচটা মুখ্য বস্তুৰ ওপৰত গুৰুত্ব দিছো- প্ৰথমে- মাটিক কেনেদৰে ৰাসায়নিক মুক্ত কৰিব পাৰি। দ্বিতীয়তে, মাটিত বাস কৰা জীৱবোৰক কেনেদৰে বচাব লাগে, যাক কাৰিকৰী ভাষাত আপুনি মাটিৰ জৈৱিক পদাৰ্থ বুলি কয় (Soil Organic Matter)। আৰু তৃতীয়- মাটিৰ আৰ্দ্ৰতা কেনেদৰে বজাই ৰাখিব লাগে, সেইটোলৈ পানীৰ উপলব্ধতা কেনেদৰে বৃদ্ধি কৰিব পাৰি। চতুৰ্থতে, মাটিৰ পানী হ্ৰাস হোৱাৰ ফলত মাটিত হোৱা ক্ষতি কেনেদৰে আঁতৰ কৰিব পাৰি আৰু পঞ্চমত, বনাঞ্চলৰ পৰিসৰ হ্ৰাস হোৱাৰ ফলত মাটিৰ নিৰন্তৰ খহনীয়া কেনেদৰে বন্ধ কৰিব পাৰি। বন্ধুসকল, এই সকলোবোৰ কথা মনত ৰাখি, বিগত বছৰবোৰত দেশত হোৱা আটাইতকৈ ডাঙৰ পৰিৱৰ্তনহৈছে দেশৰ কৃষি নীতি। আগতে, আমাৰ দেশৰ কৃষকজনৰ মাটি কেনে ধৰণৰ মাটি, তেওঁৰ মাটিৰ অভাৱ, কিমান আছে সেই বিষয়ে তথ্যৰ অভাৱ আছিল। এই সমস্যা দূৰ কৰিবলৈ, দেশৰ কৃষকসকলক মাটিৰ স্বাস্থ্য কাৰ্ড প্ৰদান কৰাৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল। আনকি আমি কাৰোবাক এজন মানুহক স্বাস্থ্য কাৰ্ড নিদিলেও বাতৰি কাকতত এটা শিৰোনাম আহিব যে মোডী চৰকাৰে কিছু ভাল কাম কৰিছে। এইখন এখন দেশ যিয়ে মাটিৰ স্বাস্থ্য কাৰ্ড দি আছে কিন্তু সংবাদ মাধ্যমএতিয়াও কম দৃষ্টিগোচৰ হৈছে। সমগ্ৰ দেশৰ কৃষকসকলক ২২ কোটিতকৈও অধিক মাটিৰ স্বাস্থ্য কাৰ্ড দিয়া হৈছিল। আৰু কেৱল কাৰ্ডবোৰেই দিয়া হোৱা নাছিল, কিন্তু সমগ্ৰ দেশতে মাটি পৰীক্ষাৰ সৈতে সম্পৰ্কিত এক বৃহৎ নেটৱৰ্কও সৃষ্টি কৰা হৈছে। আজি দেশৰ কোটি কোটি কৃষকে মাটিৰ স্বাস্থ্য কাৰ্ডৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত কৰি সাৰ আৰু ক্ষুদ্ৰ পুষ্টি ব্যৱহাৰ কৰি আছে। ইয়াৰ ফলত কৃষকসকলৰ ব্যয়ত ৮ৰ পৰা ১০ শতাংশ সঞ্চয় হৈছে আৰু লগতে উৎপাদন ৫-৬ শতাংশ বৃদ্ধি হৈছে। অৰ্থাৎ, যেতিয়া মাটি স্বাস্থ্যৱান হৈ থাকে, উৎপাদনো বৃদ্ধি হৈ আছে। ইউৰিয়াৰ ১০০ শতাংশ নিম আৱৰণেও মাটিক লাভান্বিত কৰাত যথেষ্ট লাভান্বিত হৈছে। ক্ষুদ্ৰ জলসিঞ্চনৰ প্ৰচাৰৰ ফলত, অটল ভূ যোজনাৰ ফলত, দেশৰ বহুতো ৰাজ্যত মাটিৰ স্বাস্থ্যৰ ৰক্ষণাবেক্ষণ কৰা হৈছে। কেতিয়াবা আপুনি কিছুমান কথা কয় যে ডেৰ বছৰীয়া শিশু এটা অসুস্থ, স্বাস্থ্য ভাল হোৱা নাই, ওজন বৃদ্ধি হোৱা নাই, উচ্চতাৰ কোনো পাৰ্থক্য নাই আৰু কোনোবাই মাকক ক’ব লাগে যে কেৱল ইয়াৰ বিষয়ে চিন্তা কৰক আৰু তাইক কৰবাত শুনিব লাগে যে গাখীৰ আদি বস্তুবোৰ তাইৰ স্বাস্থ্যৰ বাবে ভাল আৰু ধৰি লওঁক যে তাই প্ৰতিদিনে ১০ লিটাৰকৈ গাখীৰেৰে গা ধুৱে। তেতিয়া তেওঁৰ স্বাস্থ্য ভাল হ’বনে? কিন্তু যদি এগৰাকী বুদ্ধিমান মাতৃয়ে তাইক দিনত দুবাৰকৈ, দিনত পাঁচবাৰ, সাতবাৰকৈ, প্ৰতিটো চামুচ কৈ চামুচ দিয়ে, তেন্তে লাহে লাহে পাৰ্থক্য দেখা যাব। এইটো শস্যৰ ক্ষেত্ৰতো একে। এনে নহয় যে শস্যখিনি সম্পূৰ্ণ পানীৰে ভৰাই জলমগ্ন কৰি ভাল হয়। যদি আপুনি পানী টোপালৰ দ্বাৰা হ্ৰাস কৰে, শস্য অধিক ভাল, Per Drop More Crop। আনকি এগৰাকী নিৰক্ষৰ মাতৃয়েও তাইৰ সন্তানক দহ লিটাৰ গাখীৰেৰে গা ধুৱাব নোৱাৰে, কিন্তু আমি শিক্ষিত হৈ গোটেই পথাৰখন পানীৰে ভৰাই দিওঁ। ঠিক আছে, এই সকলোবোৰ বস্তুত পাৰ্থক্য আনিবলৈ চেষ্টা কৰি থাকক। আমি Catch the Rain ৰ দৰে অভিযানৰ জৰিয়তে দেশৰ জনসাধাৰণক পানী সংৰক্ষণৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰি আছো। এই বছৰৰ মাৰ্চ মাহত দেশৰ ১৩ খন প্ৰধান নদী সংৰক্ষণৰ অভিযানো আৰম্ভ হৈছে। ইয়াত, পানীৰ প্ৰদূষণ হ্ৰাস কৰাৰ লগতে নদীৰ পাৰত বন ৰোপণৰ কামও কৰা হৈছে। আৰু অনুমান কৰা হৈছে যে ইয়াৰ ফলত ভাৰতৰ বনাঞ্চল ৭,৪০০ বৰ্গ কিলোমিটাৰতকৈও অধিক বৃদ্ধি পাব। যোৱা আঠ বছৰত ভাৰতে ইয়াৰ বনাঞ্চল ২০,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক বৃদ্ধি কৰিছে, ই অধিক সহায় কৰিব। বন্ধুসকল, জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত ভাৰতে আজি যি নীতি অনুসৰণ কৰি আছে তাৰ ফলত বন্যপ্ৰাণীৰ সংখ্যাও অভিলেখ বৃদ্ধি পাইছে। আজি বাঘ, সিংহ, নাহৰফুটুকী বা হাতী হওঁক, দেশত সকলোৰে সংখ্যা বৃদ্ধি পাইছে। বন্ধুসকল, দেশখনত এইটো প্ৰথম বাৰৰ বাবে যে আমি আমাৰ গাওঁ আৰু চহৰবোৰ পৰিষ্কাৰ কৰা, ইন্ধনত আত্মনিৰ্ভৰশীলতা, কৃষকসকলৰ বাবে অতিৰিক্ত উপাৰ্জন আৰু মাটিৰ স্বাস্থ্যৰ অভিযানক একেলগে সংযুক্ত কৰিছো। গোবৰ্ধন আঁচনি এনেকুৱা এটা প্ৰয়াস। আৰু যেতিয়া মই গোবৰ্ধনৰ কথা কওঁ, কিছুমান ধৰ্মনিৰপেক্ষ লোকে প্ৰশ্ন কৰিব যে গোবৰ্ধনে কোনটো আনিছে। তেওঁলোক বিচলিত হ’ব। এই গোবৰ্ধন আঁচনিৰ অধীনত, জৈৱ গেছ প্ৰকল্পৰ গোবৰ আৰু কৃষিৰ পৰা অন্যান্য আৱৰ্জনা শক্তিলৈ ৰূপান্তৰিত কৰা হৈছে। যদি আপুনি কাশী-বিশ্বনাথৰ দৰ্শনৰ বাবে যায়, তেন্তে কেইকিলোমিটাৰ দূৰত এটা গোবৰ্ধন উদ্ভিদৰ এটা গোটও আছে, আপুনি নিশ্চিতভাৱে চাবলৈ আহিব। ইয়াৰ পৰা তৈয়াৰ কৰা জৈৱিক সাৰ পথাৰত ব্যৱহাৰ কৰা হৈছে। যোৱা ৭-৮ বছৰত কৃষকসকলৰ বাবে ১৬০০ তকৈও অধিক নতুন প্ৰকাৰৰ বীজ উপলব্ধ কৰা হৈছে যাতে আমি মাটিত অতিৰিক্ত চাপ নিদিয়াকৈ পৰ্যাপ্ত উৎপাদন কৰিব পাৰোঁ। বন্ধুসকল, প্ৰাকৃতিক কৃষিৰ ওচৰত আজি আমাৰ প্ৰত্যাহ্বানৰ এক বৃহৎ সমাধান আছে। এই বছৰৰ বাজেটত, আমি গঙ্গাৰ পাৰত থকা গাওঁবোৰত প্ৰাকৃতিক কৃষিক উৎসাহিত কৰাৰ সিদ্ধান্ত লৈছো, প্ৰাকৃতিক কৃষিৰ এক বৃহৎ কৰিডৰ সৃষ্টি কৰিম। আমাৰ দেশত, আমি ঔদ্যোগিক কৰিডৰ শুনিছো, আমি প্ৰতিৰক্ষা কৰিডৰ শুনিছো, আমি গঙ্গাৰ পাৰত এটা নতুন কৰিডৰ আৰম্ভ কৰিছো, কৃষি কৰিডৰ, প্ৰাকৃতিক কৃষি কৰিডৰ। ই কেৱল আমাৰ খেতিপথাৰক ৰাসায়নিক মুক্ত কৰাই নহয়, লগতে নমামি গঙ্গে অভিযানক এক নতুন গতি প্ৰদান কৰিব। ভাৰতে ২০৩০ চনৰ ভিতৰত ২৬ নিযুত হেক্টৰ পতিত ভূমি পুনৰুদ্ধাৰৰ লক্ষ্যত কাম কৰি আছে। বন্ধুসকল, পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে আজি ভাৰতে ধাৰাবাহিকভাৱে innovations, pro-environment technology ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। আপুনি সকলোৱে জানে যে প্ৰদূষণ হ্ৰাস কৰিবলৈ, আমি BS-5 norm লৈ অহা নাই, কিন্তু আমি পোনপটীয়াকৈ BS-4 ৰ পৰা BS-6 লৈ জঁপিয়াই পৰিছো। আমি সমগ্ৰ দেশত LED বাল্ব প্ৰদান কৰিবলৈ চলোৱা উজালা আঁচনিৰ বাবে, বছৰি প্ৰায় ৪০ নিযুত টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰা হৈছে। সকলোৱে হাত উজান দিলে এক বৃহৎ ফলাফল অহাটো নিশ্চিত। ভাৰতেও জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে। আমাৰ শক্তি নৱীকৰণযোগ্য উৎসৰ দ্বাৰা পূৰণ কৰাৰ প্ৰয়োজনীয়তাৰ বাবে, আমি ডাঙৰ লক্ষ্যৰ ওপৰত ক্ৰমান্বয়ে কাম কৰি আছো। আমি জীৱাশ্ম-ইন্ধন বিহীন উৎসৰ পৰা আমাৰ স্থাপিত বিদ্যুৎ উৎপাদন ক্ষমতাৰ ৪০ শতাংশ আহৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলো। এই লক্ষ্য টো ভাৰতে নিৰ্ধাৰিত সময়ৰ ৯ বছৰ আগতে লাভ কৰিছে। আজি আমাৰ সৌৰ শক্তিৰ ক্ষমতা প্ৰায় ১৮ গুণ বৃদ্ধি পাইছে। হাইড্ৰজেন মিছন হওঁক বা বৃত্তাকাৰ নীতিৰ বিষয়বস্তু হওঁক, ই পৰিৱেশ সুৰক্ষাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ। আমি পুৰণি গাড়ীৰ এক স্ক্ৰেপ নীতি আনিছো, যে স্ক্ৰেপ নীতি নিজেই এক ডাঙৰ কাম হ’ব। বন্ধুসকল, এই প্ৰচেষ্টাৰ মাজতে আজি পৰিৱেশ দিৱসৰ দিনা ভাৰতে আন এক সাফল্য অৰ্জন কৰিছে। আৰু এইটো আমাৰ সৌভাগ্য যে আজি মই শুভবাতৰি টো প্ৰদান কৰিবলৈ এটা অতি সঠিক মঞ্চ পাইছো। এইটো ভাৰতৰ পৰম্পৰা আছিল যে যদি আপুনি ভ্ৰমণ কৰি যি আহে তেওঁক স্পৰ্শ কৰে, আপুনি আধা পানী পায়। মই নিশ্চিতভাৱে আজি এই শুভবাৰ্ত্তাটো ঘোষণা কৰিম, দেশ আৰু বিশ্বৰ মানুহেও উপভোগ কৰিব… হয়, কিছুমান লোকে ইয়াক উপভোগ কৰিব পাৰে। আজি ভাৰতে পেট্ৰ’লত ১০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্য আহৰণ কৰিছে। আপুনি এইটো জানি গৌৰৱান্বিত হ’ব যে ভাৰতে নিৰ্ধাৰিত সময়ৰ ৫ মাহ আগতে এই লক্ষ্যত উপনীত হৈছে। এই সাফল্য কিমান ডাঙৰ, আপুনি অনুমান কৰিব পাৰে যে ২০১৪ চনত, ভাৰতত পেট্ৰ’লত মাত্ৰ ডেৰ শতাংশ ইথানল মিহলি হৈছিল। এই লক্ষ্যত উপনীত হোৱাৰ ফলত, ভাৰতে তিনিটা প্ৰত্যক্ষ লাভালাভ লাভ কৰিছে। এটা কথা, ই প্ৰায় ২.৭ নিযুত টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিছে। দ্বিতীয়তে, ভাৰতে ৪১ হাজাৰ কোটি টকাৰ অধিক বৈদেশিক মুদ্ৰা ৰাহি কৰিছে। আৰু তৃতীয়গুৰুত্বপূৰ্ণ সুবিধাটো হ’ল যে ইথানল মিশ্ৰণ বৃদ্ধিৰ বাবে দেশৰ কৃষকসকলে ৮ বছৰত ৪০ হাজাৰ কোটি টকাতকৈও অধিক উপাৰ্জন কৰিছে। এই সাফল্যৰ বাবে মই দেশৰ জনসাধাৰণ, দেশৰ কৃষকসকল, দেশৰ তেল কোম্পানীসমূহক অভিনন্দন জনাইছো। বন্ধুসকল, দেশখনে আজি কাম কৰি থকা পিএম-নেচনেল স্পীড পাৱাৰ মাষ্টাৰ প্লেনেও পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতি-শক্তিৰ বাবে, দেশত লজিষ্টিক প্ৰণালী আধুনিক হ’ব, পৰিবহন ব্যৱস্থা শক্তিশালী হ’ব। এইটোৱে প্ৰদূষণ হ্ৰাস কৰাত বহুদূৰ আগবাঢ়িব। দেশত বহুমুখী সংযোগ হওঁক, ১০০ তকৈও অধিক নতুন জলপথৰ বাবে কাম কৰক, এই সকলোবোৰে ভাৰতক পৰিৱেশ সুৰক্ষিত কৰাত আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত সহায় কৰিব। বন্ধুসকল, ভাৰতৰ এই প্ৰচেষ্টাবোৰৰ আন এটা দিশ আছে, এই অভিযানবোৰ, যিবোৰৰ বিষয়ে খুব কম আলোচনা কৰা হয়, এই দিশটো হৈছে Green Job । ভাৰতে যিদৰে পৰিৱেশৰ স্বাৰ্থত সিদ্ধান্ত লৈছে, সেইবোৰ দ্ৰুতগতিত ৰূপায়ণ কৰিছে, তেওঁলোকে বৃহৎ সংখ্যক Green Job ৰ সুযোগো সৃষ্টি কৰিছে। এইটো এটা অধ্যয়নৰ বিষয় যাৰ বিষয়ে চিন্তা কৰা প্ৰয়োজন। বন্ধুসকল, পৰিৱেশ সুৰক্ষিত কৰিবলৈ, পৃথিৱীৰ সুৰক্ষাৰ বাবে, মাটি সুৰক্ষিত কৰিবলৈ জনচেতনা যিমানে বৃদ্ধি হ’ব, তাৰ ফলাফল সিমানেই ভাল হ’ব। মই দেশ আৰু দেশৰ সকলো চৰকাৰ, সকলো স্থানীয় সংস্থা, সকলো স্বেচ্ছাসেৱী সংগঠনক তেওঁলোকৰ প্ৰচেষ্টাত বিদ্যালয় আৰু মহাবিদ্যালয় যোগ দিবলৈ, এনএছএছ-এনচিচি একত্ৰিত কৰিবলৈ আহ্বান জনাইছো। মই আজাদীৰ অমৃত মহোৎসৱত পানী সংৰক্ষণ সম্পৰ্কীয় আৰু এটা অনুৰোধ কৰিব বিচাৰো। অহা বছৰৰ ১৫ আগষ্টৰ ভিতৰত দেশৰ প্ৰতিখন জিলাৰ কমেও এখন জিলাত আজি দেশত প্ৰতিখন জিলাত কমেও ৭৫ খন অম্ৰুত সৰোবৰ নিৰ্মাণ কাৰ্য চলি আছে। ৫০০০০ ৰো অধিক অমৃত সৰোবৰে অনাগত প্ৰজন্মৰ বাবে পানীৰ সুৰক্ষা নিশ্চিত কৰাত সহায় কৰিব। এই অমৃত সৰোবৰবোৰে তেওঁলোকৰ চাৰিওফালৰ মাটিৰ আৰ্দ্ৰতা বৃদ্ধি কৰিব, পানীৰ স্তৰ হ্ৰাস হোৱাপ্ৰতিহত কৰিব আৰু সেইবোৰে জৈৱ বৈচিত্ৰ্যও উন্নত কৰিব। এই মহান সংকল্পত আপোনালোক সকলোৰে অংশগ্ৰহণ কেনেদৰে বৃদ্ধি পাব, আমি সকলোৱে নাগৰিক হিচাপে ইয়াৰ বিষয়ে চিন্তা কৰিব লাগিব। বন্ধুসকল, পৰিৱেশৰ সুৰক্ষা আৰু দ্ৰুত বিকাশ কেৱল সকলোৰে প্ৰচেষ্টাৰ দ্বাৰা হে সম্ভৱ, সামগ্ৰিকতাৰ দৃষ্টিভংগীৰ জৰিয়তে। ইয়াত আমাৰ জীৱনশৈলীৰ ভূমিকা কি, আমি ইয়াক কেনেদৰে সলনি কৰিব লাগিব, মই আজি সন্ধিয়া এটা অনুষ্ঠানত কথা পাতিম, মই বৰ্ণনা কৰিম, কিয়নো এইটো আন্তঃৰাষ্ট্ৰীয় মঞ্চত মোৰ কাৰ্যসূচী। Lifestyle for Environment, Mission Life, এই শতিকাৰ ছবি, এক অভিযানৰ আৰম্ভণি যিয়ে এই শতিকাত পৃথিৱীৰ ভাগ্য সলনি কৰিছিল। ই হ’ব এক Pro-Planet-People আন্দোলন। আজি সন্ধিয়া, Lifestyle for the Environment ৰ বাবে Global– Call for ও চলাম আৰু লগতে লেপো ল’ম আৰু তাৰ পিছত পৰিৱেশ আলোচনাচক্ৰত ভাল ভাল ভাষণো দিম। বন্ধুসকল, আপুনি সকলো মানৱজাতিৰ বাবে এক মহান সেৱা কৰি আছে। আপুনি সিদ্ধিক বিচাৰি পাওঁক, যিটো সধগুৰুজীৰ দ্বাৰা এক দীঘলীয়া, কঠিন যাত্ৰা, এখন বাইকত। অৱশ্যে, তেওঁ সৰুৰে পৰা ভাল পাইছিল, কিন্তু তথাপিও কামটো অতি কঠিন। কিয়নো যেতিয়াই মই ভ্ৰমণৰ আয়োজন কৰিছিলো আৰু মই মোৰ পাৰ্টিত কৈছিলো যে ভ্ৰমণ কৰাৰ অৰ্থ হৈছে পাঁচৰ পৰা দহ বছৰ বয়স হ্ৰাস কৰা, ইমান কঠোৰ পৰিশ্ৰম লাগে। সদগুৰুজীয়ে ভ্ৰমণ কৰিছে, নিজেই এক মহান কাম কৰিছে। আৰু মই নিশ্চিত যে বিশ্বই নিশ্চয় মাটিৰ প্ৰতি প্ৰেম গঢ়ি উঠিছে, কিন্তু লগতে ভাৰতৰ মাটিৰ শক্তিও বিকশিত কৰিছে। আপোনালোক সকলোকে বহুত অভিনন্দন। ধন্যবাদ! | নতুন দিল্লীৰ বিজ্ঞান ভৱনত ঈশা ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ”Save Soil’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%85%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A7%E0%A7%82%E0%A6%A8%E0%A6%BF%E0%A6%95-%E0%A6%9A%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%85%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A7%E0%A7%82%E0%A6%A8%E0%A6%BF%E0%A6%95-%E0%A6%9A%E0%A7%B0/ | প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আমেদাবাদত আজি চর্দাৰ বল্লভভাই পেটেল চিকিৎসা বিজ্ঞান আৰু গৱেষনা প্ৰতিষ্ঠান নামৰ অত্যাধুনিক অতি বিশিষ্ট সেৱাৰ চৰকাৰী হাস্পতাল উদ্বোধন কৰে৷ আমেদাবাদ পৌৰনিগমে নির্মাণ কৰা ৭৮ মিটাৰ উচ্চতাৰ এই হাস্পতালখন ১,৫০০খন বিচনাযুক্ত আৰু ইয়াত আধুনিক সা-সুবিধা তথা এয়াৰ এম্বুলেন্স সেৱা আছে। উ্দ্বোধনৰ পাছতে প্ৰধানমন্ত্রীয়ে হাস্পতালৰ বিভিন্ন সা-সুবিধা পৰিদৰ্শন কৰে। বিশ্বমানৰ হাস্পতালখন নির্মাণৰ ক্ষেত্ৰত আমেদাবাদ পৌৰনিগমৰ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আমেদাবাদৰ চর্দাৰ বল্লভভাই পেটেল চিকিৎসা বিজ্ঞান আৰু গৱেষনা প্ৰতিষ্ঠানখন দেশৰ অন্যান্য চৰকাৰী হাস্পতালসমূহৰ বাবে আদর্শ হৈ উঠিব”৷ ৭৫০ কোটি টকা ব্যয়েৰে নির্মিত ১৮মহলীয়া অতি বিশিষ্ট এই হাস্পতালখনত সুলভ মূল্যত বিশ্বমানৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব। আয়ুষ্মান ভাৰত আঁচনিৰ সৈতে এই হাস্পতালক যুক্ত কৰা হৈছে। এই উপলক্ষে আয়োজিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ কথা উল্লেখ কৰি কয়, “আয়ুষ্মান ভাৰত আঁচনিৰ বাবেই সৰু চহৰসমূহতো নতুন হাস্পতাল নির্মাণৰ চাহিদা বৃদ্ধি পাইছে। দ্রুতগতিত নতুন হাস্পতাল নিৰ্মাণ হৈছে, চিকিৎসক আৰু অৰ্ধ-চিকিৎসক কর্মীৰ চাহিদা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ ক্ষেত্রত যুৱক-যুৱতীসকলৰ বাবে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হৈছে”৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত চাৰি বছৰত দেশত স্বাস্থ্য খণ্ডত সা-সুবিধাৰ ব্যাপক সম্প্ৰসাৰণ হৈছে। সেয়েহে চিকিৎসা শিক্ষাৰো সম্প্ৰসাৰণ ঘটিছে। এই প্ৰচেষ্টাই সাধাৰণ লোকৰ স্বাস্থ্য সেৱা লাভৰ চাহিদা পূৰণত যথেষ্ট সহায় কৰিছে। দুখীয়া লোকসকলৰ চিন্তা আৰু তেওঁলোকৰ কল্যাণৰ অৰ্থে এই চিন্তাসমূহ দূৰীকৰণৰ ক্ষেত্ৰত এই চৰকাৰ সদায় আগৰণুৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “চৰকাৰে সদায় দুখীয়া লোকসকলৰ কাষত আছে। তেওঁলোকৰ স্বার্থতে স্বাস্থ্য পৰিচর্যা সেৱাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে আৰু প্ৰধানমন্ত্রী জন ঔষধি আঁচনিৰ জৰিয়তে কম দামত জেনেৰিক ঔষুধ লাভৰ ব্যৱস্থা কৰা হৈছে৷ এই সকলোবোৰ চৰকাৰৰ কল্যাণমূলক প্ৰচেষ্টাৰ প্ৰতিফলন। সমগ্ৰ দেশত প্রায় ৫,০০০ প্ৰধানমন্ত্রী জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে”৷ প্ৰধানমন্ত্রীয়ে লগতে কয় যে সকলোকে সমান সা-সুবিধা প্ৰদানৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু সাধাৰণ শ্রেণীৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ স্বার্থত ১০শতাংশ সংৰক্ষণো এনে এক পদক্ষেপ। সাধাৰণ শ্রেণীৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ ১০শতাংশ সংৰক্ষণৰ লক্ষ্যপূৰণত শিক্ষা প্ৰতিষ্ঠানসমূহৰ আসনৰ সংখ্যা ১০ শতাংশ বৃদ্ধি কৰা হৈছে৷ চৰকাৰী চাকৰি আৰু শিক্ষা প্ৰতিষ্ঠানত সাধাৰণ শ্রেণীৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ স্বার্থত ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনা প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। সংৰক্ষণ বলবৎ কৰাৰ ক্ষেত্রত গুজৰাটেই দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ’ব৷ এক ধেমেলীয়া সুৰত প্ৰধানমন্ত্রীয়ে কয়, “ইংৰাজী নৱবর্ষত এয়া মোৰ প্ৰথম গুজৰাট ভ্ৰমণ৷ এই ভ্ৰমণ এনে এক উৎসৱৰ বতৰত হৈছে, যিসময়ত আমেদাবাদবাসীৰ স্বার্থত স্বাস্থ্য সেৱাৰ ক্ষেত্রত এনে এখন আধুনিক হাস্পতাল উচৰ্গা কৰাতকৈ আৰু অধিক ভাল সময় কি হ’ব পাৰে৷ দেশত আঙুলিৰ মুৰত লিখিব পৰা কেইখনমান হে পৌৰ নিগমত বিশ্ব মানৰ এনে স্বাস্থ্য সেৱা ব্যৱস্থা প্ৰদানৰ দিশত আগুৱাই আহিছে। আমেদাবাদৰ মেয়ৰ হিচাপে চর্দাৰ পেটেলৰ ভূমিকাৰ উচ্চ প্ৰশংসা কৰি প্ৰধানমন্ত্রীয়ে কয় যে স্বাস্থ্য, অনাময় আৰু স্বচ্ছতাৰ ক্ষেত্রত তেওঁলোকৰ প্ৰচেষ্টা আনৰ বাবে উদাহৰণ হৈ ৰ’ব৷ সকলোৰে সমান সা-সুবিধা আৰু উন্নতিৰ লক্ষ্যৰে তেওঁলোকৰ প্ৰতিশ্রূতিৰ কথা দোঁহাৰি ‘সবকা সাথ সবকা বিকাশ’-এই মন্ত্রৰে নতুন ভাৰত গঢ়ি তোলা সম্ভৱ বুলি প্ৰধানমন্ত্রী তেওঁৰ ভাষণৰ সামৰণি মাৰে৷ | আহমেদাবাদত অত্যাধূনিক চৰ্দাৰ বল্লভভাই পেটেল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ক’লে চৰকাৰে দুখীয়াসকলৰ কাষত থকাৰ লগতে চিকিৎসা সেৱাৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE-5/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE-5/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক এই যোগ দিৱস সফল কৰিবলৈ আৰু যোগৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কৈছে; "কাইলৈ অৰ্থাৎ ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ব। এইবাৰ এই আয়োজন 'মানৱতাৰ বাবে যোগ'ৰ থীমৰ জৰিয়তে হ'ব। আহক, আমি সকলোৱে লগ হৈ ইয়াক সফল কৰো আৰু যোগৰ জনপ্ৰিয়তা বৃদ্ধি কৰো।" “ನಾಳೆ, ಜೂನ್ 21ನ್ನು ಅಂತರರಾಷ್ಟ್ರೀಯ ಯೋಗ ದಿನವಾಗಿ ಆಚರಿಸಲಾಗುವುದು. 'ಮಾನವತೆಗಾಗಿ ಯೋಗ' ಈ ಬಾರಿಯ ಯೋಗದಿನದ ಧ್ಯೇಯವಾಗಿದ್ದು, ಈ ಯೋಗ ದಿನವನ್ನು ಯಶಸ್ವಿಯಾಗಿಸೋಣ ಮತ್ತು ಇನ್ನಷ್ಟು ಜನಪ್ರಿಯಗೊಳಿಸೋಣ.” “ਕੱਲ੍ਹ, 21 ਜੂਨ ਅੰਤਰਰਾਸ਼ਟਰੀ ਯੋਗ ਦਿਵਸ ਵਜੋਂ ਮਨਾਇਆ ਜਾਵੇਗਾ। ‘ਮਾਨਵਤਾ ਦੇ ਲਈ ਯੋਗ’ ਦੇ ਥੀਮ ਤੋਂ ਸੇਧ ਲੈ ਕੇ, ਆਓ ਅਸੀਂ ਇਸ ਯੋਗ ਦਿਵਸ ਨੂੰ ਸਫ਼ਲ ਬਣਾਈਏ ਅਤੇ ਯੋਗ ਨੂੰ ਹੋਰ ਮਕਬੂਲ ਕਰੀਏ।“ “നാളെ ജൂൺ 21 അന്താരാഷ്ട്ര യോഗാ ദിനമായി ആചരിക്കും. 'യോഗ മാനവികതയ്ക്ക്' എന്ന പ്രമേയത്തിലൂന്നിയ ഈ യോഗാ ദിനം നമുക്ക് വിജയകരമാക്കുകയും യോഗയെ കൂടുതൽ ജനകീയമാക്കുകയും ചെയ്യാം.” “நாளை, ஜூன் 21ஆம் நாள் சர்வதேச யோகா தினமாக கடைபிடிக்கப்படுகிறது. 'மனித சமூகத்திற்காக யோகா' என்ற கருத்தை பின்பற்றி, இந்த யோகா தினத்தை வெற்றியடைய செய்து, மேலும் யோகாவை பிரபலப்படுத்துவோம்.” “আগামীকাল 21শে জুন আন্তর্জাতিক যোগ দিবস রূপে উদযাপিত হবে । ' মানবতার জন্য যোগ ' এই ভাবনায় উদ্দীপ্ত হয়ে আসুন, এবারের যোগ দিবসকে সাফল্যমন্ডিত করে তুলি আর যোগাভ্যাসকে আরো জনপ্রিয় করে তুলি ।“ “কাইলৈ, ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাবে পালন কৰা হ'ব। 'মানৱতাৰ বাবে যোগ'ক মূল বিষয়বস্তু হিচাবে লৈ, আহক আমি এই যোগ দিৱসক সফল বনাওঁ আৰু যোগক অধিক জনপ্ৰিয় কৰো।“ “આવતીકાલે, 21 જૂન આંતરરાષ્ટ્રીય યોગ દિવસ તરીકે અંકિત થશે. 'માનવતા માટે યોગ' થીમથી માર્ગદર્શિત આ યોગ દિવસને ચાલો, સફળ બનાવીએ અને યોગને લોકપ્રિય બનાવીએ.” “రేపు, జూన్ 21ని అంతర్జాతీయ యోగ దినోత్సవంగా జరపుకుంటున్నాం. ‘మానవత్వం కోసం యోగ’ అనే నేపథ్యంతో మార్గనిర్దేశం చేస్తూ, ఈ యోగ దినోత్సవాన్ని విజయవంతం చేసి, యోగను మరింత ప్రాచుర్యంలోకి తీసుకువ ద్దాం.” “उद्या दि. २१ जून रोजी आंतरराष्ट्रीय योग दिन साजरा केला जाणार आहे. यंदाच्या योग दिनाची संकल्पना ‘मानवतेसाठी योग’, ही आहे, चला योग दिन यशस्वीपणे साजरा करत, त्याचाअधिकाधिक प्रसार करूया.” “ଆସନ୍ତା କାଲି, 21 ଜୁନ ଆନ୍ତର୍ଜାତୀୟ ଯୋଗ ଦିବସ ରୂପେ ପାଳିତ ହେବ । 'ମାନବତା ପାଇଁ ଯୋଗ' ଦ୍ୱାରା ଅନୁପ୍ରାଣିତ ହୋଇ, ଆସନ୍ତୁ ଯୋଗ ଦିବସକୁ ସଫଳ କରିବା ଏବଂ ଯୋଗକୁ ଆହୁରି ଲୋକପ୍ରିୟ କରିବା ।“ “कल यानि 21 जून को अंतर्राष्ट्रीय योग दिवस मनाया जाएगा। इस बार यह आयोजन ‘मानवता के लिए योग’ की थीम के तहत होगा। आइए, हम सब मिलकर इसे सफल बनाएं एवं योग की लोकप्रियता को और बढ़ाएं।“ | প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক এই যোগ দিৱস সফল কৰিবলৈ আৰু যোগৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%A8%E0%A7%8B%E0%A6%B9%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%A8%E0%A7%8B%E0%A6%B9%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF/ | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী মনোহৰ পাৰিকৰ আছিল এগৰাকী অতুলনীয় নেতা। এগৰাকী প্ৰকৃত দেশপ্ৰেমী আৰু অনবদ্য তথা ব্যতিক্ৰমী প্ৰশাসক, যাক সকলোৱেই অনুকৰণ কৰিছিল, অনুসৰণ কৰিছিল। দেশৰ প্ৰতি থকা তেওঁৰ নিস্বাৰ্থ সেৱাৰ কথা অনাগত প্ৰজন্মই মনত ৰাখিব। তেওঁৰ মৃত্যুত গভীৰ শোক পাইছো। তেওঁৰ শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা যাঁচিছো। ঔঁম শান্তি। শ্ৰী মনোহৰ পাৰিকৰ আছিল আধুনিক গোৱাৰ খনিকৰ। তেওঁৰ অনিন্দ্যসুন্দৰ ব্যক্তিত্ব আৰু সুমধুৰ স্বভাৱে তেওঁক মানুহৰ মাজত জীয়াই ৰাখিব, দেশৰ অতিকৈ পচন্দৰ নেতা হিচাপে নাম ৰৈ যাব। তেওঁর জনমুখী নীতিসমূহে গোৱাক প্ৰগতিৰ পথেৰে ক্ষীপ্ৰতাৰে আগুৱাই লৈ গৈছিল। আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ কৰি যোৱা সেৱাৰ বাবে দেশে সদায়েই শ্ৰদ্ধাৰে সুঁৱৰিব তেওঁৰ নাম। তেওঁ যেতিয়া প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালি আছিল তেতিয়া ভাৰতৰ সুৰক্ষা সামৰ্থ্যসমূহ বৃদ্ধি কৰা এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। দেশৰ স্থানীয় প্ৰতিৰক্ষা সংক্ৰান্তীয় উৎপাদন আৰু অৱসৰপ্ৰাপ্ত সামৰিক বাহিনীৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত হৈছিল।” | শ্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%89%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%89%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%8D/ | ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় আপোনালোক ভালে আছে? গুৰু নানক দেৱ জীৰ এই ভূমিলৈ প্ৰণাম জনাইছো। বন্ধুসকল, গুৰু নানকক স্মৰণ, গুৰু সকলক স্মৰণেৰে, আজি মাতৃ চিন্তপূৰ্ণীৰ চৰণত প্ৰণাম জনাই ধনতেৰাচ আৰু দীপাৱলীৰ পূৰ্বে হিমাচলক হাজাৰ কোটি টকা মূল্যৰ উপহাৰ প্ৰদান কৰিবলৈ পাই সন্তোষ পাইছো। আজি হিমাচলৰ উনাত আগতীয়াকৈ দীপাৱলীৰ সূচনা হৈছে। ইয়ালৈ বহু সংখ্যক দেৱীৰ ৰূপত আমাৰ মাতৃ-ভগ্নীসকলে আমাক আশীৰ্বাদ দিবলৈ আহিছে! আপোনালোক আটাইৰে এই আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক গভীৰ আস্থা, এয়া এক অতিশয় পৰম শক্তি। ভ্ৰাতৃ-ভগ্নীসকল, উনাত বহুদিন কটোৱাৰ পৰিপ্ৰেক্ষিতত ইয়ালৈ আহিলেই চকুৰ সন্মুখত অতীতৰ স্মৃতিসমূহ ভাঁহি উঠে। মোৰ বহুবাৰ মাতৃ দেৱী চিন্তপূৰ্ণী দেৱীৰ সন্মুখত মূৰ দোৱাই আশীৰ্বাদ লাভৰ সৌভাগ্য হৈছে। ইয়াৰ কুঁহিয়াৰ সোৱাদ কোনেও পাহৰিব নোৱাৰে। বন্ধুসকল, হিমাচলত থাকোতে মই সদায়েই এটা কথা ভাবিছিলো যে প্ৰকৃতিয়ে এই দেৱভূমিক ইমান সুন্দৰ বৰদান দিছে! নৈ, জলপ্ৰপাত, উৰ্বৰা ভূমি, পথাৰ, পাহাৰ, পৰ্যটনৰ ইমান শক্তি ইয়াত আছে। কিন্তু কেতবোৰ প্ৰত্যাহ্বান প্ৰত্যক্ষ কৰি পূৰ্বে মোৰ বৰ বেয়া লাগিছিল, মোৰ মনটো তেতিয়া অনুশোচনাৰে ভৰি পৰিছিল। মই আগতে ভাবিছিলো, যিদিনা এই হিমাচল ভূমিৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিব, যিদিনা হিমাচলত উদ্যোগ বাঢ়িব, যিদিনা হিমাচলৰ ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃ, নিজৰ গাওঁখন, বন্ধু-বান্ধৱীসকলৰ পৰা আঁতৰি বাহিৰলৈ যাবলগীয়া নহ’ব, সেইদিনাই হিমাচল ৰূপান্তৰিত হ’ব। আৰু আজিৰ দিনটোলৈ চাওঁকচোন, মই আজি যোগাযোগ ব্যৱস্থা, শিক্ষানুষ্ঠানৰ কাম-কাজৰ সৈতে জড়িত এটা অনুষ্ঠানলৈ আহিছো আৰু লগতে ঔদ্যোগীকৰণৰ বাবে এটা উপহাৰ লৈ আহিছো। আজি ইয়াৰ উনাত দেশৰ দ্বিতীয় বাল্ক ড্ৰাগছ পাৰ্কৰ কামৰ শুভাৰম্ভ হৈছে। এতিয়া এবাৰ ভাবি চাওঁকচোন! প্ৰাকৃতিক বৈচিত্ৰ্যৰে ভৰা অথচ অসুবিধা পূৰ্ণ হিমাচলত ভাৰতৰ তিনি বাল্ক ড্ৰাগছ পাৰ্কৰ এটা আছে। ইয়াতকৈ ডাঙৰ উপহাৰ হ’ব পাৰেনে বন্ধুসকল? ইয়াতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ব পাৰেনে? এয়া হিমাচলৰ প্ৰতি থকা মৰম, সমৰ্পণৰ ফল। কেইদিনমান পূৰ্বে ভাৰতৰ চতুৰ্থখন বন্দে ভাৰত ৰে’ল অম্ব-আন্দৌৰাৰপৰা দিল্লীলৈ ফ্লেগ অফৰ সৌভাগ্য মোৰ হৈছিল। এই কথাটোও ভাবি চাওঁকচোন, দেশৰ চতুৰ্থখন বন্দে ভাৰত ৰে’ল মোৰ হিমাচলৰ ভ্ৰাতৃ-ভগ্নীসকলে লাভ কৰিলে। আজি হিমাচলে আটাইতকৈ আধুনিক ৰে’লখন লাভ কৰিছে। আজি হিমাচলৰ ট্ৰিপল আইটি (IIIT) ৰ স্থায়ী ভৱনটোও উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ হৈছে ডাবল ইঞ্জিনযুক্ত চৰকাৰখনে হিমাচলক শিখৰত আৰোহন কৰাব খোজাৰ প্ৰথম পদক্ষেপ। এই প্ৰকল্পসমূহে বিশেষকৈ হিমাচলৰ নৱ প্ৰজন্মৰ সপোনক এক নতুন মাত্ৰা প্ৰদান কৰিব। এই প্ৰকল্পসমূহ লাভৰ বাবে হিমাচল প্ৰদেশৰ উনাবাসীক মই অভিনন্দন জনালো। বন্ধুসকল, আমি সকলোৱে প্ৰয়োজন আৰু আশা-আকাংক্ষাৰ মাজৰ পাৰ্থক্যক বুজি পাওঁ। হিমাচলৰ পূৰ্বৰ চৰকাৰসমূহ আৰু দিল্লীত থকা সকলো ইয়াৰ জনসাধাৰণৰ প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত উদাসীনতা অৱলম্বন কৰিছিল আৰু তেওঁলোকে কেতিয়াও আপোনালোকৰ আশা আৰু আকাংক্ষাক হৃদয়ংগম কৰিবপৰা নাছিল, তেওঁলোকে কেতিয়াও ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাছিল। ইয়াৰ বাবে হিমাচলৰ নৱ-প্ৰজন্ম, ইয়াৰ মা-ভগ্নীসকলৰ লোকচান হৈছিল। কিন্তু এতিয়া সময় সলনি হৈছে। আমাৰ চৰকাৰখনে কেৱল জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণেই নহয়, বৰঞ্চ ৰাইজৰ আশা-আকাংক্ষাৰাজি পূৰণৰ বাবেও পূৰ্ণোদ্যমে কাম কৰি আহিছে। হিমাচলৰ অৱস্থা কেনেকুৱা আছিল, মোৰ আজি মনত পৰিছে। মই ইয়াত বাস কৰোতে কোনো উন্নয়নমূলক কাম দেখা পোৱা নাছিলো। অবিশ্বাসৰ ব্যৱধান, হতাশাৰ স্তূপ, উন্নয়নৰ আশাৰ মাজত এক বৃহৎ ব্যৱধানহে দেখা পাইছিলো। উন্নয়নৰ প্ৰয়োজনীয়তাৰ গাঁত পূৰণ কৰিবলৈ কেতিয়াও ভবা হোৱা নাছিল, ফলত ই পৰিত্যক্ত হৈ ৰৈছিল। আমি এতিয়া পূৰ্ণ কৰিছো। এতিয়া আমি হিমাচলত দৃঢ়তাৰে নতুন অট্টালিকা নিৰ্মাণ কৰি আছো। বন্ধুসকল, বিশ্বৰ বহু দেশে ২০ শতিকাতেই ইয়াৰ নাগৰিকসকলক এনে সুবিধা প্ৰদান কৰিছিল। যোৱা শতিকাটোতেই ভাৰতৰ গুজৰাটৰ দৰে বহু ৰাজ্যই গ্ৰাম্য পথ, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, আধুনিক চিকিৎসালয়ৰ সুবিধা লাভ কৰিছিল। কিন্তু ভাৰতৰে কিছুমান চৰকাৰ আছিল যাৰ গাফিলতিৰ বাবে সাধাৰণ মানুহে এই সুবিধাসমূহ লাভ কৰা নাছিল। এনে হোৱাৰ বাবেই আমাৰ পাহাৰীয়া অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হৈছে। ইয়াত থাকোতে কেনেকৈ আমাৰ গৰ্ভৱতী মাতৃ-ভগ্নীসকলে ৰাস্তাৰ অভাৱত চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত কষ্টৰ সন্মুখীন হৈছিল, আমাৰ বয়োজ্যেষ্ঠ লোকসকলে চিকিৎসালয় পোৱাৰ আগতেই মৃত্যুমুখত পৰিছিল, সেয়া প্ৰত্যক্ষ কৰিছিলো। ভ্ৰাতৃ-ভগ্নীসকল, পাহাৰত বসবাস কৰা লোকসকলে ৰে’ল সংযোগৰ অভাৱ বুজিব বাবে। ইয়াৰ বাবেই তেওঁলোক এক প্ৰকাৰে বিশ্বৰপৰা বিচ্ছিন্ন হৈ পৰে। নদী থকা অঞ্চলতো খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। বছৰ-বছৰ ধৰি ইয়াত চৰকাৰ চলোৱা লোকসকলে যেন হিমাচলবাসীৰ দুখ-কষ্ট অনুভৱ নকৰিলে। এতিয়া আজিৰ নব্য ভাৰতে এই সকলোবোৰ পুৰণি প্ৰত্যাহ্বানৰে ক্ষীপ্ৰতাৰে মোকাবিলা কৰিছে। যোৱা শতিকাতেই যিবোৰ সুবিধাই জনসাধাৰণক স্পৰ্শ কৰিব লাগিছিল, সেইসমূহ এতিয়াহে জনসাধাৰণৰ কাষ চাপিছে। কিন্তু আমি এইখিনিতেই ৰৈ দিমনে? বহু কাম কৰিবলৈ বাকী আছে। কোনে কৰিব এই কাম ভাইসকল? আপোনালোক আৰু আমি একেলগে কৰিম। আমি ২০ শতিকাৰ সুবিধাও প্ৰদান কৰিম আৰু লগতে মোৰ হিমাচলক একবিংশ শতিকাৰ আধুনিকতাৰে সংযুক্ত কৰিম। সেয়ে আজি হিমাচলত অভূতপূৰ্বভাৱে উন্নয়নমূলক কাম-কাজ অব্যাহত আছে। আজি হিমাচলত দুগুণ গতিৰে গ্ৰাম্য পথ নিৰ্মাণৰ কাম চলি থকাৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলৰ পঞ্চায়তসমূহকো ক্ষীপ্ৰতাৰে ব্ৰডবেণ্ডৰে সংযোজিত কৰা হৈছে। আজি হিমাচলত হাজাৰ-হাজাৰ শৌচাগাৰ নিৰ্মাণ কৰি থকাৰ সময়তে প্ৰতিখন গাঁৱতে বিদ্যুৎ ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছে। হিমাচলত আজি এফালে ড্ৰোনেৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ প্ৰত্যন্ত অঞ্চলসমূহলৈ সৰবৰাহৰ সমান্তৰালভাৱে বন্দে ভাৰতৰ দৰে ৰে’লসমূহে তীব্ৰবেগেৰে দিল্লীত উপস্থিত হৈছেগৈ। আজি হিমাচলত এফালে টেপৰ পানী যোগানৰ অভিযান চলি আছে, আনফালে কমন চাৰ্ভিচ চেন্টাৰৰ জৰিয়তে চৰকাৰৰ সকলো সেৱা গাঁৱে-গাঁৱে উপলব্ধ কৰোৱা হৈছে। আমি কেৱল ২০ শতিকাৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বৰঞ্চ একবিংশ শতিকাৰ আধুনিক সা-সুবিধাসমূহো হিমাচলত উপলব্ধ কৰিছো। বন্ধুসকল, বৰ্তমান ইয়াৰ হাৰোলীত এখন বিশাল বাল্ক ড্ৰাগছ পাৰ্ক ৰ আধাৰশিলা স্থাপন কৰা হৈছে। কেইদিনমান পূৰ্বে জয়ৰাম জীয়ে কোৱাৰ দৰে নলাগড়-বদ্দীৰ মেডিকেল ডিভাইচ পাৰ্কৰ কামো আৰম্ভ হৈছে। এই দুয়োটা প্ৰকল্পই দেশখনৰ লগতে সমগ্ৰ বিশ্বতে হিমাচলৰ নাম উজ্জ্বলাই তুলিব। বৰ্তমান এই বাল্ক ড্ৰাগছ পাৰ্কত ডাবল ইঞ্জিন চৰকাৰখনে প্ৰায় ২,০০০ কোটি টকা বিনিয়োগ কৰিছে। হিমাচলৰ দৰে সৰু ৰাজ্য এখনত এটা প্ৰকল্পৰ বাবে দুহাজাৰ কোটি টকা তথা আগন্তুক বছৰবোৰত ইয়াত ১০ হাজাৰ কোটিৰো অধিক টকাৰ বিনিয়োগ কৰিবলৈ পৰিকল্পনা কৰা হৈছে। হাজাৰ কোটি টকাৰ এই বিনিয়োগে হিমাচলৰ উনাক ৰূপান্তৰিত কৰিব। ইয়াৰ ফলত হাজাৰ-হাজাৰ নিয়োগৰ সুযোগৰ সৃষ্টি হ’ব, হাজাৰ-হাজাৰ আত্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। বন্ধুসকল, ক’ৰোনাৰ সময়ত হিমাচলত উৎপাদিত ঔষধৰ শক্তি সমগ্ৰ বিশ্বই দেখিবলৈ পালে। ঔষধ উৎপাদনৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে শীৰ্ষস্থান দখলত হিমাচলৰ ভূমিকা অধিক বৃদ্ধি পাবলৈ আগবাঢ়িছে। ইয়াৰ পূৰ্বলৈকে আমি ঔষধৰ বাবে প্ৰয়োজনীয় বেছিভাগ কেঁচামালৰ বাবে বিদেশী দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। এতিয়া কেঁচামাল হিমাচলতে উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ঔষধো হিমাচলতে উৎপাদন হ’ব, তেতিয়া ইয়াৰ ঔষধ উদ্যোগসমূহৰ বৰ্ধন ঘটিব আৰু ঔষধসমূহ অধিক সুলভো হৈ পৰিব। আমাৰ চৰকাৰখনে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদানেৰে দৰিদ্ৰ লোকসকলৰ উদ্বেগ হ্ৰাসৰ প্ৰয়াস কৰিছে। এই বাল্ক ড্ৰাগছ পাৰ্কে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সুলভ আৰু উন্নত চিকিৎসা প্ৰদানৰ অভিযানটোক অধিক সুদৃঢ় কৰি তুলিব। বন্ধুসকল, হিমাচলৰ সকলো লোকে কৃষিয়েই হওঁক বা উদ্যোগেই হওঁক, উন্নত যোগাযোগ অবিহনে উন্নয়নৰ গতি যে ত্বৰান্বিত হ’ব নোৱাৰে, সেয়া অনুভৱ কৰিব পাৰে। পূৰ্বৰ চৰকাৰে কেনেদৰে কাম কৰিছিল তাৰ এটা উদাহৰণ হ’ল আমাৰ নংগল বান্ধ তালোৱাৰী ৰে’লৱে লাইনটো। ৪০ বছৰ পূৰ্বেই দিল্লীৰ চৰকাৰে এই সৰু ৰেল লাইনটোৰ পৰিকল্পনা কৰিছিল, ফাইল সাজু কৰিছিল, স্বাক্ষৰ কৰিছিল আৰু নিৰ্বাচন আহিলেই ৰাইজৰ চকুত ধূলি মাৰিছিল। ভোট সৰকাইছিল। ৪০ বছৰৰো অধিক সময় পাৰ হ’ল, কিন্তু এটকাৰো কাম নকৰিলে। কেন্দ্ৰত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া এই ৰেলপথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে অব্যাহত আছে। কল্পনা কৰকচোন, যদি এই কামটো আগতেই কৰা হ’লহেঁতেন, তেন্তে উনাবাসী কিমান যে লাভৱান হ’লহেঁতেন! বন্ধুসকল, হিমাচলত ৰে’ল সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে ডাবল ইঞ্জিনযুক্ত চৰকাৰখনে নিৰন্তৰভাৱে কাম কৰি আছে। আজি হিমাচলত তিনিটা নতুন ৰে’ল প্ৰকল্পৰ কাম অব্যাহত আছে। আজি দেশখনক মেড ইন ইণ্ডিয়া বন্দে ভাৰত ৰে’লৰ সৈতে সংযোগ কৰোতেও হিমাচল এয়া লাভ কৰা দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হৈ পৰিল। আমাৰ পবিত্ৰ স্থানসমূহ যেনেঃ নাইনা দেৱী, চিন্তপূৰ্ণী, জ্ৱাল্লাদেৱী, কংগাৰদেৱী আদি আমাৰ শক্তি পীঠসমূহৰ লগতে আমাৰ আনন্দপুৰ চাহিবলৈয়ো ভ্ৰমণ কৰাটো অতি সহজ হৈ উঠিব। গুৰু নানক দেৱ জীৰ বংশধৰসকলে বসবাস কৰা উনাৰ দৰে পবিত্ৰ নগৰৰ বাবে এয়া এক উপহাৰ। এই বন্দে ভাৰত ৰেলখনেৰে আমাৰ চৰকাৰে কৰতাৰপুৰ কৰিডৰৰ জৰিয়তে যি সেৱা আগবঢ়াইছে তাৰ অধিক বৰ্ধন ঘটাব। মা বৈষ্ণো দেৱীৰ দৰ্শনৰ বাবে ইতিমধ্যে বন্দে ভাৰত এক্সপ্ৰেছ আছিল, এতিয়া ইয়াৰ শক্তিপীঠসমূহকো এই আধুনিক সেৱাই সংযোগ কৰিব। আন চহৰত কৰ্মৰত সতীৰ্থসকলেও বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে উপকৃত হ’ব। বন্ধুসকল, হিমাচলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষানুষ্ঠান সদায়েই সপোন হৈ আহিছে। আনকি আপোনালোকৰ এই আকাংক্ষাকো ইতিমধ্যে আওকাণ কৰা হৈছে। আমি আগৰ দৰেই ৰীতি-নীতি সলনি কৰি আছো। আবদ্ধ, ওলমি ৰোৱা, পাহৰি যোৱাটো আমাৰ পথ নহয়। আমি সিদ্ধান্ত, সংকল্প গ্ৰহণ কৰো, পূৰণ কৰো আৰু লগতে ফলাফল দেখুৱাওঁ। হিমাচলৰ যুৱক-যুৱতীসকলক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰপৰা দীৰ্ঘদিন ধৰি বঞ্চিত কৰি ৰখাৰ কাৰণ কি আছিল? ইয়াৰ যুৱক-যুৱতীসকলে কিয় চুবুৰীয়া ৰাজ্যলৈ গৈ মেডিকেল, ইঞ্জিনিয়াৰিং, বিজনেছ মেনেজমেন্ট আনকি ফাৰ্মাচিষ্টৰ পাঠ্যক্ৰম পঢ়িবলগীয়া হৈছিল? বন্ধুসকল, হিমাচলক শক্তিৰ ভিত্তিত নহয়, বিপৰীতে ইয়াৰ সংসদৰ আসনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিহে ইয়াক বিচাৰ কৰিছিল বাবে পূৰ্বৰ চৰকাৰসমূহে এই বিষয়সমূহত গুৰুত্ব আৰোপ কৰা নাছিল। গতিকে হিমাচলে আইআইটি ৰ বাবে, ট্ৰিপল আইটি ৰ বাবে, আইআইএম ৰ বাবে, এইমছ ৰ বাবে ডাবল ইঞ্জিনৰ চৰকাৰখনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। আজি উনাত ট্ৰিপল আইটি ৰ স্থায়ী ভৱনটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুবিধাজনক হ’ব। ইয়াত অধ্যয়ন কৰা হিমাচলৰ পুত্ৰ-কন্যাসকলে হিমাচলৰ ডিজিটেল বিপ্লৱকো সুদৃঢ় কৰিব। মোৰ মনত পৰিছে, আপোনালোকে মোক এই ট্ৰিপল আইটি ৰ ভৱনৰ আধাৰশিলা স্থাপনৰ সুযোগ দিছিল। মই আধাৰশিলা স্থাপন কৰিছিলো আৰু আজি আপোনালোকে মোকেই উদ্বোধনীৰ বাবেও এটা সুযোগ দিছে। আমি আধাৰশিলা স্থাপন কৰিছিলো, আমিয়েই উদ্বোধনো কৰিছো। আৰু এইদৰেই ডাবল ইঞ্জিনৰ চৰকাৰে কাম কৰে। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো সংকল্পকে পূৰণ কৰি দেখুৱায়। লগতে ট্ৰিপল আইটি ৰ স্থাপনেৰে জড়িত সকলো সহকৰ্মীকে অভিনন্দন জনাইছো। তেওঁলোকে ক’ভিডৰ বাধা-নিষেধৰ মাজতো ইয়াৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিলে। বন্ধুসকল, যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধি কৰা, যুৱক-যুৱতীসকলৰ সম্ভাৱনাক সাকাৰ কৰাত আজি আমি সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছো। সেয়েহে সমগ্ৰ দেশৰে উদ্ভাৱন আৰু দক্ষতাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে। হিমাচলৰ বাবে এয়া মাত্ৰ আৰম্ভণিহে। হিমাচলৰ যুৱক-যুৱতীসকলে সেনাবাহিনীত থকাৰ সময়তে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত নতুন মাত্ৰাৰ সৃষ্টি হৈছে। এতিয়া বিভিন্ন ধৰণৰ দক্ষতাই তেওঁলোকক সেনাবাহিনীৰ উচ্চ পদবীতো কাৰ্য্যনিৰ্বাহ কৰাত সহায় কৰিব। হিমাচলৰ উন্নয়নৰ বাবে ডাবল ইঞ্জিনৰ চৰকাৰখন সদায়েই আপোনালোকৰ সৈতে আছে। বন্ধুসকল, সপোন ডাঙৰ, সংকল্প বিশাল হোৱাৰ সমান্তৰালকৈ প্ৰচেষ্টাৰাজি সমানে কৰা হয়। আজি এই প্ৰচেষ্টা ডাবল ইঞ্জিনৰ চৰকাৰখনৰ সকলোতে দৃশ্যমান। সেইবাবেই মই জানো যে হিমাচলবাসীয়েও পুৰণি ৰীতি-নীতি সলনি কৰাৰ সিদ্ধান্ত লৈছে। আপোনাসৱে সিদ্ধান্ত লৈছেনে? সিদ্ধান্ত লৈছেনে? এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰখনে এক নতুন ইতিহাস সৃষ্টি কৰিব আৰু হিমাচলবাসীয়ে সৃষ্টি কৰিব এক নতুন প্ৰথা। মই দৃঢ়তাৰে কওঁ যে স্বাধীনতাৰ অমৃত কালত হিমাচলৰ বিকাশৰ সোণালী সময় আৰম্ভ হৈছে। এই সোণালী সময়ছোৱাই হিমাচলক এনে উন্নয়নৰ শিখৰত আৰোহণ কৰাব, যাৰ বাবে আপোনালোক সকলোৱে দশক-দশক ধৰি অপেক্ষা কৰি আহিছে। এই সকলোবোৰ প্ৰকল্পৰ বাবে মই আকৌ এবাৰ আপোনালোকক অভিনন্দন জনাইছো। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আগন্তুক সকলো গুৰুত্বপূৰ্ণ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় ধন্যবাদ! | হিমাচল প্ৰদেশৰ উনাত ফাৰ্মা, শিক্ষা আৰু যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ৰুৱাণ্ডাৰ মাজত বাণিজ্য সহযোগিতা পৰিকাঠামোত অনুমোদন জনায়। ২০১৮ৰ ২৩ জুলাইত এই বাণিজ্য সহযোগিতা পৰিকাঠামো স্বাক্ষৰ কৰা হৈছিল। বাণিজ্য সহযোগিতা পৰিকাঠামোৰ ফলত দুয়ো দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাত সুবিধা হ’ব। | ভাৰত আৰু ৰুৱাণ্ডাৰ মাজত বাণিজ্য সহযোগিতা পৰিকাঠামোত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%A6%E0%A6%B6-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%A6-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%A6%E0%A6%B6-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%A6-2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনা গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ইৰফান আলী ৮-১৪ জানুৱাৰী ২০২৩ তাৰিখলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে আৰু তেওঁক ১৭তম পিবিডিত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে। দুয়োগৰাকী নেতাই শক্তি, আন্তঃগাঁথনি উন্নয়ন, ফাৰ্মাচিউটিকেল, স্বাস্থ্যসেৱা, প্ৰযুক্তি আৰু উদ্ভাৱন আৰু প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি বিভিন্ন বিষয়ত ব্যাপক আলোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু গিয়েনাৰ জনসাধাৰণৰ মাজত ১৮০ বছৰ পুৰণি বন্ধুত্বৰ বান্ধোনৰ কথা স্মৰণ কৰে আৰু সেই সম্পৰ্কক অধিক গভীৰ কৰিবলৈ সন্মত হয়। ৰাষ্ট্ৰপতি ইৰফান আলীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ১০ জানুৱাৰী ২০২৩ তাৰিখে সামৰণি অধিৱেশন আৰু প্ৰবাসী ভাৰতীয় সন্মান বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ১১ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হোৱা গোলকীয় বিনিয়োগকাৰী সন্মিলন ২০২৩তো অংশগ্ৰহণ কৰিব। ইন্দোৰৰ উপৰিও ৰাষ্ট্ৰপতি আলীয়ে দিল্লী, কানপুৰ, বাংগালোৰ আৰু মুম্বাই ভ্ৰমণ কৰিব। | সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AF-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AF-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰ, ২০১৮ত মহাৰাষ্ট্ৰৰ ছিৰ্দি ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবা সংস্থান ট্ৰাষ্টৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এক নামফলকো উন্মোচন কৰিব। তেওঁ শ্ৰী ছাইবাবা সমাধিৰ শতবৰ্ষৰ স্মাৰক হিচাপে এটা ৰূপৰ মূদ্ৰাও মুকলি কৰিব। এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ একাংশ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ(পিএমএজিৱাই-জি)ৰ গৃহপ্ৰৱেশ উপলক্ষে গৃহৰ চাবিও প্ৰদান কৰিব। এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি তেওঁ ভাষণো আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবা সমাধি মন্দিৰৰ চৌহদো পৰিদৰ্শন কৰিব। | ১৯ অক্টোবৰত মহাৰাষ্ট্ৰৰ ছিৰ্দি ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%AE%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%AE%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ এটা নিৰ্মীয়মান ভৱনত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকলোধৰণৰ সহায় আগবঢ়াইছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে; "আহমেদাবাদৰ এটা নিৰ্মীয়মান ভৱনত সংঘটিত এই দুৰ্ঘটনা দুঃখজনক। যিসকল লোকে এই দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আঘাতপ্ৰাপ্তসকলে সোনকালে আৰোগ্য লাভ কৰিব। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।" | আহমেদাবাদৰ এটা নিৰ্মীয়মান ভৱনত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A7%B1%E0%A6%B6%E0%A6%BE%E0%A6%B9%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A6%B9%E0%A7%87%E0%A6%AC-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A8%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%BF%E0%A7%B1%E0%A6%B6%E0%A6%BE%E0%A6%B9%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A6%B9%E0%A7%87%E0%A6%AC-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A8%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেখক, ইতিহাসবিদ আৰু নাট্য ব্যক্তিত্ব শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ অৱদানৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। উত্তৰ প্ৰজন্মক ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে পৰিচয় কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল স্মৰণীয়। কেইমাহমান পূৰ্বে তেওঁৰ শতবাৰ্ষিকী বৰ্ষৰ কাৰ্যসূচী সম্বোধন কৰাৰ সময়ত দিয়া ভাষণৰ এটি ভিডিঅ’ পোষ্ট কৰে শ্ৰী মোদীয়ে। কেইবাটাও টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘বেদনা প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই । শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুৱে ইতিহাস আৰু সংস্কৃতিৰ জগতখনত এক বৃহত্ শূন্যতাৰ সৃষ্টি কৰিলে। উত্তৰ প্ৰজন্মক ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে পৰিচিত কৰোৱাৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ । তেওঁৰ আন কামবোৰো স্মৰণীয় হৈ ৰ’ব। শিৱশাহীৰ বাবাচাহেব পুৰন্দৰে আছিল বুদ্ধিমান, জ্ঞানী। ভাৰতীয় ইতিহাস সন্দৰ্ভত সমৃদ্ধ জ্ঞান আছিল তেওঁৰ। মই বহু বছৰ ধৰি তেওঁৰ সৈতে অতি ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি আছিলোঁ। কেইমাহমান পূৰ্বে তেওঁৰ শতবাৰ্ষিকী বৰ্ষৰ কাৰ্যসূচী সম্বোধন কৰিছিলোঁ। শিৱশাহীৰ বাবাচাহেব পুৰন্দৰে তেওঁৰ বিস্তৃত কামৰ বাবে স্মৰণীয় হৈ থাকিব। এই দুখৰ সময়ত, তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধক মই সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।’ | শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%AC%E0%A7%80%E0%A6%95%E0%A7%B0%E0%A6%A3%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A6%AF-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%AC%E0%A7%80%E0%A6%95%E0%A7%B0%E0%A6%A3%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A6%AF-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নৱীকৰণযোগ্য শক্তি খণ্ডৰ সহযোগিতাৰ বাবে ভাৰত আৰু ফিজিৰ মাজত স্বাক্ষৰিত চুক্তিত অনুমোদন জনায়। ২০১৭ৰ ২৪ মে’ত ফিজিৰ সুবাত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। দুয়োখন দেশে প্ৰতিষ্ঠানগত সম্পৰ্কৰ সহযোগিতাৰ ভেঁটি প্ৰতিষ্ঠা কৰি নব্য আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত উৎসাহ আৰু দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি আৰু পাৰস্পৰিক লাভালাভৰ গুণাগুনৰ বিষয়টোত গুৰুত্ব আৰোপ কৰাটোৱেই বুজবুজি চুক্তিখনৰ লক্ষ্য। এই চুক্তিখনৰ অধীনত সহযোগিতাৰ বিভিন্ন দিশৰ পৰ্যালোচনা, নিৰীক্ষণ আৰু ইয়াৰ লগত জড়িত দিশবোৰৰ আলোচনাৰ অৰ্থে এক যুটীয়া কাৰ্যকৰী কমিটী গঠন কৰা হ’ব। ইয়াৰ জৰিয়তে বিশেষজ্ঞৰ লগতে অন্যান্য যাৱতীয় তথ্যৰ আদান প্ৰদানত সুবিধা হ’ব। এই বুজাবুজি চুক্তিখনে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব। | নবীকৰণযোগ্য শক্তি খণ্ডৰ সহযোগিতাৰ বাবে ভাৰত আৰু ফিজিৰ মাজত স্বাক্ষৰিত চুক্তিত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A7%81/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A7%81/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৩৫০ কোটি টকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ বাবে গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভ – নগৰ আৰু গ্ৰামীণ, আগৰতলা বাইপাছ (খৈৰপুৰ– আমতালী) ৰাষ্ট্ৰীয় ঘাইপথ-০৮ বহল কৰাৰ বাবে সংযোগ প্ৰকল্প, পিএমজিএছৱাই ৩ৰ অধীনত ২৩০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৩২ টা পথৰ আধাৰশিলা স্থাপন আৰু ৫৪০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা ১১২ টা পথৰ উন্নয়নমূলক প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে আনন্দনগৰত ৰাজ্যিক হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু আগৰতলা চৰকাৰী দন্ত মহাবিদ্যালয়ৰো উদ্বোধন কৰে। অনুষ্ঠানৰ আৰম্ভণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে মেঘালয়ত হোৱা ব্যস্ততাৰ ফলত হোৱা সামান্য বিলম্বৰ বাবে ক্ষমা বিচাৰে য'ত তেওঁ সেই দিনাই আৰম্ভণিতে আধাৰশিলা স্থাপন কৰে আৰু একাধিক প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত ৫ বছৰ ধৰি পৰিচ্ছন্নতা অভিযান সন্দৰ্ভত ৰাজ্যখনত সম্পন্ন হোৱা প্ৰশংসনীয় কামৰ কথা স্বীকাৰ কৰি কয় যে ত্ৰিপুৰাৰ জনসাধাৰণে ইয়াক ৰাজহুৱা আন্দোলনলৈ পৰিণত কৰিছে। ফলস্বৰূপে, সৰু ৰাজ্যৰ ক্ষেত্ৰত ত্ৰিপুৰা ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। "মা ত্ৰিপুৰা সুন্দৰীৰ আশীৰ্বাদত ত্ৰিপুৰাৰ উন্নয়নমূলক যাত্ৰাত নতুন উচ্চতাৰ শিখৰ স্পৰ্শ হৈছে ", তেওঁ কয়। দৰিদ্ৰ লোকসকলৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত সংযোগ, দক্ষতা বিকাশ আৰু আঁচনিৰ সৈতে সম্পৰ্কিত আজিৰ প্ৰকল্পসমূহৰ বাবে ত্ৰিপুৰাবাসীক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। "ত্ৰিপুৰাই আজি প্ৰথমখন দন্ত মহাবিদ্যালয় লাভ কৰিছে", প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰি কয় যে ত্ৰিপুৰাৰ যুৱক-যুৱতীসকলে এতিয়া ৰাজ্যৰ ভিতৰতে চিকিৎসক হোৱাৰ সুযোগ লাভ কৰিব। তেওঁ লগতে জনায় যে আজি ৰাজ্যখনৰ ২ লাখতকৈও অধিক দৰিদ্ৰ লোকে তেওঁলোকৰ নতুন পকী ঘৰত গৃহ প্ৰৱেশ কৰিছে, আৰু সেই ঘৰবোৰৰ মালিক হ’ল আমাৰ মাতৃ আৰু ভগ্নীসকল। প্ৰধানমন্ত্ৰীয়ে পৰিয়ালৰ এই মহিলাসকলক অভিনন্দন জনায় । শ্ৰী মানিক সাহাজী আৰু তেওঁৰ দলৰ কামৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "দৰিদ্ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিপুৰা অন্যতম আগশাৰীৰ ৰাজ্য"। প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে অংশগ্ৰহণ কৰা উত্তৰ-পূব পৰিষদৰ বৈঠকৰ কথা স্মৰণ কৰি তেওঁ ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ সকলো ৰাজ্যৰ বাবে ভৱিষ্যতৰ উন্নয়নৰ পথ-মানচিত্ৰৰ আলোচনাৰ বিষয়ে সম্যক তথ্য প্ৰদান কৰে। তেওঁ 'অষ্ট আধাৰ' বা 'অষ্ট লক্ষ্মী' বা উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ উন্নয়নৰ বাবে আঠটা গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে অৱগত কৰে। ত্ৰিপুৰাৰ দ্বৈত ইঞ্জিনৰ চৰকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত উন্নয়নমূলক পদক্ষেপসমূহ আগুৱাই নিয়াৰ বাবে নিৰন্তৰে প্ৰচেষ্টা চলি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দ্বৈত ইঞ্জিন চৰকাৰৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়ে কেৱল নিৰ্বাচন আৰু হিংসাত্মক কাৰ্যকলাপৰ সময়তহে আলোচনা কৰা হৈছিল। "আজি ত্ৰিপুৰা পৰিষ্কাৰ পৰিচ্ছন্নতা, আন্তঃগাঁথনিগত উন্নয়ন আৰু দৰিদ্ৰ লোকসকলক গৃহ যোগান ধৰাৰ বাবে চৰ্চিত হৈছে", তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আছে আৰু ৰাজ্য চৰকাৰে ফলাফল দেখুৱাই ইয়াক সম্ভৱ কৰি তুলিছে। "যোৱা ৫ বছৰত ত্ৰিপুৰাৰ বহুতো গাঁৱে পথৰ সংযোগ লাভ কৰিছে আৰু ত্ৰিপুৰাৰ সকলো গাঁৱক পথৰ দ্বাৰা সংযোগ কৰাৰ বাবে ইতিমধ্যে দ্ৰুত গতিত কাম চলি আছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে ৰাজ্যখনৰ পথৰ নেটৱৰ্ক অধিক শক্তিশালী কৰিব, ৰাজধানীত যান-বাহন চলাচল সহজ কৰিব তথা জীৱন সহজ কৰি তুলিব। আগৰতলা-আখাউৰা ৰে'লপথ আৰু ভাৰত-থাইলেণ্ড-ম্যানমাৰ ঘাইপথৰ আন্তঃগাঁথনিৰ সৈতে মুকলি হ'বলগীয়া নতুন পথৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰে, "ত্ৰিপুৰা হৈ উত্তৰ-পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে"। তেওঁ লগতে কয় যে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল নিৰ্মাণৰ লগে লগে সংযোগৰ সুবিধাও বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে, ত্ৰিপুৰা উত্তৰ-পূবৰ এক গুৰুত্বপূৰ্ণ লজিষ্টিক কেন্দ্ৰ হিচাপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত ইণ্টাৰনেট সংযোগ উপলব্ধ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক কৃতিত্ব প্ৰদান কৰে যিটো আজিৰ যুৱপ্ৰজন্মৰ বাবে অত্যন্ত উপযোগী হিচাপে বিবেচিত হৈছে। "ত্ৰিপুৰাৰ দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই বহুতো পঞ্চায়ত এতিয়া অপ্টিকেল ফাইবাৰৰ সৈতে সংযুক্ত হৈ পৰিছে", তেওঁ লগতে কয়। সামাজিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ উদাহৰণ দিয়ে যাৰ অধীনত উত্তৰ-পূবৰ গাওঁসমূহত সাত হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অনুমোদন জনোৱা হৈছে। "ত্ৰিপুৰাত এনে ধৰণৰ প্ৰায় এহেজাৰ কেন্দ্ৰ স্থাপন কৰা হৈছে। একেদৰে, আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জেএৱাই আঁচনিৰ অধীনত ত্ৰিপুৰাৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে", তেওঁ এইদৰে কয়। "শৌচালয়, বিদ্যুৎ বা গেছ সংযোগেই হওক, প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ব্যাপক কাম কৰা হৈছে", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে দ্বৈত ইঞ্জিন চৰকাৰে কম দামত পাইপযুক্ত গেছ যোগান আৰু প্ৰতিখন ঘৰলৈ পাইপযোগে পানী যোগান ধৰাৰ বাবে দ্ৰুত গতিত কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ত্ৰিপুৰাৰ ৪ লাখ নতুন পৰিয়ালক মাত্ৰ ৩ বছৰত পাইপযোগে পানীৰ সুবিধাৰ সৈতে সংযুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ ১ লাখতকৈও অধিক গৰ্ভৱতী মাতৃক লাভান্বিত কৰা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ কথা উল্লেখ কৰে যাৰ অধীনত পুষ্টিকৰ খাদ্যৰ বাবে প্ৰতিগৰাকী মাতৃৰ বেংক একাউণ্টত পোনপটীয়াকৈ হাজাৰ হাজাৰ টকা জমা কৰা হৈছে। তেওঁ লগতে কয় যে ইয়াৰ ফলস্বৰূপে আজি চিকিৎসালয়সমূহত অধিকসংখ্যক প্ৰসৱ সম্পন্ন হৈছে আৰু মাতৃ তথা শিশু দুয়োৰে জীৱন ৰক্ষা হৈছে। আমাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে মহিলাৰ নিযুক্তিৰ বাবে শ শ কোটি টকাৰ এক বিশেষ পেকেজ মুকলি কৰিছে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয়, "দ্বৈত ইঞ্জিন চৰকাৰৰ পিছত ত্ৰিপুৰাত মহিলাৰ আত্মসহায়ক গোটৰ সংখ্যা ৯ গুণলৈ বৃদ্ধি পাইছে।" ত্ৰিপুৰাক পূৰ্বতে কেনেদৰে উন্নয়নৰ পৰা বঞ্চিত কৰা ৰখা হৈছিল বুলি দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "কেইবা দশক ধৰি ত্ৰিপুৰাত এনে দলসমূহে শাসন কৰি আহিছিল যাৰ আদৰ্শই গুৰুত্ব হেৰুৱাইছিল আৰু সুবিধাবাদৰ ৰাজনীতি হৈছিল"। তেওঁ লগতে কয় যে দৰিদ্ৰ, যুৱ, কৃষক আৰু মহিলাসকল ইয়াৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। "এই ধৰণৰ আদৰ্শ, এই ধৰণৰ মানসিকতাই ৰাইজক লাভান্বিত কৰিব নোৱাৰে। তেওঁলোকে কেৱল নেতিবাচকতা কেনেদৰে বিয়পাব লাগে সেয়া জানে আৰু তেওঁলোকৰ কোনো ইতিবাচক কাৰ্যসূচী নাই", তেওঁ কয়। তেওঁ লগতে কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰৰ সংকল্প সিদ্ধিৰ লগতে প্ৰাপ্তিৰ বাবে এক ইতিবাচক পথো আছে। ক্ষমতাৰ ৰাজনীতিৰ ফলত আমাৰ জনজাতীয় সমাজসমূহৰ হোৱা বৃহৎ ক্ষতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সমাজ আৰু জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ অভাৱৰ বাবে দুখ প্ৰকাশ কৰে। "বিজেপিয়ে এই ৰাজনীতি সলনি কৰিছে আৰু সেয়েহে ই জনজাতীয় সমাজৰ প্ৰথম পছন্দ হৈ পৰিছে", প্ৰধানমন্ত্ৰীয়ে এইদৰে শেহতীয়া গুজৰাট নিৰ্বাচনৰ কথা স্মৰণ কৰি ২৭ বছৰৰ পাছতো বিজেপিৰ বিশাল বিজয়ৰ দিশত জনজাতীয় সমাজৰ অৱদানক কৃতিত্ব দিয়ে। "জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত ২৭ খন আসনৰ ভিতৰত বিজেপিয়ে ২৪ খন আসন লাভ কৰিছে", তেওঁ লগতে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সম্প্ৰদায়ৰ উন্নতিৰ বাবে কৰা উন্নয়নমূলক কাম-কাজৰ ওপৰত আলোকপাত কৰে আৰু স্মৰণ কৰে যে অটলজীৰ চৰকাৰে পোনপ্ৰথমে জনজাতীয় লোকসকলৰ বাবে পৃথক মন্ত্ৰালয় আৰু পৃথক বাজেটৰ ব্যৱস্থা কৰিছিল। "জনজাতীয় সম্প্ৰদায়ৰ বাবে যি বাজেট পূৰ্বে ২১ হাজাৰ কোটি টকা আছিল, আজি সেয়া ৮৮ হাজাৰ কোটি টকা হৈছে", তেওঁ এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় শিক্ষাৰ্থীসকলৰ বৃত্তিও দুগুণতকৈও অধিক হৈছে বুলি জানিবলৈ দিয়ে। "২০১৪ চনৰ আগতে জনজাতীয় অঞ্চলত ১০০খনত কৈও কম একলব্য আদৰ্শ বিদ্যালয় আছিল আনহাতে আজি এই সংখ্যা ৫০০ত কৈও অধিক হৈছে। ত্ৰিপুৰাৰ বাবেও এনে ধৰণৰ ২০খনত কৈও অধিক বিদ্যালয়ৰ অনুমোদন জনোৱা হৈছে", প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে কেৱল ৮-১০টা বনজাত সামগ্ৰীৰ ওপৰত এমএছপি প্ৰদান কৰিছিল আনহাতে বিজেপি চৰকাৰে ৯০ বিধ বনজাত সামগ্ৰীৰ ওপৰত এমএছপি প্ৰদান কৰি আছে। তেওঁ লগতে কয়, "আজি জনজাতীয় অঞ্চলত ৫০,০০০ তকৈও অধিক বন ধন কেন্দ্ৰ আছে যিয়ে প্ৰায় ৯ লাখ জনজাতীয় লোকক নিযুক্তি প্ৰদান কৰিছে আৰু তাৰে অধিক সংখ্যকেই হ’ল মহিলা"। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে বিজেপি চৰকাৰেহে জনজাতীয় লোকসকলৰ বাবে গৌৰৱৰ অৰ্থ বুজি পাইছে আৰু সেয়েহে ১৫ নৱেম্বৰত ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰা আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে সমগ্ৰ দেশতে ১০টা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় স্থাপন কৰা হৈছে আৰু ত্ৰিপুৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূজীয়ে শেহতীয়াকৈ মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মণিক্য সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছে। তেওঁ লগতে কয় যে ত্ৰিপুৰা চৰকাৰে জনজাতীয় অৱদান আৰু সংস্কৃতিৰ প্ৰচাৰৰ বাবে নিৰন্তৰে প্ৰচেষ্টা চলাই আছে আৰু ত্ৰিপুৰাৰ জনজাতীয় কলা আৰু সংস্কৃতিক আগুৱাই নিয়া ব্যক্তিসকলক পদ্ম সন্মান প্ৰদান কৰাৰ বিশেষাধিকাৰৰ ওপৰত আলোকপাত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ ক্ষুদ্ৰ কৃষক আৰু উদ্যোগীসকলৰ বাবে উন্নত সুযোগ সৃষ্টিৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ কথা দোহাৰে। ত্ৰিপুৰাৰ পৰা বিদেশলৈ যোৱা আনাৰসৰ উদাহৰণ দি শ্ৰী মোদীয়ে কয়, "ইয়াৰ স্থানীয় সামগ্ৰীসমূহক গোলকীয় কৰি তোলাৰ প্ৰচেষ্টা চলি আছে"। "কেৱল এয়াই নহয়, ইয়াৰ পৰা বাংলাদেশ, জাৰ্মানী আৰু ডুবাইলৈ শ শ মেট্ৰিক টন অন্যান্য ফল আৰু পাচলি ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে অধিক মূল্য লাভ কৰিছে। তেওঁ লগতে কয় যে ত্ৰিপুৰাৰ লাখ লাখ কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা এই পৰ্যন্ত ৫০০ কোটিতকৈও অধিক টকা লাভ কৰিছে। তেওঁ ত্ৰিপুৰাৰ অগৰ-কাঠ উদ্যোগৰ ওপৰতো আলোকপাত কৰি কয় যে ই ত্ৰিপুৰাৰ যুৱসকলৰ বাবে নতুন সুযোগ আৰু উপাৰ্জনৰ উৎস হৈ পৰিব। ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত উন্নয়নৰ দ্বৈত ইঞ্জিনৰ আগমনৰ লগে লগে ত্ৰিপুৰা এতিয়া শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে। "ত্ৰিপুৰাৰ জনসাধাৰণৰ সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আমি উন্নয়নৰ গতি ত্বৰান্বিত কৰিম, এই বিশ্বাসৰ সৈতে, আপোনালোক সকলোলৈ অশেষ অভিনন্দন জনালো", শ্ৰী মোদীয়ে এইদৰে ভাষণ সামৰে। আজিৰ অনুষ্ঠানটোত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড০) মানিক সাহা, ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী সত্যদেও নাৰায়ণ আৰ্য, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণুদেৱ বৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিকো উপস্থিত আছিল। | প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ আগৰতলাত ৪৩৫০ কোটি টকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4/ | মোৰ মন্ত্ৰী পৰিষদৰ সতীৰ্থ ড০ মহেশ শৰ্মা ডাঙৰীয়া, কিৰেণ ৰিজিজু ডাঙৰীয়া, আন্তঃৰাষ্ট্ৰীয় বুদ্ধিষ্ট ফাউণ্ডেছনৰ সচিব ড০ ধম্মপিয়া ডাঙৰীয়া, দেশৰ বিভিন্ন স্থানৰ পৰা অহা তীৰ্থযাত্ৰীৰ লগতে ভদ্ৰ পুৰুষ-মহিলাসকল! যেতিয়া হাজাৰ হাজাৰ লোকে একেলগে এফাঁকি মন্ত্ৰ জপ কৰে, তেতিয়া এক শক্তি উৎপন্ন হয় বুলি আমি বিশ্বাস কৰো। যেতিয়া আমি চকু মেলো, আমি ইজনে সিজনক দেখা পাওঁ; কিন্তু একে সময়তে ভগৱান বুদ্ধৰ নাম প্ৰতিক্ষণতে আমাৰ মনত গুঞ্জৰিত হৈ থাকে। ভগৱান বুদ্ধৰ প্ৰতি এই সমৰ্পনক কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। মানুহ যিমানে মন্ত্রৰ দ্বাৰা মুগ্ধ হয়, আমি সিমানেই বুদ্ধৰ প্ৰতি বিমুগ্ধ হওঁ। মোৰ সৌভাগ্য যে আজি বুদ্ধ পূর্ণিমাৰ এই পবিত্র দিনত আপোনালোকৰ মাজলৈ অহাৰ উপৰি বিশেষকৈ সকলো ধর্মগুৰুৰ আশীর্বাদ গ্রহণৰ সৌভাগ্য হৈছে। কিছু সময়ৰ আগতে আমাৰ মহেশ শর্মা ডাঙৰীয়া আৰু কিৰেণ ৰিজিজু ডাঙৰীয়াই কৈছে যে দ্বিতীয়বাৰলৈ মই ইয়ালৈ আহিছো। যোৱা বছৰো আহিলোহেতেন, কিন্তু তেতিয়া এই পুণ্য দিনটোত শ্রীলংকাত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ মুখ্য অতিথি হিচাপে মোক আমন্ত্রণ জনালে। যোৱা বাৰ শ্রীলংকাৰ জনসাধাৰণ, সেই দেশৰ চৰকাৰ আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা সমবেত হোৱা বৌদ্ধ ধর্মগুৰুসকলৰ মাজলৈ যোৱাৰ সৌভাগ্য হৈছিল। আমি সকলোৱেই ব্যস্ত মানুহ, সকলোৰে বিভিন্ন দায়িত্ব আছে। কিন্তু এই ব্যস্ততাৰ মাজতো জীৱনৰ অলপ সময় ভগৱান বুদ্ধৰ নামজপ কৰিলে আমি ধন্য হ’ব পাৰো। কিন্তু ইয়াত যিসকল ধর্মগুৰু আৰু ভিক্ষুকবৃন্দক দেখিছো, তেওঁলোকেতো নিজৰ গোটেই জীৱন বুদ্ধৰ কৰুণাৰ বাৰ্তা প্রচাৰৰ দায়িত্বত স্ব-ইচ্ছাৰে নিয়োজিত হৈ আছে। তেওঁলোকে নিজেও ভগৱান বুদ্ধই দেখুওৱা পথেৰে জীৱন-যাপন কৰে। আজি আমি এই উপলক্ষে বিশ্বজুৰি ভগৱান বুদ্ধৰ বার্তা প্ৰেৰণ কৰি, মহামানৱ গৰাকীক সাদৰ প্রণাম জনাইছো। আপোনালোক দেশৰ বিভিন্ন প্রান্তৰ পৰা আহিছে। আপোনালোককো আন্তৰিক অভিনন্দন জনাইছো। যিবোৰ সংস্থা আৰু ব্যক্তি বুদ্ধৰ দ্বাৰা প্রদর্শিত পথত মানৱকল্যাণৰ বিশেষ কাম কৰি আহিছে, আজি এই মঞ্চৰ পৰা তেওঁলোকৰ একাংশক সন্মান প্রদর্শনৰো মোৰ সৌভাগ্য হৈছে। মই তেওঁলোকৰ সকলো প্রচেষ্টাৰ বাবে সাদৰ অভিনন্দন জনাইছো আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জল কামনা কৰিছো। বিশেষকৈ, সাৰনাথৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হায়াৰ টিবেটান ষ্টাডিজ আৰু বুদ্ধগয়াৰ অল ইণ্ডিয়া ভিক্ষুক সংঘই এই মহার্ঘ্য ‘বৈশাখ সন্মান’ প্রাপ্তিৰ বাবে মই বহুত বহুত অভিনন্দন জনাইছো। বন্ধুসকল, গোটেই বিশ্বতে এই ভূ-খণ্ড, আমাৰ ভাৰতে যি অমূল্য মহাদেশৰ সাংস্কৃতিক উত্তৰাধিকাৰৰ দায়িত্ব বহন কৰি আহিছে, সেয়া অতুলনীয়। বিশ্বৰ অন্যান্য অঞ্চলৰ ঐতিহ্যত এনে সমৃদ্ধি খুব কমেই দেখিবলৈ পোৱা যায়। গৌতম বুদ্ধৰ জন্ম, তেওঁৰ শিক্ষা, তেওঁ মহানির্বাণক লৈ সহস্রাধিক বছৰ ধৰি বহু কথাই কোৱা হৈছে, বহু লেখা-মেলা হৈছে। বর্তমান প্রজন্মৰ সৌভাগ্য যে গতানুগতিক প্রতিৱন্ধকতা সত্ত্বেও সেই সকলো লেখাৰ বহুতেই আজিও অক্ষত অৱস্থাত আছে। আজি আমি ইয়াৰ বাবে গৌৰৱ কৰিব পাৰো যে ভাৰত ভূমিৰ পৰা যিমান দর্শন বিশ্বত জনপ্রিয় হৈছে, তাৰ অধিকাংশ ধাৰণাই কেৱল মানৱকল্যাণ, বিশ্বৰ সমস্ত জীৱৰ কল্যাণ, প্রকৃতিৰ কল্যাণতে নিহীত। বিশ্ব কল্যাণক কেন্দ্র কৰি ৰচিত এই মতবাদসমূহে কেতিয়াও এনে আন জনপ্রিয় মতবাদক অতিক্রম কৰা নাই। আপোন-পৰৰ কোনো ভেদাভেদ ৰখা নাই। তেওঁলোকৰ মনত মোৰ বিচাৰধাৰা আৰু তোমাৰ বিচাৰধাৰাৰ মাজত কোনো বৈষম্য নাছিল, মোৰ ঈশ্বৰ আৰু তোমাৰ ঈশ্বৰৰ মাজতো কোনো শত্ৰুতা নাছিল। মই গর্বিত যে ভাৰতীয় মহাপুৰুষসকলে এই সকলো বিচাৰধাৰা সমগ্র মানৱজাতিৰ হিতক প্রাধান্য দি আগুৱাই গৈছে। কিন্তু কোনেও কোৱা নাই যে তুমি মোৰ লগত আহা, তেতিয়া কেৱল তোমাৰ ভাল হ’ব। গৌতম বুদ্ধৰ দর্শনে এই মতবাদসমূহৰ মাজত এক নতুন চেতনা জাগ্ৰত কৰাৰ সমান্তৰালভাৱে এছিয়াৰ বিভিন্ন দেশত আজিও ৰাষ্ট্রীয় চৰিত্র গঠনত নতুনকৈ পৰিভাষিত হৈছে। বন্ধুসকল, এয়াই আমাৰ এই ভূমিৰ বৈশিষ্ট্য, যাৰবাবে আমাৰ দেশৰ জনসাধাৰণে বুকু ফুলাই ক’ব পাৰে, বিশ্ববাসীৰ চকুত চকু থৈ ক’ব পাৰে যে আমাৰ সংস্কৃতি, আমাৰ ইতিহাস আৰু আমাৰ পৰম্পৰা সাক্ষী যে ভাৰতে কেতিয়াও আনক আক্রমণ নকৰে। হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সংস্কৃতি মৌলিক দার্শনিক ভিত্তিয়েই আমাৰ এই পথত আগুৱাই লৈ গৈছে। বন্ধুসকল, সিদ্ধার্থৰ পৰা গৌতম বুদ্ধ হৈ উঠাৰ যাত্ৰা, কেৱল নির্বাণপ্রাপ্তিৰ যাত্ৰা নহয়, এই যাত্ৰাই এই সত্যকে প্ৰতিপন্ন কৰে যে যি নিজৰ জ্ঞান, ধন-সম্পদেৰে আনৰ দুখ-বেদনা লাঘৱৰ কৰা কথা ভাবে, তেৱেই বুদ্ধৰ দ্বাৰা প্রদর্শিত পথত আগুৱাই যাব পাৰে আৰু এদিন তেৱেঁই বুদ্ধত্ব লাভ কৰে। বুদ্ধ পূর্ণিমাত আমি প্রতি মুহূর্তত কৰুণা আৰু মৈত্রীৰ বাণীসমূহ স্মৰণ কৰিম। আজি যিবোৰ হিংসা, সন্ত্রাসবাদ, জাতিবাদ আৰু উত্তৰাধিকাৰবাদৰ ঘটনা সংঘটিত হৈছে, সেইবোৰে বুদ্ধৰ বার্তাক ক’লা মেঘৰ দৰে ঢাকিব বিচাৰিছে, তেতিয়া এই কৰুণা আৰু মৈত্রীৰ বার্তা আৰু অধিক প্রাসংগিক, প্রয়োজনীয় আৰু গুৰুত্বপূর্ণ হৈ উঠিছে। যিসকলে আনক হিংসা, ঘৃণা আৰু ধ্বংসৰ উদ্দেশ্য লৈ আক্রমণ কৰে, তেওঁলোক প্ৰকৃততে মানুহ নহয়। যিসকলে ঘৃণা, হিংসা আৰু অন্যায়ক মৈত্রী আৰু কৰুণাৰে জয় কৰিব পাৰে, তেওঁলোকেই প্রকৃতাৰ্থত মানুহ। যিসকলে নিজৰ ক্রুদ্ধ মনক শান্ত বুদ্ধৰ ধ্যানেৰে জিনিব পাৰে, তেওঁলোকেই সফল হয়, অমৰ হয়। সত্য আৰু কৰুণাৰ মিলনেই এজন লোকৰ মনত বুদ্ধক অংকুৰিত কৰে, ধ্যানস্থ কৰি তোলে। বুদ্ধৰ অর্থ হ’ল– হিংসাশ্রয়ী মনক ক্রদ্ধ স্থিতিৰ পৰা শুদ্ধ অন্তঃকৰণেৰে স্থিতাৱস্থালৈ লৈ যোৱা। কোনো সমাজ, জাতি, বর্ণ, ভাষা ইত্যাদিক লৈ মানুহৰ মাজত যাতে বৈষম্য সৃষ্টি নকৰে– এই বাৰ্তা আকৌ বুদ্ধৰ বার্তা নহয়, এয়া ভাৰতৰ বার্তা নহয়, ইহুদি সমাজত, পাৰ্ছি সমাজত হাজাৰ হাজাৰ বছৰ ধৰি এই ঐতিহ্য বৰ্তি আছে। আমাৰ মন, অস্থি আৰু ৰক্ত যেনেকৈ শৰীৰৰ অবিভাজ্য অংগ, তেনেকৈয়ে সমাজৰ প্রত্যেকজন লোকক ভেদ-ভাব নাইকিয়াকৈ আপোন কৰি লোৱাৰ দর্শন যুগ যুগ ধৰি বিশ্বৰ বিভিন্ন প্রান্তত মানৱ সভ্যতাক ঋদ্ধ কৰি আহিছে। গৌতম বুদ্ধই সেই সাম্য, সমদৃষ্টি আৰু সংঘ ভাৱকে মৈত্রী আৰু কৰুণাৰ বাণীলৈ ৰূপান্তৰিত কৰি সমগ্ৰ বিশ্বতে সর্বাধিক লোক গ্ৰহণযোগ্য মহাপুৰুষ হৈ পৰিল। এই দর্শনত উদ্ধুদ্ধ হৈ বাবাচাহেব আম্বেদকাৰেও বুদ্ধৰ প্রদর্শিত পথ অনুসৰণ কৰিছিল। আজি বিশ্বত ভাৰতৰ সর্বশ্রেষ্ঠ পৰিচয় আমাৰ ভৌতিক উন্নতিৰ সমান্তৰালভাৱে বুদ্ধৰ দেশ হিচাপেও আছে। আমাৰ দেশৰ পবিত্র ভূমিৰ পৰা নিঃসৃত ‘ধর্মম স্মৰণম গচ্ছামি, বুদ্ধম স্মৰণম গচ্ছামি, সংঘম স্মৰণম গচ্ছামি’ বাণীয়ে গোটেই বিশ্বত মানৱতাবাদৰ মন্ত্র হৈ উঠিছে। সেইবাবে বুদ্ধ পূর্ণিমাৰ আটাইতকৈ ডাঙৰ বার্তা হ’ল ‘আনক সলনি কৰাৰ আগতে নিজকে সলনি কৰা আৰম্ভ কৰা, তুমিও বুদ্ধ হৈ উঠিবা, বাহিৰৰ সকলো দেখাৰ আগতে ভিতৰৰ যুঁজখনক জয় কৰক, তেতিয়াহে তুমিও বুদ্ধ হৈ উঠিব’। ‘অপো দীপঃ আপ ভবঃ’– নিজৰ মনৰ আলোক অনুসন্ধান কৰক, তেতিয়াহে তুমিও বুদ্ধ হৈ উঠিবা। ভগৱান বুদ্ধই সদায় চিত্তৰ শান্তি আৰু হৃদয়ৰ কৰুণাৰ প্রেৰণা যোগায়। সাম্য, ন্যায়, স্বাধীনতা আৰু মানৱাধিকাৰ- এইবোৰ আজিৰ গণতান্ত্রিক বিশ্বৰ প্রধান উপাদান। কিন্তু এইবোৰৰ সম্পর্কে ভগৱান বুদ্ধই আজিৰ পৰা আঢ়ৈ হাজাৰ বছৰৰ আগতে অতি স্পষ্ট বার্তা দি গৈছে। ভাৰতত এই বিষয়টো পৃথকে বিচাৰ কৰা হোৱা নাছিল, সমগ্র বিশ্বদৃষ্টিৰ অংগ আছিল। ভগৱান বুদ্ধৰ দর্শনত সাম্যৰ অর্থ হ’ল–প্রত্যেক ব্যক্তিৰ এই বিশ্বত উপস্থিতি গৰিমাময় । কোনো বৈষম্য অবিহনে প্রত্যেক ব্যক্তিৰ কাম আৰু বাচি থকাৰ অধিকাৰ সুনিশ্চিত হোৱা উচিৎ। বন্ধুসকল, বিশ্বৰ যিকোনো দেশত জাতিভেদ, সন্ত্রাসবাদ আৰু সামাজিক ন্যায়ৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিটো প্ৰত্যাহ্বান মানুহে নিজেই সৃষ্টি কৰিছে। এই বৈষম্যই অন্যায়, শোষণ, অত্যাচাৰ, হিংসা, সামাজিক উত্তেজনা আৰু সৌহাদ্যৰ মূলস্রোত। ন্যায়, স্বাধীনতা আৰু মানৱাধিকাৰৰ সিদ্ধান্ত একেদৰে সাম্যৰ সিদ্ধান্তৰেই বিস্তাৰিত ৰূপ। ইয়াৰ অৰ্থ হ’ল এই সমতা এইবোৰ নীতি মৌলিক উপাদান। আমাৰ সমাজত সাম্যৰ ভাৱনা সুদৃঢ় হ’লেই সামাজিক ন্যায়, স্বাধীনতা, মানৱাধিকাৰ, সামাজিক পৰিৱর্তন, ব্যক্তিগত অধিকাৰ, শান্তি, সৌহার্দ্য আৰু সমৃদ্ধিৰ পথ আমাৰ বাবে উন্মুক্ত হ’ব আৰু আমি দ্রুতগতিত আগুৱাই যাব পাৰিম। ভগৱান বুদ্ধই নিজৰ উপদেশত ‘অষ্টাংগ’ৰ সন্দৰ্ভত উল্লেখ কৰিছে। এই ‘অষ্টাংগ’ সম্পর্কে জানিব নোৱাৰিলে ভগৱান বুদ্ধক জনা কঠিন। ভগৱান বুদ্ধৰ মতে অষ্টাংগ হ’ল– শুদ্ধ দৃষ্টি, শুদ্ধ ভাৱনা, শুদ্ধ বাণী, শুদ্ধ আচৰণ, শুদ্ধ জীৱিকা, শুদ্ধ প্রচেষ্টা, শুদ্ধ চেতনা আৰু শুদ্ধ ধ্যান। আজিৰ যুগত আমি যিবোৰ সংকটৰ সন্মুখীন হৈছো, ভগৱান বুদ্ধৰ প্রদর্শিত পথেৰে সেইবোৰ মোকাবিলা কৰাটো সম্ভৱ। এই সংকটবোৰৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ হ’লে বুদ্ধৰ কৰুণা আৰু প্রেমৰ বার্তাই আটাইতকৈ উৎকৃষ্ট পথ। সেয়েহে ভগৱান বুদ্ধৰ অনুগামীসকলৰ সকলোৰে শক্তি সক্রিয় কৰি তোলাই হ’ল সময়ৰ আহ্বান। ভগৱান বুদ্ধই আৰু কৈছিল যে এই পথত সমিল মিলেৰে আগুৱাই গ’লেহে সামর্থ্য লাভ কৰিব পাৰি। বন্ধুসকল, ভগৱান বুদ্ধ আছিল, সেই দার্শনিকসকলৰ অন্যতম, যি তর্কবুদ্ধি আৰু ভাৱনাৰ সংকল্পক প্রয়োজনীয় বুলি বিশ্বাস কৰে। তেওঁ নিজে ‘ধম্ম’ সিদ্ধান্তসমূহৰ তর্কৰ জৰিয়তে পৰীক্ষা কৰাৰ কথা কৈছিল। নিজৰ শিষ্যসকলক কৈছিল, তর্কৰ জৰিয়তে পৰীক্ষা নকৰাকৈ কোনো আবেগ কিম্বা অনুৰাগৰ বশৱর্তী হৈ যেন কোনো মতবাদকে গ্রহণ নকৰে। দ্বিতীয় শতিকাত ভগৱান বুদ্ধৰ বার্তাসমূহৰ দার্শনিক ব্যাখ্যা কৰিবলৈ গৈ মহান বৌদ্ধ চিন্তক নাগার্জুন সম্রাট উদয়কে যি পৰামর্শ আগবঢ়াইছিল, সেয়া আজিও অতি প্রাসংগিক। তেওঁ কৈছিল-‘দৃষ্টিহীন, অসুস্থ, বঞ্চিত, অসহায় আৰু দৰিদ্রসকলৰ বাবে সুলভ মূল্যত খাদ্য আৰু পানীয়ৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ প্রতি কৰুণাৰ মনোভাৱ থকা উচিৎ; অসুস্থ মানুহৰ চিকিৎসা আৰু হতাশগ্রস্ত কৃষকসকলৰ প্রতি বীজ আৰু অন্যান্য প্রয়োজনীয় সহযোগিতাৰ হাত আগবঢ়োৱা উচিৎ’। ভগৱান বুদ্ধৰ বিশ্বজনীন দর্শনৰ কেন্দ্রবিন্দুত আছে সকলোৰে দুখ কিদৰে চিৰকালৰ বাবে দূৰ কৰিব পৰা যায়। তেওঁ কৈছিল যে কাৰোবাৰ দুখ দেখি দুঃখিত হোৱাতকৈ তেওঁৰ দুখ কিদৰে দূৰ কৰিব পৰা যায় তাক চিন্তা কৰাটোহে অধিক প্রয়োজন-এইকথাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক সক্ষম কৰি তোলা, তেওঁক সবল কৰা প্ৰয়োজন। মই অতিশয় আনন্দিত যে আজি মোৰ চৰকাৰে সেই কৰুণা আৰু সেৱা ভাৱক প্রাধান্য দি গৌতম বুদ্ধৰ প্রদর্শিত পথেৰে আগুৱাই গৈছে। সাধাৰণ লোকসকলৰ দুখ, কষ্ট দূৰ কৰি তেওঁলোকৰ জীৱনক সহজ কৰি তোলাই আমাৰ প্ৰাথমিক অগ্রাধিকাৰ। জন ধন যোজনাৰ জৰিয়তে ৩১ কোটিতকৈও অধিক দুখীয়া লোকৰ বেংক একাউণ্ট খোলা, দিনে মাত্র ৪০ পইচা আৰু মাহত ১ টকা কিস্তিৰ বিনিময়ত প্রায় ১৯ কোটি দৰিদ্র লোকক বীমাৰ সুৰক্ষা প্রদান, ৩.৭০ কোটিতকৈও অধিক দৰিদ্র মহিলাক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ আৰু চৌকা দিয়া, মিচন ইন্দ্রধনুষৰ জৰিয়তে ৩ কোটিতকৈও অধিক শিশু আৰু ৮০ লাখতকৈও অধিক গর্ভৱতী মহিলাৰ টিকাকৰণ, মুদ্রা যোজনাৰ জৰিয়তে কোনো ধৰণৰ বেংক গেৰাণ্টি নোহোৱাকৈ ১২ কোটিতকৈও অধিক ঋণ প্রদান– দুখীয়া লোকসকলক সবল কৰাৰ বাবে এনে যথেষ্ট কাম এই চৰকাৰে কৰিছে। এতিয়া আয়ুষ্মান ভাৰত আঁচনি জৰিয়তে চৰকাৰে প্রায় ৫০ কোটি দুখীয়া লোকক বছৰি ৫ লাখ টকালৈকে চিকিৎসাৰ সুবিধা সুনিশ্চিত কৰাৰ দিশে আগুৱাই গৈছে। বন্ধুসকল, অন্তর্ভুক্তিকৰণ আৰু ঐক্যবদ্ধতাৰ ভাৱনাই গৌতম বুদ্ধৰ জীৱনক সলনি কৰিছিল। এগৰাকী ৰাজপুত্র, যাৰ জীৱনত সমস্ত সুখ-সুবিধা আছিল, তেওঁ গাঁৱৰ দুখীয়াসকলৰ দুখ আৰু যন্ত্রণা দেখি অনুভৱ কৰিছিল যে ‘আমি এওঁলোকতকৈ পৃথক নহয়, আমিও তেওঁলোকৰ দৰেই’। এই সত্যই তেওঁক যি দৃষ্টি প্ৰদান কৰিছে, সেয়া জ্ঞান, তর্ক ক্ষমতা, চৈতন্য, নৈতিকতা আৰু মূল্যবোধৰ এক শক্তি হৈ প্রস্ফুটিত হৈ উঠিছিল। আজি আমি এই ভাৱনাক যিমান আহৰণ কৰিব পাৰিম, সিমানেই সৰ্বজ্ঞ মানুহ হোৱাৰ যোগ্য হ’ম। মানৱতাৰ বাবে একবিংশ শতিকাক গোটেই বিশ্বত আটাইতকৈ গুৰুত্বপূর্ণ শতিকা হিচাপে গঢ় দিবলৈ এই দর্শনেই পাথেয় হ’ব পাৰে। ভাই-ভনীসকল, দাসত্বৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ ইমান বছৰৰ পাছতো বহু কাৰণত আমাৰ দেশত নিজৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা কৰাৰ কোনো বিশেষ প্ৰচেষ্টা গ্ৰহণ নকৰিলে। যি দেশে নিজৰ ইতিহাস সংৰক্ষণ কৰি তাৰ ঐতিহ্যকে গুৰুত্ব সহকাৰে ভৱিষ্যৎ প্রজন্মৰ হাতত তুলি দিব নোৱাৰে, সেই দেশে কেতিয়াও পূর্ণতা নাপায়। এইকথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে নিজৰ সাংস্কৃতিক ঐতিহ্য, বিশেষকৈ ভগৱান বুদ্ধৰ সৈতে জড়িত থকা স্মৃতিসমূহক তুলি ধৰিবলৈ বৃহৎ দৃষ্টিভংগাৰে কাম কৰি থকা হৈছে। আমাৰ দেশৰ প্রায় ১৮খন ৰাজ্যত একাধিক বৌদ্ধ তীর্থস্থান আছে। ইয়াৰ ভিতৰত কেইবাটাও প্রায় ২ হাজাৰ বছৰতকৈও অধিক প্ৰাচীন। এই তীর্থস্থানসমূহে সমগ্ৰ বিশ্বৰ পর্যটকক আকর্ষিত কৰে। কিন্তু সমগ্ৰ বিশ্বৰ পৰা অহা এই পর্যটকসকলৰ থকা-খোৱা আৰু যাতায়াতেৰ উপযোগী আন্তঃৰাষ্ট্ৰীয় মানৰ সুযোগ-সুবিধা প্রদানৰ বাবে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাতো অতি প্রয়োজন। এই কথা ভাবিয়েই দেশত ‘স্বদেশ দর্শন’ আঁচনিৰ জৰিয়তে আমি এক ‘বুদ্ধিষ্ট চার্কিট’ গঢ়ি তোলাৰ কাম কৰিছো। এই ‘বুদ্ধিষ্ট চার্কিট’ৰ বাবে চৰকাৰে ৩৬০ কোটিতকৈ অধিক ধন মঞ্জুৰ কৰিছে। এই ধনৰ জৰিয়তে উত্তৰ প্রদেশ, বিহাৰ, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ আৰু গুজৰাটৰ বৌদ্ধ তীর্থস্থানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰা হৈছে। তদুপৰি, কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে গয়া-বাৰাণসী-কুশিনগৰ সযোগী পথৰ দুয়ো কাষে প্রয়োজনীয় আন্তঃৰাষ্ট্ৰীয় মানৰ সুবিধা গঢ়ি তুলিছে। পর্যটন মন্ত্রালয়ে প্রতি দুবছৰত এবাৰকৈ ‘বুদ্ধিজমৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ৰ আয়োজন কৰি আহিছে। এই বছৰ এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ পৰা ভিন্ন ক্ষেত্রৰ পণ্ডিতসকল আহিব। এই ধৰণৰ অনুষ্ঠানৰ উদ্দেশ্য হ’ল বিশ্বৰ সর্বত্রে অধিকাংশ মানুহৰ ওচৰলৈ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক প্ৰেৰণ কৰা। স্থানীয় পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যটকসকলে এই বৌদ্ধ তীর্থস্থানসমূহলৈ আহিলে আমাৰ ঐতিহ্য সম্পর্কে আৰু ভালকৈ জানিব পাৰিব। তদুপৰি, কেন্দ্রীয় চৰকাৰে চুবুৰীয়া দেশসমূহতো বৌদ্ধ ঐতিহ্য সংৰক্ষণত সহায় আগবঢ়াইছে। আর্কিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াই ম্যানমাৰৰ বাগান অঞ্চলত আনন্দ মন্দিৰৰ পুনৰ নির্মাণ আৰু ৰাসায়নিক সংৰক্ষণৰ কামত হাত দিছে। দুবছৰ আগতে বিধ্বংসী ভূমিকম্পত এই মন্দিৰৰ ব্যাপক ক্ষতি হৈছিল। আর্কিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াই আফগানিস্তানৰ বামিয়ান, কম্বোডিয়াৰ আংকাৰ ভাট আৰু তাপ্রোহম মন্দিৰ, লাওছৰ ভেট ফৌ মন্দিৰ, ভিয়েটনামৰ মাইচন মন্দিৰৰ সংৰক্ষণৰ কামত হাত দিছে। বিশেষকৈ মংগোলিয়াত গানদেন মনাষ্ট্ৰীৰ সকলো পুঁথি আৰু শিলালিপি সংৰক্ষণ তথা ডিজিটাইজেচনৰ কাম ভাৰত চৰকাৰে কৰিছে। আজি এই মঞ্চৰ পৰা মই কেন্দ্রীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ মন্ত্রালয়ক এটি অনুৰোধ জনাও যে আপোনালোকে ভাৱক যে বৌদ্ধ দর্শন সংশ্লিষ্ট দেশসমূহৰ বিভিন্ন প্রান্তত যিবোৰ প্রতিষ্ঠান আছে, সেইবোৰত ভগৱান বুদ্ধৰ শিক্ষাৰ সংকলন–‘ত্রিপিটক’ৰ সংৰক্ষণ আৰু অনুবাদৰ যি কাম চলিছে, সেইবোৰ কিদৰে এক মঞ্চ লৈ আহিব পাৰি! সেইবোৰৰ বাবে এক বিস্তৃত পোর্টেল গঢ়ি তুলিব নোৱিৰি নে, যাতে সহজ শব্দৰ জৰিয়তে ভগৱান বুদ্ধৰ দর্শন আৰু তাক লৈ সেই প্রতিষ্ঠানসমূহত যি কাজ কৰা হৈছে আৰু হৈ আছে, সেইবোৰৰ এক সংকলন হ’ব পাৰে! মই মহেশ শর্মা ডাঙৰীক অনুৰোধ কৰিছো যে তেওঁ এই প্রকল্পৰ নেতৃত্ব নিজেই লয় আৰু নির্দিষ্ট সময়ৰ ভিতৰত সেয়া বাস্তবায়িত কৰাৰ চেষ্টা কৰে। বন্ধুসকল, আঢ়ৈ হাজাৰ বছৰ পাছতো ভগৱান বুদ্ধৰ বাণীসমূহ আমাৰ মাজত থকাটো সকলোৰে বাবে সৌভাগ্যৰ কথা। সৌভাগ্য বুলি যে কৈছো, তাৰ পৰিপ্রেক্ষিততে আপোনালোকে সেই পৰিস্থিতিৰ কথা ভাৱক যে কিয় মই সেই কথা কৈছো। ইয়াত আমাৰ আগতে যিসকল আছিল, নিশ্চিতভাবে তেওঁলোকৰ গুৰুত্বপূর্ণ ভূমিকা আছে। আমাৰ পূর্বৱর্তী প্রজন্মৰ অৱদানৰ ফলস্বৰূপে আজি আমি বুদ্ধ পূর্ণিমাত এইদৰে অনুষ্ঠান কৰিব পাৰিছো। আঢ়ৈ হাজাৰ বছৰ ধৰি আমাৰ পূর্বজসকলে এই ঐতিহ্যক সংৰক্ষণ কৰি গৈছে আৰু প্রজন্ম-প্রজন্মই এই দর্শন সঞ্চাৰৰ প্রয়াস প্রতিনিয়ত বৰ্তি আছে। এতিয়া ভৱিষ্যতৰ মানৱ ইতিহাস আপোনালোকৰ সক্রিয় ভূমিকাৰ বাবে অপেক্ষাৰত। আপোনালোকৰ সংকল্পৰ জৰিয়তে তেওঁলোকৰ হাতত কিমান তুলি দিব পাৰিব! আমি বিচাৰো যে আজি ইয়াৰ পৰা যোৱাৰ সময়ত আমি এই ভাৱনা লৈ যাম যে ২০২২ চনত যেতিয়া আমাৰ দেশে স্বাধীনতা লাভ কৰা ৭৫সংখ্যক বৰ্ষপূর্তি উৎসৱ পালন কৰিম, তাৰ আগতে আমি প্রত্যেকে ৫টা অথবা ১০টা সংকল্প গ্রহণ কৰিম, যিবোৰ আমি তাৰ আগতে বাস্তবায়িত কৰিব পাৰিম! এই সংকল্পই নিজৰ ঐতিহ্যৰ সংৰক্ষণ, গৌতম বুদ্ধৰ দর্শনৰ প্রচাৰ, প্রসাৰত জাতীয় কেতবোৰ দিশো হ’ব পাৰে। কিন্তু মোৰ প্রার্থনা এই যে ইয়াত উপস্থিত থকা প্রত্যেক ব্যক্তি, প্রতিষ্ঠান আৰু সংস্থাই অহা ২০২২ চনক লক্ষ্য স্থিৰ কৰি অৱশ্যেই কিবা নহয় কিবা সংকল্প ল’ব। আপোনালোকৰ এই প্রচেষ্টাই নতুন ভাৰতৰ সপোন বাস্তবায়িত কৰা অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। আমি জানো যে আমাৰ ওপৰত ভগৱান বুদ্ধৰ আশীর্বাদ আছে। সেইবাবে মোৰ ভৰসা আছে, যি সংকল্প আমি গ্রহণ নকৰো কিয়, সেইবোৰ আমি নিশ্চিতভাৱে সিদ্ধ কৰিব পাৰিব। আজি বুদ্ধ পূর্ণিমাৰ এই পবিত্র দিন উপলক্ষে ভগৱান বুদ্ধৰ চৰণলৈ আহি বহাৰ সুযোগ পাইছো, তেওঁক প্রণাম জনোৱাৰ সুযোগ পাইছো। আপোনালোক সকলোৰে দর্শন পাইছো, সেইবাবে নিজকে ধন্য মানিছো। পুনৰবাৰ আপোনালোক সকলোকে বুদ্ধ পূর্ণিমাৰ বহুত বহুত শুভেচ্ছা জনাই মোৰ ভাষণ ইমানতে সামৰণী মাৰিছো। বহুত বহুত ধন্যবাদ। ! | নতুন দিল্লীত বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উদ্ধোধনী ভাষণৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE/ | জন্ম-বাৰ্যিকীত স্বাধীনতা সেনানী লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদ সন্দৰ্ভত কেইবছৰ মান আগতে ‘মন কী বাত’-ত উল্লেখ কৰা বক্তব্যৰ কিয়দাংশ সংযোজিত কৰে। তেওঁ মুম্বাই ভ্ৰমণৰ সময়ত লোকমান্য তিলকৰে ঘনিষ্ঠ সম্পৰ্ক থকা ‘লোকমান্য সেৱা সংঘ’লৈ যোৱা মুহূৰ্তৰ কেইটামান স্নেপশ্বটো শ্বেয়াৰ কৰে। এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; “আই ভাৰতীৰ দুই মহান পুত্ৰ লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ তেওঁলোকৰ জন্ম-বাৰ্ষিকীত প্ৰণাম জনাইছো। এই দুই দিগগজ অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক। কেইবছৰ মান আগতে ‘মন কী বাত’ত তেওঁলোকৰ বিষয়ে মই কি কৈছিলো সেয়া আগবঢ়াইছো”। “লোকমান্য তিলকৰ চিৰকলীয়া উত্তৰাধিকাৰিত্বসমূহৰ অন্যতম হৈছে বৃহত্ পৰিসৰত উদযাপিত হৈ অহা ‘গণেশ উত্সৱ’, যিয়ে জনতাৰ মাজত সাংস্কৃতিক চেতনা জাগৃত কৰি তুলিছিল। এবাৰ মুম্বাইলৈ যাওতে মই লোকমান্য তিলকৰে ঘনিষ্ঠতা থকা ‘লোকমান্য সেৱা সংস্থা’লৈ গৈছিলো। | জন্ম-বাৰ্ষিকীত স্বাধীনতা সেনানী লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%A8-%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A7%B0-%E0%A6%A8%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%A8-%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A7%B0-%E0%A6%A8%E0%A6%BF/ | প্রাকৃতিক আৰোগ্য কেন্দ্রৰ উদ্বোধন উপলক্ষে নিউইয়র্কত সমবেত অতিথিবৃন্দ আৰু আমন্ত্রিত বিশিষ্টসকলৰ লগতে অনলাইন আৰু টেলিভিচনত যিসকলে এই অনুষ্ঠান চাই আছে তেওঁলোককো মই নমষ্কাৰ জনাইছো। উপস্থিত সকলো ভদ্র পুৰুষ-মহিলাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শুভেচ্ছা জনাইছো। আজি পুৱাই হিমালয়ৰ পাদদেশত মনোৰম চহৰ দেৰাডুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন অনুষ্ঠানত সমাজৰ বিভিন্ন শ্রেণীৰ হাজাৰ হাজাৰ লোকৰ সৈতে একেলগ হ’বলৈ পাই মই অতিশয় আনন্দিত হৈছো। সমগ্ৰ বিশ্বত বিগত কেইটামান দিনত যোগ দিৱস উদযাপন উপলক্ষে সাধাৰণ লোকৰ অংশগ্রহণৰ ছবি মই দেখিছো। নিঃসন্দেহে বিগত তিনি বছৰত এই কার্যসূচীয়ে বিশ্বজুৰি গণ-আন্দোলনে পৰিণত হৈছে। বিশ্বৰ বহু দেশত যোগচর্চা সাধাৰণ মানুহৰ জীৱন যাপনৰ অভিন্ন অংগ হৈ পৰিছে। যোগ দিৱস উদযাপনৰ সমান্তৰালভাৱে ইয়াৰ প্রভাৱ বহু দূৰলৈকে প্রসাৰিত হৈছে। ভাৰতত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ক্ষেত্রত মই তিনিটা ভিন্ন বিষয় উপলব্ধি কৰিছো। মই নিশ্চিত, এই ধৰণৰ ভিন্ন উপলব্ধি অন্যান্য দেশতো হৈছে। প্রথমতে, যোগৰ মানসিকতাৰ প্ৰতি অনুপ্রাণিত হৈ অভিষ্ট লক্ষ্য পূৰণৰ অৰ্থে প্ৰত্যেকে নিজেই শপত লৈছে। দ্বিতীয়তে, যিসকলে ইতিমধ্যে যোগক জীৱনৰ অভিন্ন অংগ হিচাপে গ্রহণ কৰিছে, তেওঁলোকৰ বাবেও যোগ দিৱসৰ দৰে অনুষ্ঠানে নিজকে পুনৰায় অভীষ্ট লক্ষ্য পূৰণত উৎচর্গা কৰাৰ মুহূর্ত হৈ পৰিছে। তৃতীয়টো বিষয় হৈছে যোগৰ উপকাৰিতাৰ কথা প্ৰচাৰ কৰা। ইতিমধ্যে লাভান্বিত হোৱা হাজাৰ হাজাৰ ব্যক্তি আৰু প্রতিষ্ঠানৰ কর্তব্য হৈছে সেই সকলো লোকৰ ওচৰলৈ যোৱা যিসকলে এতিয়াও যোগৰ সুফল উপলব্ধি কৰিব পৰা নাই। একেদৰে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্বৰ বহু লোকে উৎসৱ হিচাপে উদযাপিত কৰে। যোগ শব্দৰ অর্থ হ’ল– ‘ঐক্যবদ্ধ কৰা’। সেয়েহে যোগৰ মাজত যে উছাহ নিহিত আছে, সেইটোৱে আমাক আশাবাদী কৰি তোলে। মই আশা কৰো যে যোগে সমগ্র বিশ্বক ঐক্যবদ্ধ কৰি ৰখাৰ মাধ্যম হৈ উঠিব পাৰে। এই প্ৰাকৃতিক আৰোগ্য কেন্দ্ৰ উদ্বোধনৰ বাবে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোকে বাচি লোৱাৰ বাবে মই অতিশয় আনন্দিত হৈছো। মই আশা কৰো এই কেন্দ্রটিয়ে ইয়াৰ সকলো কাম-কাজ আৰু প্ৰচেষ্টা যোগৰ উপাদানসমূহক ব্যাপকভাবে সংহত কৰাৰ চেষ্টা কৰিব। বন্ধুসকল, ভাৰতৰ পৰম্পৰাগত যোগ আৰু আয়ুর্বেদ পদ্ধতিৰ জ্ঞানে আমাক স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে। দেহ আৰু মনৰ সহজাত দুর্বলতাসমূহৰ পৰা মুক্তি পোৱাত যোগ আৰু আয়ুর্বেদে সহায় কৰে। প্রাচীন এই জ্ঞান-পদ্ধতিসমূহে প্রত্যেককে সন্মান আৰু শ্রদ্ধা কৰি থাকে। প্রচলিত চিকিৎসা-পদ্ধতিৰ সুবিধা যিসকলে গ্রহণ কৰিছে, তেওঁলোকৰ বাবে প্রাচীন জ্ঞান-পদ্ধতিসমূহ এক নতুন শক্তি লৈ আহিছে। আধুনিক জীৱনযাপনৰ বিৰূপ প্রভাৱ দেহ আৰু মনৰ ওপৰত পৰে। দুর্ভাগ্যজনকভাৱে প্রচলিত চিকিৎসা ব্যৱস্থাত ৰোগ প্রতিৰোধতকৈ আৰোগ্য লাভত অধিক গুৰুত্ব আৰোপ কৰা হয়। এইটো কোনে অস্বীকাৰ কৰিলে নহ’ব যে বর্তমান সময়ৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাসমূহ দূৰ কৰিবলৈ আমাৰ প্রচলিত ঔষুধৰ প্রয়োজন। কিন্তু এনে ঘটনাও আছে, যিবোৰ বৰ্তমানেও গুৰুত্ব নোপোৱাকৈ আছে। সমগ্র বিশ্বৰ স্বাস্থ্য বিশেষসকলেও এতিয়া এইকথা স্বীকাৰ কৰিছে যে যোগ আৰু আয়ুর্বেদৰ দৰে প্রাচীন চিকিৎসা পদ্ধতি সমসাময়িক চিকিৎসা ব্যৱস্থাৰ পৰিপূৰক হৈ উঠিব পাৰে। এই ঐতিহাসিক চিকিৎসা পদ্ধতিত ৰোগী কল্যাণ আৰু ৰোগ প্রতিৰোধত গুৰুত্ব দিয়া হয়। এই পদ্ধতি গ্রহণ কৰিলে ব্যক্তি তথা সমাজত সুস্বাস্থ্য আৰু কল্যাণ বৃদ্ধি পাব। একাংশ লোকৰ ভিন্ন ধাৰণা সত্ত্বেও এইটো ক’ব পাৰি যে যোগ কেৱল ব্যায়াম আৰু দৈহিক অংগ-প্রতংগ সঞ্চালনৰ মাজতে সীমাবদ্ধত নহয়। যোগ মানুহৰ মন, দেহ আৰু মানসিকতাৰ গভীৰতাত প্রোথিত আছে। যোগে নিজক আৰু ভালকৈ বুজি পোৱাৰ সুযোগ প্ৰদান কৰে। যোগৰ মাজত গভীৰ আদর্শ নিহিত আছে, ই আমাক পাপৰ পৰা মুক্তি অথবা ভয়ক জয় কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, মই সদায়ে বিশ্বাস কৰি আহিছো যে যোগৰ কোনো ধর্ম নাথাকে। যোগচর্চাৰ এনে কিছু ব্যৱহাৰিক পদ্ধতি আছে, যাৰ দ্বাৰা প্রত্যেকেই লাভবান হ’ব পাৰে। আনকি তেওঁলোকো লাভবান হ’ব পাৰে, যিসকলে নিজৰ কোনো জাতি বা ধর্মৰ মানুহ হিচাপে গণ্য নকৰে। আধুনিক যোগচর্চাত প্রায়েই প্রাচীন জ্ঞানেৰ বিভিন্ন উপাদান লক্ষ্য কৰা যায়। এই সকলো উপাদানৰ ভিতৰত হৈছে–নৈতিক আৰু শাস্ত্রগত আদর্শ, শৰীৰক সুস্থ ৰাখিবলৈ বিভিন্ন ভাৱভংগী, আধ্যাত্মিক আদর্শ, গুৰুৰ নির্দেশ আৰু নিয়মাৱলী, মন্ত্রোচ্চাৰণ, উশাস এৰা আৰু একাগ্রতাৰে মগজুক স্থিৰে ৰখা ইত্যাদি। ব্যক্তি বিশেষে জীৱনযাপনৰ পৰিৱর্তনত যোগচর্চাৰ ওপৰত গুৰুত্ব দিয়া হয়, যাতে জীৱনশৈলীৰ সৈতে জড়িত সমস্যাসমূহ সহজেই প্রতিৰোধ তথা সমাধান কৰিব পৰা যায়। যোগ বিশেষজ্ঞসকলে দৈনন্দিন যোগচর্চাক পৰম লাভবান হিচাপে গণ্য কৰে। ইয়াৰ ফলত স্বাস্থ্য, আবেগ, মানসিক শান্তি আৰু সুখী জীৱনযাপনত উন্নতি ঘটে। এনে বিশ্বাসো আছে যে নির্দিষ্ট কেইটামান যোগাভ্যাস আৰু প্রাণায়ামৰ জৰিয়তে কেতবোৰ ৰোগ নিয়ন্ত্রণ কৰিব পাৰি। আধুনিক বিজ্ঞানে এতিয়া এই বিষয়ে প্রামাণ্য সাক্ষ্য অনুসন্ধানৰ প্ৰচেষ্টা লৈছে। বিজ্ঞানেও এইকথা স্বীকাৰ কৰিছে যে যোগচর্চাৰ জৰিয়তে দেহৰ বহু অংগ-প্রতংগ, যেনে– হৃদযন্ত্র, মগজু আৰু অন্তঃগ্ৰন্থিৰ নিত্য নৈমিত্তিক কাম-কাজ আৰু পৰিচালন প্রক্রিয়া নিয়ন্ত্রণ কৰাটো সম্ভৱ। বৰ্তমান পশ্চিমীয়া দেশসমূহতো যোগৰ প্রতি আগ্রহ ক্রমশঃ বৃদ্ধি পাইছে। এইদৰে ক’লেও অতিৰঞ্জিত নহ’ব যে পশ্চিমীয়া দেশসমূহত ব্যাপকভাবে সমাদৃত হৈছে যোগ। মোক জনোৱা হৈছে যে কেৱল মার্কিন যুক্তৰাষ্ট্রতেই ২ কোটিৰো অধিক লোকে যোগচর্চা কৰে। তদুপৰি, এই সংখ্যা বছৰি ৫ শতাংশ হাৰত বাঢ়িছে। মার্কিন যুক্তৰাষ্ট্র আৰু ইউৰোপৰ একাধিক আধুনিক চিকিৎসা প্রতিষ্ঠানে বিভিন্ন ৰোগৰ বিকল্প তথা আনুষংগিক চিকিৎসাপদ্ধতি হিচাপে যোগক গ্রহণ কৰিছে। পলমকৈ হ’লেও যোগক লৈ বহু গৱেষণা আৰম্ভ হৈছে। ভাৰত চৰকাৰেও জনস্বাস্থ্যৰ ক্ষেত্রত প্রামাণিক সাক্ষ্য-ভিত্তিক পৰম্পৰাগত স্বাস্থ্য পৰিচর্যা ব্যৱস্থা ৰূপায়ণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি যোৱা বছৰে ঘোষণা কৰা হৈছে। এই নীতিত ৰোগ প্রতিৰোধত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। অ-সংক্রমিত ৰোগসমূহৰ প্রতিৰোধ আৰু নিয়ন্ত্রণত দেশব্যাপী কার্যসূচী আমি আৰম্ভ কৰিছো। বিশ্বৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ ভাৰত। আজি যিবোৰ প্ৰচেষ্টা লোৱা হৈছে তাৰ সুফল পাবলৈ কেইবাবছৰো লাগিব। কিন্তু মই দৃঢ় বিশ্বাসী যে ইয়াৰ বাস্তবিক ফল শীঘ্রেই পোৱা যাব। শেষত, মই পুনৰবাৰ ক’ব বিচাৰো যে এই প্রাকৃতিক আৰোগ্য কেন্দ্রটিয়ে যোগৰ সুফলসমূহ তুলি ধৰিবলৈ কাম কৰিব। জীৱনত অলপ স্বাচ্ছন্দ্য আৰু আনন্দৰ বাবে যিসকলে ইয়ালৈ আহিব, তেওঁলোকে যোগৰ সুফল উপলব্ধি কৰিব পাৰিব। ব্যক্তি বিশেষৰ চিন্তা দূৰ কৰিবলৈ এই কেন্দ্রটোৱে কল্যাণৰ যি পথ বাছি লৈছে, সেয়া জানিবলৈ পাই মই আনন্দিত হৈছো। এইটো গুৰুত্বপূর্ণ যে এই ৰোগী কল্যাণ কেন্দ্রটোৰ উদ্দেশ্য জীৱনজুৰি কল্যাণ সাধন কৰা। মই এইটোও স্বীকাৰ কৰো যে বৈজ্ঞানিক পদক্ষেপৰ প্রতি আস্থা আৰু বিশ্বাস সহজাত। এই ধৰণৰ উদ্দেশ্য লৈ এই কেন্দ্রটোৱে ৰোগী কল্যাণত লক্ষ্যণীয় অৱদান ৰাখিব আৰু যোগচর্চাৰ উপকাৰিতাৰ কথা মার্কিন যুক্তৰাষ্ট্রৰ আৰু অধিক লোকৰ ওচৰল চাপিব। মই এইটো জানিও আনন্দিত হৈছে যে এই কেন্দ্রটোৰ জৰিয়তে ৫০০গৰাকী লোকৰ প্ৰত্যক্ষ সংস্থাপন আৰু ১৫ হাজাৰ লোকৰ পৰোক্ষ সংস্থাপন সৃষ্টি হ’ব। এই উদ্যোগৰ বাবে আপোনালোক সকলোকে মোৰ শুভকামনা জনাইছো। ধন্যবাদ। বহুত বহুত ধন্যবাদ। | মার্কিন যুক্তৰাষ্ট্রৰ নিউইয়র্কত ভিডিঅ’ কনফাৰেন্সিংযোগে প্রাকৃতিক আৰোগ্য কেন্দ্রৰ উদ্বোধন উপলক্ষে প্রধানমন্ত্রীৰ ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B8-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B8-2/ | Your Excellency, প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাজী, সন্মানীয় প্ৰতিনিধিগণ, মিডিয়াৰ বন্ধুসকল, নমস্কাৰ! প্ৰধানমন্ত্ৰী দেউবাজীক ভাৰতলৈ আদৰণি জনাই মই খুবেই আনন্দিত। আজি ভাৰতীয় নৱবৰ্ষ আৰু নবৰাত্ৰিৰ পৱিত্ৰ উপলক্ষে দেউবাজীৰ শুভ আগমন হৈছে। মই তেওঁক আৰু ভাৰত তথা নেপালৰ সকলো নাগৰিকক নবৰাত্ৰিৰ বহুত বহুত শুভকামনা জনাইছো। দেউবাজী ভাৰতৰ পুৰণি মিত্ৰ। প্ৰধানমন্ত্ৰী হিচাপে এয়া তেওঁৰ পঞ্চম ভাৰত যাত্ৰা। ভাৰত-নেপালৰ সম্পৰ্কৰ বিকাশত দেউবাজীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বন্ধুসকল, ভাৰত আৰু নেপালৰ বন্ধুত্ব, আমাৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক, এনেকুৱা মিলাপ্ৰীতি বিশ্বত আন ক'তো দেখিবলৈ পোৱা নাযায়। আমাৰ সভ্যতা, আমাৰ সংস্কৃতি, আমাৰ আদান-প্ৰদানৰ এনাজৰি প্ৰাচীন কালৰ পৰা সম্পৃক্ত। অনাদি কালৰ পৰা আমি পৰস্পৰে পৰস্পৰৰ সুখ আৰু দুখৰ সমভাগী হৈ আছো। আমাৰ বন্ধুত্বৰ আধাৰ, সেই আধাৰত আমাৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক, তেওঁলোকৰ মাজত আদান-প্ৰদান আছে। ই আমাৰ সম্পৰ্কক শক্তি দিয়ে, সম্বল দিয়ে। আৰু নেপাল সন্দৰ্ভত ভাৰতৰ নীতি, আমাৰ প্ৰয়াস, এই আত্মীয়তাৰ ভাবনাৰেই অনুপ্ৰাণিত। নেপালৰ শান্তি, প্ৰগতি আৰু বিকাশৰ যাত্ৰাত ভাৰত এক দৃঢ় সংগী হৈ আছে। আৰু সদায় থাকিব। বন্ধুসকল, আজি দেউবাজী আৰু মোৰ মাজত এই সকলো বিষয়, আৰু কেইবাটাও অন্য গুৰুত্বপূৰ্ণ বিষয়টো, সাৰ্থক কথা-বতৰা হৈছে। আমি নিজৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিলো। বিভিন্ন প্ৰজেক্টৰ অগ্ৰগতিৰ সমীক্ষা কৰিলো। আৰু ভৱিষ্যতৰ ৰূপ-ৰেখাৰ ওপৰতো বিচাৰ-বিমৰ্ষ কৰিলো। আমি দুয়ো সহমত যে আমি শক্তি খণ্ডত সহযোগিতাৰ সুযোগৰ সম্পূৰ্ণ মুনাফা ল'ব লাগে। আমাৰ জইণ্ট ভিজন ষ্টেটমেণ্ট অন পাৱাৰ ক'-অপাৰেচন ভৱিষ্যতে সহযোগিতাৰ ব্লুপ্ৰিণ্ট হিচাপে প্ৰতিপন্ন হ'ব। আমি পঞ্চেশ্বৰ পৰিকল্পনাত দ্ৰুত গতিত আগবঢ়াৰ গুৰুত্বৰ ওপৰত জোৰ দিওঁ। এই প্ৰজেক্ট এই ক্ষেত্ৰৰ বিকাশৰ বাবে এক গেম চেঞ্জাৰ হিচাপে প্ৰতিপন্ন হ'ব। আমি ভাৰতীয় কোম্পানীৰ দ্বাৰা নেপালৰ হাইড্ৰ পাৱাৰ ডেভেলপমেন্ট যোজনাবিলাকত আৰু অধিক অংশীদাৰিত্বৰ বিষয়তো সন্মতি ব্যক্ত কৰোঁ। এয়া প্ৰসন্নতাৰ বিষয় যে নেপালে নিজৰ উদ্বৃত্ত শক্তি ভাৰতলৈ ৰপ্তানি কৰি আছে। ইয়াৰ ফলত নেপালৰ অৰ্থনৈতিক প্ৰগতিত ভাল যোগদান থাকিব। মই এই কথা ক'বলৈ পাই আনন্দিত হৈছো যে নেপালৰ পৰা শক্তি আমদানি কৰাৰ আৰু কেইবাটাও প্ৰস্তাৱকো স্বীকৃত কৰা হৈছে। এই কথাক লৈ মই আনন্দিত যে নেপাল ইণ্টাৰনেচনেল ছ'লাৰ এলায়েন্সৰ সদস্য হ'ল। ইয়াৰ ফলত আমাৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী, বহনক্ষম আৰু স্বচ্ছ এনাৰ্জি উৎসাহিত হ'ব। বন্ধুসকল, প্ৰধানমন্ত্ৰী দেউবাজী আৰু মই বাণিজ্য আৰু সকলো প্ৰকাৰৰ ক্ৰছ-ব'ৰ্ডাৰ কানেক্টিভিটি, সেই পদক্ষেপসমূহক অগ্ৰাধিকাৰ দিয়াৰ ওপৰতো সন্মতি প্ৰকাশ কৰিছো। জয়নগৰ-কুৰ্থা ৰে'ললাইনৰ আৰম্ভণি ইয়াৰে এটা অংশ। দুয়োখন দেশৰ মানুহৰ মাজত সুগম, বাধাহীন আদান-প্ৰদানৰ বাবে এনেকুৱা যোজনাই ভাল বৰঙণি যোগাব। নেপালত ৰুপে কাৰ্ডৰ আৰম্ভণিয়ে আমাৰ ফাইনেঞ্চিয়েল কানেক্টিভিটিত এক নতুন অধ্যায়ৰ সংযোজন ঘটাব। অন্য প্ৰজেক্ট যেনে নেপাল পুলিচ অকাডেমী, নেপালগঞ্জত ইণ্টেগ্ৰেটেড চেক পোষ্ট, ৰামায়ণ চাৰ্কিট আদিয়েও দুয়োখন দেশক আৰু ওচৰ চপাই আনিব। বন্ধুসকল, ভাৰত আৰু নেপালৰ অ'পেন ব'ৰ্ডাৰৰ অবাঞ্ছিত তত্ত্বৰ দ্বাৰা অপপ্ৰয়োগ কৰা নহওক, এই সন্দৰ্ভতো আজি আমি আলোচনা কৰো। নিজৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত গভীৰ সহযোগিতা অব্যাহত ৰখাৰ ওপৰতো আমি জোৰ দিছো। মোৰ বিশ্বাস আছে যে আজিৰ আমাৰ কথা-বতৰাই ভাৰত-নেপালৰ সম্পৰ্কৰ ভৱিষ্যতৰ বাবে মহত্বাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ ফলপ্ৰসু হিচাপে প্ৰতিপন্ন হ'ব। দেউবাজী, আপুনি কাইলৈ কাশীত থাকিব। নেপাল আৰু বেনাৰসৰ শতিকা পুৰণি সম্পৰ্ক আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে কাশীৰ নতুন ৰূপ দেখি আপুনি নিশ্চয় প্ৰভাৱিত হ'ব। এবাৰ আকৌ, আপোনাক আৰু আপোনাৰ প্ৰতিনিধি মণ্ডলক ভাৰতলৈ আদৰণি জনাইছো। বহুত বহুত ধন্যবাদ। | নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%AE-%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%BE%E0%A6%A3-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%A8%E0%A6%BF%E0%A6%A7%E0%A6%BF%E0%A7%B0-%E0%A6%85-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%AE-%E0%A6%95%E0%A6%BF%E0%A6%B7%E0%A6%BE%E0%A6%A3-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%A8%E0%A6%BF%E0%A6%A7%E0%A6%BF%E0%A7%B0-%E0%A6%85-2/ | নমস্কাৰ, বিগত কেইবাদিনৰ পৰা চৰকাৰৰ পৃথক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে আলোচনা কৰি আহিছো৷ চৰকাৰে যি আঁচনি প্ৰস্তুত কৰিছে, তাৰ লাভালাভ জনসাধাৰণক কিদৰে প্ৰদান কৰিব পৰা যায়, সেয়া ভালদৰে জানিব বিচাৰিছো, যাতে জনসাধাৰণে প্ৰত্যক্ষভাৱে এই লাভ পাবলৈ সক্ষম হয়৷ এই কাৰ্যসূচীত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থ সহযোগীবৃন্দ, দেশৰ বিভিন্ন ৰাজ্যৰ উপস্থিত মুখ্যমন্ত্ৰীসকল, উপ-ৰাজ্যপাল আৰু উপ-মুখ্যমন্ত্ৰীসকল, দেশৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু দেশৰ বিভিন্ন ঠাইৰ ভাই-ভনীসকল, আজি দেশৰ প্ৰায় ১০ কোটি কৃষকৰ বেংক একাউণ্টত ১৯,৫০০ কোটিতকৈ অধিক টকা পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত সোমাইছে৷ মই দেখি আছো যে একাংশ লোকে নিজৰ মোবাইলত পৰীক্ষা কৰি আছে, কিজানি পইচা সোমালে? ইজনে সিজনক হাত তালি মাৰি আছে৷ এতিয়া বাৰিষাৰ বতৰ আৰু ৰোৱা-বোৱাও চলি আছে, এই ধনে সৰু সৰু কৃষকৰ যথেষ্ট কাম আহিব৷ আজি ১ লাখ কোটি টকা কৃষি আন্তঃগাঁথনি পুঁজিতো এবছৰ সম্পূৰ্ণ হৈছে৷ ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ কৃষক সংগঠনৰ সুবিধা পাইছে৷ ভাই-ভনীসকল, চৰকাৰে কৃষকসকলৰ অতিৰিক্ত আয়ৰ সুযোগ দিবলৈ নতুন নতুন ফচল উৎপাদনত উৎসাহিত কৰাৰ প্ৰতি সম্পূর্ণ দায়বদ্ধ। ‘মৌ পালন অভিযানো’ এনে এক অভিযান। ‘মৌ পালন অভিযান’ৰ জৰিয়তে বিগত বৰ্ষত মই প্রায় ৭০০ কোটি টকাৰ মৌ ৰপ্তানি কৰিছো, ইয়াৰ জৰিয়তে কৃষকসকলৰ অতিৰিক্ত আয় হৈছে। জম্মু-কাশ্মীৰৰ কেশৰতো বিশ্ববিখ্যাত। এতিয়া চৰকাৰে এই সিদ্ধান্ত লৈছে যে জম্মু-কাশ্মীৰৰ কেশৰ সমগ্ৰ দেশত ‘নাফেড’ৰ দোকানসমূহত পোৱা যাব। ইয়াৰ ফলত জম্মু-কাশ্মীৰ কেশৰ খেতি যথেষ্ট উৎসাহিত হ’ব। ভাই-ভনীসকল, আপোনালোকৰ সকলোৰে সৈতে এই বার্তালাপ এনে সময়ত হৈছে, যিসময়ত আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো। কেইদিনমানৰ পাছতে ১৫ আগষ্ট আহিব৷ এইবাৰ দেশে ইয়াৰ ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰিব৷ এই গুৰুত্বপূর্ণ পর্যায়ত আমাৰ বাবে গৌৰৱৰ ক্ষণ হোৱাৰ লগতে নতুন সংকল্প নতুন লক্ষ্যৰৰ বাবেও এক ডাঙৰ সুযোগ। এই উপলক্ষে আমি এইটো ঠিক কৰিব লাগিব হ’ব যে অহা ২৫ বছৰত আমি ভাৰতক ক’ত চাব বিচাৰো৷ দেশে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব ২০৪৭ত তেতিয়া ভাৰতৰ পৰিস্থিতি কি হ’ব, এইটো ঠিক কৰিবলৈ আমাৰ কৃষি, আমাৰ গাঁও, আমাৰ কৃষকসকলৰ ডাঙৰ ভূমিকা আছে। এই সময়ে ভাৰতৰ কৃষিক এটা এনে লক্ষ্য প্রদান কৰিব লাগিব, যি নতুন সমস্যাৰ সন্মুখীন হ’ব পাৰে আৰু নতুন সুযোগসমূহৰ জৰিয়তে সম্পূর্ণ লাভবান হ’ব পাৰে। ভাই-ভনীসকল, এই সময়ত যথেষ্ট ক্ষিপ্ৰতাৰে যি পৰিৱর্তন আহিছে আমি সকলোৱেই তাৰ সাক্ষী। পৰিৱেশেই হওক বা প্রকৃতিগত পৰিৱর্তন, খাদ্যাভ্যাসৰ সৈতে জড়িত পৰিৱর্তন বা মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্বত যিবোৰ পৰিৱর্তন আহিছে; আমি বিগত ডেৰ বছৰত বছৰে ক’ৰোনা মহামাৰীৰ সময়ত এইবোৰ অনুভৱ কৰিছো৷ এই কঠিন সময়ত দেশত খাদ্য আৰু পানীয়ৰ অভ্যাসৰ পৰা আৰুম্ভ কৰি বিভিন্ন বিষয়ত যথেষ্ট সজাগতা আহিছে। গুৰু খাদ্যশস্য যেনে জোৱাৰ, বাজৰা ইত্যাদি, আৰু ফল আৰু মছলাৰ ক্ষেত্রত জৈৱ ফলনৰ চাহিদা এতিয়া দ্রুতগতিত বৃদ্ধি পাইছে৷ সেইবাবে ভাৰতীয় কৃষিকো এতিয়া এই পৰিৱর্তন প্রয়োজন আৰু চাহিদাৰ ভিত্তিত সলনি কৰিব লাগিব৷ মই সদায় বিশ্বাস কৰো আমাৰ দেশৰ কৃষকসকলে এই পৰিৱর্তনবোৰ নিশ্চিতভাৱে আহৰণ কৰিব৷ বন্ধুসকল, এই মহামাৰীৰ সময়তো আমি ভাৰতৰ কৃষকসকলৰ সামর্থ দেখিছো৷ অভিলেখসংখ্যক উৎপাদনৰ লগতে চৰকাৰো চেষ্টা কৰিছে যাতে কৃষকসকলৰ সমস্যা ন্যূনতম হয়। কেন্দ্রীয় চৰকাৰে কৃষি আৰু সংশ্লিষ্ট ক্ষেত্রত বীজ, সাৰ সৰবৰাহৰ পৰা আৰুম্ভ কৰি তেওঁলোকৰ উৎপাদিত শস্য বজাৰলৈ আনি দিয়া যিমান পাৰি চেষ্টা কৰিছে, উপায় উলিয়াইছে। ইউৰিয়াৰৰ যোগান অব্যাহত আছে। ডিএপি, যাৰ দাম আন্তর্জাতিক বজাৰত এই ক’ৰোনাৰ সময় কেইবা গুণ বৃদ্ধি পাইছে। কিন্তু ইয়াৰ বোজাও আমাৰ চৰকাৰে কৃষকসকলৰ ওপৰত পৰিবলৈ দিয়া নাই৷ চৰকাৰে ক্ষিপ্ৰতাৰে এই সমস্যা সমাধানৰ বাবে ১২,০০০ কোটি টকাৰ ব্যৱস্থা কৰিছে। বন্ধুসকল, চৰকাৰে খাৰিফ বা ৰবি শস্যৰ ঋতুতে কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত অভিলেখ পৰিমাণৰ শস্য ক্রয় কৰিছে। ইয়াৰ জৰিয়তে ধান খেতিয়কসকলৰ বেংক একাউণ্টত প্রায় ১.৭০ লাখ কোটি টকা আৰু ঘেঁহু খেতিয়কৰ একাউণ্টত প্রায় ৮৫ হাজাৰ কোটি টকা প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে প্ৰদান কৰা হৈছে। কৃষক আৰু চৰকাৰৰ এই বুজাপৰাৰ ফলতে আজি ভাৰতৰ অন্ন ভাণ্ডাৰ পৰিপূর্ণ হৈ আছে। কিন্তু বন্ধুসকল, আমি দেখিছো যে কেৱল ঘেঁহু, চাউল, চেনিৰ আত্মনির্ভৰতাই যথেষ্ট নহয়। দাইল আৰু তেলৰ ক্ষেত্রতো আত্মনির্ভৰ হোৱাটো অতি প্রয়োজনীয়। ভাৰতৰ কৃষকসকলেৰা এইটো কৰি দেখুৱাব পাৰে। মোৰ মনত আছে, কেইবছৰমান পূৰ্বে যেতিয়া দেশত দাইল দুষ্প্রাপ্য হৈ পৰিছিল তেতিয়া মই দেশৰ কৃষকসকলক দাইলৰ উৎপাদন বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছিলো৷ আমাৰ সেই অনুৰোধ দেশৰ কৃষকসকলে স্বীকাৰ কৰিছিল৷ ফলত বিগত ৬ বছৰত দেশত দাইলৰ উৎপাদন প্রায় ৫০ শতাংশ বৃদ্ধি পাইছে। যি কাম আমি দাইলৰ বাবে কৰিছো বা অতীতত ঘেঁহু-ধানক লৈও কৰিছো, এতিয়া আমি সেই সংকল্পক ভোজ্য তেল উৎপাদনৰ বাবে ল’ব লাগিব৷ এই ভোজ্য তেল উৎপাদনত আমাৰ দেশক আত্মনির্ভৰ কৰি তুলিবলৈ আমিৰ দ্রুতগতিত কাম কৰিব লাগিব। ভাই-ভনীসকল, ভোজ্য তেলত আত্মনির্ভৰতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিচন–পাম অইলৰ সংকল্প লোৱা হৈছে। আজি দেশে ‘ভাৰত ত্যাগ আন্দোলন’ৰ কথা স্মৰণ কৰিছে আৰু এই ঐতিহাসিক দিনে আমাৰ নতুন প্রাণশক্তিতে পৰিপূর্ণ কৰি তুলিব। এই মিচনৰ জৰিয়তে ভোজ্য তেলৰ সৈতে জড়িত ইক’ ছিষ্টেমত ১১,০০০ কোটিতকৈও অধিক টকা বিনিয়োগ কৰা হ’ব। চৰকাৰে কৃষকসকলক উত্তম বীজৰ পৰা আদি কৰি অত্যাধুনিক প্রযুক্তি ইত্যাদি সকলো সুবিধা সুনিশ্চিত কৰিব। এই মিচনৰ জৰিয়তে পাম তেলৰ খেতিক উৎসাহিত কৰাৰ লগতে আমাৰ যি অন্যান্য পাৰম্পৰিক তিল শস্য আছে সেইবোৰৰ খেতিও বৃদ্ধি কৰা হ’ব। বন্ধুসকল, আজি ভাৰতে কৃষি ৰপ্তানিৰ ক্ষেত্রত প্রথমবাৰ বিশ্বৰ শ্রেষ্ঠ ১০খন দেশেৰ তালিকাত উপনীত হৈছে৷ ক’ৰোনা কালতে দেশে কৃষিজাত সামগ্ৰী ৰপ্তানিত নতুন অভিলেখ সৃষ্টি কৰিছে। আজি যেতিয়া ভাৰতে এটা ডাঙৰ কৃষি ৰপ্তানিকাৰক দেশ হিচাপে পৰিচয় লাভ কৰিছে, তেনে অৱস্থাত আমি ভোজ্য তেলৰ প্রয়োজনীয়তাৰ বাবে আমদানিৰ ওপৰতে নির্ভৰ কৰি থকাটো একেবাৰে অনুচিত৷ আমাৰ দ্বাৰা আমদানিকৃত পাম তেলৰ অংশ ৫৫ শতাংশতকৈ অধিক৷ আমাৰ এই পৰিস্থিতি সলনি কৰিব লাগিব৷ ভোজ্য তেল ক্ৰয়ৰ বাবে আমি যি হাজাৰ হাজাৰ কোটি টকা বিদেশৰ আনক দিব লাগে, দেশৰ কৃষকসকলে যেন সেই ধন লাভ কৰে সেয়া চাব লাগিব৷ ভাৰতত তালগাছৰ বাণিজ্যিক খেতিৰ প্রচুৰ সম্ভাৱনা আছে। উত্তৰপূব ভাৰত আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জেত ইয়াক বিশেষভাৱে বৃদ্ধি কৰিব পাৰি। এই ক্ষেত্রত য’ত সহজে তালৰ খেতি হ’ব পাৰে, পাম-তেলৰ উৎপাদন হ’ব পাৰে। বন্ধুসকল, ভোজ্য তেলৰ আত্মনির্ভৰতাৰ এই মিচনৰ বহু লাভ আছে। ইয়াৰ ফলত কৃষকসকলৰ প্রত্যক্ষ লাভতো হ’বই, দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহে কম দামত উন্নতমানৰ তেল লাভ কৰিব। কেৱল ইমানেই নহয়, এই মিচনে বৃহৎ স্তৰত কর্মসংস্থাপন সৃষ্টি কৰিব, খাদ্য প্রস্তুতকৰণ উদ্যোগক উপকৃত কৰিব। বিশেষকৈ ‘ফ্রেছ ফ্রুট বাঞ্চ প্রচেচিঙৰ’ৰ সৈতে জড়িত উদ্যোগে যথেষ্ট বিস্তাৰ লাভ কৰিব। যিবোৰ ৰাজ্যত পাম তেলৰ খেতি হ’ব, তাত পৰিবহণৰ পৰা আদি কৰি খাদ্য প্রস্তুতকৰণ ইউনিটসমূহত যুৱ সম্প্রদায়ৰ যথেষ্ট কর্মসংস্থাপন হ’ব। ভাই-ভনীসকল, পাম তেলৰ খেতি কৰিলে দেশৰ ক্ষু্দ্ৰ কৃষকসকল যথেষ্ট বেশি লাভবান হ’ব৷ তাল গছৰ প্রতি হেক্টৰ উৎপাদন বাকী তিল প্রজাতিৰ শস্যৰ তুলনাত অধিক হয়। অর্থাৎ পাম অইল মিচনে বহু ক্ষুদ্র অংশতো অধিক ফচল উৎপাদন কৰি ক্ষুদ্ৰ কৃষকসকলক অধিক লাভ প্ৰদান কৰিব পাৰে। বন্ধুসকল, আপোনালোকে ভালোদৰে জানে যে দেশৰ ৮০ শতাংশতকৈও অধিক কৃষকসকলৰ ওচৰত দুই হেক্টৰতকৈ অধিক ভূমি নাই। অহা ২৫ বছৰত দেশৰ কৃষিক সমৃদ্ধ কৰিবলৈ এই ক্ষুদ্ৰ কৃষকসকলৰ যথেষ্ট ভূমিকা আছে৷ সেইবাবে এতিয়া দেশৰ কৃষি নীতিত এই ক্ষুদ্ৰ কৃষকসকলক সর্বোচ্চ অগ্রাধিকাৰ দিয়া হৈছে। এই ভাৱনা লৈ বিগত বছৰসমূহত ক্ষুদ্ৰ কৃষকসকলৰ সুবিধা আৰু নিৰাপত্তা প্রদানৰ এক প্রকৃত চেষ্টা কৰা হৈছে। পিএম কিষান নিধিৰ জৰিয়তে এতিয়ালকে ১.৬০লাখ কোটি টকাতকৈও অধিক টকা কৃষকসকলক দিয়া হৈছে। ইয়াৰ জৰিয়তে প্রায় ১লাখ কোটি টকাতো ক’ৰোনাৰ কঠিন সময়ৰ পৰাই ক্ষুদ্ৰ কৃষকসকলে লাভ কৰিছে৷ কেৱল ইমানেই নহয়, ক’ৰোনা কালতে ২ কোটিতকৈ অধিক কিষান ক্রেটিড কার্ড জাৰি কৰা হৈছে, যাৰ ভিতৰত অধিকাংশই ক্ষুদ্ৰ কৃষক। এওঁলোকৰ জৰিয়তে কৃষকসকলে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে। কল্পনা কৰক যদি এই সাহায্য ক্ষুদ্ৰ কৃষকসকলে নাপালেহেতেন, ১০০ বছৰৰ এই সর্ববৃহৎ বিপর্যয়ত তেওঁলোকৰ কি অৱস্থা হ’লহেতেন, তেওঁলোকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্রয়োজনৰ বাবে তেওঁলোকৰ ক’ত ক’ত ঘুৰিব লগীয়া নহ’লহেতেন? ভাই-ভনীসকল, আজি যি কৃষি আন্তঃগাঁথনি গঢ়ি উঠিছে যে যোগাযোগৰ আন্তঃগাঁথনি গঢ়ি উঠিছে বা আৰু ডাঙৰ ডাঙৰ ফুড পার্ক নিৰ্মাণ কৰা হৈছে এইবোৰৰ জৰিয়তেও ক্ষুদ্ৰ কৃষকসকল যথেষ্ট লাভবান হৈছে৷ আজি দেশত বিশেষ কিষান ৰেল আৰম্ভ হৈছে। এই ৰে’লসমূহৰ জৰিয়তে হাজাৰ হাজাৰ কৃষকে তেওঁলোকৰ উৎপাদিত শস্য কম টকাতে পৰিবহণ কৰি দেশৰ ডাঙৰ ডাঙৰ বজাৰসমূহত প্ৰদান কৰি অধিক ধন উপার্জন কৰিছে। সেইদৰে যি বিশেষ আন্তঃগাঁথনি পুঁজি আছে তাৰ জৰিয়তেও ক্ষুদ্ৰ কৃষকসকলৰ বাবে আধুনিক মজুতকৰণৰ সেৱা গঢ় লৈ উঠিছে। বিগত বছৰ চাৰে ছয় হাজাৰতকৈও অধিক প্রকল্প স্বীকৃতি দিয়া হৈছে। এই প্রকল্পসমূহ যিসকলে পাইছে তেওঁলোক মাজত কৃষকসকলো আছে৷ কৃষকসকলৰ সমাজে আৰু কিষান উৎপাদক সংঘৰ ভিতৰত আত্মসহায়ক গোটো আছে আৰু ষ্টার্টআপো আছে। বৰ্তমান আন এটা ডাঙৰ সিদ্ধান্ত চৰকাৰে ঠিক কৰিছে যে ৰাজ্যসমূহত আমাৰ যিসমূহ চৰকাৰী মাণ্ডি আছে সেইবোৰকো এই পুঁজিৰ পৰা সাহায্য দিয়া হ’ব৷ এই পুঁজি ব্যৱহাৰ কৰি আমি চৰকাৰী মাণ্ডিসমূহ উন্নততৰ আৰু অধিক শক্তিশালী কৰিম৷ ভাই-ভনীসকল, আন্তঃগাঁথনি পুঁজিয়েই হওক বা ১০ হাজাৰ কৃষক উৎপাদক সংঘ গঠনেই হওক, সেইবোৰৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলৰ শক্তি বৃদ্ধিৰ চেষ্টা কৰা হৈছে। ক্ষুদ্ৰ কৃষকসকলৰ বজাৰলৈকে যোগাযোগো যথেষ্ট ভাল হ’ব আৰু বজাৰত ইয়াৰ দামদৰ কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাওক। যেতিয়া এফপিঅ’সমূহৰ জৰিয়তে চৰকাৰী ব্যৱস্থাৰ পৰা হাজাৰ হাজাৰ ক্ষুদ্ৰ কৃষক যেতিয়া একগোট হ’ব তেতিয়া তেওঁলোকৰ শক্তি হাজাৰ গুণ বৃদ্ধি পাব৷ ইয়াৰ ফলত খাদ্য প্ৰস্তুতকৰণেই হওক বা ৰপ্তানি; সকলো ক্ষেত্ৰতে কৃষকসকল আনৰ ওপৰত নির্ভৰতা হ্রাস পাব। তেওঁলোকে নিজেও পোনপটীয়াকৈ বিদেশী বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ সিদ্ধান্ত ল’ব পাৰিব। বন্ধন মুক্ত হৈয়েই দেশৰ কৃষকসকলে আৰু ক্ষিপ্ৰতাৰে আগুৱাই যাব পাৰিব৷ এই ভাৱনাৰে আমি অহা ২৫ বছৰত এই সংকল্পক বাস্তবায়িত কৰিব লাগিব। তিল উৎপাদনত আত্মনির্ভৰতাৰ মিচনত আমিৰ এতিয়াৰ পৰাই লাগি যাব লাগিব৷ পুনৰবাৰ পিএম কিষান সন্মান নিধিৰ সকলো হিতাধিকাৰীক মই বহুত বহুত শুভকামনা জনালো। বহুত বহুত ধন্যবাদ! | পিএম কিষাণ সন্মান নিধিৰ অধীনত বিত্তীয় সুবিধাৰ কিস্তি প্ৰদান অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%A6%E0%A7%81/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%A6%E0%A7%81/ | )ৰ পৰা মৃতকৰ নিকট আত্মীয়ক ২ লাখ আৰু আহতসকলক ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰি কয়; “বিহাৰৰ বৈশালীত সংঘটিত হোৱা দুৰ্ঘটনাটো অত্যন্ত দুখজনক। শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰক। প্ৰত্যেকজন মৃতকৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়োৱা হ’ব”। | বিহাৰৰ বৈশালীত সংঘটিত দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A6%A4-%E0%A6%85%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B9%E0%A6%A4-%E0%A6%A5%E0%A6%95%E0%A6%BE-%E0%A6%B8%E0%A6%82/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A6%A4-%E0%A6%85%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B9%E0%A6%A4-%E0%A6%A5%E0%A6%95%E0%A6%BE-%E0%A6%B8%E0%A6%82/ | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনত অব্যাহত থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতি আৰু বিৰাজমান বৈশ্বিক পৰিস্থিতিৰ পৰ্য্যালোচনাৰ অৰ্থে এখনি চিচিএছ বৈঠকত পৌৰহিত্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীক সীমান্ত অঞ্চলৰ লগতে সামুদ্ৰিক আৰু আকাশ ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতিৰ শেহতীয়া অগ্ৰগতি আৰু বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীক ইউক্ৰেইনৰপৰা ভাৰতৰ চুবুৰীয়া দেশসমূহৰ একাংশ নাগৰিকৰ লগতে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে অপাৰেশ্যন গংগাৰ সবিশেষকে ধৰি ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও অৱগত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে খাৰকিভত মৃত্যুবৰণ কৰা নবীন শেখৰাপ্পাৰ নশ্বৰ দেহ ঘূৰাই আনিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে। | ইউক্ৰেইনত অব্যাহত থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতি আৰু বিৰাজমান বৈশ্বিক পৰিস্থিতিৰ পৰ্য্যালোচনাৰ অৰ্থে এখনি চিচিএছ বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%82%E0%A6%B9%E0%A6%BE%E0%A6%AE-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%82%E0%A6%B9%E0%A6%BE%E0%A6%AE-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5/ | বাৰ্মিংহাম কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মল্লযুঁজাৰু দীপক পুনিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "দীপক পুনিয়াৰ দৰ্শনীয় ক্ৰীড়া প্ৰদৰ্শনক লৈ আমি গৌৰৱ অনুভৱ কৰিছো। তেওঁ ভাৰতৰ গৌৰৱ আৰু ভাৰতক বহু সন্মান দিছে। তেওঁ সোণৰ পদক লাভ কৰাত প্ৰতিজন ভাৰতীয়ই উল্লসিত। আগন্তুক সকলো প্ৰচেষ্টাৰ বাবে তেওঁক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।" | বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে মল্লযুঁজাৰু দীপক পুনিয়ালৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%E0%A6%95/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%E0%A6%95/ | নমস্কাৰ! ৰাষ্ট্ৰৰ সুৰক্ষাৰে জড়িত এই গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে সংযোজিত হোৱা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমান ৰাজনাথ সিং জী, প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমান অজয় ভট্ট জী, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াবৰ্গ, আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা বন্ধুসকল! দুদিন আগতে মাত্ৰ নৱৰাত্ৰীৰ এই পবিত্ৰ পৰ্বত অষ্টমীৰ দিনা দেশৰ এক বহুত ‘কম্প্ৰিহেনছিভ প্লেনিং’-ক লৈ গতি শক্তিৰ এক কাৰ্যক্ৰম মুকলি কৰাৰ পিচত আজি ‘বিজয়াদশমী’ৰ দিনা ৰাষ্ট্ৰক অধিক সবল কৰি তোলাৰ বাবে, ৰাষ্ট্ৰক অজেয় কৰাৰ বাবে যিসকলে দিন-ৰাতি একাকাৰ কৰি আছে তেওঁলোকৰ সামৰ্থ্যৰ ক্ষেত্ৰত আৰু অধিক আধুনিকতা অনাৰ বাবে এক নতুন দিশৰ ফালে ধাৱমান হোৱাৰ অৱসৰ, আৰু সেয়াও আক’ ‘বিজয়াদশমী’ৰ পবিত্ৰ পৰ্বত, এয়াই নিশ্চয় স্বতঃস্ফূৰ্ত ভাবেই এক শুভ সংকেত লৈয়ে আহিছে! এই কাৰ্যক্ৰমৰ শুভাৰম্ভণি ভাৰতৰ মহান পৰম্পৰাক সাৰোগত কৰি অস্ত্ৰ-পূজনৰে কৰা হৈছে। আমি শক্তিক সৃজনৰ মাধ্যম বুলিয়ে মানি আহিছো। এই ভাৱনাৰেই, দেশে নিজৰ সামৰ্থ্যক বঢ়াই আছে, আৰু আপোনালোক সকলোৱে দেশৰ এই সংকল্পৰ সাৰথীও হৈছে। মই আপোনালোক আটাইকে, আৰু সমগ্ৰ দেশকো এই সুযোগতে আকৌ এবাৰ ‘বিজয়াদশমী’ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। বন্ধুসকল, আজিৰ দিনটোতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ‘ভাৰতৰত্ন’ ডক্টৰ এ পি জে আব্দুল কালাম জীৰো জন্ম জয়ন্তী। কালাম চাহাবে যিদৰে নিজৰ জীৱনক শক্তিশালী ভাৰতৰ নিৰ্মাণ কৰাৰ বাবে উত্সৰ্গিত কৰিছিল, এয়া আমি সকলোৰে বাবে অনুপ্ৰেৰণাৰে নিদৰ্শন। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আজি যি ৭টা প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছো, সেয়াই ৰাষ্ট্ৰৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰৰ সংকল্পকো আৰু অধিক দৃঢ়তা প্ৰদান কৰিব। বন্ধুসকল, এইটো বৰ্ষত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত প্ৰৱেশ কৰিছে। স্বাধীনতাৰ এই অমৃতকালত দেশে এক নতুন ভৱিষ্যত নিৰ্মাণৰ বাবে নতুন সংকল্প গ্ৰহণ কৰিছে। আৰু যিবোৰ কাম দশকৰ পিচত দশক ধৰি নোহোৱাকৈ আছিল, সেইবোৰ কাম সম্পূৰ্ণ কৰিও আছে। ৪১টা ‘অৰ্ডিনেন্স ফেক্টৰী’ক নতুন ৰূপত গঢ়ি তোলাৰ সিদ্ধান্ত, ৭টা নতুন প্ৰতিষ্ঠানৰ শুভাৰম্ভ, দেশৰ এই সংকল্প যাত্ৰাৰে অংশ হয়। এই সিদ্ধান্ত যোৱা ১৫-২০বছৰ ধৰি ওলমি ৰৈছিল। এই সাতোটা প্ৰতিষ্ঠানেই আগন্তুক সময়ত ভাৰতৰ সৈনিক শক্তিৰ এক বহুত ডাঙৰ বুনিয়াদ হৈ উঠিব। বন্ধুসকল, আমাৰ ‘অৰ্ডিনেন্স ফেক্টৰী’সমূহক পৃথিৱীৰ শক্তিশালী সংস্থাসমূহৰ অন্যতম বুলিয়েই গণ্য কৰি অহা হৈছিল। এই কাৰখানাসমূহৰ এশ-ডেৰশ বছৰৰ অভিজ্ঞতা আছে। বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ ‘অৰ্ডিনেন্স ফেক্টৰী’সমূহৰ দক্ষতা পৃথিৱীয়ে প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিল। আমাৰ হাতত উন্নত সংসাধন মজুত আছিল, বিশ্বমানৰ কৌশল আছিল। স্বাধীনতাৰ পিচত আমি এই কাৰখানাসমূহক ‘আপগ্ৰেড’ কৰাৰ প্ৰয়োজন আছিল; নতুন যুগৰ প্ৰযুক্তিৰে সমৃদ্ধ কৰাৰ প্ৰয়োজন আছিল। কিন্তু এই ক্ষেত্ৰত বিশেষ ধ্যান দিয়া নহ’ল। সময়ান্তৰত ভাৰতে নিজৰ সামৰিক প্ৰয়োজনীয়তা পূৰণৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়াত পৰে। এই পৰিস্থিতিকে সলনি কৰাৰ বাবেই এই সাতটা নতুন প্ৰতিৰক্ষা প্ৰতিষ্ঠানে বৃহত্ ভূমিকা পালন কৰিব। বন্ধুসকল, ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ অধীনত ভাৰতক নিজৰ সামৰ্থ্যৰ ভেটিত পৃথিৱীৰ বৃহত্ সামৰিক শক্তি হিচাপে গঢ়ি তোলা, ভাৰতত আধুনিক সামৰিক উদ্যোগৰ বিকাশ কৰাৰ বাবে দেশে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। বিগত সাতটা বছৰত দেশত ‘মে’ক ইন ইণ্ডিয়া’-ৰ মন্ত্ৰ সাৰোগত কৰি নিজৰ এই সংকল্প আগুৱাই নিয়াৰ কাম কৰিছে। আজিৰ তাৰিখত দেশৰ প্ৰতিৰক্ষা খণ্ডত যিমান ‘ট্ৰেন্সফাৰেন্সী’ আছে, যিমান ‘ট্ৰাষ্ট’ আছে, আৰু ‘টেকন’লজী ড্ৰিভেন এপ্ৰ’ছ’ আছে, সিমানখিনি আগতে কেতিয়াও নাছিল। স্বাধীনতাৰ পিচত এই প্ৰথমবাৰ আমাৰ প্ৰতিৰক্ষা খণ্ডত ইমান বৃহত্ সংস্কাৰ সাধন কৰা হৈছে; বাধাৰ সৃষ্টি কৰিব পৰা নীতিসমূহৰ পৰিৱৰ্তে ‘ছিংগল উইণ্ড’ পদ্ধতিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত আমাৰ উদ্যোগৰ ‘কনফিডেন্স’ বাঢ়িব। আমাৰ ভাৰতৰ প্ৰতিষ্ঠানে প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰতো নিজৰ বাবে সম্ভৱনাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছে, আৰু এতিয়া ব্যক্তিগত খণ্ড আৰু চৰকাৰে একেলগে মিলি ৰাষ্ট্ৰৰ ‘প্ৰতিৰক্ষা মিছন’ক আগুৱাই নিব। উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ ‘ডিফেন্স ক’ৰিডৰ’ৰ উদাহৰণ আমাৰ সন্মুখত আছেই। ইমান কম সময়ত বৃহত্ বৃহত্ প্ৰতিষ্ঠানসমূহে ‘মে’ক ইন ইণ্ডিয়া’-ৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰদৰ্শন কৰিবলৈ লৈছে। ইয়াৰ পৰা দেশৰ যুৱ-প্ৰজন্মৰ বাবে নতুন নতুন কৰ্ম-সংস্থানৰ সুযোগ সৃষ্টি হোৱাৰ লগতে যোগান-শৃংখলৰ ৰূপত বহু ‘এমএছএমই’-ৰ বাবে নতুন সম্ভৱনাৰ সৃষ্টি কৰিছে। দেশত যি নীতিগত পৰিৱৰ্তন কৰা হৈছে, তাৰ পৰিণামতে বিগত ৫টা বছৰত আমাৰ প্ৰতিৰক্ষা ৰপ্টানীৰ পৰিমাণ ৩২৫শতাংশৰো অধিক পৰিমাণে বৃদ্ধি পাইছে। বন্ধুসকল, অলপ সময় আগতে মাত্ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এনে ১০০ৰো অধিক সামৰিক উপকৰণৰ এখন তালিকা প্ৰকাশ কৰিছে, যিবোৰ উপকৰণ এতিয়াৰে পৰা আৰু বাহিৰৰ পৰা আমদানী কৰা নহব। এই নতুন প্ৰতিষ্ঠানসমূহৰ বাবেও দেশে এতিয়াৰে পৰাই ৬৫ হাজাৰ কোটি টকাৰ ফৰমাইছ দিয়েই থৈছে। এই কথাই আমাৰ প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতি দেশে দেখুওৱা আস্থাকে প্ৰতিপন্ন কৰে। বৃদ্ধি পাই অহা আস্থা পৰিলক্ষিত হ’বলৈ ধৰিছে। এটা প্ৰতিষ্ঠানে ‘এমুনিশ্যন’ আৰু ‘এক্সপ্ল’চিভ’ৰ প্ৰয়োজনীয়তা পূৰণ কৰিব যদি আন এটা প্ৰতিষ্ঠানে সেনাৰ যান-বাহন নিৰ্মাণ কৰিব। সেইদৰে, ‘এডভান্সড ৱে’পনছ’ আৰু ‘ইকুইপমেণ্ট’-য়েই হওক, ‘ট্ৰুপছ কমফৰ্ট আইটেম’য়েই হওক, ‘অপ্টিকেল ইলেক্ট্ৰনিক্স’য়েই হওক অথবা ‘পেৰাচ্যুট্ছ’, আমাৰ লক্ষ্য হ’ব কেৱল ভাৰতৰ একোটা প্ৰতিষ্ঠানে যাতে এই ক্ষেত্ৰত ‘এক্সপাৰ্টাইজ’ আহৰণ কৰাই নহয়, বৰং বিশ্ব প্ৰেক্ষাপটত এক ‘ব্ৰেণ্ড’ হিচাপেও পৰিগণিত হয়। ‘কম্পিটিটিভ কষ্ট’ আমাৰ শক্তি, ‘কোৱালিটী’ আৰু ‘ৰিলায়েবিলিটী’ আমাৰ পৰিচয় হোৱা উচিত। বন্ধুসকল, এই নতুন ব্যৱস্থাৰ দ্বাৰা আমাৰ ‘অৰ্ডিনেন্স’ কাৰখানাত যিসমূহ প্ৰতিভা আছে, যিয়ে কিবা নহয় কিবা নতুন কৰিব খোজে, তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব। যেতিয়া এনেধৰণৰ পাৰদৰ্শিতাই উদ্ভাৱনৰ সুযোগ লাভ কৰে, কিবা কৰি দেখুওৱাৰ সুযোগ পায়, তেওঁলোকে আশ্চৰ্যকৰ দৃষ্টান্তই সম্ভৱ কৰি তোলে। আপোনালোকে নিজৰ পাৰদৰ্শিতাৰে, যি সামগ্ৰী নিৰ্মাণ কৰি দেখুৱাব সেয়াই ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ ক্ষমতাতো বৃদ্ধি কৰিবই, স্বাধীনতাৰ পিচত যি ব্যৱধানৰ সৃষ্টি হৈছিল, তাকো আঁতৰ কৰিব বুলি মোৰ বিশ্বাস হৈছে। বন্ধুসকল, একৈশ শতিকাত কোনো দেশেই হওক অথবা কোনো প্ৰতিষ্ঠানেই হওক, ইয়াৰ ‘গ্ৰ’থ’ আৰু ‘ব্ৰেণ্ড ভেল্যু’ ইয়াৰ গৱেষণা আৰু উদ্ভাৱন পাৰদৰ্শিতাৰ আধাৰতে নিৰ্ণিত হয়। ‘ছফ্টৱে’ৰ’ৰ পৰা ‘স্পেচ ছেক্টৰ’লৈ, ভাৰতৰ ‘গ্ৰ’থ’, ভাৰতৰ নতুন পৰিচয় ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ। সেয়ে, মই সাতোটা প্ৰতিষ্ঠানেই বিশেষ ভাবে ‘গৱেষণা আৰু উদ্ভাৱন’ক নিজৰ কৰ্ম-সংস্কৃতিৰ অংগ কৰি ল’ব বুলি আশা কৰিছো। এই দুই বিষয়ে প্ৰাথমিকতা পোৱা উচিত হ’ব। আপোনালোকে কেৱল পৃথিৱীৰ বৃহত্ প্ৰতিষ্ঠানসমূহৰ সমকক্ষ হ’বলৈ চেষ্টা কৰিলেই নহ’ব, বৰং ‘ফিউচাৰ টেকন’লজী’ত নেতৃত্বও প্ৰদান কৰিব লাগিব। সেয়ে, আপোনালোকে নতুন চিন্তা, গৱেষণা পীপাসু যুৱ-যুৱতীক অধিক সুযোগ দিয়ক, তেওঁলোকক চিন্তা কৰাৰ বাবে অধিক স্বাধীনতা প্ৰদান কৰক। মই দেশৰ ‘ষ্টাৰ্টআপ’সমূহকো এই ৭টা প্ৰতিষ্ঠানৰ জৰিয়তে আজি দেশে যি নতুনৰ শুভাৰম্ভ কৰিছে, তাৰ অংগ হ’বলৈ আহ্বান জনাব খুজিছো। আপোনালোকৰ গৱেষণা, আপোনালোকৰ উত্পাদিত সামগ্ৰীসমূহ কেনেকৈ এই প্ৰতিষ্ঠানসমূহৰে আদান-প্ৰাদন কৰি পৰস্পৰৰ ক্ষমতা বৃদ্ধিৰে লাভান্বিত হ’ব পাৰে এই দিশত আপোনালোকেও চিন্তা কৰা উচিত বুলি ভাবিছো। বন্ধুসকল, চৰকাৰে কেউটা প্ৰতিষ্ঠানকে একোটা উন্নত ‘প্ৰডাকশ্যন এনভাৰ্নমেণ্ট’ দিয়াৰ লগতে সম্পূৰ্ণ ‘ফাংশ্যনেল অটনমী’ও দিছে। ইয়াৰ লগতে এই কাৰখানাসমূহৰ কৰ্মচাৰীসকলৰ কল্যাণ সুৰক্ষিত কৰাৰ কথাও সুনিশ্চিত কৰিছে। মই ভাবো আপোনালোকৰ ‘এক্সপাৰ্টাইজ’-ৰ দ্বাৰা দেশৰ বহুত লাভ হ’ব আৰু আমি সকলোৱে মিলি ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোনটোকো বাস্তৱায়িত কৰিবগৈ পাৰিম। এই আশাৰেই আকৌ এবাৰ আপোনালোক আটাইকে ‘বিজয়াদশমী’ৰ বহুত বহুত শুভকামনা জনালো। সকলোকে বহুত বহুত ধন্যবাদ! | প্ৰতিৰক্ষা বাহিনীৰ নতুনকৈ গঠন কৰা ৭টা প্ৰতিষ্ঠান ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F/ | ভাৰত চৰকাৰে ভগৱান বিৰছা মুণ্ডাৰ জন্মবার্ষিকী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ কথা ঘোষণা কৰিছে। এই উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৰাঁচিত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয়ৰ উদ্বোধন কৰে। অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু একাধিক কেন্দ্রীয় মন্ত্রী উপস্থিত আছিল। এই উপলক্ষে এখন জনসভাত প্রধানমন্ত্রীয়ে কয়, "স্বাধীনতাৰ এই অমৃতকালত দেশে সিদ্ধান্ত লৈছে যে, আদিবাসী পৰম্পৰা আৰু তেওঁলোকৰ বীৰত্বৰ কাহিনীবিলাকক আৰু অধিক অর্থৱহ কৰি যথার্থ পৰিচিতি দিয়া হ'ব। ইয়াৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে যে, প্রতি বছৰে আজিৰ দিনটো অর্থাৎ ১৫ নৱেম্বৰ ভগৱান বিৰছা মুণ্ডাৰ জন্মবার্ষিকী ‘জনজাতীয় গৌৰৱ দিৱস’ হিচাপে উদযাপন কৰা হ'ব।" তেওঁ ঐতিহাসিক এই মুহূর্তত দেশবাসীক শুভেচ্ছা জনায়। শ্রী অটল বিহাৰী বাজপেয়ীক শ্রদ্ধা জনাই প্রধানমন্ত্রীয়ে কয়, "তেওঁৰ গভীৰ ইচ্ছাশক্তিৰ বাবেই ঝাৰখণ্ড ৰাজ্য গঢ়ি উঠে। অটলজীয়েই প্রথম ব্যক্তি, যাৰ আন্তৰিকতাৰ ফলতেই দেশত প্রথমবাৰ চৰকাৰৰ পৃথক এটা আদিবাসী মন্ত্রালয় গঢ়ি তোলা হয়।" একেদৰে, দেশৰ নীতিৰ সৈতে আদিবাসী মানুহৰ স্বার্থ সংলগ্ন কৰা হয় বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয়ৰ বাবে আদিবাসী সমাজ আৰু দেশৰ প্রত্যেক নাগৰিকক অভিনন্দন জনায়। এই সংগ্রহালয় বিবিধতাপূর্ণ আদিবাসী সংস্কৃতিৰ জীৱন্ত প্রতিষ্ঠান, য'ত স্বাধীনতা সংগ্ৰামৰ আদিবাসী বীৰ পুৰুষ আৰু মহিলা সংগ্রামীসকলৰ অবদান তুলি ধৰা হৈছে। ভগৱান বিৰছা মুণ্ডাৰ পৰিকল্পনা সম্পর্কে প্রধানমন্ত্রীয়ে কয়, "ভগৱান বিৰছাই জানিছিল, আধুনিকতাৰ নামত আদিবাসী পৰম্পৰা, অতীত পৰিচিতি আৰু প্রকৃতিৰ সৈতে বিৰূপ আচৰণে কেতিয়াও সমাজত কল্যাণ কৰিব নোৱাৰে। তেওঁ লগতে আধুনিক শিক্ষাৰ সমর্থক আছিল আৰু সমাজৰ সমস্ত অসমতা আৰু কুপ্রথাৰ বিৰুদ্ধে শক্তিশালী প্ৰশ্ন কৰিছিল।" প্রধানমন্ত্রীয়ে আৰু কয়, "স্বাধীনতা সংগ্রামৰ উদ্দেশ্যই আছিল ভাৰতৰ ক্ষমতাৰ হস্তান্তৰ, যাতে ভাৰতীয়সকলে দেশৰ স্বার্থত সিদ্ধান্ত ল'ব পাৰে। 'ধৰতি আবা'ৰ বাবে তেওঁৰ যুঁজ আছিল ভাৰতৰ আদিবাসী সমাজৰ অস্তিত্ব বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰা। ভগৱান বিৰছা মুণ্ডা সমাজৰ বাবেই জীয়াই আছিল, তেওঁ সংস্কৃতি আৰু দেশৰ বাবে জীৱন উৎসর্গ কৰিছিল। সেয়ে আজিও তেওঁ আমাৰ আস্থাত জীৱিত হৈ আছে, ভগৱান হিচাপে আমাৰ আত্মাত নিহিত হৈ আছে। 'ধৰতি আবা' বৰ বেছি দিন জীৱিত নাছিল।" কিন্তু, তেওঁ কম সময়তেই দেশৰ এক সম্পূর্ণ ইতিহাস ৰচনা কৰিছিল, যি আজিও দেশত প্রজন্মৰ পিছত প্রজন্মক পথ দেখুৱায় বুলি প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে। | প্রধানমন্ত্রীয়ে জনজাতীয় গৌৰৱ দিৱসত ৰাঁচিত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয় উদ্বোধন কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%AB%E0%A6%B2%E0%A6%9B%E0%A7%B0-%E0%A6%95%E0%A6%A8%E0%A6%AD%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%AB%E0%A6%B2%E0%A6%9B%E0%A7%B0-%E0%A6%95%E0%A6%A8%E0%A6%AD%E0%A6%AF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত অসম ৰাইফলছৰ কনভয়ত ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। তেওঁ আজি শ্বহীদ হোৱা সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ ‘মণিপুৰত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ। আজি শ্বহীদ হোৱা সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ আত্মবলিদান কেতিয়াও পাহৰিব পৰা নাযাব। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছোঁ।’ , | মণিপুৰত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত চলা আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%B2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%B2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাল লোক প্ৰকল্পৰ প্ৰথম পৰ্যায় দেশবাসীলৈ উৎসৰ্গা কৰাৰ লগতে মধ্যপ্ৰদেশৰ উজ্জয়িনীত থকা মহাকাল মন্দিৰৰ অন্তৰ্ভাগত পূজা আৰু আৰতি পালন কৰাৰ পিছত এক ৰাজহুৱা অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পিছত তেওঁক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছত প্ৰখ্যাত গায়ক শ্ৰী কৈলাশ খেৰে শ্ৰী মহাকালৰ স্তুতি গান প্ৰস্তুত কৰাৰ লগতে আৰু এটা আলোক, ধ্বনি তথা সুবাসৰ প্ৰদৰ্শনী কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ভগৱান মহাকালক প্ৰশংসা কৰি ভাষণত কয়, "জয় মহাকাল! উজ্জয়িনীৰ এই শক্তি, এই উৎসাহ, অৱন্তিকাৰ এই আভা, এই আশ্চৰ্যকৰতা, এই আনন্দ! মহাকালৰ এই মহিমা, এই মহানতা! 'মহাকাল লোক'ত সাংসাৰিক একো নাই। শংকৰৰ সান্নিধ্যত সাধাৰণ বুলি একো নাই। সকলোবোৰ অতিপ্ৰাকৃতিক আৰু অসাধাৰণ। এয়া পাহৰিব নোৱাৰি আৰু অবিশ্বাস্য ধৰণৰ।" প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কোনোবাই মহাকালৰ আশীৰ্বাদ লাভ কৰে, তেন্তে কালৰ অস্তিত্ব (সময়) স্তব্ধ হৈ পৰে, সময়ৰ সীমা বিলীন হৈ যায় আৰু সৌম্যৰ পৰা অসীমলৈ যাত্ৰা আৰম্ভ হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে জ্যোতিষ গণনা অনুসৰি উজ্জয়িনী কেৱল ভাৰতৰ কেন্দ্ৰই নহয়, ই ভাৰতৰ আত্মাৰ কেন্দ্ৰও হৈ আহিছে। উজ্জয়িনী এনে এখন চহৰ যাক সাতটা পৱিত্ৰ বিশুদ্ধিৰ ভিতৰত গণ্য কৰা হয় আৰু এনে এখন ঠাই য'ত ভগৱান কৃষ্ণ স্বয়ং শিক্ষাৰ বাবে ইয়ালৈ আহিছিল। উজ্জয়িনীত ৰজা বিক্ৰমাদিত্যৰ সৌন্দৰ্য আৰু ভাৰতৰ সোণালী যুগৰ আৰম্ভণি দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে উজ্জয়িনীয়ে নিজেই ইতিহাসৰ আকৰ। "উজ্জয়িনীৰ প্ৰতিটো কণা আধ্যাত্মিকতাৰে আৱৰি আছে, আৰু ই প্ৰতিটো কোণে আধ্যাত্মিকতাৰ শক্তি প্ৰদান কৰে।" প্ৰধানমন্ত্ৰীয়ে কয়, "উজ্জয়িনীয়ে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ সম্পদ আৰু সমৃদ্ধি, জ্ঞান আৰু মৰ্যাদা, সভ্যতা আৰু সাহিত্যক নেতৃত্ব দি আহিছে।" প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে, "সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ দেশখনে ইয়াৰ সাংস্কৃতিক উচ্চতা স্পৰ্শ কৰি নিজৰ পৰিচয়ৰ সৈতে গৌৰৱেৰে থিয় হোৱাটো প্ৰয়োজনীয়।" সাংস্কৃতিক আত্মবিশ্বাসৰ গুৰুত্ব অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে কয়, "এখন ৰাষ্ট্ৰৰ সাংস্কৃতিক বৈভৱ তেতিয়াহে ইমান বিশাল হয় যেতিয়া ইয়াৰ সফলতাৰ ধ্বজ্বা বিশ্ব মঞ্চত উৰিবলৈ আৰম্ভ কৰে। আৰু, সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ, ৰাষ্ট্ৰখনে ইয়াৰ সাংস্কৃতিক উৎকৰ্ষতাৰ স্পৰ্শ কৰাটোও প্ৰয়োজনীয় আৰু ইয়াৰ পৰিচয়ৰ সৈতে গৌৰৱেৰে থিয় হোৱাটোও প্ৰয়োজনীয়।" "সেয়েহে আজাদী কা অমৃত কালত ভাৰতে "দাসত্বৰ মানসিকতাৰ পৰা মুক্তি" আৰু "আমাৰ ঐতিহ্যৰ ওপৰত গৌৰৱ"ৰ দৰে পঞ্চ পণৰ আহ্বান জনাইছে, তেওঁ লগতে কয়। একেটা উদ্দেশ্যৰে, অযোধ্যাৰ বিশাল ৰাম মন্দিৰৰ উন্নয়নমূলক কাম দ্ৰুত গতিত চলি আছে। "কাশীৰ বিশ্বনাথ ধামে ভাৰতৰ সাংস্কৃতিক ৰাজধানীত গৌৰৱ বৃদ্ধি কৰিছে। উন্নয়নৰ কামবোৰে সোমনাথত নতুন অভিলেখ স্থাপন কৰিছে। উত্তৰাখণ্ডত বাবা কেদাৰৰ আশীৰ্বাদত কেদাৰনাথ-বদ্ৰীনাথ তীৰ্থযাত্ৰা এলেকাত উন্নয়নৰ নতুন অধ্যায় ৰচনা হৈছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ চাৰিওখন ধামে চাৰধাম প্ৰকল্পৰ জৰিয়তে সকলো বতৰ-অনুকূল পথৰ দ্বাৰা সংযোগ স্থাপন কৰিবলৈ গৈ আছে", প্ৰধানমন্ত্ৰীয়ে কয়। "স্বদেশ দৰ্শন আৰু প্ৰসাদ যোজনাৰ সহায়ত সমগ্ৰ দেশতে আমাৰ আধ্যাত্মিক চেতনাৰ এনে বহুতো কেন্দ্ৰৰ গৌৰৱ পুনৰুদ্ধাৰ কৰা হৈছে। আৰু এতিয়া এই শৃংখলাটোত এই বিশাল 'মহাকাল লোক'-ও অতীতৰ গৌৰৱৰ সৈতে ভৱিষ্যতক স্বাগতম জনাবলৈ সাজু হৈছে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে জ্যোতিৰ্লিংগৰ গুৰুত্বৰ বিষয়ে তেওঁৰ ধাৰণা ব্যাখ্যা কৰে। তেওঁ কয়, "মই বিশ্বাস কৰোঁ, আমাৰ জ্যোতিৰ্লিংগৰ এই বিকাশ হৈছে ভাৰতৰ আধ্যাত্মিক পোহৰৰ বিকাশ, ভাৰতৰ জ্ঞান আৰু দৰ্শনৰ বিকাশ। ভাৰতৰ এই সাংস্কৃতিক দৰ্শন আকৌ এবাৰ সন্মিলিত হৈছে আৰু বিশ্বক পথ প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান মহাকাল হৈছে একমাত্ৰ জ্যোতিৰ্লিংগ যি দক্ষিণৰ ফালে মুখ কৰি আছে আৰু শিৱৰ এনে ধৰণৰ ৰূপ, যাৰ ভস্ম আৰতি সমগ্ৰ বিশ্বতে বিখ্যাত। "প্ৰতিজন ভক্তই নিশ্চিতভাৱে ভস্ম আৰতিক তেওঁৰ জীৱনত দৰ্শন কৰিবলৈ বিচাৰে। মই এই পৰম্পৰাত আমাৰ ভাৰতৰ জীৱনীশক্তি আৰু অনুনাদো দেখিছো", শ্ৰী মোদীয়ে লগতে কয়। ভগৱান শিৱৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, "স্বয়ম ভূতিম বিভূষণ", অৰ্থাৎ ভস্ম পৰিধান কৰাজন হৈছে 'সৰ্বধিম্পা সদায়েই'। তেওঁ চিৰন্তন আৰু অবিনাশীও। সেয়েহে, য'ত মহাকাল আছে, সময়ৰ কোনো সীমা নাই। "মহাকালৰ আশ্ৰয়স্থলত বিষতো কম্পনৰ সৃষ্টি হয়। মহাকালৰ উপস্থিতিত আনকি ধ্বংসৰ পৰাও পুনৰুজ্জীৱিত হয়", তেওঁ লগতে কয়। দেশৰ জীৱনত আধ্যাত্মিক ভূমিকাৰ বিষয়ে অধিক বৰ্ণনা কৰি শ্ৰী মোদীয়ে কয়, "এয়া আমাৰ সভ্যতাৰ আধ্যাত্মিক আত্মবিশ্বাস যাৰ বাবে ভাৰত হাজাৰ হাজাৰ বছৰ ধৰি অমৰ হৈ আছে। যেতিয়ালৈকে আমাৰ বিশ্বাসৰ এই কেন্দ্ৰবোৰ জাগ্ৰত হৈ থাকে, ভাৰতৰ চেতনা জাগ্ৰত হৈ থাকিব আৰু ভাৰতৰ আত্মা জাগ্ৰত হৈ থাকিব। ইতিহাসৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ইলতুৎমিছৰ দৰে আক্ৰমণকাৰীৰ কথা উল্লেখ কৰে যিয়ে উজ্জয়িনীৰ শক্তি ধ্বংস কৰাৰ প্ৰচেষ্টা চলাইছিল। শ্ৰী মোদীয়ে অতীতত ভাৰতক শোষণ কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ কথাও স্মৰণ কৰে। শ্ৰী মোদীয়ে আমাৰ ঋষি আৰু ঋষিসকলৰ উদ্ধৃতি দি কয়, "মহাকাল শিৱৰ আশ্ৰয়ত মৃত্যুৱে আমাৰ কি কৰিব পাৰে? তেওঁ কয়, "ভাৰত পুনৰুজ্জীৱিত হৈছিল, তাৰ পিছত বিশ্বাসৰ এই প্ৰামাণিক কেন্দ্ৰসমূহৰ শক্তিৰ পৰা পুনৰ উত্থান হৈছিল। আজি আকৌ এবাৰ আজাদী কা অমৃত মহোৎসৱত অমৰ অৱন্তিকাই ভাৰতৰ সাংস্কৃতিক অমৰত্বৰ কথা ঘোষণা কৰিছে।" ভাৰতৰ বাবে ধৰ্মৰ অৰ্থ কি তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া আমাৰ কৰ্তব্যসমূহৰ এক সামূহিক নিৰ্ণয়। "আমাৰ সংকল্পৰ লক্ষ্য হৈছে বিশ্বৰ কল্যাণ আৰু মানৱজাতিৰ সেৱা।" শ্ৰী মোদীয়ে পুনৰ কয় যে আমি ভগৱান শিৱক উপাসনা কৰোঁ আৰু বিশ্বপতিক প্ৰণাম জনাইছো যি বিভিন্ন ধৰণে সমগ্ৰ বিশ্বৰ কল্যাণত নিয়োজিত হৈ আছে। তেওঁ লগতে কয়, "ভাৰতৰ তীৰ্থযাত্ৰা, মন্দিৰ, মঠ আৰু বিশ্বাস কেন্দ্ৰসমূহৰ এয়া সদায়েই আত্মা হিচাপে বিবেচিত হৈ আহিছে।" "বিশ্বৰ মংগলৰ বাবে, বিশ্বৰ হিতৰ বাবে ইয়াৰ পৰা কিমান অনুপ্ৰেৰণাৰ সৃষ্টি হ’ব পাৰে?", শ্ৰী মোদীয়ে কয়। আধ্যাত্মিকতা আৰু শিক্ষাৰ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ দৰে আধ্যাত্মিক কেন্দ্ৰসমূহ ধৰ্মৰ লগতে জ্ঞান, দৰ্শন আৰু কলাৰ ৰাজধানী হৈ আহিছে আৰু উজ্জয়িনীৰ দৰে ঠাইসমূহ জ্যোতিৰ্বিজ্ঞানসম্পৰ্কীয় গৱেষণাৰ কেন্দ্ৰ হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজিৰ নতুন ভাৰতে ইয়াৰ প্ৰাচীন মূল্যবোধৰ সৈতে আগবাঢ়িছে আৰু লগতে বিশ্বাসৰ লগতে বিজ্ঞান আৰু গৱেষণাৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছে। "আজি আমি জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ বৃহৎ শক্তিৰ সমপৰ্যায় হৈ থিয় দিছোঁ।" চন্দ্ৰযান আৰু গগনযানৰ দৰে ভাৰতৰ মহাকাশ অভিযানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ভাৰতেও মহাকাশলৈ আন দেশৰ উপগ্ৰহ উৎক্ষেপণ কৰি আছে। "ভাৰত আকাশত উৰিবলৈ সাজু", শ্ৰী মোদীয়ে লগতে কয়, "প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে সম্পূৰ্ণ শক্তিৰে আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে। ক্ৰীড়াৰ পৰা ষ্টাৰ্টআপলৈকে ভাৰতৰ যুৱসকলে বিশ্ব মঞ্চত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰি আছে।" প্ৰধানমন্ত্ৰীয়ে কয়, "য'ত উদ্ভাৱন আছে, তাত নৱীকৰণো আছে।" দাসত্বৰ বছৰবোৰত হোৱা লোকচান সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে "ভাৰতে ইয়াৰ গৌৰৱ, সন্মান আৰু ঐতিহ্যৰ স্থানসমূহ পুনৰ নিৰ্মাণ কৰি নিজৰ গৌৰৱ পুনৰ উদ্ধাৰ কৰিছে।" তেওঁ লগতে কয় যে সমগ্ৰ দেশৰ লগতে মানৱজাতিয়েও ইয়াৰ সুবিধা লাভ কৰিব। ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মহাকালৰ আশীৰ্বাদত ভাৰতৰ মহিমায়ে বিশ্বত উন্নয়নৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব আৰু ভাৰতৰ দৈৱত্বই এখন শান্তিপূৰ্ণ বিশ্বৰ পথ প্ৰশস্ত কৰিব।" দিনটোৰ প্ৰথমভাগত আজি প্ৰধানমন্ত্ৰীয়ে উজ্জয়িনীৰ শ্ৰী মহাকাল লোকত মহাকাল লোক প্ৰকল্পৰ প্ৰথম পৰ্যায় দেশবাসীলৈ উৎসৰ্গা কৰে৷ মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী অনুসূয়া উইকী, ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী ৰমেশ বেইনচ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, ড০ বীৰেন্দ্ৰ কুমাৰ, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, শ্ৰী জি কিষাণ ৰেড্ডী, আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ফগ্গান সিং কুলাষ্টে আৰু শ্ৰী প্ৰহ্লাদ পেটেলো এই অনুষ্ঠানত উপস্থিত আছিল। | প্ৰধানমন্ত্ৰীয়ে মহাকাল লোক প্ৰকল্পৰ প্ৰথম পৰ্যায় দেশবাসীলৈ উৎসৰ্গা কৰাৰ পিছত মধ্যপ্ৰদেশৰ উজ্জয়িনীত ৰাজহুৱা অনুষ্ঠানত ভাষণ প্ৰদান কৰে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%81%E0%A7%9F%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%A8%E0%A6%AC%E0%A7%80/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%81%E0%A7%9F%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%A8%E0%A6%AC%E0%A7%80/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু গুয়েনাৰ মাজত নবীকৰণযোগ্য শক্তি ক্ষেত্ৰত সহযোগিতাক লৈ বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ ২০১৮ৰ ৩০ জানুৱাৰীত নতুন দিল্লীত ভাৰতৰ বিদ্যুৎ আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী আৰ.কে সিং আৰু গুয়ানাৰ দ্বিতীয় উপৰাষ্ট্ৰপতি তথা বৈদেশিক মন্ত্ৰী মহামান্য শ্ৰী কাৰ্ল বি. গ্ৰেনিজৰ মাজত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰ হৈছিল৷ পাৰস্পৰিক লাভ, সমানতা আৰু পাৰস্পৰিক আদান প্ৰদানৰ আধাৰত নবীন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাক উৎসাহিত কৰিবলৈ দুয়োপক্ষই এক সহযোগিতামূলক প্ৰতিষ্ঠানগত সম্পৰ্কৰ বাবে ভেটি স্থাপনৰ লক্ষ্য লৈছে৷ বুজাবুজিৰ চুক্তিত এখন যুটীয়া কাৰ্যকৰী কমিটি স্থাপনৰ পৰিকল্পনা ৰখা হৈছে, যিয়ে সহযোগিতা সম্পৰ্কীয় বিষয়ৰ সমীক্ষা, নিৰীক্ষণ আৰু আলোচনা কৰিব পাৰে৷ বুজাবুজিৰ চুক্তিখনে বিশেষজ্ঞৰ আদান প্ৰদান আৰু তথ্য নেটৱৰ্কিঙৰ বিষয়ো সন্নিবিষ্ট কৰিছে৷ বুজাবুজিৰ চুক্তিখনে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব৷ | ভাৰত আৰু গুয়ানাৰ মাজত নবীকৰণযোগ্য শক্তি ক্ষেত্ৰত সহযোগিতাক লৈ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%9F%E0%A6%B2%E0%A6%BE-%E0%A6%96%E0%A6%A8%E0%A6%BF-%E0%A6%8F%E0%A6%B2%E0%A7%87%E0%A6%95%E0%A6%BE-%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%B9%E0%A6%A3-%E0%A6%86/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%9F%E0%A6%B2%E0%A6%BE-%E0%A6%96%E0%A6%A8%E0%A6%BF-%E0%A6%8F%E0%A6%B2%E0%A7%87%E0%A6%95%E0%A6%BE-%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%B9%E0%A6%A3-%E0%A6%86/ | কয়লা খণ্ডত বিনিয়োগ আকর্ষণ আৰু কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কয়লা খনি এলেকা (অধিগ্রহণ আৰু উন্নয়ন) আইন, ১৯৫৭-ৰ অধীনত অধিগ্রহণ কৰা ভূমি ব্যৱহাৰৰ নতুন নীতিত অনুমোদন জনাইছে। ইয়াৰ ফলক যিবোৰ খনিৰ কয়লা শেষ হৈছে অথবা য’ত খনন কৰা সম্ভৱ নহয়, সেইবোৰ ভূমি কয়লা আৰু ইন্ধন সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় স্থাপন আৰু ইয়াৰ উন্নয়নত ব্যৱহাৰ কৰা হ’ব৷ কয়লা খনি এলেকা (অধিগ্রহণ আৰু উন্নয়ন) আইনত, যিবোৰ এলেকাত মাটিৰ তলত কয়লা আছে, সেইবোৰ এলেকা চৰকাৰক অধিগ্রহণৰ ক্ষমতা দিয়া হৈছে। অধিগ্রহণৰ পাছত চৰকাৰে সেইবোৰ কোনো চৰকাৰী সংস্থাক দিব পাৰিব৷ নতুন নীতিত এই ধৰণৰ অধিগৃহীত ভূমি ব্যৱহাৰৰ সুস্পষ্ট নীতিৰ নির্দেশনা দিয়া হৈছে। ইয়াৰ অধীনত যিবোৰ ভূমি অন্তৰ্ভূক্ত হ’ব, সেইবোৰ হ’ল– ক) যিবোৰ ভূমি আৰ কয়লা খননৰ উপযুক্ত বা অর্থনৈতিকভাবে লাভজনক নহয়; খ) যিবোৰ ভূমিৰ তলত থকা কয়লাৰ ভাণ্ডাৰ শেষ হৈছে৷ এই ধৰণৰ ভূমিৰ মালিকীস্বত্ত্ব ক’ল ইণ্ডিয়া আৰু ইয়াৰ অধীনস্থ সংস্থাৰ দৰে চৰকাৰী কোম্পানীসমূহৰ হাততে থাকিব। অনুমোদিত নীতিত যিবোৰ নির্দিষ্ট উদ্দেশ্যৰ কথা উল্লেখ কৰা হৈছে, কেৱল সেই উদ্দেশ্যতহে ভূমি লীজত দিব পাৰিব৷ কয়লা আৰু ইন্ধন সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় নির্মাণত যুটীয়া প্ৰচেষ্টাৰ ক্ষেত্রত চৰকাৰী কয়লা সংস্থাসমূহে ব্যক্তিগত খণ্ডক পুঁজি বিনিয়োগ বাবে আমন্ত্ৰণৰ অধিকাৰ দিয়া হৈছে। চৰকাৰী কোম্পানীসমূহৰ মালিকানাধীন এই ধৰণৰ ভূমি, অনুমোদিত নীতিৰ চর্ত মানি নির্দিষ্ট সময়ৰ বাবে লীজত দিব পাৰে৷ লীজত দিয়াৰ ক্ষেত্রত যাতে সর্বোত্তম মূল্য পোৱা যায় সেইবাবে এক স্বচ্ছ, ন্যায্য আৰু প্রতিযোগিতামূলক বিডিং প্রক্রিয়াৰ জৰিয়তে লীজ গ্রহণকাৰীক নির্বাচন কৰিব লাগিব৷ লীজত দিয়া ভূমিত যিবোৰ কাম কৰিব পাৰিব, সেইবোৰ হ’ল– ১) কয়লা ধোঁৱাৰ কাৰখানা স্থাপন; ২) কনভেয়াৰ ছিষ্টেম স্থাপন; ৩) কয়লা প্রক্রিয়াকৰণ কাৰখানা স্থাপন; ৪) ৰে’লৱে ছাইডিং নির্মাণ; ৫) এই আইন বা অন্য কোনো আইনৰ অধীনত ভূমি অধিগ্রহণৰ ফলত প্রভাৱিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন; ৬) তাপবিদ্যুৎ আৰু নবীকৰণযোগ্য শক্তি প্রকল্প স্থাপন; ৭) ক্ষতিপূৰক বনসৃজনকে ধৰি কয়লা উন্নয়নমূলক আন্তঃৰাষ্ট্ৰীয় নির্মাণ; ৮) পথৰ অধিকাৰ প্রদান; ৯) কয়লা গেছীকৰণ আৰু ৰাসায়নিক কাৰখানা স্থাপন; আৰু ১০) ইন্ধন সংক্ৰান্তীয় যিকোনো আন্তঃৰাষ্ট্ৰীয় নির্মাণ। যিবোৰ ভূমিৰ পৰা কয়লা উত্তোলন কৰা হৈছে অথবা যিবোৰ খননৰ অনুপযুক্ত, সেই ভূমি বেদখলৰ সমস্যা প্ৰায়ে দেখা যায়। সেইবাবে এইবোৰ ভূমিৰ নিৰাপত্তা আৰু ৰক্ষণাবেক্ষণত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়৷ অনুমোদিত নতুন নীতিত এইবোৰ ভূমিত কয়লা আৰু ইন্ধন সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় গঢ়ি তোলাৰ কথা কোৱা হৈছে। ইয়াত ভূমিৰ মালিকীস্বত্ত্ব চৰকাৰী সংস্থাসমূহৰ হাততে থাকিব, যাৰ ফলত বিপুল সংখ্যক প্রত্যক্ষ আৰু পৰোক্ষ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷ অ-খননযোগ্য ভূমিৰ এই বিকল্প ব্যৱহাৰৰ অনুমোদন দিয়াত ক’ল ইণ্ডিয়াৰ ব্যৱসায় সংক্রান্ত ব্যয়ো হ্ৰাস পাব৷ এই ভূমিত ক’ল ইণ্ডিয়াই ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে যুটীয়া উদ্যোগত সৌৰশক্তি উৎপাদনৰ কাৰখানা অথবা অন্য যিকোনো ধৰণৰ কয়লা আৰু ইন্ধন সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় মানৰ সংস্থা গঢ়ি তুলিব পাৰিব৷ ইয়াৰ জৰিয়তে কয়লাৰ গেছীকৰণ প্রকল্প স্থাপন কৰিলে, সেয়া আৰ্থিকভাবে লাভজনক হ’ব পাৰে, কাৰণ এইক্ষেত্রত কয়লা থকাত পৰিবহণ ব্যয় ৰাহি হ’ব৷ এই ধৰণৰ ভূমিত পুনৰ সংস্থাপনত ব্যৱহাৰ কৰিলে, সেয়া গুৰুত্বপূর্ণ ভূমি সম্পদৰ অপচয় ৰোধ কৰিব, প্রভাৱিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে নতুনকৈ ভূমি অধিগ্রহণ কৰিবলগীয়া নহয়৷ ইয়াৰ ফলত প্রকল্পসমূহৰ ওপৰত অতিৰিক্ত আর্থিক চাপ নপৰাৰ লগতে প্রকল্পসমূহৰ লাভালাভ বৃদ্ধি পাব৷ স্থানান্তৰিত পৰিয়ালসমূহৰ চাহিদাও পুৰণ হ’ব, কাৰণ তেওঁলোকে সাধাৰণতে তেওঁলোকৰ পূৰ্বতে বসবাস কৰা স্থানতে থাকিবলৈ পছন্দ কৰে৷ ইয়াৰ জৰিয়তে কয়লা প্রকল্পসমূহৰ বাবে স্থানীয় লোকৰ সমর্থন বৃদ্ধি পাব। ৰাজ্য চৰকাৰসমূহে এই ভূমিতে বনসৃজনো কৰিব পাৰে৷ সেই ক্ষেত্রত যে বনভূমি কয়লা খননৰ বাবে দিয়া হৈছে, তাৰ ক্ষতিপূৰণ কৰা সম্ভৱ হ’ব৷ এই নীতিয়ে দেশীয় উৎপাদন আৰু কর্মসংস্থাপনত উৎসাহ যোগাব, আমদানি নির্ভৰতা হ্ৰাস কৰি আত্মনির্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱা সহায়ক হ’ব৷ ইয়াৰ জৰিয়তে দেশৰ পিছপৰা এলেকাসমূহতো কয়লা আৰু ইন্ধন সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় নির্মাণৰ উদ্যোগ স্থাপন হ’ব৷ অধিগৃহীত ভূমিৰ উপযুক্ত ব্যৱহাৰ, নতুনকৈ ভূমিৰ অপ্রয়োজনীয় অধিগ্রহণ বন্ধ কৰিব আৰু স্থানীয় উৎপাদন আৰু উদ্যোগক উৎসাহ যোগাব৷ | কয়লা খনি এলেকা (অধিগ্রহণ আৰু উন্নয়ন) আইন, ১৯৫৭ৰ অধীনত অধিগ্রহণ কৰা ভূমি ব্যৱহাৰৰ নীতিত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%85/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%85/ | অ’মান-ভাৰত যুটীয়া ব্যৱসায়িক পৰিষদৰ সদস্যৰ অন্তৰ্গত অ’মানৰ ৩০ জনীয়া উদীয়মান ব্যৱসায়িক মুৰব্বীৰ এটা দলে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰক সাক্ষাৎ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া ইতিহাস আৰু সামূদ্ৰিক বাণিজ্য সংক্ৰান্তীয় দিশবোৰ আলোচনা কৰে। আলোচনা কালত প্ৰধানমন্ত্ৰী দুয়ো দেশৰ মাজত শক্তি নিৰাপত্তা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত সহযোহিতাৰ পৰিসৰ বৃদ্ধিৰ বিষয়টো আলোকপাত কৰে। তেওঁ লগতে অ’মানৰ ছুলতানৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। | প্ৰধানমন্ত্ৰীক সাক্ষাৎ অ’মান-ভাৰত যুটীয়া ব্যৱসায়িক পৰিষদৰ সদস্যৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8/ | প্রধানমন্ত্রী শ্রী কে পি শর্মা অ’লী ডাঙৰীয়া, বিশিষ্ট অতিথিবৃন্দ, উপস্থিত সংবাদ মাধ্যম সদস্যসকল, নমস্কাৰ! প্রধানমন্ত্রী জ্যু, তপাইলে মেৰী হার্দিক স্বাগত ৰ সৎকাৰ গর্নুভয়ো। য়ছ লাই ম হার্দিক আভাৰ ব্যক্ত গর্দ ছুঁ। বন্ধুসকল, নেপালৰ সৈতে মোৰ সম্পর্ক বহু পুৰনা হ’লেও ভাৰতৰ প্রধানমন্ত্রী হিচাপে এয়া মোৰ তৃতীয় নেপাল ভ্ৰমণ। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে ভাৰত-নেপাল সম্পর্কক লৈ মোৰ লগতে আমাৰ চৰকাৰৰ দায়ৱদ্ধতা কিমান গভীৰ। কিন্তু মই প্রধানমন্ত্রী হিচাপে অথবা সাধাৰণ নাগৰিক হিচাপে যেতিয়া নেপাললৈ আহিছো, ইয়াৰ জনগণে মোক আপোন কৰি লৈছে। এইবাৰ আপোনালোকে যিদৰে উষ্ণ অভ্যর্থনা জনাইছে, তাৰ বাবে মই প্রধানমন্ত্রী অ’লী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰৰ লগতে নেপালবাসীৰ প্রতি কৃতজ্ঞতা জনাইছো। নেপালৰ সৈতে ভাৰতৰ সম্পর্ক উভয় চৰকাৰৰ মাজত পাৰস্পৰিক সম্পর্কৰ ঊর্ধ্বত সাধাৰণ লোকৰ পাৰস্পৰিক, পাৰিবাৰিক গভীৰ আৰু মধুৰ সম্পর্কতকৈও ওপৰত। বন্ধুসকল, মোৰ এই ভ্ৰমণ এনে এক ঐতিহাসিক সময়ত হৈছে, যেতিয়া নেপালত যুক্তৰাষ্ট্ৰী, প্ৰাদেশিক আৰু স্থানীয়, তিনিওপ্ৰকাৰৰ নির্বাচন সফলতাৰে সম্পন্ন হৈছে। নেপালৰ ইতিহাসত এই সময়ছোৱা সোনালী আখৰেৰে লিপিবদ্ধ হ’ব। আপোনালোকে নিজৰ আশা-আকাংক্ষাক বাস্তবায়িত কৰাৰ বাবে ঐতিহাসিক জনাদেশেৰে অ’লী ডাঙৰীয়াৰ নেতৃত্বত এখন নতুন চৰকাৰ নির্বাচন কৰিছে। এবছৰৰ ভিতৰতে সফলতাৰে ত্রিস্তৰীয় নির্বাচন সম্পন্ন কৰাৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো। নেপালৰ ইতিহাসত প্রথমবাৰলৈ দেশৰ প্রত্যেক প্রান্তত প্রান্তিক চৰকাৰ গঢ় লৈ উঠিছে। এয়া কেৱল নেপালৰ বাবেই নহয়, ভাৰত তথা এই সমগ্র অঞ্চলৰ বাবেও এক গৌৰৱৰ বিষয়। নেপালৰ সামাজিক আৰু আর্থিক পৰিৱর্তনৰ বাবে এটি নতুন পর্যায়ত উপনীত হৈছে, যাৰ ভিত্তি হ’ব সু-প্ৰশাসন আৰু সমতাৰ ভিত্তিত উন্নয়ন। ১০ বছৰ আগতে নেপালৰ নবীন প্রজন্মই বুলেটৰ পথ এৰি বেলটৰ পথ বাছি লৈছে। যুদ্ধৰ পৰা বুদ্ধৰ পথত আগুৱাই অহাৰ এই পৰিৱর্তনৰ বাবে মই নেপালৰ জনসাধাৰণক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো। বন্ধুসকল, গণতান্ত্রিক মূল্যবোধে ভাৰত আৰু নেপালৰ প্রাচীন সম্পর্কক আৰু অধিক নতুন শক্তি যোগাইছে। গণতন্ত্র এনে এক শক্তি, যি সাধাৰণৰ পৰা অসাধাৰণ সকলো লোকৰ সপোন বাস্তৱ কৰাৰ সুযোগ আৰু অধিকাৰ প্রদান কৰে। ভাৰতে এই শক্তিক অনুভৱ কৰিছে আৰু আজি ভাৰতৰ প্রত্যেক নাগৰিকে তেওঁলোকৰ সপোন পূৰণৰ নাম উৎচৰ্গিত। মই আপোনালোক সকলোৰে চকুত সেই চমক দেখিবলৈ পাইছো, যিটো আপোনালোকেও নেপালক সেই পথত আগুৱাই নিব বিচাৰে। মই আপোনালোকৰ চকুত নেপালৰ বাবে তেনেকুৱাই সপোন দেখিছো। প্রধানমন্ত্রী অ’লী ডাঙৰীয়াই তেওঁৰ এই সপোন বাস্তবায়িত কৰাৰ প্রক্রিয়াত মই ১২৫ কোটি ভাৰতবাসী তথা ভাৰত চৰকাৰৰ হৈ বহুত বহুত শুভেচ্ছা জনাইছো। বন্ধুসকল, যোৱা মাহত নেপালৰ প্রধানমন্ত্রী অ’লী ডাঙৰীয়াক দিল্লীত আদৰণী জনোৱাৰ সু্যোগ পাইছিলো। নেপালক লৈ তেওঁ কি ভাবিছে, সেই বিষয়ে জনাৰ সুযোগ হৈছিল। অ’লী ডাঙৰীয়া তেওঁৰ ‘সমৃদ্ধ নেপাল, সুখী নেপালী’ সপোন বাস্তবায়িত কৰিব বিচাৰে। ভাৰতেও সদায় নেপালৰ সমৃদ্ধি আৰু সুখ কামনা কৰে আৰু ভৱিষ্যতেও কৰিব। ভাৰতেও একেধৰণৰ সপোন লৈয়ে আগুৱাই গৈছে। বন্ধুসকল, আমাৰ চৰকাৰৰ মূলমন্ত্র হৈছে ‘সকলোৰে সৈতে সকলোৰে উন্নয়ন’। সমাজৰ কোনো অংশ, দেশৰ কোনো প্রান্ত যেন এই উন্নয়ন ধাৰাৰ পৰা বঞ্চিত নহয়, আমি সদায় সেই প্রচেষ্টা অব্যাহত ৰাখিছো। তাৰ ফলস্বৰূপে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ সর্বত্রে উন্নয়নৰ ৰথ চলিবলৈ আৰম্ভ কৰিছে। স্বাধীনতাৰ পাছৰ পৰা যিবোৰ অঞ্চলত উন্নয়নৰ পোহৰ একেবাৰে পৰা নাছিল, আমাৰ চৰকাৰে সেই অঞ্চলসমূহৰ উন্নয়নক অগ্রাধিকাৰ দিছে। বিশেষকৈ পূর্বাঞ্চল-নেপালৰ সীমান্তৱর্তী ৰাজ্যসমূহ; উত্তৰ প্রদেশৰ পৰা আৰম্ভ কৰি বিহাৰ, পশ্চিমবংগ আৰু ওড়িশা তথা উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক দেশৰ অন্যান্য অঞ্চলৰ সমান কৰি তোলাৰ সংকল্প লৈ আমি কাম কৰি আহিছো। এই অঞ্চলসমূহত যি উন্নয়ন হৈছে, তাৰ দ্বাৰা নিশ্চিতভাৱে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে নেপাল সর্বাধিক লাভবান হ’ব। বন্ধুসকল, আমাৰ জল ব্যৱস্থাপনা আৰু শক্তি সহযোগিতাৰ ক্ষেত্রত আমি আজি এক নতুন অধ্যায় সূচনা কৰিছো। প্রধানমন্ত্রী অ’লী ডাঙৰীয়াৰ সৈতে একেলগে আজি ৯০০ মেগাৱাট শক্তি উৎপাদনক্ষম অৰুণ-৩ বিদ্যুৎ প্রকল্পৰ আধাৰশিলা স্থাপন সৌভাগ্য হৈছে। প্রায় ৬ হাজাৰ কোটি ভাৰতীয় টকা বিনিয়োগেৰে এই প্রকল্প নেপালত থকা বিদ্যুৎ প্ৰকল্পৰ ভিতৰতে সর্ববৃহৎ প্রকল্প হিচাপে পৰিগণিত হৈছে। এইদৰে জল, স্থল আৰু মহাকাশৰ জৰিয়তে পাৰস্পৰিক সম্পর্ক আৰু সুদৃঢ় কৰি তুলিব লাগিব। জনসাধাৰণৰ মাজত সম্পর্ক যিমান প্রস্ফুটিত, ফলপ্ৰসূ আৰু শক্তিশালী হ’ব, যোগাযোগৰ ক্ষেত্রতো সমানেই গুৰুত্বপূর্ণ। সেইবাবে আমি ভাৰত আৰু নেপালৰ মাজত যোগাযোগ বৃদ্ধিত অগ্রাধিকাৰ প্ৰদান কৰিছো। বন্ধুসকল, ভাৰত আৰু নেপালৰ সম্পর্ক শক্তিশালী কৰিবলৈ আমাৰ মুক্ত সীমান্তই বিশেষ ভূমিকা পালন কৰিছে। কোনো অবাঞ্চিত শক্তিক আমি এই মুক্ত সীমান্তৰ অপব্যৱহাৰ কৰিবলৈ নিদিও। যোৱা মাহত আমি দুয়ো বীৰগঞ্জত প্রথম ইন্টিগ্রেটেড চেক পোষ্টৰ উদ্বোধন কৰিছো। এই চেক পোষ্ট যেতিয়া পূর্ণ শক্তিৰে কাম আৰম্ভ কৰিব, তেতিয়া সীমান্ত বাণিজ্য আৰু আহ-জাহ যথেষ্ট সহজ হৈ পৰিব। জয়নগৰ-জনকপুৰ ৰে’লপথৰ কামো দ্রুতগতিত আগবাঢ়িছে। বন্ধুসকল, যোৱা মাহত অ’লী ডাঙৰীয়াৰ সৈতে দিল্লীত আৰু আজি ইয়াত আলোচনাৰ মাধ্যমে যি নতুন সম্পর্কৰ সূচনা হৈছে, ই আমাৰ সম্পর্কত এটি নতুন প্রাণশক্তি সঞ্চাৰ কৰিছে। নেপালক লৈ তেওঁ কি ভাবিছে, তাক জনাৰ সুযোগ হৈছিল। অ’লী ডাঙৰীয়াই তেওঁৰ ‘সমৃদ্ধ নেপাল, সুখী নেপালী’ৰ সপোন বাস্তবায়িত কৰিব বিচাৰে। আমিও তাই বিচাৰো। আজি যেতিয়া মই ভাৰত-নেপাল সম্পর্কক লৈ ভাবো, তেতিয়া অতিশয় আশাবাদী হৈ উঠে। এই আশা, বিশ্বাস, ভৰসা আৰু পাৰস্পৰিক বন্ধুত্বৰ ভাবনাক লৈ মই পুনৰবাৰ প্রধানমন্ত্রী অ’লী ডাঙৰীয়া, তেওঁৰ চৰকাৰ আৰু নেপালবাসীক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো। ভাৰত নেপাল মৈত্রী অমৰ হওঁক। ধন্যবাদ। | নেপাল ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি (১১ মে’, ২০১৮) |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87-%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%AF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87-%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%AF/ | অষ্ট্ৰেলিয়াৰ সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন জনোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজক ধন্যবাদ জনাইছে। শ্ৰী মোদীয়ে লগতে কৈছে যে অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (ইচিটিএ)ক আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ে ব্যাপক আদৰণি জনাব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজৰ এটা টুইটৰ প্ৰতিক্ৰিয়া কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে; “ধন্যবাদ প্ৰধানমন্ত্ৰী @! ভাৰত-অষ্ট্ৰেলিয়া ইচিটিএৰ শক্তিত প্ৰৱেশ আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ৰ দ্বাৰা ব্যাপক সমাদৃত হ’ব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।” | ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন অষ্ট্ৰেলিয়াৰ সংসদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A7%81%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A7%81%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোকামাত নমামি গংগা কাৰ্যসূচীৰ অধীনত চাৰিটা আৱৰ্জনা নিষ্কাষণ প্ৰকল্প আৰু চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৩,৭০০ কোটি টকা ধাৰ্য কৰা হৈছে। এই উপলক্ষে এক বিশাল ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কয় যে বিখ্যাত কবি ৰামধাৰী সিং দিনকৰ জীৰ জন্মভূমিলৈ আহিবলৈ পাই তেওঁ অতিশয় আনন্দিত হৈছে। তেওঁ উপস্থিত ৰাইজক বিহাৰৰ উন্নতিৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সম্ভাব্য সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নিৰবছিন্নভাৱে জনতাৰ আশা-আকাংক্ষাসমূহ পুৰণ কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ কয় যে আজি আধাৰশিলা স্থাপন হোৱা প্ৰকল্পসমূহে বিহাৰৰ ব্যাপক উন্নয়ন সাধন কৰিব। তেওঁ লগতে কয় যে চৰকাৰে পথ নিৰ্মাণৰ গতি বৃদ্ধিত গুৰুত্ব দিছে। নমামি গংগাৰ সৈতে সম্পৰ্কীত এই প্ৰকল্পসমূহে গংগা নদীৰ সংৰক্ষণত সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। শেহতীয়াকৈ শুভাৰম্ভ কৰা অন্ত্যোদয়া এক্সপ্ৰেছৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা বিহাৰ, পূব ভাৰতৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে যোগাযোগ ব্যৱস্থাৰ উন্নত হ’ব। ভাল যোগাযোগ ব্যৱস্থাই ব্যাপক উন্নয়ন সাধন কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পথ, ৰে’ল আৰু জল পৰিবহণৰ উন্নয়নত জোৰ দিয়া বুলি কয়। প্ৰধানমন্ত্ৰীয়ে আজি আধাৰশিলা স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথসমূহ হৈছেঃ • ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আওণ্টা-সীমাৰিয়া অংশৰ ফ’ৰলেন আৰু গংগা সেঁতু অংশৰ ৬লেন • ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভক্তিয়াৰপুৰ আৰু মোকামা অংশৰ ফ’ৰলেন • ১০৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহেখুণ্ট-সহৰ্ষ-পুৰ্ণিয়া অংশৰ দ্বৈতপথ • ৮২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহাৰশ্বৰীফ-বাৰবিঘা-মোকামা অংশৰ দ্বৈত পথ। ইফালে, আৱৰ্জনা নিষ্কাষণ প্ৰকল্প চাৰিটা হ’ল ক্ৰমে বেউৰত আৱৰ্জনা শোধন প্ৰকল্প, বেউৰৰ পানী আৰু পেলনীয়া সামগ্ৰী নিষ্কাষণ ব্যৱস্থাৰ লগতে নতুন নিষ্কাষণ ব্যৱস্থাৰ সংযোগ, কার্মালিচকত এটি আৱৰ্জনা শোধন প্রকল্প আৰু ছৈয়দপুৰত আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাৰ নেটৱর্ক। এই প্ৰকল্পসমূহে বেউৰত এমএলডি আৱৰ্জনা নিষ্কাষণৰ পৰিমাণ পূৰ্বৰ ২০ এমএলডিৰ পৰা ১২০ এমএলডিলৈ উন্নীতকৰণ ঘটাব। | আন্তঃগাঁথনিমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ, মোকামাত ৰাজহুৱা সভাত ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%9A%E0%A6%BF%E0%A6%AC%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A7%88/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%9A%E0%A6%BF%E0%A6%AC%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A7%88/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত সমাপ্ত হোৱা ৰাজ্যৰ মুখ্য সচিবসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰে। এক টুইট থ্ৰেডত প্ৰধানমন্ত্ৰীয়ে মুখ্য সচিবসকলৰ সৈতে বাৰ্তালাপৰ সময়ত তেওঁ গুৰুত্ব আৰোপ কৰা বিষয়টোৰ বিস্তৃত পৰিসৰৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ টুইট কৰেঃ "যোৱা দুদিন আমি দিল্লীত মুখ্য সচিব সন্মিলনত হোৱা ব্যাপক আলোচনা দেখি আহিছোঁ। আজি মোৰ মন্তব্যৰ সময়ত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ যিয়ে জনসাধাৰণৰ জীৱন অধিক উন্নত কৰিব পাৰে আৰু ভাৰতৰ উন্নয়নৰ গতিপথ শক্তিশালী কৰিব পাৰে। বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ থকাৰ সৈতে, আমাৰ যুৱপ্ৰজন্মৰ সমৃদ্ধ প্ৰতিভা ভাণ্ডাৰৰ সৈতে সহায়ত অনাগত বছৰবোৰ আমাৰ দেশৰ হব। এনে সময়ত, আন্তঃগাঁথনি, বিনিয়োগ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ ৪টা স্তম্ভই বিভিন্ন ক্ষেত্ৰত সুশাসন বৃদ্ধিৰ বাবে আমাৰ প্ৰচেষ্টা আগুৱাই নিব। মোৰ দৃঢ় বিশ্বাস যে আমি আমাৰ এমএছএমই খণ্ডক শক্তিশালী কৰাটো অব্যাহত ৰাখিব লাগিব। আত্মনিৰ্ভৰ হ'বলৈ আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিবলৈ এইয়া গুৰুত্বপূৰ্ণ। স্থানীয় সামগ্ৰীবোৰ জনপ্ৰিয় কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। অৰ্থনীতিৰ প্ৰতিটো ক্ষেত্ৰত মানদণ্ড কিয় অত্যাৱশ্যকীয় সেই সন্দৰ্ভতো তেওঁ আলোকপাত কৰোঁ। মুখ্য সচিবসকলক অনাৱশ্যক অনুপালন আৰু সেই আইনসমূহৰ লগতে পুৰণি নিয়মবোৰ সমাপ্ত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাও। যি সময়ত ভাৰতে অতুলনীয় সংস্কাৰ আৰম্ভ কৰিছে, সেই সময়ত অত্যাধিক নিয়ন্ত্ৰণ আৰু অনাৱশ্যক প্ৰতিবন্ধকতাৰ কোনো সুযোগ নাই। মই আলোচনা কৰা আন কিছুমান বিষয়ৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী গতি শক্তি আৰু এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কেনেদৰে সমন্বয় গঢ়ি তুলিব পাৰি। মুখ্য সচিবসকলক মিছন লাইফৰ প্ৰতি উত্সাহিত কৰিবলৈ আৰু ব্যাপক পৰিমাণৰ সামূহিক অংশগ্ৰহণেৰে আন্তৰ্জাতিক বাজৰা বৰ্ষ উদযাপন কৰিবলৈ আহ্বান জনায়।" | ৰাজ্যৰ মুখ্য সচিবসকলৰ সৈতে দুদিন অতিবাহিত কৰে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%82%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%B2%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%82%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%B2%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%9F/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী শ্ৰী নৰসিংভাই পেটেলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত তেওঁ অৱদানৰ স্মৰণ কৰে৷ টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "નવસારીના સ્વાતંત્ર્યસેનાની શ્રી નરસિંહભાઇ પટેલના અવસાનથી દુઃખ અનુભવું છું. દેશની આઝાદીની લડાઈમાં તેઓનું યોગદાન સદાય અવિસ્મરણીય રહેશે. સદ્ગતના આત્માની શાંતિ માટે પ્રાર્થના તથા શોકગ્રસ્ત પરિવારને સાંત્વના. ૐ શાંતિ: ||" | শ্ৰী নৰসিংভাই পেটেলৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শো |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A6%89/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%9F-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A6%89/ | নতুন ভাৰত, স্মার্ট ইণ্ডিয়াৰ সংকল্প বাস্তৱায়িত কৰিবলৈ আপোনালোকৰ যিসকল লোক ব্রতী হৈছে, সেই তৰুণ বন্ধুসকললৈ অভিনন্দন। এইবাৰক লৈ তৃতীয়বাৰৰ বাবে মই প্রযুক্তিৰ মাধ্যমেৰে আপোনালোকৰ সৈতে কথা পাতিছো। ২০১৭ চনত যেতিয়া আমি এই অভিযান আৰম্ভ কৰিছিলো, তেতিয়াৰে পৰা ধাৰাবাহিকভাৱে এই কাৰ্য নিৰন্তৰ সম্প্ৰসাৰণ হৈ আহিছে। বন্ধুসকল, স্মার্ট ইণ্ডিয়া হেকাথন ৰাষ্ট্ৰীয় স্তৰ অনুষ্ঠিত হোৱা বৃহত্তম ‘অ’পেন ইন’ভেশ্যন মডেল’ হিচাপে পৰিগণিত হৈছে। ইয়াত একেখন মঞ্চতেই বহুসংখ্যক শিল্পোদ্যোগ, শিক্ষা প্রতিষ্ঠান, চৰকাৰী বিভাগ, পেছাদাৰী আৰু ছাত্র-ছাত্রীসকলে একত্ৰিত হৈ কাম কৰিছে। ৩০ হাজাৰ ছাত্র-ছাত্রীক লৈ আৰম্ভ হোৱা এই হেকাথনত আজি অংশগ্রহণকাৰীৰ সংখ্যাই ২ লাখৰ সীমা চুইছে। আজি আমি ক’ব পাৰো যে, আমি সঠিক পথেৰেই আগুৱাইছো। বন্ধুসকল, পূর্বৱর্তী দুটা হেকাথনৰ পৰা যথেষ্ট পৰিমাণৰ উদ্ভাৱণীয় ধাৰণা সৃষ্টি হৈছে, সেয়া আমি দেখিবলৈ পাইছো। ইয়াৰ মাধ্যমেৰে আৰম্ভণিতে কেৱল চৰকাৰী প্রতিষ্ঠান আৰু চৰকাৰে সংশ্লিষ্ট বিভিন্ন সমস্যা সমাধানৰ চেষ্টা কৰিছিল। কিন্তু এইবাৰ ভালেমান শিল্পোদ্যোগেও নিজ নিজ সমস্যা আপোনালোকৰ সমূখত উত্থাপন কৰিছে। ইয়াৰ মাধ্যমেৰে নিশ্চিতভাৱেই আপোনালোকৰ প্রচেষ্টাৰ সম্প্রসাৰণ ঘটিব আৰু উদ্ভাৱকৰ জগতখনত আপোনালোকৰ পৰিচিতি বৃদ্ধি পাব। বন্ধুসকল, আমাৰ অর্থনীতিয়ে এক নতুন পথেৰে যাত্ৰা আৰম্ভ কৰিছে। আমি সকলোৱে মিলে যি নতুন ভাৰত নির্মাণৰ দায়িত্ব গ্ৰহণ কৰিছো, সেয়া এই উদ্ভাৱন আৰু ষ্টার্ট-আপৰ মাজেৰেই বিশ্বত সাফল্যৰ পোহৰ দেখিছে। গ্লোবেল ইন’ভেশ্যন ইনডেক্সত আজি আমি ৫৭তম স্থানত উপনীত হ’বলৈ সক্ষম হৈছো। ২০১৪ চনত আমি সেই তালিকাত ৮১ নম্বৰ স্থানত আছিলো। অর্থাৎ আমি চাৰে চাৰি বছৰত ২৪ টা স্থান আগুৱাই আহিবলৈ সক্ষম হৈছো। আমি এতিয়া যি চিন্তাধাৰাৰে কাম কৰি গৈছো, অতি শীঘ্রেই আমি বিশ্বৰ শ্রেষ্ঠ ২৫ খন দেশৰ তালিকাত প্ৰৱেশ কৰিম। ভাৰত আজি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টার্ট আপৰ দেশত পৰিণত হৈছে। বিগত ৩/৪ বছৰৰ ভিতৰত ১৫ হাজাৰতকৈও অধিক ষ্টার্ট আপ প্রতিষ্ঠিত হৈছে। এই ষ্টার্ট আপবোৰ কেৱল ডাঙৰ ডাঙৰ চহৰতেই সীমাবদ্ধ থকা নাই, দেশৰ প্রায় প্রত্যেক জিলাতেই এতিয়া এনে ধৰণৰ ষ্টার্ট আপ প্ৰতিস্থা হৈছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল নতুনকৈ স্থাপিত ষ্টার্ট আপবোৰৰ প্রায় অর্ধেকাংশই সৰু সৰু চহৰত প্রতিষ্ঠা হৈছে। এনেদৰে দেশৰ প্রায় ১৫০ খন ‘টেকন’লজী বিজনেছ ইনকিউবেটাৰ্ছ’ৰ মাজত ষ্টার্ট আপৰ সংখ্যা তিনি বছৰৰ পূৰ্বে ১৬০০ থকাৰ বিপৰীতে এতিয়া সেই সংখ্যা বৃদ্ধি হৈ ৩০০০ হৈছেগৈ। বন্ধুসকল, উদ্ভাৱন আৰু ষ্টার্ট আপৰ বাবে ইতিবাচক পৰিৱেশ গঢ়ি তুলিবলৈ ভালেমান গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। অটল ইনকিউবেশ্যন মিশ্যন সম্পর্কে আপোনালোক ভালদৰেই পৰিচিত। সমগ্ৰ দেশতে ৫ হাজাৰতকৈও অধিক বিদ্যালয়ত ইতিমধ্যেই অটল টিংকাৰিং পৰীক্ষাগাৰ আৰম্ভ কৰা হৈছে। এইসমূহৰ মাধ্যমেৰে ষষ্ঠ শ্রেণীৰ পৰাই ছাত্র-ছাত্রীসকলে ভৱিষ্যৎ প্রযুক্তিৰ সৈতে যথেষ্ট পৰিমাণে পৰিচিত হৈছে। বন্ধুসকল, প্রশাসন আৰু শিল্পোদ্যোগসমূহৰ যি সমস্যা আপোনালোকৰ সমূখত উত্থাপন কৰা হৈছে, সেইবোৰৰ সমান্তৰালকৈ, মই আপোনালোকক এটি অনুৰোধ জনাবলৈ বিচাৰিছো। দেশৰ ক্রমবর্ধিত সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে শিশু আৰু নাৰী নিৰ্যাতন। এক উন্নত সমাজ গঢ়ি তুলিবলৈ আমি এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব লাগিব। আপোনালোকে এনেধৰণৰ কোনো পূৰ্ণাঙ্গ ব্যৱস্থা উদ্ভাৱন কৰিব পাৰিবনে, যাৰ মাধ্যমেৰে ঘৰৰ পৰা আৰম্ভ কৰি বিদ্যালয় পর্যন্ত শিশুসকলৰ সমস্ত গতিবিধি তদাৰকী কৰিব পৰা যাব! ঘৰ আৰু বিদ্যালয়ৰ ওচৰে পাজৰে স্থানীয় আৰক্ষী থানা আৰু পেট্র’লিং ভানবোৰ যাতে সঠিক সময় সক্রিয় কৰি তুলিব পাৰি, এনেধৰণৰ এক পূৰ্ণাঙ্গ ব্যৱস্থা উদ্ভাৱন কৰিব পাৰিলে আপোনালোকে দেশ আৰু সমাজ উভয়ৰে যথেষ্ট উপকাৰ সাধন হ’ব। একেই ধৰণেৰে, ৰাজপথৰ কাষত যিসকলে ফল-মূল বা শাকপাচলি বিক্ৰী কৰে, তেওঁলোকৰ বাবে ই-মাৰ্কেট প্লেছৰ দৰে কোনোধৰণৰ প্ৰযুক্তিগত সমাধান, যাৰ মাধ্যমেৰে স্থানীয় স্তৰত ঘৰে ঘৰে ফল-মূল বা শাকপাচলি সৰবৰাহৰ এক সহজ ব্যৱস্থা গঢ়ি উঠে। বন্ধুসকল, স্মার্ট ইণ্ডিয়া হেকাথনক কেৱল এক বার্ষিক অনুষ্ঠান হিচাপে গ্ৰহণ নকৰি এক ধাৰাবাহিক প্রক্রিয়া হিচাপে আমি চাব লাগিব। যি গোটেই বছৰ ধৰি চলিব, যাতে কোনো শিল্পোদ্যোগ বা চৰকাৰী বিভাগৰ সমস্যাৰ অভিনৱ সমাধানৰ ক্ষেত্রত সমাধানকাৰীক পুৰস্কাৰ প্রদান কৰিব পৰা যায়। আমাৰ দৃঢ় বিশ্বাস যে আপোনালোকৰ দৰে যদি আন তৰুণ-তৰুণীসকলেও ধাৰাবাহিকভাৱে এই কর্মযজ্ঞৰ সৈতে জড়িত হ’বলৈ বিচাৰে তেন্তে এই সমস্যাসমূহৰ সমাধান নিশ্চিতভাৱেই সম্ভৱ হ’ব। আপোনালোকৰ ওপৰত, আমাৰ দেশৰ তৰুণ বন্ধুসকলৰ ওপৰত আমাৰ সম্পূর্ণ ভৰসা আছে, আস্তা আছে। আপোনালোক সকলোৱেই নতুন ভাৰতৰ নতুন আত্মবিশ্বাসৰ প্রধান ভিত্তি। | স্মার্ট ইণ্ডিয়া হেকাথন উপলক্ষে ছাত্র-ছাত্রীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বার্তালাপৰ পূৰ্বে প্রধানমন্ত্রীৰ উদ্বোধনী ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A7%A8-5/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A5%E0%A6%A8-%E0%A7%A8-5/ | যুৱ বন্ধুসকল, সঁচাকৈয়ে আপোনালোক সকলো উদ্ভাৱকক লগ পাই, কথা পাতি মোৰ বহুত ভাল লাগিছে৷ আপোনালোকে এনে কেতবোৰ নতুন নতুন বিষয় চুই গৈছে, আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে নিজৰ কাম-কাজত যি নতুনত্ব আনিছে, যি আত্মবিশ্বাসেৰে আপোনালোকে নিজৰ কাম কৰিছে, সেইবোৰে মোৰ দৰে বহু লোকক কিবা নহয় কিবা এটা নতুন কৰাৰ বাবে প্ৰেৰণা যোগায়৷ এক কথাত আপোনালোক প্ৰেৰণাৰ উৎস, সেয়েহে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন জনসাধাৰণৰ অংশগ্ৰহণৰ এক বৃহৎ নিদৰ্শন হৈ পৰিছে৷ আৰু বন্ধুসকল, এইবাৰৰ স্মাৰ্ট ইণ্ডিয়া হেকাথন কেইবাটাও দিশত অতি গুৰুত্বপূৰ্ণ। এতিয়াৰ পৰা কিছুদিন আগতে আমি স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ কৰিলো। স্বাধীনতাৰ ১০০ বছৰৰ পাছত আমাৰ দেশ কেনেকুৱা হ’ব সেই সন্দৰ্ভত দেশে ডাঙৰ ডাঙৰ সংকল্পৰ কাম কৰি আছে। এই সংকল্পসমূহ পূৰণৰ বাবে আপোনালোকেই হৈছে ইয়াৰ ‘জয় অনুসন্ধান’ শ্লোগানৰ ধ্বজাবাহী উদ্ভাৱক। অমৃতকালৰ এই ২৫ বছৰীয়া সময়ছোৱাই আপোনালোকৰ বাবে কঢ়িয়াই আনিছে অভূতপূৰ্ব সম্ভাৱনা। এই সম্ভাৱনা আৰু এই সংকল্পসমূহো আপোনাৰ কেৰিয়াৰ বৃদ্ধিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। অহা ২৫ বছৰত আপোনালোকৰ দৰে যুৱক-যুৱতীসকলৰ সফলতাই ভাৰতৰ সফলতা নিৰ্ণয় কৰিব। সেইবাবেই আপোনালোক সকলোৰে প্ৰতি মই অতি বিশ্বাসী হৈ আছো। ভাৰতবাসীয়ে আপোনালোকক লৈ গৌৰৱান্বিত। আপোনালোক সকলোৰে অভিনৱ মানসিকতাই আগন্তুক ২৫ বছৰত ভাৰতক শীৰ্ষ পৰ্যায়ত উপনীত কৰাব। আপোনালোক সকলোৰে ওপৰত মোৰ দৃঢ় বিশ্বাস আছে। বন্ধুসকল, এইবাৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা কৈছো যে আজি ভাৰতত কিমান ডাঙৰ আকাংক্ষিত সমাজ গঢ় লৈ উঠিছে, সম্প্ৰসাৰণ ঘটিছে। এই আকাংক্ষিত সমাজখনে এই অমৃতকালত চালিকা শক্তিৰ দৰে কাম কৰিব। ইয়াৰ আশা, ইয়াৰ আকাংক্ষা, ইয়াৰ লগত জড়িত প্ৰত্যাহ্বান ইত্যাদিয়ে আপোনালোকৰ বাবে বহু নতুন সুযোগ কঢ়িয়াই আনিব। বন্ধুসকল, আপোনালোক সকলোৱে নিশ্চয় শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত পঢ়িছে যে সেউজ বিপ্লৱ ৬০-৭০ৰ দশকত সংঘটিত হৈছিল। ভাৰতৰ কৃষকসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰি খাদ্যৰ ক্ষেত্ৰত আমাক স্বাৱলম্বী কৰি তুলিলে। কিন্তু আপোনালোকে দেখিছে যে যোৱা ৭-৮ বছৰত ইটোৰ পিছত সিটো বিপ্লৱৰ জৰিয়তে দেশখনে দ্ৰুতগতিত আগবাঢ়িছে। ভাৰতত বৰ্তমান এক আন্তঃগাঁথনি বিপ্লৱ হৈছে। ভাৰতত বৰ্তমান স্বাস্থ্য খণ্ডৰ বিপ্লৱ হৈছে। ভাৰতত বৰ্তমান ডিজিটেল বিপ্লৱ হৈছে। বৰ্তমান ভাৰতত প্ৰযুক্তি বিপ্লৱ হ’ব ধৰিছে। ভাৰতত বৰ্তমান প্ৰতিভা বিপ্লৱ চলি আছে। কৃষি খণ্ডই হওক, শিক্ষা খণ্ডই হওক, প্ৰতিৰক্ষা খণ্ডই হওক, বৰ্তমান দেশৰ গুৰুত্ব প্ৰতিটো খণ্ডক আধুনিকীকৰণ কৰা হৈছে৷ ই প্ৰতিটো খণ্ডক আত্মনিৰ্ভৰশীল কৰি তুলিছে। আৰু সেইবাবেই আপোনালোক সকলো যুৱক-যুৱতীৰ বাবে ভাৰতত প্ৰতিদিনে নতুন নতুন সুযোগৰ সৃষ্টি হৈছে। ড্ৰোণ প্ৰযুক্তি, টেলি-কনচালটেচন, ডিজিটেল প্ৰতিষ্ঠান, ভাৰ্চুৱেল সমাধান, এই সকলোবোৰত আপোনালোকৰ বাবে সেৱাৰ পৰা আৰম্ভ কৰি উৎপাদনলৈকে বহু সম্ভাৱনা আছে। আপোনাকৰ দৰে যুৱক-যুৱতীসকলে কৃষি আৰু স্বাস্থ্য খণ্ডত ড্ৰোণ প্ৰযুক্তিৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ বাবে উদ্ভাৱনীমূলক সমাধানৰ ওপৰত কাম কৰিব পাৰে। আমাৰ জলসিঞ্চনৰ সঁজুলি, জলসিঞ্চনৰ নেটৱৰ্ক কেনেকৈ স্মাৰ্ট কৰি তুলিব পাৰি তাৰো বহু সম্ভাৱনা আছে। বন্ধুসকল, বৰ্তমান দেশৰ প্ৰতিখন গাঁৱতে অপটিকেল ফাইবাৰ স্থাপনৰ কাম দ্ৰুত গতিত চলি আছে। আপোনালোকেও দেখিছে যে এতিয়া ভাৰতত ৫জি মুকলি কৰা হৈছে। এই দশকৰ শেষলৈকে আমি ৬জি মুকলি কৰাৰ প্ৰস্তুতি চলাইছো। গেমিং আৰু মনোৰঞ্জনৰ ক্ষেত্ৰতো চৰকাৰে ভাৰতীয় সমাধানক উৎসাহিত কৰিছে। চৰকাৰে যিদৰে এই সকলোবোৰ নতুন খণ্ডত বিনিয়োগ কৰিছে, যিদৰে তেওঁলোকক উৎসাহিত কৰিছে, আপোনালোক সকলো যুৱক-যুৱতীয়ে ইয়াৰ সুবিধা ল’ব লাগিব৷ বন্ধুসকল, আপোনালোকে এই কথা মনত ৰাখিব লাগিব৷ বিশ্বত এক বিশাল জনসংখ্যা আছে যাৰ সমস্যা ভাৰতৰ দৰেই। কিন্তু সেই সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ভাৱন আৰু ষ্টাৰ্ট-আপসমূহৰ বাবে সীমিত সুযোগ আছে। ভাৰতৰ উদ্ভাৱনসমূহে বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰতিযোগিতামূলক, সুলভ, বহনক্ষম, সুৰক্ষিত আৰু বৃহৎ পৰিসৰৰ ৰূপায়ণ সমাধান দিয়ে। সেইবাবেই ভাৰতৰ পৰা, আপোনালোকৰ দৰে যুৱক-যুৱতীৰ পৰা বিশ্বই আশা কৰিছে। বন্ধুসকল, আজিৰ কাৰ্যসূচীত আমাৰ সৈতে শিক্ষাৰ দিগ্গজ, নীতি নিৰ্ধাৰকসকল যোগ দিছে। ভাৰতত উদ্ভাৱনৰ সংস্কৃতি বৃদ্ধি কৰিবলৈ হ’লে আমি দুটা কথাত অহৰহ মনোযোগ দিব লাগিব৷ সামাজিক সমৰ্থন আৰু প্ৰতিষ্ঠানিক সমৰ্থন। আজি আমি দেখিবলৈ পাইছো যে উদ্ভাৱন আৰু উদ্যোগৰ সন্দৰ্ভত সমাজত পৰিৱৰ্তন পৰিলক্ষিত হৈছে। কেৰিয়াৰ গঢ়ি তোলাৰ পৰম্পৰাগত বিকল্পৰ উপৰি আমি নতুন নতুন ক্ষেত্ৰতো হাত আগবঢ়াবলৈ চেষ্টা চলাইছো। অৰ্থাৎ সমাজত এক বৃত্তি হিচাপে উদ্ভাৱন, ইয়াৰ গ্ৰহণযোগ্যতা বাঢ়িছে। এনে অৱস্থাত আমি নতুন ধাৰণা আৰু মৌলিক চিন্তাধাৰাক গ্ৰহণযোগ্যতা আৰু সন্মান দিব লাগিব। পদ্ধতিলৈকে গৱেষণা আৰু উদ্ভাৱনক কাম কৰাৰ ধৰণৰ পৰা জীৱন-যাপনৰ আহিলা হিচাপে গঢ় দিব লাগিব। বন্ধুসকল, গৱেষণা আৰু উদ্ভাৱনৰ দিশত প্ৰতিষ্ঠানিক সমৰ্থন বৃদ্ধিৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত উদ্ভাৱনৰ এক শক্তিশালী ভেটি গঢ়ি তোলাৰ ৰোডমেপ আছে। অটল ইনকিউবেচন মিছনৰ অধীনত স্থাপন কৰা অটল টিংকাৰিং লেবসমূহে বিদ্যালয়সমূহত নতুন প্ৰজন্মৰ উদ্ভাৱকক প্ৰস্তুত কৰি তুলিছে। আই-ক্ৰিয়েটৰ দৰে সংস্থাসমূহেও দেশত সফলতাৰে কাম কৰি আছে, যিয়ে এতিয়ালৈকে পাঁচ শতাধিক ষ্টাৰ্টআপক সহায় কৰিছে। বন্ধুসকল, একবিংশ শতিকাৰ আজিৰ ভাৰতে নিজৰ যুৱপ্ৰজন্মৰ প্ৰতি পূৰ্ণ আস্থা লৈ অগ্ৰসৰ হৈছে। ইয়াৰ ফলত বৰ্তমান উদ্ভাৱন সূচকাংকত ভাৰতৰ ৰেংকিং উন্নীত হৈছে। বিগত ৮ বছৰত পেটেণ্টৰ সংখ্যা ৭ গুণ বৃদ্ধি পাইছে। ইউনিকৰ্ণৰ সংখ্যাও ১০০ অতিক্ৰম কৰিছে। আমি এইটো বিশ্বাস নকৰো, সমস্যাবোৰৰ সমাধান কেৱল চৰকাৰৰ হাতত আছে। আপোনালোকে চাওক, মই চৰকাৰক আপোনাৰ ওচৰলৈ লৈ আহিছো। চৰকাৰৰ এই সমস্যাবোৰৰ নৱ প্ৰজন্মই সমাধান দিয়ক আৰু আপোনালোকে আপুনি দিছে। আপোনাৰ সম্ভাৱনা মই সম্পূৰ্ণৰূপে বুজি পাইছো। আজিৰ নৱপ্ৰজন্ম ক্ষিপ্ৰ আৰু স্মাৰ্ট সমাধান লৈ আগবাঢ়ি আহিছে। এই হেকাথন আয়োজনৰ আঁৰৰ এটা উদ্দেশ্য হ’ল চৰকাৰে যিবোৰ সমস্যা সমাধান কৰিব বিচাৰে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকলে সমস্যাটো বুজি পায়, সমস্যাবোৰৰ কাৰণ বুজি পায় আৰু লগতে তাৰ পৰা মুক্তি পোৱাৰ উপায় বিচাৰি উলিয়ায়, যুৱক-যুৱতীসকলে সেই সমস্যা সমাধান কৰে। ছাত্ৰ-ছাত্ৰী, চৰকাৰ আৰু ব্যক্তিগত সংগঠনৰ মাজত এনে সহযোগিতাৰ মনোভাৱ, সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱ, এখন উন্নত ভাৰত গঢ়াৰ বাবে অতি প্ৰয়োজনীয়। বন্ধুসকল, মই সম্পূৰ্ণ বিশ্বাসী যে আপোনালোক সকলোৱে এইবোৰ কথা মনত ৰাখি এনেদৰে এই উদ্ভাৱনৰ প্ৰদীপ জ্বলাই থাকিব। মই আপোনালোকক আশ্বাস দিছো যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম, আপোনালোকৰ প্ৰচেষ্টাই চৰকাৰৰ নিৰন্তৰ সমৰ্থন লাভ কৰিব। প্ৰতিটো খোজতে চৰকাৰে আপোনালোকৰ লগত থিয় দিয়ে। মই পুনৰবাৰ আপোনালোক সকলো যুৱক-যুৱতীক… যদিও আপোনালোকৰ বহুত ক’বলগীয়া আছে। আলোনালোকে ঘণ্টাৰ পিছত ঘণ্টা মগজু লগাইছে। আপোনালোকৰ কথা শুনাটোও মোৰ বাবে বহুত শিকাৰ এটা কাৰণ। আপোনালোকৰ বহুতৰে বহুত আছে। সকলোৰে কথা শুনিব পৰা নাছিলো। প্ৰতিনিধি হিচাপে দুই এজন যুৱকৰ সৈতে কথা পাতিছিল। যিসকলে কথা কোৱা নাই, তেওঁলোকৰ কামো কম নহয়, তেওঁলোকৰ প্ৰচেষ্টা কম নহয়। আৰু মই আপোনালোকক আশ্বাস দিছো, মই বিভাগৰ জৰিয়তে তেওঁৰ চমু আভাস লৈ যাম৷ আৰু আপোনালোকে কি কৰিছে বুজিবলৈ চেষ্টা কৰিম। সময় অধিক হোৱা হ’লে ময়ো আপোনালোকৰ লগত কথা পাতিলোহেতেন। কিন্তু যিসকলে কথা পাতিব পৰা নাই তেওঁলোকৰ কামো সমানেই গুৰুত্বপূৰ্ণ। মই পুনৰবাৰ আপোনালোক সকলো যুৱক-যুৱতীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আৰু চৰকাৰৰ কাম-কাজত চৰকাৰৰ লগত থিয় দি আমি এই জনতাৰ মংগলৰ অভিযানত আগুৱাই গৈ থকা উচিত, এয়াই মোৰ কামনা, আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো। বহত বহুত ধন্যবাদ! | স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F-%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A6%A3-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A6%9C/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F-%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A6%A3-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A6%9C/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি মধ্যপ্রদেশৰ মান্দলাৰ এক জনসভাত ৰাষ্ট্রীয় গ্রামীণ স্বৰাজ অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ পৰৱৰ্তী পাঁচ বছৰৰ বাবে জনজাতিসকলৰ সৰ্বাংগীন উন্নয়নৰ পৰিকল্পনাৰ এক ৰূপৰেখাও প্রকাশ কৰে। মান্দলা জিলাৰ মানেৰিত ইণ্ডিয়ান অইল কর্প’ৰেচনৰ এটা এলপিজি বটলিং প্লান্টৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এই উপলক্ষে মধ্যপ্ৰদেশ চৰকাৰৰ এক ডাইৰেক্টৰিও তেওঁ প্রকাশ কৰে। যিবোৰ গাঁৱত ১০০ শতাংশ ধোঁৱামুক্ত ৰন্ধনঘৰৰ লক্ষ্যত উপনীত হৈছে, ‘মিচন ইন্দ্রধনুষ’ৰ অধীনত যিবোৰ গাঁৱত ১০০ শতাংশ প্রতিষেধক টিকা দিয়া হৈছে আৰু ‘সৌভাগ্য’ আঁচনিৰ অধীনত যিবোৰ গাঁৱত ১০০ শতাংশ বিদ্যুতিকীকৰণ হৈছে, সেই গাঁৱৰ চৰপঞ্চসকলক সম্বর্ধনা জনায় প্রধানমন্ত্রীয়ে। মান্দলাৰ পৰা সমগ্ৰ দেশৰ পঞ্চায়তী ৰাজ প্রতেওঁধিসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে মহাত্মা গান্ধীৰ গ্রাম স্বৰাজ আৰু ‘গ্রামোদয়ৰ পৰা ৰাষ্ট্রোদয়’ৰ বিনম্ৰ আহ্বানক স্মৰণ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত মধ্যপ্রদেশলৈ আহিবলৈ পাই তেওঁ আনন্দিত হৈছে। প্রধানমন্ত্রী কয় যে মহাত্মা গান্ধীয়ে সদায়েই গাঁৱৰ গুৰুত্বৰ কথা তুলি ধৰাৰ লগতে গ্রাম স্বৰাজৰ কথা কৈছিল। তেওঁ সংশ্লিষ্ট সকলোকে গাঁৱৰ প্ৰতি কাম কৰি যোৱাৰ প্রতিশ্রুতি পালনৰ কথা পুনৰ সোঁৱৰাই দিয়ে। প্রধানমন্ত্রী কয় যে গ্রামোন্নয়নৰ কথা কোৱাৰ সময়ত বাজেট অতি গুৰুত্বপূর্ণ। কিন্তু, বিগত কেইটামান বছৰত ইয়াৰ কিছু পৰিবর্তিত হৈছে বুলি তেওঁ লগতে কয়। সাধাৰণ মানুহে বর্তমান এটি প্রকল্পৰ বাবে ধাৰ্য কৰা ধন যাতে সদব্যৱহাৰ হয়, সেইটো সুনিশ্চিত কৰাৰ প্রয়োজনৰ ওপৰ জোৰ দিয়ে। তদুপৰি, এনে প্রকল্পৰ কাম যাতে নির্ধাৰিত সময়ত আৰু স্বচ্ছতাৰে কৰা হয় তাৰ কথাও কোৱা হৈছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ সাধাৰণ লোকসকলক তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ওপৰত দৃষ্টি দিয়াৰ আহ্বান জনায় কয় যে শিশুৰ ভৱিষ্যতৰ বাবে শিক্ষা অতি প্রয়োজন। কৃষিক্ষেত্রত স্বনির্ভৰতাৰ লক্ষ্যৰে বিভিন্ন উদ্যোগৰ প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ পঞ্চায়তৰ প্রতিনিধিসকলক পানী সংৰক্ষণৰ প্রতি গুৰুত্ব দিয়াৰ আহ্বান জনায় আৰু প্রতি টোপাল পানী যাতে সংৰক্ষিত হয়, তাক নিশ্চিত কৰিবলৈ কয়। প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীয়ে ‘জন ধন যোজনা’ৰ জৰিয়তে আর্থিক অন্তর্ভুক্তিৰ গুৰুত্বৰ সন্দৰ্ভতো কয়। তদুপৰি, ‘বন ধন যোজনা’ৰ জৰিয়তে জনজাতি সম্প্রদায়ৰ সবলীকৰণ আৰু ‘গোবৰ ধন যোজনা’ৰ জৰিয়তে কৃষকসকলৰ স্বনিৰ্ভৰ কৰে তোলা আৰু পেলনীয়া পদার্থক শক্তিলৈ ৰূপান্তৰৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্রধানমন্ত্রীয়ে কয় যে আমাৰ দেশৰ গাওঁসমূহৰ পৰিৱৰ্তন কৰিব পাৰিলেহে, ভাৰতৰ পৰিৱৰ্তন সুনিশ্চিত হ’ব। প্রধানমন্ত্রীয়ে লগতে কয় যে বৰ্তমান কেন্দ্রীয় চৰকাৰে এনে কিছু পদক্ষেপ হাতত লৈছে, যাৰ ফলত মহিলাসকলৰ নিৰাপত্তা সুৰক্ষিত হ’ব। | ৰাষ্ট্রীয় গ্রামীণ স্বৰাজ অভিযানৰ শুভাৰম্ভ কৰিলে প্রধানমন্ত্রীয়ে; জনজাতিসকলৰ সৰ্বাগীন উন্নয়ন পৰিকল্পনাৰ ৰূপৰেখা প্রকাশ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%87%E0%A6%AC%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%8F%E0%A6%AB%E0%A6%8F%E0%A6%9B%E0%A6%9A%E0%A6%BF%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%9C/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A7%87%E0%A6%AC%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%8F%E0%A6%AB%E0%A6%8F%E0%A6%9B%E0%A6%9A%E0%A6%BF%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%9C/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ নিৰাপত্তা আৰু বিনিময় বোৰ্ড (SEBI) আৰু জিব্ৰাল্টাৰ বিত্তীয় সেৱা আয়োগৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু কাৰিকৰী সহায়ৰ বাবে বুজাবুজি চুক্তিত অনুমোদন জনায়। এই বুজাবুজি চুক্তিয়ে দুয়োটা নিয়ন্ত্ৰকৰ মাজত অধিক উন্নয়নমুলক অৰ্থনৈতিক কাম-কাজৰ সদচে সহযোগিতা বৃদ্ধি কৰিব আৰু দুয়ো দেশৰ নিৰাপত্তাজনিত বজাৰ ব্যৱস্থাৰ ফলপ্ৰসু উন্নয়নমুলক পৰিৱেশ সৃষ্টি কৰিব। তদুপৰি, এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত তথ্য আদান-প্ৰদানৰ পৰিকাঠামো সৃষ্টিত শক্তিশালী বৰঙণি আগবঢ়াব। ইয়াৰ দ্বাৰা এইটো আশা কৰা হৈছে যে ছেবি আৰু জিব্ৰাল্টাৰ এফএছচিৰ বৈদেশিক পাৰস্পৰিক সহযোগিতা আৰু নিয়ামক গতিবিধিৰ মুল্য চামিল কৰা হ’ব। | ছেবি আৰু এফএছচিৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%85%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A4-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%85%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A4-2/ | দীপাৱলীৰ প্ৰাক ক্ষণত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ অযোধ্যাত ‘ভগৱান শ্ৰী ৰামলালা বিৰাজমান’ৰ দৰ্শন আৰু পূজা সম্পন্ন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ’ চৌহদো পৰিদৰ্শন কৰে। মন্দিৰ প্ৰাংগণ তেওঁ এই পবিত্ৰ প্ৰকল্পৰে জড়িত ব্যক্তিসকলৰ লগতে শ্ৰমজীৱিসকলৰ সৈতেও এক বাৰ্তালাপ কাৰ্যসূচীত মিলিত হয়। | উত্তৰ প্ৰদেশৰ অযোধ্যাত ‘ভগৱান শ্ৰী ৰামলালা বিৰাজমান’ৰ দৰ্শন আৰু পূজা সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%AF%E0%A6%BC-%E0%A6%95/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A6%AF%E0%A6%BC-%E0%A6%95/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় কুমাৰ যাদৱক বাৰ্মিংহামৰ কমনৱেলথ ২০২২ত জুডোত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "বিজয় কুমাৰ যাদৱে কমনৱেলথত জুডোত ব্ৰঞ্জৰ পদক জয় কৰিছে আৰু দেশক গৌৰৱান্বিত কৰিছে। তেওঁৰ সফলতা ভাৰতত ক্ৰীড়াৰ ভৱিষ্যতৰ বাবে উত্তম। তেওঁ আগন্তুক সময়ত সফলতাৰ নতুন উচ্চতা অৰ্জন কৰক।" | প্ৰধানমন্ত্ৰীয়ে বিজয় কুমাৰ যাদৱক কমনৱেলথ ২০২২ ৰ জুডোত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-19/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-19/ | মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিশে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰে; "মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিশে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। | প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%95-%E0%A6%B6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%95-%E0%A6%B6/ | বিহাৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "বিহাৰৰ প্ৰতিগৰাকী ভ্ৰাতৃ আৰু ভগ্নীলৈ বিহাৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো। ঐতিহাসিক আৰু সাংস্কৃতিক উত্তৰাধিকাৰত সমৃদ্ধ ৰাজ্যখনে যেন বিকাশৰ নতুন শিখৰত উপনীত হয়, মই তাৰে কামনা কৰিলো।" | বিহাৰ দিৱসত বিহাৰবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%97/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%97/ | সমাজৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ প্ৰতি থকা উদ্বেগ আৰু সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ (পিএম-জিকেএ) ম্যাদ ছয় মাহ আৰু অৰ্থাৎ বৃদ্ধি কৰিছে। পিএম-জিকেএ-ৰ পঞ্চম পৰ্যায় ২০২২ চনৰ মাৰ্চত সমাপ্ত হোৱাৰ কথা আছিল। মন কৰিকৰিব পাৰি যে ২০২০ চনৰ এপ্ৰিলমাহৰ পৰা পিএম-জিকেৱাই বিশ্বৰ সৰ্ববৃহৎ খাদ্য সুৰক্ষা কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হৈছে। চৰকাৰে এতিয়ালৈকে প্ৰায় 2.60 লাখ কোটি টকা ব্যয় কৰিছে আৰু ছেপ্টেম্বৰ 2022-ৰ ভিতৰত অহা ছয় মাহত আৰু 80,000 কোটি টকা ব্যয় কৰা হ'ব, যাৰ বাবে পিএম-জিকেএৰ অধীনত মুঠ ব্যয় প্ৰায় 3.40 লাখ কোটি টকা স্পৰ্শ কৰিব লাগিব। এই আঁচনিৰ অধীনত সমগ্ৰ ভাৰততে প্ৰায় ৮০ কোটি হিতাধিকাৰীক সামৰি লোৱা হ'ব আৰু আগৰ দৰে, এই আঁচনিৰ বাবে প্ৰয়োজনীয় পুঁজি ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে ব্যৱস্থা কৰিব। যদিও কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে আৰু দেশত অৰ্থনৈতিক কাৰ্যকলাপে ক্ৰমান্বয়ে গতি বৃদ্ধি কৰিছে, পিএম-জিকেএ-ৰ ম্যাদ বৃদ্ধিয়ে নিশ্চিত কৰিব যে অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বৰ্তমান সময়ত কোনো দৰিদ্ৰ পৰিয়ালে ভোকত শুবলৈ বাধ্য নহয়। সম্প্ৰসাৰিত পিএম-জিকেএ-ৰ অধীনত, প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতিজন ব্যক্তিৰ বাবে অতিৰিক্ত 5 কিলোগ্ৰাম বিনামূলীয়া ৰেচন লাভ কৰিব, ইয়াৰ উপৰিও এনএফএছএ-ৰ অধীনত প্ৰাপ্ত কৰা খাদ্যশস্যৰ সাধাৰণ কোটা। ইয়াৰ অৰ্থ হৈছে যে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে স্বাভাৱিক পৰিমাণৰ প্ৰায় দুগুণ ৰেচন পাব। উল্লেখ কৰিব পাৰি যে চৰকাৰে পিএম-জিকেএৰ অধীনত পঞ্চম পৰ্যায়লৈকে প্ৰায় ৭৫৯ টা এলএমটি খাদ্যশস্য বিনামূলীয়াকৈ আৱণ্টন কৰিছিল। এই সম্প্ৰসাৰণৰ (ষষ্ঠ পৰ্যায়) অধীনত, 244 এলএমটি বিনামূলীয়া খাদ্যশস্যৰ সৈতে, পিএম-জিকেএ-ৰ অধীনত বিনামূলীয়া খাদ্যশস্যৰ মুঠ আৱণ্টন এতিয়া 1,003 এলএমটিলৈ বৃদ্ধি হৈছে। সমগ্ৰ দেশৰ প্ৰায় 5 লাখ ৰেচন দোকানত প্ৰযোজ্য 'এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড' (ONORC) আঁচনিৰ জৰিয়তে যিকোনো প্ৰব্ৰজনকাৰী শ্ৰমিক বা হিতাধিকাৰীয়ে বিনামূলীয়া ৰেচন প্ৰাপ্ত কৰিব পাৰে। এতিয়ালৈকে, আঁচনিখনৰ অধীনত 61 কোটিতকৈও অধিক লেনদেনে হিতাধিকাৰীসকলক তেওঁলোকৰ ঘৰৰ পৰা আঁতৰত লাভান্বিত কৰিছে। শতিকাৰ আটাইতকৈ বেয়া মহামাৰী স্বত্বেও চৰকাৰে কৃষকসকলক সৰ্বাধিক পৰিশোধ কৰাৰ ফলত খাদ্যশস্যৰ সৰ্বাধিক চৰকাৰী ক্ৰয়ৰ বাবে এইটো সম্ভৱ হৈছে। ভাৰতীয় কৃষকসকল, অৰ্থাৎ 'আন্নাদাতাছ', কৃষি খণ্ডত এই অভিলেখ উৎপাদনৰ বাবে অভিনন্দন ৰখাৰ যোগ্য। | কেবিনেটে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (পিএম-জিকেএ) 6 মাহ (এপ্ৰিল-ছেপ্টেম্বৰ, 2022) বৃদ্ধিত অনুমোদন জনাইছে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AB%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%AB%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছীয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম ব্লাডিমিৰ পুটিনৰে টেলিফোনত বাৰ্তালাপ কৰে। সমৰখণ্ডত অনুষ্ঠিত ‘এছচিঅ’ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত নেতাদ্বৰ মাজত অনুষ্ঠিত বৈঠকৰ পিচত হোৱা এই বাৰ্তালাপত দুয়োগৰাকী নেতাই ‘শক্তি-সহযোগিতা’, ‘বাণিজ্য আৰু বিনিয়োগ’, ‘প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতা’ তথা অন্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক সম্পৰ্কীয় প্ৰসংগসমূহৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। অব্যাহত থকা ইউক্ৰেইন সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনৈতিক পন্থা অৱলম্বনৰ বাবে তেওঁ জনোৱা আহ্বানকে দোহাৰি ইয়াৰ জৰিয়তহে সমাধানৰ সূত্ৰ ওলোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতে গ্ৰহণ কৰা ‘জি-২০’ৰ অধ্যক্ষতা সন্দৰ্ভত ৰাষ্ট্ৰপতি পুটিনক তথ্য অৱগত কৰাৰ লগতে ভাৰতে গ্ৰহণ কৰা প্ৰথমিকতাসমূহৰো আভাস দিয়ে। তেওঁ ‘ছাংইহাই কো-অপাৰেশ্যন অৰ্গেনাইজেশ্যন’-ৰ ভাৰতে গ্ৰহণ কৰা অধ্যক্ষতাৰ সময়ছোৱাত দুয়োখন দেশে একেলগে কাম কৰি যোৱাৰ বাবে কৰা আশাৰ কথাও উল্লেখ কৰে। দুয়োগৰাকী নেতাই পৰস্পৰৰ মাজত নিয়মীয়া মিলা-মিচা অব্যাহত ৰখাৰ কথাত সহমত ব্যক্ত কৰে। | ৰাছীয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম ব্লাডিমিৰ পুটিনৰে টেলিফোনত বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰবাসন আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। চৰকাৰী ভ্ৰমণসূচী লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত আগমণৰ সময়ত এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে। এই চুক্তিয়ে ব্যক্তিগত পৰ্যায়ত নাগৰিকৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ লগতে দুয়োখন দেশৰ ছাত্ৰ, বিদ্যায়তনিক ব্যক্তি, গৱেষক তথা দক্ষ কৰ্মীসকলৰ মাজত গতিশীলতা আনি দিব আৰু অনিয়মীয়া মানৱ সৰবৰাহ নিয়ন্ত্ৰণ কৰিব। এই চুক্তিয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত ক্ৰমৱৰ্দ্ধমান বহুমূখী সম্পৰ্ক আৰু বিশ্বাসকে প্ৰকট কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত এই চুক্তি সাত বছৰৰ বাবে কাৰ্যকৰী হ’ব আৰু আপোনাআপুনি পুনঃনৱীকৰণৰ সুবিধা থাকিব। ই এক যুটীয়া কৰ্মীগোটৰ পৰ্যবেক্ষণত থাকিব। | ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰবাসন আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A7%AD%E0%A7%AC-%E0%A6%95%E0%A7%87%E0%A6%9C%E0%A6%BF-%E0%A6%AE%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%AF%E0%A7%81%E0%A6%81%E0%A6%9C%E0%A6%A4/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A7%AD%E0%A7%AC-%E0%A6%95%E0%A7%87%E0%A6%9C%E0%A6%BF-%E0%A6%AE%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%AF%E0%A7%81%E0%A6%81%E0%A6%9C%E0%A6%A4/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত ২০২২ বৰ্ষৰ কমনৱেল্থ গেমছৰ মহিলাৰ ৭৬ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা মল্লযুঁজাৰু পূজা সিহাগক অভিনন্দন জ্ঞাপন কৰিছে৷ টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “"পূজা সিহাগে এগৰাকী প্ৰতিভাৱান মল্লযুঁজাৰু হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে। তেওঁ কেতিয়াও হতাশ নোহোৱা গুণৰ বাবেই বহু প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। তেওঁ ২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। তেওঁক অভিনন্দন জনাইছো। মই নিশ্চিত যে তেওঁ আগন্তুক দিন ভাৰতক গৌৰৱান্বিত কৰি থাকিব।" #Cheer4India"” | মহিলাৰ ৭৬ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা মল্লযুঁজাৰু পূজা সিহাগক অভিনন্দন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%B2-%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A7%B0-%E0%A6%A4%E0%A6%BE%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A7%B1%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%B2-%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A7%81%E0%A7%B0-%E0%A6%A4%E0%A6%BE%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A7%B1%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8/ | তামিল নাডুৰ তাঞ্জাৱুৰত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে এই দুৰ্ঘটনাত হতাহত হোৱা সকলৰ পৰিয়ালবৰ্গলৈ ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি’(পিএমএনআএফ)ৰ পৰা এক কালীন সাহায্যও ঘোষণা কৰিছে শ্ৰী মোদীয়ে। এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰা হয়; “তামিল নাডুৰ তাঞ্জাৱুৰত সংঘটিত দুৰ্ঘটনাটোৱে বৰুকৈয়ে ব্যথিত কৰিছে। এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কিছো। আহতসAকলৰ আশু আৰোগ্য কামনা কৰিছো”।: প্ৰধানমন্ত্ৰী “তাঞ্জাৱুৰত সংঘটিতত দুৰ্ঘটনাটোত নিহত সকলৰ নিকট আত্মীয়ক ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি’ৰ পৰা ২ লাখকৈ টকা এককালীন সাহায্য হিচাপে আগবঢ়োৱা হ’ব। আনহাতে, আহতসকলক ৫০,০০০টকাকৈ প্ৰদান কৰা হ’ব”। : প্ৰধানমন্ত্ৰী | তামিল নাডুৰ তাঞ্জাৱুৰত সংঘটিত দুৰ্ঘাটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AF%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AE%E0%A6%BE%E0%A6%B9/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AF%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AE%E0%A6%BE%E0%A6%B9/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহৰ মত কী বাতৰ আমোদজনক দিশ প্ৰদৰ্শিত এখন বুকলেট শ্বেয়াৰ কৰে। এই বুকলেটত আছে যোৱা মাহৰ মন কী বাতত সন্নিবিষ্ট ব্যক্তিসকলৰ সাক্ষাতকাৰ। প্ৰধানমন্ত্ৰীয়ে লগতে এই কথাও জানিবলৈ দিয়ে যে এই মাহৰ মন কী বাত অনুষ্ঠান ২৭ মাৰ্চৰ পুৱা ১১ বজাত সম্প্ৰচাৰ হ’ব। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "যোৱা মাহৰ মত কী বাতৰ আমোদজনক দিশ প্ৰদৰ্শিত এখন বুকলেট আপোনালোকৰ বাবে শ্বেয়াৰ কৰিলো। ইয়াত কিছুসংখ্যক লোকৰ সাক্ষাতকাৰো অন্তৰ্ভুক্ত কৰা হৈছে। চলিত মাহৰ মন কী বাত ২৭ মাৰ্চৰ পুৱা ১১ বজাত সম্প্ৰচাৰ হ’ব। সকলোৰে অংশগ্ৰহণ আশা কৰিলো।" | প্ৰধানমন্ত্ৰীয়ে যোৱা মাহৰ মত কী বাতৰ আমোদজনক দিশ প্ৰদৰ্শিত এখন বুকলেট শ্বেয়াৰ কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%8F%E0%A6%82%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%8F%E0%A6%82%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A6%BE/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এংগোলাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা জোয়াও মানুৱেল গনকেলভছ লৌৰেংকোক অভিনন্দন জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “এংগোলাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা জোয়াও মানুৱেল গনকেলভছ লৌৰেংকোক@jlprdeangola অভিনন্দন জনাইছো। আমাৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে মই একেলগে কাম কৰাৰ বাবে আশাবাদী।” | প্ৰধানমন্ত্ৰীয়ে এংগোলাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা জোয়াও মানুৱেল গনকেলভছ লৌৰেংকোক অভিনন্দন জনাইছে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BE%E0%A7%9F%E0%A6%AE%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%B2%E0%A7%80%E0%A6%97-%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AB%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%9F%E0%A7%B0-%E0%A6%AC/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BE%E0%A7%9F%E0%A6%AE%E0%A6%A3%E0%A7%8D%E0%A6%A1-%E0%A6%B2%E0%A7%80%E0%A6%97-%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AB%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%9F%E0%A7%B0-%E0%A6%AC/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মানীয় ডায়মণ্ড লীগ ট্ৰফী জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ ইতিহাস ৰচনা কৰা নীৰজ চোপ্ৰাক অভিনন্দন জনায়। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সন্মানীয় ডায়মণ্ড লীগ ট্ৰফী জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ ইতিহাস ৰচনা কৰা @Neeraj_chopra1ক অভিনন্দন জনাইছো। তেওঁ মহান নিষ্ঠা আৰু স্থায়িত্ব প্ৰদৰ্শন কৰিছে। তেওঁৰ ধাৰাবাহিক সফলতাই ভাৰতীয় এথলেটিকছে কিমান ডাঙৰ অগ্ৰগতি লাভ কৰিছে, সেইটোকে প্ৰতিপন্ন কৰিছে। | ডায়মণ্ড লীগ ট্ৰফী বিজয়ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%A7-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%A7-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ ডিচেম্বৰত উত্তৰপ্রদেশৰ বলৰামপুৰ ভ্ৰমণ কৰিব আৰু দুপৰীয়া ১বজাত সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্প উদ্বোধন কৰিব। এই প্রকল্পৰ কাম ১৯৭৮ চনত আৰম্ভ হৈছিল। কিন্তু প্রকল্পৰ বাবে বাজেট আৱণ্টন নোহোৱা, বিভিন্ন বিভাগৰ মাজত সমন্বয় নথকা আৰু উপযুক্ত নিৰীক্ষণ নকৰাৰ ফলত প্রায় চাৰি দশকেও প্রকল্পৰ কাম সম্পূৰ্ণ হোৱা নাছিল৷ কৃষকসকলৰ কল্যাণ আৰু সবলীকৰণৰ বাবে প্রধানমন্ত্রীৰ প্ৰচেষ্টা আৰু দীর্ঘ দিনে অসম্পূৰ্ণ ৰাষ্ট্ৰীয় স্বার্থ জড়িত প্রকল্পসমূহৰ কাম সম্পূ্ৰ্ণ কৰিবলৈ তেওঁৰ প্ৰতিশ্ৰুতিৰ বাবে সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্পই বিশেষ গুৰুত্ব লাভ কৰে৷ ২০১৬ চনত প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনাত এই প্রকল্প অন্তর্ভুক্ত কৰাত নির্দিষ্ট সময়ত ইয়াৰ কাম সম্পূ্ৰ্ণ কৰাৰ পৰিকল্পনা লোৱা হয়। ইয়াৰ পাছত নতুন খাল খনন আৰু প্রকল্পৰ বিভিন্ন গুৰুত্বপূর্ণ কামৰ বাবে ভূমি অধিগ্রহণত অভিনৱ প্ৰচেষ্টা গ্রহণ কৰা হয়। দীর্ঘদিন ধৰি অসম্পূৰ্ণ গোচৰৰ নিষ্পত্তি কৰা হয়। ইয়াৰ ফলত মাত্র চাৰি বছৰৰ প্রকল্পৰ কাম সম্পূৰ্ণ হয়। সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্প নির্মাণত ৯,৮০০ কোটি টকা ব্যয় হৈছে। ইয়াৰ ভিতৰত বিগত চাৰি বছৰত ব্যয় কৰা হৈছে ৪,৬০০ কোটি টকা। ঘাগৰা, সৰযূ , ৰাপ্তী, বনগংগা আৰু ৰোহিনী নদীক এই প্রকল্পৰ জৰিয়তে সংযুক্ত কৰাত সংশ্লিষ্ট অঞ্চলত সৰ্বাধিক পানীৰ ব্যৱহাৰ নিশ্চিত হৈছে। এই প্রকল্পত ৬২০০তকৈ অধিক গাঁৱৰ ২৯ লাখ কৃষক উপকৃত হ’ব আৰু ১৪ লক্ষাধিক হেক্টৰ ভূমি জলসিঞ্চনৰ আওতালৈ আহিব। বাহেৰাইচ, শ্রৱস্তী, বলৰামপুৰ, গোন্দা, সিদ্ধার্থনগৰ, বাস্তি, সন্ত কবীৰ নগৰ, গোৰখপুৰ আৰু মহাৰাজগঞ্জকে ধৰি পূব উত্তৰপ্রদেশৰ ৯খন জিলাৰ জনসাধাৰণ ইয়াৰ ফলত উপকৃত হ’ব৷ প্রকল্প ৰূপায়ণত অস্বাভাৱিক বিলম্ব হোৱাৰ ফলত এই অঞ্চলৰ কৃষকসকলে দীর্ঘদিন যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ সেয়েহে, এতিয়া তেওঁলোকে অত্যাধুনিক জলসিঞ্চনৰ সুবিধাৰে উপকৃত হ’ব৷ কৃষকসকলে অনাগত দিনত আৰু অধিক পৰিমাণে ফচল উৎপাদন কৰিব পাৰিব আৰু সংশ্লিষ্ট অঞ্চলৰ কৃষি সম্ভাৱনাক সর্বোচ্চ পর্যায়ত কামত লগাব পাৰিব৷ | ১১ ডিচেম্বৰত উত্তৰপ্রদেশৰ বলৰামপুৰ ভ্ৰমণ আৰু সৰযূ নাহাৰ ৰাষ্ট্ৰীয় প্রকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%8B%E0%A6%AD%E0%A6%BF%E0%A6%A1-%E0%A6%AD/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%8B%E0%A6%AD%E0%A6%BF%E0%A6%A1-%E0%A6%AD/ | ৰাষ্ট্ৰপতি বাইডেন উপ-ৰাষ্ট্ৰপতি হেৰিছ মহামান্যসকল, নমস্কাৰ! কোভিড মহামাৰীয়ে জীৱন, যোগান শৃংখলাত ব্যাঘাত অব্যাহত ৰাখিছে আৰু সমাজৰ ধৈৰ্য-দৃঢ়তাৰ পৰীক্ষা লৈ আছে। ভাৰতত আমি মহামাৰীৰ বিৰুদ্ধে এক জনকেন্দ্ৰিক ৰণনীতি গ্ৰহণ কৰিছো। আমি আমাৰ বাৰ্ষিক স্বাস্থ্যসেৱা বাজেটত সৰ্বকালৰ সৰ্বাধিক ধন আৱণ্টন কৰিছো। আমাৰ টিকাকৰণ কাৰ্যসূচী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। আমি প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ, আৰু ৫০ মিলিয়নৰো অধিক শিশুক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছো। ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত চাৰিটা ভেকছিন নিৰ্মাণ কৰিছে আৰু এই বছৰ পাঁচ বিলিয়ন পালি উৎপাদন কৰাৰ সক্ষমতা আছে। আমি ৯৮খন দেশক দ্বিপাক্ষিক ভাৱে আৰু কোভাক্সৰ জৰিয়তে ২০০ নিযুতৰো অধিক পালি যোগান ধৰিছো। ভাৰতে পৰীক্ষা, চিকিৎসা আৰু ডাটা ব্যৱস্থাপনাৰ বাবে কম ব্যয়ৰ কোভিড প্ৰশমন প্ৰযুক্তি বিকশিত কৰিছে। আমি এই সামৰ্থ্যবোৰ আন দেশলৈও আগবঢ়াইছো। ভাৰতৰ জিনোমিক্স কনচৰ্টিয়ামে ভাইৰাছৰ ওপৰত বিশ্বব্যাপী ডাটাবেছত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। মই ভাগ বতৰা কৰি সুখী যে আমি এই নেটৱৰ্কটো আমাৰ চুবুৰীয়া দেশসমূহলৈ সম্প্ৰসাৰিত কৰিম। ভাৰতত, আমি আমাৰ পৰম্পৰাগত ঔষধবোৰ ক'ভিডৰ বিৰুদ্ধে যুঁজত পৰিপূৰক হিচাপে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ, অগণন জীৱন ৰক্ষা কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰিছিলো। যোৱা মাহত, আমি ভাৰতত ''বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ কেন্দ্ৰ''ৰ আধাৰশিলা স্থাপন কৰিছিলো, যাৰ উদ্দেশ্য আছিল এই পৰম্পৰাগত জ্ঞান সমগ্ৰ বিশ্বৰ বাবে উপলব্ধ কৰা। মহামান্য, এইটো স্পষ্ট যে ভৱিষ্যতৰ স্বাস্থ্যজৰুৰী পৰিস্থিতিৰ সৈতে যুঁজিবলৈ এক সমন্বিত গোলকীয় সঁহাৰিৰ প্ৰয়োজন। আমি এক স্থিতিস্থাপক গোলকীয় যোগান শৃংখলা নিৰ্মাণ কৰিব লাগিব আৰু ভেকচিন আৰু ঔষধৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ সক্ষম কৰিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাক অধিক সংস্কাৰমুখী আৰু শক্তিশালী কৰিব লাগিব। যোগান শৃংখলাবোৰ স্থিৰ আৰু অনুমানযোগ্য কৰি ৰাখিবলৈ আমি ভেকছিন আৰু থেৰাপিউটিক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন প্ৰক্ৰিয়াৰ বাবেও আহ্বান জনাইছো। বিশ্ব সম্প্ৰদায়ৰ এজন দায়িত্বশীল সদস্য হিচাপে, ভাৰতে এই প্ৰচেষ্টাবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু। ধন্যবাদ। বহুত ধন্যবাদ। | দ্বিতীয় গোলকীয় কোভিড ভাৰ্চুৱেল সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%B1-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%B1-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D/ | ভাৰত চৰকাৰে অমৰ শ্বহীদ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপালৰ জাম্বুৰি ময়দানত জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলনত অংশগ্ৰহণৰ অৰ্থে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১ বজাত জনজাতীয় সমাজখনৰ কল্যাণৰ বাবে একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰিব। জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলনত প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশত 'ৰেচন আপকে গ্ৰাম' আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ উদ্দেশ্য হৈছে প্ৰতি মাহে জনজাতীয় সমাজৰ হিতাধিকাৰীসকলক তেওঁলোকৰ নিজৰ গাঁৱত পিডিএছ ৰেচনৰ মাহিলী কোটা প্ৰদান কৰা, যাতে তেওঁলোকে তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰিবলৈ সুলভ মূল্যৰ দোকানলৈ যাব নালাগে। মহাসন্মিলনত প্ৰধানমন্ত্ৰীয়ে তদুপৰি মধ্য প্ৰদেশ চিকল চেল (হিম’গ্ল’বিন’পেথী) মিছনৰ শুভাৰম্ভণি উপলক্ষে হিতাধিকাৰীসকলক জেনেটিক কাউন্সেলিং কাৰ্ড প্ৰদান কৰিব। চিকল চেল এনেমিয়া, থালাচেমিয়া আৰু অন্যান্য হিম’গ্ল’বিন’পেথীত ভুগি থকা ৰোগীসকলক পৰীক্ষা আৰু নিয়ন্ত্ৰণ কৰিবলৈ আৰু এই ৰোগসমূহৰ সম্পৰ্কে জনসজাগতা বৃদ্ধিৰ অৰ্থে এই অভিযানটো গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে এই ৰোগসমূহৰ প্ৰভাৱ মধ্য প্ৰদেশৰ জনজাতীয় সমাজখনৰ ওপৰত অধিক গভীৰ হোৱা দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশখনৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ত্ৰিপুৰা আৰু দাদৰা ও নগৰ হাভেলী আৰু দমন ও ডিউত ৫০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে তদুপৰি জনজাতীয় আত্ম-সহায়ক গোটসমূহৰদ্বাৰা সৃষ্ট সা-সামগ্ৰীৰ প্ৰদৰ্শনী আৰু মধ্যপ্ৰদেশৰ জনজাতীয় সমাজখনৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ আৰু নায়কসকলৰ এখন আলোকচিত্ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। তেখেতে তদুপৰি দুৰ্বল জনজাতীয় গোটৰ শিক্ষকসকলকে প্ৰমুখ্য কৰি নৱনিযুক্তসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই কাৰ্য্যসূচীত মধ্যপ্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, ডঃ বীৰেন্দ্ৰ কুমাৰ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰহ্লাদ এছ পেটেল, শ্ৰী ফগ্গান সিং কুলাষ্টে আৰু ডঃ এল মুৰুগানো উপস্থিত থাকিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে তদুপৰি পুনৰ গঢ়ি তোলা ৰাণী কমলাপতি ৰেলৱে ষ্টেচন উদ্বোধন আৰু মধ্যপ্ৰদেশত ৰেলৱেৰ একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰিব। | জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৫ নৱেম্বৰত মধ্য প্ৰদেশ ভ্ৰমণ কৰি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%B2%E0%A6%98%E0%A7%82-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%B2%E0%A6%98%E0%A7%82-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE/ | মন্ত্ৰী সভাৰ মোৰ সতীৰ্থ শ্ৰী অৰুণ জেটলীজী, গিৰিৰাজ সিংজী, প্ৰতাপ শুক্লজী, পোন ৰাধাকৃষ্ণনজী, বেংকিং খণ্ড, বিত্তীয় খণ্ড, ব্যৱসায়খণ্ডৰ লগতে অন্যান্য বাণিজ্য খণ্ডৰ মহানুভৱসকল, দেশজুৰি থকা মোৰ প্ৰিয় লঘূ উদ্যমীসকল, আইসকল আৰু সদাশয় ৰাইজ। লঘূ উদ্যোগৰ প্ৰতি উচ্চৰ্গিত আজিৰ এই কাৰ্যক্ৰমলৈ মই আপোনালোকৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ লঘূ উদ্যোগী বন্ধুসকলক আন্তৰিকতাৰে স্বাগতম জনাইছো। পোণতে আপোনালোক আটাইলৈকে দীপাৱলী আৰু সনৱত নতুন বৰ্ষৰ আগতীয়াকৈ শুভ কামনা জ্ঞাপন কৰিছো। দীপাৱলী আৰু নতুন বছৰ একোটাৰ আমাৰ ইয়াত কিমান গুৰুত্ব অনুভৱ কৰা হয় সেয়া হয়তো আপোনালোক সকলোৱেই জানে। এতিয়াতো এই কথা পৃথিৱী জুৰি অনুভূত হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আমাৰ ব্যৱসায়-বাণিজ্যৰে জড়িত বন্ধুসকলৰ বাবে এই কথাৰ গুৰুত্ব সদায়ে বেছি। কিয়নো তেওঁলোকে দীপাৱলী কিম্বা নতুন বছৰৰ আৰম্ভণী ভালকৈ হলে বছৰটো ভালকৈ পাৰ হব বুলি ধৰি লয়। তদুপৰি এইখিনি সময়তে আমাৰ কৃষকসকলে উত্পাদন কৰা খেতি ফচল বজাৰলৈ আহিবলৈ লয় বাবেও এইচোৱা সময়ে অন্য এক গুৰুত্ব বহণ কৰে। দৰাচলতে এইচোৱা সময়ত হোৱা ফচলৰ কিনা-বেচাই আগন্তুক বৰ্ষৰ বজাৰ তথা দেশৰ উন্নয়ণৰ গতি-বিধিও নিৰ্ণয় কৰে। যি কি নহওক, আজি মই আপোনালোকৰ আগত আমাৰ চৰকাৰে লঘূ উদ্যোগ ক্ষেত্ৰৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা ১২টা বিশেষ সিদ্ধান্তৰ বিষয়ে বাখ্যা দাঙি ধৰিব খুজিছো। বিগত কেইটামান সপ্তাহ ধৰি ভাৰত চৰকাৰৰ কেইবাটাও মন্ত্ৰালয়ে এই ক্ষেত্ৰত ঐকমত্য স্থাপন কৰাৰ বাবে দীঘলীয়া আলোচনাত মিলিত হৈছিল। ইয়াৰে দুই এটা সিদ্ধান্ত সীমিত পৰিসৰত পৰীক্ষামূলক ভাবে ৰূপায়ণ কৰিও চোৱা হৈছে। আৰু সকলো সমীক্ষাৰ অন্তত অৱশেষত মই আজি আপোনালোকৰ আগত এই ১২টা সিদ্ধান্তৰ কথা ঘোষণা কৰিবলৈ আগবাঢ়িব খুজিছো। বন্ধুসকল, এই ১২টা সিদ্ধান্তই আৰু এটা কথাকো প্ৰতিপন্ন কৰে, সেয়া হৈছে যেতিয়া Silosক ভংগ কৰি, collective উদ্যোগ গ্ৰহণ কৰা যায়, collective দায়বদ্ধতা স্বীকাৰ কৰা হয় আৰু collective সিদ্ধান্ত গ্ৰহণ কৰা যায় তেতিয়া ইয়াৰ প্ৰভাৱ বাস্তবিকতেই বিস্তাৰিত হয়! Silosততো আপোনালোকৰ সকলো সপোন ফাইলৰ মাজতে বন্ধ হৈ থাকিবলগীয়া হয়। কিন্তু যেতিয়া Silos ভংগ হয় তেতিয়া ফাইলেও গতি লাভ কৰে। বিষয়া-বৰ্গয়ো নিজেই হাতে-হাতে ফাইল লৈ সিদ্ধান্ত বাস্তবায়িত কৰিবলৈ লাগি যায়। এই ১২টা সিদ্ধান্ত দেশৰ ক্ষুদ্ৰ-লঘূ আৰু মধ্যমীয়া উদ্যোগ খণ্ড (Micro-Small and Medium Enterprises Sector) চমুকৈ MSMEৰ বাবে দীপাৱলীৰ বহুত ডাঙৰ উপহাৰতো হয়েই, দেশৰ লঘূ উদ্যোগ খণ্ডৰ বাবে এটা নতুন যুগৰ, নতুন অধ্যায়ৰ সূচনাকাৰী হিচাপেও চিহ্নিত হয়। প্ৰিয় ভাই-ভনীসকল, ভৱিষ্যতৰ লেখা-জোখা আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অতীত আৰু বৰ্তমানৰ কিছু কথা কৈ লব খুজিছো। ইয়াৰ প্ৰয়োজনীয়তা এই কৰণেই আছে কিয়নো ইয়ে অতীতৰ গৌৰৱ গাঁথাৰ স্মৰণ কৰোৱাৰ লগতে বৰ্তমানত আমাক আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰে। সেয়ে ইয়াৰ উল্লেখ কৰাৰ আক্ষৰিক অৰ্থতে প্ৰাসংগিকতা থাকে। বন্ধুসকল, এমএছএমই অৰ্থাত্ লঘূ উদ্যোগ খণ্ডই আমাৰ দেশৰ কোটি-কোটি জনতাক জীৱিকাৰ সাধন দি আহাৰ লগতে দেশৰ অৰ্থ-ব্যৱস্থাক টনকিয়াল কৰাৰ ক্ষেত্ৰতো মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি আমি সকলোৱে জানো। কৃষিৰ পিছত এই এমএছএমই-য়েই হৈছে কৰ্ম সংস্থাপন দিয়া দেশৰ আটাইতকৈ বৃহত্ খণ্ড। খেতিক যদি আমাৰ দেশৰ অৰ্থনীতিৰ বুনিয়াদ বুলি গণ্য কৰা হয় তেন্তে এমএছএমই-ক এই অৰ্থনীতিৰ সমৃদ্ধিৰ বাবে অব্যাহত ৰখা পদক্ষেপ বুলি অভিহিত কৰিব পাৰি। গঢ়া-পিটাৰ পৰা ঔষধলৈ, খেতি-বাতিৰ পৰা খেলপথাৰলৈ, বস্ত্ৰ পৰা অস্ত্ৰলৈ, ঊণৰ পৰা শক্তিলৈ এনে অনেক ক্ষেত্ৰত এমএছএমই-য়ে অতি গুৰিত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কাঞ্চীপুৰমৰ শাড়ীয়েই হওক কিম্বা পাণিপটৰ হস্ত-শিল্পই হওক লুধীয়ানাৰ গৰম কাপোৰৰ উদ্যোগেই হওক কিম্বা মুৰাদাবাদৰ পিতলৰ উদ্যোগেই হওক বাৰানসীৰ শাড়ীয়েই হওক কিম্বা আলিগড়ৰ তলাই হওক জামছেদপুৰ বা পুণেৰ অটোমোবাইল উদ্যোগেই হওক কিম্বা ভাৰুছৰ ৰসায়ণ উদ্যোগেই হওক অথবা কইমবাটোৰৰ বিজুলী-চালিত পাম্প উদ্যোগেই হওক যোধপুৰ, কিষাণগঞ্জৰ হস্ত-শিল্প বা পাথ্থৰ শিল্পই হওক কিম্বা কটকৰ অলংকাৰ শিল্পই হওক মধুবাণীৰ পেইটিঙেই হওক কিম্বা মেৰথৰ খেল সামগ্ৰীৰ উদ্যোগেই হওক পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ ই বিস্তাৰিত হৈ আছে। আমাৰ বাবে এয়া কেৱল উদ্যোগেই নহয় বৰং এয়া আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ জীৱনৰ অতিকে গুৰুত্বপূৰ্ণ অংগ। কিমানখন যে চহৰৰ নাম সেই চহৰত থন্ ধৰি উঠা উদ্যোগৰ নামেৰে প্ৰসিদ্ধ হৈছে! মই যদি কওঁ দেশৰ প্ৰতিখন জিলাৰ সৈতে এনে একোটা পৰিচিতি জড়িত হৈ আছে তেন্তে সেয়াও মিছা কোৱা নহব নিশ্চয়। এই সকলোৰে নেতৃত্ব লঘূউদ্যোগেইতো বহণ কৰি আহিছে। এই ঐতিহ্যক সযতনে সুৰক্ষিত ৰাখি আমাৰ লঘূ উদ্যোগে সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাৰ লগতে আমাৰ অৰ্থ-ব্যৱস্থাকো সমৃদ্ধিশালী কৰি আহিছে। বন্ধুসকল, আজি ভাৰত বিশ্ব অৰ্থনীতিৰ এক উজ্জ্বল তৰা হৈ জিলিকি উঠিছে। সাম্প্ৰতিক পৃথিৱীৰ চকু এতিয়া ভাৰতৰ ওপৰত স্তিমিত হৈছে, বিশ্ব-বাণিজ্যৰ কেন্দ্ৰ হিচাবে এতিয়া নতুন ভাৰতে প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে। এনে এক নতুন ভাৰত যাৰ সংকল্পক সিদ্ধি কৰাৰ সক্ষমতা আছে, যাৰ ১৩০কোটি নাগৰিকৰ আশা-আকাংক্ষাক পূৰণ কৰাৰ সামৰ্থ্য আছে। ভাৰতক এই উচ্চতালৈ উন্নীত কৰাৰ, দেশৰ প্ৰাণত নতুন শক্তি সঞ্চাৰিত কৰাৰ কৃতিত্ব দৰাচলতেই আমাৰ এমএছএমই খণ্ড, অৰ্থাত্ আপোনালোকৰ। এয়া আপোনালোকৰ শ্ৰম আৰু পুৰুষাৰ্থৰ ফল যাৰ জহত আজি ভাৰত ইকনমিক পাৱাৰ হাউছ হিচাবে চিহ্নিত হৈছে। ভাৰতত শেহতীয়া চাৰে চাৰি বছৰত যি পৰিৱৰ্তন সম্ভৱ হৈছে, আপোনালোক তাৰ আটাইতকৈ ডাঙৰ অংশীদাৰ। আপোনালোকে আনুষ্ঠানিকতাৰ ক্ষেত্ৰত বহুত ডাঙৰ প্ৰয়াস কৰিছে, ডিজিটেল লেন-দেনক আপোন কৰি লৈছে, ই-কমাৰ্চৰ দৰে নতুন ব্যৱস্থাৰে সম্পৰ্ক সহজ কৰাৰ প্ৰয়াসত লিপ্ত হৈছে, জিএছটি-ৰ দৰে দেশৰ বৃহত্তম কৰ-সংস্কাৰ ব্যৱস্থাক আপোন কৰি লোৱাৰ ব্ৰতত ব্ৰতী হৈছে। আপোনালোকে খুউব সুন্দৰ আৰু সফল ভাবেই বিশ্ব-বাণিজ্যক্ষেত্ৰখনৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি লবলৈ সক্ষম হৈছে। দেশত সম্পাদিত হোৱা এই পৰিৱৰ্তনৰ সুবাদতে আজি ভাৰতে চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ নেতৃত্ব বহণৰ দিশত অগ্ৰসৰ হৈছে। আমি এক নতুন যাত্ৰাত অগ্ৰসৰ হোৱাৰ পথত, এক নতুন যুগত প্ৰৱেশ কৰাৰ মুহূৰ্তত উপস্থিত হৈছোহি। এয়া সম্ভৱ হৈছে, কিয়নো আপোনালোকে, দেশৰ এমএছএমই খণ্ডই এই পৰিৱৰ্তনৰ সৈতে নিজকে জড়িত কৰিছে, ইয়াক নিজৰ ব্যৱস্থাৰ অংগ কৰি লৈছে। বন্দুসকল, আপোনালোকক এই ক্ষেত্ৰত উত্সাহিত কৰাৰ লগতে সাহস প্ৰদান কৰিবলৈ চৰকাৰেও কান্ধত কান্ধ মিলাই আগবাঢ়ি আহিছে। দেশত গ্ৰহণ কৰা বহু সংস্কাৰ আৰু সিদ্ধান্তৰ ফলত আজি ভাৰতত ব্যৱসায় কৰাটো সহজ হৈ উঠিছে। মাত্ৰ দুদিন আগতে বিশ্ব-বেংকে ঘোষণা কৰা ইজ অব ডুয়িং বিজনেছৰ তথ্যই এই কথাকে প্ৰতিপন্ন কৰিছে। চাৰি বছৰ আগতে যিটো কথা ভাবিবই পৰা নাছিল আজি হিন্দুস্থানে সেইটো কথাকে কৰি দেখুৱাবলৈ সক্ষম হৈছে, সেইটো কথাকে আমি কৰি দেখুৱাইছো। বন্ধুসকল, এইবাৰ ভাৰতে ইজ অব ডুয়িং বিজনেছ ৰেংকিঙত ২৩অংকৰ এটা দীঘলীয়া জাপ মাৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চয় আমাৰ সকলোৰে বাবেই গৌৰৱৰ কথা নহয় জানো। চাৰি বছৰৰ আগতে, আমাৰ চৰকাৰ গঠনৰ পূৰ্বে আমি এই শিতানত ১৪২নং স্থানত আছিলো। আজি মই কবলৈ পাই সুখী হৈছো যে এইচোৱা সময়ত আমি ৬৫টা স্থান বগাই আহি ৭৭নং স্থানত অৱতীৰ্ণ হৈছোহি, আৰু সম্পূৰ্ণৰূপে বিশ্বাস হৈছে যে যি দৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে, বিভিন্ন বিভাগসমূহে এটাৰ পিচত এটাকৈ পদক্ষেপ গ্ৰহণ কৰি আছে এতিয়া শীৰ্ষৰ ৫০নং স্থানো আমাৰ বাবে বেছি দূৰৈত নহব। ইজ অব ডুয়িং বিজনেছ-ত যদি ব্যৱস্থাৰ সৰলতা বৃদ্ধি পায়, সুবিধা বেছি হয় তেন্তে তাৰ অধিক সুফল লাভ কৰে আমাৰ এমএছএমই খণ্ডই। নিৰ্মাণৰ অনুজ্ঞা হওক, বিজুলী শক্তিৰ সংযোগ হওক বা অন্য কোনো অনুমোদন হওক বিগত সময়চোৱাত এয়া আমাৰ লঘূ উদ্যোগৰ বাবে সদায়ে প্ৰত্যাহ্বানপূৰ্ণ আছিল। পিছে এতিয়া একেবাৰে তৃণমূল পৰ্যায়লৈ গৈ, নিয়মৰ শুধৰণি কৰি এমএছএমই-ৰ বাবে আমি উদ্যোগৰ পথ আৰু অধিক সহজ কৰি তোলাৰ কাম কৰিছো। ইয়াৰ উপৰিও বিগত চাৰিটা বছৰত এই খণ্ডটোৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি কৰা নিয়ম-নীতিৰ সংস্কাৰে এমএছএমই খণ্ডক বিশেষভাবে শক্তি প্ৰদান কৰিছে। বন্ধুসকল, লঘূ উদ্যোগ আৰু শক্তিশালী হওক, ইয়াৰ বাবে কিছুমান বস্তু খুবেই দৰকাৰী। মই এইবোৰক বেলেগ বেলেগ শ্ৰেণীভূক্ত কৰি উল্লেখ কৰিব খুজিছো। এ- আপোনালোকৰ হাতলৈ সহজে পইচা আহক, ঋণ পাওক, কম সুদত ঋণৰ সুযোগ লাভ কৰক আৰু নগদ ধনৰ প্ৰৱহণ অব্যাহত থাকক বি- আপোনালোকৰ বাবে বজাৰ উপলব্ধ হওক, ই-কমাৰ্চৰ দৰে প্লেটফৰ্মত আপোনালোকৰ অংশীদাৰিত্ব বাঢ়ক চি- প্ৰযুক্তিৰ উন্নীকৰণ সম্ভৱ হওক ডি- ইজ অব ডুয়িং বিজনেছৰ পৰিসৰ বাঢ়ক, চৰকাৰী হস্তক্ষেপ কমক। আৰু ই- কৰ্মচাৰীৰ মাজত সুৰক্ষাৰ চেতনা জাগক যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত মূলধনৰ সমস্যাটোৱেই আটাইতকৈ ডাঙৰ। আপোনালোকক এই সমস্যাৰ পৰা মুক্ত কৰিবলৈকে মই আজি ৫৯মিনিট লোন পৰ্টেল শীৰ্ষক পৰ্টেল এটাৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছো। দেশ জুৰি আৰম্ভ হব লগা এই পৰ্টেলৰ জৰিয়তে ঘণ্টাটোৰ ভিতৰতে লঘূ উদ্যোগৰ উদ্যোগীসকলে ১কোটি টকা পৰ্যন্ত ঋণ পোৱাৰ সুযোগ লাভ কৰিব। মাত্ৰ ৫৯মিনিট। এৰা কেৱল ৫৯মিনিটতেই। মই জানি বুজিয়েই এই সীমা ১ঘণ্টা কৰা নাই। কিয়নো একক দুই হবলৈ, দুইক তিনি হবলৈ বেচি সময় যে নালাগে সেই কথা আমি সকলোৱে জানো। আৰু সেয়ে এই সীমা ৫৯মিনিটতে সীমিত ৰখাৰ ব্যৱস্থা কৰিছো। বন্ধুসকল, এই কাম আগৰ চৰকাৰৰ দিনতো হব পাৰিলেহেতেন। পিচে এনে কামৰ বাবে আগ্ৰহৰ লগতে স্বভাৱ ভাল হোনাতো আটাইতকৈ প্ৰয়োজন, নীতিনিষ্ঠতা প্ৰতিষ্ঠা হোৱাতো আটাইতকৈ জৰুৰী। মিনিমাম গভাৰ্ণমেণ্ট মেক্সিমাম গভাৰ্নেন্স-ত বিশ্বাসী আমাৰ চৰকাৰে সকলো পদক্ষেপতে আপোনালোকক নিয়মৰ মেৰ-জালৰ পৰা মুক্তি দিয়াৰ বাবে প্ৰয়াস কৰি আহিছো। মোৰ মনত আছে, মই যেতিয়া বিষয়া-বৰ্গৰে এই পৰ্টেলটো সন্দৰ্ভত আলোচনা কৰি আছিলো তেতিয়া মই কৈছিলো—উদ্যোগীসকলৰ টাৰ্ণ-অভাৰৰ তথ্য আপোনালোকে দেখোন জিএছটি ৰিটাৰ্ণত পাবই, সেইদৰে আয়ৰ তথ্য পাব আয়কৰ ৰিপৰ্টত আৰু বেংক একাউণ্টৰ পৰা পাব নগদ টকাৰ লেন-দেনৰ তথ্য, তেন্তে সেই তথ্য-বিশ্লেষণৰ আধাৰত উদ্যোগীসকলক ঋণ দিয়াৰ ব্যৱস্থা কৰাত অসুবিধা কত! মই এইটো কথাও কৈছিলো যে এই ব্যৱস্থা সন্দৰ্ভত যিমান পাৰি অধিক হাৰত প্ৰচাৰৰ দিহা কৰা হওক আৰু লঘূ উদ্যোগৰে জড়িত সকলো ব্যৱস্থাৱলীৰে এই পৰ্টেলক সংযুক্ত কৰা উচিত। যেনে ধৰক জিএছটি পৰ্টেল। তেন্তে, এই পৰ্টেলৰে জড়িত হোৱা প্ৰতিজন নীতি-নিষ্ঠ উদ্যোগী, প্ৰতি গৰাকী সত্ নাগৰিকক ঋণ দিয়াত অসুবিধা কত! আৰু এতিয়া আপুনালোকে যেতিয়া জিএছটি পৰ্টেলত আপোনালোকৰ ৰিটাৰ্ণ ফাইল কৰিব তেতিয়াই আপোনালোকে এই সুবিধা লাভ কৰিব। আপোনালোকে যেতিয়াই এই পৰ্টেলত প্ৰৱেশ কৰিব তেতিয়াই আপোনালোকক সোধা হব—আপোনালোকক বাৰু ঋণ লাগিবনেকি! যদি আপোনালোকে লাগে বুলি উত্তৰ দিয়ে তেন্তে ৫৯মিনিট লোন পৰ্টেলৰ সুবিধা উপলব্ধ হব। বন্ধুসকল, জিএছটিৰে জড়িত হোৱা প্ৰতিগৰাকী উদ্যোগী, প্ৰতিটো এমএছএমইৰ দুৱাৰ দলিত এতিয়া আক্ষৰিক অৰ্থতে চৰকাৰ উপস্থিত হৈছেহি। আপোনালোকৰ বাবে উচ্চৰ্গিত হব লগা এই ৫৯মিনিট পৰ্টেলটো আজি আনুষ্ঠানিক ভাৱে মুকলি কৰিছো বুলি মই ঘোষণা কৰিবলৈ পাই সঁচাকৈয়ে পৰম সন্তোষ পাইছো। এতিয়াৰে পৰা আপোনালোক আটায়ে ইয়াৰ সুফল লাভ কৰিব পাৰিব। এইখন লতুন ভাৰত, বন্ধুসকল, আজিৰ ভাৰতত বাৰে বাৰে বেংকলৈ যোৱাৰ সেই পুৰণি পৰম্পৰা নোহোৱা কৰক। ৫৯মিনিটত বাৰু ১কোটি টকা পৰ্যন্ত ঋণ লাভৰ সুযোগ লাভ কৰিলে, পিছে, এই ঋণৰ সুদৰ হাৰ কিমান হব সেয়াওতো গুৰুত্বপূৰ্ণ কথা নহয় জানো!—এৰা এই কথাটোকে মই এতিয়া আপোনালোকক কবলৈ ওলাইছো। বন্ধুসকল, এতিয়াৰে পৰা জিএছটি পঞ্জীকৃত প্ৰতিটো এমএছএমই-ক প্ৰদান কৰা নতুন কিম্বা ইনক্ৰিমেণ্টেল ঋণৰ বাবদ আদায় দিব লগা সুদৰ ক্ষেত্ৰত ২শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। মই এই মাত্ৰ আপোনালোকৰ আগত সততাৰ প্ৰতিস্থাৰ কথা উল্লেখ কৰিছিলো। এয়া সেই প্ৰতিস্থাৰে বিস্তাৰিত ৰূপ। এতিয়া জিএছটিৰে জড়িত হোৱা আৰু কৰ আদায় দিয়া কথাটো আপোনালোকৰ বাবে শক্তিৰ আধাৰ স্বৰূপ হৈ উঠিব। ইয়ে সুদৰ বিপৰীতে আপোনালোকক ২শতাংশৰ ৰেহাই লাভৰ সুযোগ প্ৰদান কৰিব। ইমানেই নহয়। ৰপ্তানী কৰাসকলৰ বাবেও দীপাৱলীৰ উপহাৰ সাজু কৰা হৈছে। ৰপ্তানী কৰোতাসকলৰ প্ৰী-ছিপমেণ্টশ্বিপ আৰু পোষ্ট-ছিপমেণ্টশ্বিপৰ সময় কালৰ বাবে আগবঢ়োৱা ঋণৰ সুদ ৰেহাইৰ হাৰ পূৰ্বৰ ৩শতাংশৰ ঠাইত এতিয়া ৫শতাংশ কৰা হৈছে। ভাই-ভনীসকল, দেশৰ ৰপ্তানী ক্ষেত্ৰত এমএছএমই খণ্ডৰ বিশেষ অৱদান আছে। দেশৰ মুঠ ৰপ্তানীৰ প্ৰায় ৪০শতাংশ আপোনালোকৰ এমএছএমই খণ্ডই চম্ভালে। বিশ্বত ভাৰতৰ বৰ্দ্ধিত জনপ্ৰিয়তাই সৃষ্টি কৰা পৰিৱেশৰ লাভ এমএছএমই খণ্ডই পাওক, এমএছএমই খণ্ডৰ ৰপ্তানীয়ে উপলব্ধ কৰক, সেয়া নিশ্চিত কৰিবলৈকে সুদৰ ক্ষেত্ৰত ৰেহাই দানৰ ব্যৱস্থা কৰা হৈছে। মই ভাবো আমাৰ এই পদক্ষেপে এমএছএমই খণ্ডৰ ৰপ্তানীৰ পৰিমাণ আৰু অধিক কৰি তুলিবলৈ সক্ষম হব। মই জানো এমএছএমই সমূহে তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহ যোগান ধৰা বৃহত্ প্ৰতিষ্ঠানসমূহৰ পৰা মূল্য আদায় কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। কেতিয়াবাতো ইয়াৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰিবলগীয়াও হয়। এনে পৰিস্থিতিত আপোনালোকে ঋণ লবলগীয়াত পৰে। মই আজি কৰিবলৈ যোৱা তৃতীয়টো ঘোষণা এই প্ৰসংগৰে জড়়িত। এমএছএমই সমূহৰ নগদ লেন-দেন প্ৰক্ৰিয়া যাতে বিঘ্নিত হবলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈকে কমেও ৫০০কোটি টকাৰ বছৰি ব্যৱসায় কৰা বৃহত্ প্ৰতিষ্ঠানসমূহক এতিয়াৰে পৰা ট্ৰেড ৰিচিভেবল ই-ডিচকাউণ্টিং ছীষ্টেম চমুকৈ—ট্ৰেডছত অন্তৰ্ভূক্ত কৰাটো বাধ্যতামূলক কৰা হৈছে। বিস্তৃত পৰিসৰ লাভ কৰিবলগীয়া এই ট্ৰেডছ-য়ে সাময়িক ভাবে নগদ ধনৰ সহযোগিতা আগবঢ়াই এমএছএমই সমূহক বাৰুকৈয়ে উপকৃত কৰিব। লঘূ উদ্যোগীসকলৰ বকেয়া আদায়ৰ বাবে আন এক বিকল্পৰো ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি এমএছএমই মন্ত্ৰালয়ৰ সমাধান শীৰ্ষক পৰ্টেলত লঘূ উদ্যোগীসকলে ধন আদায় পাবলগীয়া বৃহত্ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ কৰিব পাৰিব। চৰকাৰী হস্তক্ষেপৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই অভিযোগৰ মীমাংসা কৰা হব। এই ব্যৱস্থাই আপোনালোকক সময়ত ধন আদায় দিয়াৰ ক্ষেত্ৰত বৃহত্ প্ৰতিষ্ঠানসমূহক তত্পৰ হবলৈ বাধ্য কৰিব। বন্ধুসকল, ঋণ লাভৰ ব্যৱস্থা সহজ কৰা, সুদৰ হাৰ কম কৰা, এমএছএমইৰ ৰপ্তানীকাৰী সকলেও কম সুদৰ সুফল লাভ কৰা, নগদ ধনৰ প্ৰবহণো সূষম গতিত অব্যাহত থকা এক পৰিৱেশ সৃষ্টি কৰাটোৱেইতো আমাৰ চৰকাৰে আপোনালোকৰ ক্ষেত্ৰত গ্ৰহণ কৰিব খোজা অন্যতম প্ৰাথমিকতা। বন্ধুসকল, আজিৰ যুগ কম্পিউটাৰাইজেশ্যন আৰু প্ৰযুক্তিৰ, ই-কমাৰ্চ আৰু ই-মাৰ্কেটিঙৰ যুগ। লঘূ উদ্যোগীসকলো এই ব্যৱস্থাৰে যিমান বেছিকৈ জড়িত হব, সিমানেই তেওঁলেক অধিক হাৰত উপকৃত হব। জিইএমৰ দৰেই ই-কমাৰ্চৰ অন্য প্লেটফৰ্মতো যাতে আপোনালোকে উত্পাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে, ইয়াৰ বাবে প্ৰয়োজন হোৱা গুণ-মানৰ প্ৰমাণ পত্ৰ যাতে থলীতে উপলব্ধ কৰিব পৰা যায় এই কথা নিশ্চত কৰাৰ বাবেও চৰকাৰে মানক এজেন্সীসমূহৰ সৈতে কাম কৰি আছে। এগ্ৰোগেটৰ-ৰ এই আৰ্হিৰে লঘূ উদ্যোগীসকলক ব্যক্তিগত প্ৰতিষ্ঠানৰে সংযুক্ত কৰাৰো ব্যৱস্থা কৰি থকা হৈছে। বন্ধুসকল, মূলধন আৰু বজাৰৰ উপৰিও আমাৰ উদ্যোগীসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰা আন এক প্ৰত্যাহ্বান হৈছে প্ৰযুক্তিৰ উত্তৰণ। আমাৰ বহু উদ্যোগীয়ে উচিত সময়ত প্ৰযক্তিগত সুফল আদায় কৰিব পৰা নাই। দেশৰ টুলৰূমসমূহে উত্পাদিত সামগ্ৰীৰ আৰ্হি তৈয়াৰ কৰা আৰু ইয়াৰ উত্তৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত সহযোগিতা আগবঢ়ায়। নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ নাথাকিলেও এই টুলৰূমসমূহত আপোনালোকে উচ্চ প্ৰযুক্তিৰ সামগ্ৰীও প্ৰস্ত্তত কৰিব পাৰে। বিগত চাৰিটা বছৰত চৰকাৰে এই টুলৰূমসমূহৰ উন্নয়ণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। আগৰখন চৰকাৰে ইয়াত ৩লাখ লোকক প্ৰশিক্ষণ দিছিল যদিও আমি এই চাৰিটা বছৰত চাৰে ৬লাখ লোকক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছো। মোৰ আন এক ঘোষণা এই প্ৰযুক্তিৰ উত্তৰণৰেই জড়িত। ভাই-ভনীসকল, দেশ জুৰি এই টুলৰূমসমূহৰ সম্প্ৰসাৰণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ বাবে ২০টা হাবৰ লগতে টুলৰূম সদৃশ ১০০টা স্পোক স্থাপন কৰা হব। এই মহত্বপূৰ্ণ কামটোৰ বাবে মই আজি ৬হাজাৰ কোটি টকাৰ এটি পেকেজৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছো। ইয়াৰ দ্বাৰা উন্নত আৰ্হি প্ৰস্ত্ততৰ পৰা মান সম্পন্ন প্ৰশিক্ষণ, কনছালটেন্সিৰ দৰে বিভিন্ন প্ৰসংগত এমএছএমই খণ্ডই বিশেষ লাভ আদায় কৰিব পাৰিব। মোৰ পিচৰ ঘোষণাটো ইজ অব ডুয়িং বিজনেছ-ৰ প্ৰসংগৰে জড়িত। দেশত এমএছএমই খণ্ডৰ অন্তৰ্গত ফাৰ্মা কোম্পানীসমূহৰ ব্যৱসায়ৰ পৰিবেশ সৰলীকৃত কৰাৰ লগতে ইয়াক যাতে পোণপটীয়াকৈ গ্ৰাহকৰে সম্পৰ্কিত কৰিব পৰা যায় তাৰ বাবে ক্লাষ্টাৰ গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ক্লাষ্টাৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৭০শতাংশ পুঁজি খৰছ কৰা হব। চৰকাৰে আজি ঘোষণা কৰা এই সিদ্ধান্তই দেশৰ ফাৰ্মা কোম্পানীসমূহৰ উত্পাদন বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব। তদুপৰি, এমএছএমই খণ্ডৰ ক্ষেত্ৰত চৰকাৰী বিধি-ব্যৱস্থা সৰল কৰাৰ বাবে গ্ৰহণ কৰা এলানি ব্যৱস্থা সম্পৰ্কেও মই আজি ঘোষণা কৰিব খুজিছো। সেই আনুসৰি এতিয়াৰ পৰা আপোনালোকে ৰিটাৰ্ণ দুবাৰৰ ঠাইত এবাৰ দিলেই হব। সেইদৰে, চৰকাৰী কাম-কাজত এতিয়াৰে পৰা মানৱীয় হস্তক্ষেপৰ হাৰ কমোৱাৰ উদ্দেশ্যে Computerized Random ndia,আকাংক্ষী ভাৰত, মহত্-আকাংক্ষী ভাৰত। আপোনালোকে আপোনালোকৰ পৰিশ্ৰমৰ ফল প্ৰত্যক্ষ কৰিব পাৰে। এই পৰিশ্ৰমৰ সু-পৰিণতিৰে আপোনালোকৰ আয় বৃদ্ধি পায়, বীজ সদৃশ এই এমএছএমই-য়েই এদিন বৃহত্ উদ্যোগৰ ৰূপ ধাৰণ কৰেগৈ। আৰু নতুন নতুন উদ্যোগৰ বাবে প্ৰৰণাৰ আধাৰ হৈ উঠে। মই ভাবো ফলে-ফুলে জাতিষ্কাৰ হৈ অনাগত দিনবোৰত ই নিজৰ শ্ৰীবৃদ্ধি কৰাৰ লগতে সামগ্ৰীক ভাবে মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমক সাফল্যমণ্ডিত কৰাত বিশেষ অৰিহণা আগবঢ়াবলৈও সক্ষম হব। আপোনালোক আটাইলৈকে পুণৰবাৰ শুভ-কামনা যাঁচি আজিলৈ সামৰিলো। বহুত বহুত ধন্যবাদ। | ক্ষুদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগখণ্ডলৈ বিশেষ সহযোগিতা প্ৰদান সম্পৰ্কীয় ঐতিহাসিক কাৰ্যক্ৰমৰ ঘোষণা কৰি দিয়া প্ৰধান মন্ত্ৰীৰ ভাষণ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%81%E0%A6%81%E0%A6%B9%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%95%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%81%E0%A6%81%E0%A6%B9%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%95%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87/ | নতুন দিল্লীৰ লোক কল্যান মাৰ্গত কুঁহিয়াৰৰ খেতি কৰা ১৪০জনীয়া কৃষকৰ এটা দলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেদ্ৰ মোদী মিলিত হোৱাৰ লগতে মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কৃষক উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে কেন্দ্ৰীয় কেবিনেটৰ পৰৱৰ্তী বৈঠকত ২০১৮-১৯ বৰ্ষৰ খাৰিফ শস্য ভিতৰত কেইবিধমান শস্যৰ উৎপাদন ব্যয়ৰ ১৫০% ন্যূনতম সমৰ্থিত মূল্য ধাৰ্য কৰাৰ বাবে অনুমোদন কাৰ্যকৰী কৰিব। এইটোৱে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব। তেওঁ লগতে উল্লেখ কৰে যে অহা দুসপ্তাহৰ ভিতৰত ২০১৮-১৯ বৰ্ষৰ চেনিৰ বৰ্ষৰ বাবে ন্যায্য আৰু লাভজনক মূল্য ঘোষণা কৰা হ’ব। এই মূল্য ২০১৭-১৮ বৰ্ষতকৈ অধিক হ’ব। তদুপৰি, কুঁহিয়াৰৰ পৰা ৯.৫%তকৈ অধিক ধন পৰিশোধ কৰিব, তেওঁলোকক উৎসাহ যোগোৱা হ’ব। কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলক তেওঁলোকৰ বকেয়া ধন লাভৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্ত লোৱাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে। নতুন নীতি প্ৰৱৰ্তনৰ ফলস্বৰূপে বিগত ৭-১০ দিনৰ ভিতৰত কৃষকসকলক ৪০০০ কোটি টকা বকেয়া ধন প্ৰদানৰ সন্দৰ্ভতো অৱগত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ৰাজ্য চৰকাৰসমূহক সকলো কুঁহিয়াৰৰ কৃষকক বকেয়া ধন প্ৰদানৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক ক্ষুদ্ৰ জলসিঞ্চন, শেহতীয়া কৃষি প্ৰযুক্ত আৰু সৌৰ লেম্প ব্যৱহাৰৰ বাবে আহ্বান জনায়। তেওঁ লগতে কৃষকসকলক ২০২২ চনৰ ভিতৰত ১০% কমকৈ ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবেও আহ্বান জনায়। তদুপৰি, মূল্য সংযোজন, মজুতভাণ্ডাৰ, উন্নত মানৰ বীজৰ লগতে বজাৰৰ সংযোগৰ প্ৰসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। মত বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰৰ কৃকসকলক সমস্যাত পেলাইছিল, যাৰবাবে তেওঁলোকে ২১,০০০ কোটি টকাৰ বকেয়া নোপোৱাকৈ যুঁজি থাকিবলগীয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে চেনিৰ আমদানি শুল্ক ৫০%ৰ পৰা ১০০%লৈ আৰু প্ৰতি কুইণ্টল কুঁহিয়াৰত ৫.৫০ টকাকৈ মুঠ ১,৫৪০ টকালৈ বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰহণ বিভিন্ন প্ৰদক্ষেপৰ বাবে কৃষকসকলে প্ৰদানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। | কুঁহিয়াৰৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%87%E0%A6%AE%E0%A7%8D%E0%A6%AB%E0%A6%B2%E0%A6%A4-%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A6%A8%E0%A7%8D/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%B0-%E0%A6%87%E0%A6%AE%E0%A7%8D%E0%A6%AB%E0%A6%B2%E0%A6%A4-%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A6%A8%E0%A7%8D/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৭০০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। তেখেতে ৭৫ কোটি টকাৰোধিক ব্যয় সাপেক্ষে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা ষ্টীল দলং উদ্বোধন কৰে, যাৰ ফলত শিলচৰ আৰু ইম্ফলৰ মাজত যান-বাহনৰ ভিৰ হ্ৰাস পাব। তেখেতে তদুপৰি মণিপুৰৰ জনসাধাৰণলৈ প্ৰায় ১১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২৩৮৭ টা ম’বাইল টাৱাৰ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ₹২৮০ কোটি মূল্যৰ 'থৌবাল বহু-মুখী প্ৰকল্পৰ পানী পৰিবহণ ব্যৱস্থা' ৰ উদ্বোধন কৰে, যিয়ে ইম্ফল চহৰক খোৱা পানীৰ যোগান ধৰিব; তামেংলং জিলাৰ দহটা অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত খোৱা পানী প্ৰদানৰ বাবে ৬৫ কোটি টকা ব্যয় সাপেক্ষে পানী যোগান আঁচনি প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে আৰু অঞ্চলটোৰ বাসিন্দাসকলক নিয়মীয়াকৈ পানী যোগান ধৰাৰ বাবে ৫১ কোটি টকা ব্যয় সাপেক্ষে 'সম্প্ৰসাৰিত সেনাপতি জিলা হেডকোৱাটাৰ পানী যোগান আঁচনি' নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ইম্ফলত পিপিপি ভিত্তিত প্ৰায় ১৬০ কোটি টকা মূল্যৰ 'ষ্টেট অৱ দ্য আৰ্ট কেন্সাৰ হাস্পতাল' ৰ আধাৰশিলা স্থাপন কৰে। তেখেতে ডিআৰডিঅ'ৰ সহযোগত প্ৰায় ৩৭ কোটি টকা ব্যয় সাপেক্ষে কিয়ামগেইত স্থাপন কৰা '২০০ বিছনাযুক্ত ক’ভিড চিকিৎসালয়' উদ্বোধন কৰে। তেখেতে ১৭০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে ‘ইম্ফল স্মাৰ্ট চিটি মিছন' ৰ অধীনত বিকশিত তিনিটা প্ৰকল্প উদ্বোধন কৰে, ইয়াৰ ভিতৰত আছে ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কনট্ৰল চেণ্টাৰ (ICCC)', 'ইম্ফল নদীত পশ্চিম ৰিভাৰফ্ৰন্টৰ বিকাশ (প্ৰথম পৰ্য্যায়)' আৰু 'ঠেঙাল বজাৰত মল ৰোডৰ বিকাশ (প্ৰথম পৰ্য্যায়)'। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ৰাজ্যখনত প্ৰায় ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 'ইনভেনশ্যন, ইন’ভেশ্যন, ইনকিউবেশ্যন এণ্ড ট্ৰেইনিং কেন্দ্ৰ (CIIIT)' ৰ আধাৰশিলা স্থাপন কৰে। তেখেতে তদুপৰি হাৰিয়ানাৰ গুৰগাঁৱত মণিপুৰ ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে, যাক ২৪০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰেপৰা কেইদিনমানৰ পিছত ২১ জানুৱাৰীত মণিপুৰে ৰাজ্যৰ মৰ্য্যাদা লাভ কৰাৰ ৫০ বছৰ পূৰ্ণ কৰিব। স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ উপলক্ষে এয়া নিজেই এক প্ৰধান অনুপ্ৰেৰণা। মণিপুৰবাসীৰ সাহসিকতাক শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দেশখনৰ জনসাধাৰণৰ মাজত স্বাধীনতাৰ ওপৰত বিশ্বাস ইয়াতে মৈৰাঙৰ ভূমিৰপৰা আৰম্ভ হৈছিল, য'ত নেতাজী সুভাষৰ সেনাই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। নেতাজীয়ে ভাৰতৰ স্বাধীনতাৰ প্ৰৱেশদ্বাৰ বুলি কোৱা উত্তৰ-পূৰ্বাঞ্চল এখনি নৱ্য ভাৰতৰ সপোন পৰিপূৰণৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে। তেখেতে ভাৰতৰ পূব আৰু উত্তৰ-পূব অংশ ভাৰতৰ প্ৰগতিৰ উৎস হ'ব বুলি তেখেতৰ বিশ্বাসৰ কথা দোহাৰে আৰু আজি অঞ্চলটোৰ বিকাশত এয়া দৃশ্যমান বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক সেই আঁচনিসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে যাৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে আৰু যিসমূহ আজি উদ্বোধন কৰা হয়। তেখেতে মণিপুৰৰ জনসাধাৰণক এখন স্থিৰ চৰকাৰ গঠনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে আৰু সম্পূৰ্ণ প্ৰভাৱেৰে শাসন কাৰ্য্য অব্যাহত ৰাখিছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে এই স্থিৰতা আৰু মণিপুৰৰ লোকসকলৰ পছন্দৰ বাবে কিষাণ সন্মান নিধিৰ অধীনত ৬ লাখ কৃষক পৰিয়ালে শ-শ কোটি টকা লাভ কৰিছে; প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ অধীনত ৬ লাখ দৰিদ্ৰ পৰিয়ালে লাভা-লাভ অৰ্জন কৰিছে; পিএমএৱাইৰ অধীনত ৮০ হাজাৰ ঘৰ; আয়ুষ্মান যোজনাৰ অধীনত ৪.২৫ লাখ ৰোগীক বিনামূলীয়া চিকিৎসা; ১.৫ লাখ বিনামূলীয়া গেছ সংযোগ; ১.৩ লাখ বিনামূলীয়া বিদ্যুৎ সংযোগ; ৩০ হাজাৰ টয়লেট; ৩০ লাখৰোধিক বিনামূলীয়া ভেকছিন পালি আৰু ৰাজ্যখনৰ প্ৰতিখন জিলাত অক্সিজেন প্ৰকল্প বাস্তৱত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰি কয় যে তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই বহুবাৰ মণিপুৰ ভ্ৰমণ কৰিছিল। তেখেতে তেওঁলোকৰ বেদনা বুজি পাইছে বুলি উল্লেখ কৰি "সেয়েহে ২০১৪ ৰ পিছত, মই দিল্লী-ভাৰত চৰকাৰক আপোনাসৱৰ দুৱাৰমুখলৈ লৈ আহিছো" বুলি কয়। প্ৰতিজন বিষয়া আৰু মন্ত্ৰীকে অঞ্চলটো ভ্ৰমণ আৰু লোকসকলৰ স্থানীয় প্ৰয়োজনীয়তা অনুসৰি তেওঁলোকক সেৱা কৰিবলৈ কোৱা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি আঙুলিয়াই দিয়ে, "মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ দপ্তৰসমূহত অঞ্চলটোৰপৰা পাঁচজন গুৰুত্বপূৰ্ণ মুখ থকাটো আপুনি দেখিব।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সাত বছৰ ধৰি চৰকাৰখনৰ কঠোৰ পৰিশ্ৰম সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ মণিপুৰত দৃশ্যমান হৈছে। আজি মণিপুৰ পৰিৱৰ্তনৰ এক নতুন কৰ্ম সংস্কৃতিৰ প্ৰতীক হৈ পৰিছে। এই পৰিৱৰ্তনৰাজি মণিপুৰৰ সংস্কৃতি আৰু ইয়াৰ পালনৰ বাবে। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত সংযোগকো অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে আৰু সৃজনশীলতাও সমানে গুৰুত্বপূৰ্ণ, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পথ আৰু আন্তঃগাঁথনি প্ৰকল্পৰাজিৰ লগতে উন্নত ম’বাইল নেটৱৰ্কৰদ্বাৰা যোগাযোগ ব্যৱস্থা শক্তিশালী হ'ব। চিআইআইটিয়ে স্থানীয় যুৱসকলৰ সৃজনশীলতা আৰু উদ্ভাৱনৰ উদ্দীপনাত বৰঙণি যোগাব। আধুনিক কৰ্কট চিকিৎসালয়ে যত্নৰ মাত্ৰা বৃদ্ধি কৰিব আৰু মণিপুৰ ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্ট আৰু গোবিন্দ জী মন্দিৰৰ নৱীকৰণে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ চৰকাৰে উত্তৰ-পূবৰ বাবে 'এক্ট ইষ্ট'ৰ সংকল্প গ্ৰহণ কৰিছে। তেখেতে কয়, ঈশ্বৰে এই অঞ্চলত বহুতো প্ৰাকৃতিক সম্পদ, অপাৰ সম্ভাৱনা প্ৰদান কৰিছে। ইয়াত উন্নয়ন আৰু পৰ্যটনৰ বহু সম্ভাৱনা আছে। তেখেতে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলত এই সম্ভাৱনাৰাজি বাস্তৱায়িত কৰিবলৈ এতিয়া কাম কৰা হৈছে। উত্তৰ-পূব এতিয়া ভাৰতৰ উন্নয়নৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মণিপুৰে দেশখনৰ বাবে অতিশয় বিৰল ৰত্নসমূহ প্ৰদান কৰি আহিছে। মণিপুৰৰ যুৱক-যুৱতীসকলে আৰু বিশেষকৈ ইয়াৰ জীয়ৰীসকলে সমগ্ৰ বিশ্বতে দেশখনক গৌৰৱান্বিত কৰিছে। বিশেষকৈ আজি দেশখনৰ যুৱপ্ৰজন্মই মণিপুৰৰ খেলুৱৈসকলৰপৰা অনুপ্ৰেৰণা লভিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয়, দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাত এই অঞ্চলত উগ্ৰবাদ আৰু নিৰাপত্তাহীনতাৰ ৰেশ নোহোৱাৰ পৰিৱৰ্তে শান্তি আৰু উন্নয়নে বিৰাজ কৰিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শ-শ যুৱক-যুৱতীয়ে অস্ত্ৰ সম্বৰণ আৰু উন্নয়নৰ মূল সুঁতিত যোগদান কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কেইবা দশক ধৰি স্থগিত হৈ থকা ঐতিহাসিক চুক্তিসমূহক বৰ্তমানৰ চৰকাৰখনে ৰূপায়ণ কৰিছে। 'অৱৰোধ ৰাজ্য'ৰপৰা, মণিপুৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে পথ প্ৰশস্তকাৰী এখন ৰাজ্য হৈ পৰিছে। তেখেতে কয়, একবিংশ শতিকাৰ এই দশকটো মণিপুৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। তেখেতে পূৰ্বে হেৰাই যোৱা সময়ৰ বাবে খেদ প্ৰকাশ কৰে। এতিয়া এটা মুহূৰ্তও নাই বুলি তেখেতে লগতে কয়। "আমি মণিপুৰতো স্থিৰতা বজাই ৰাখিব লাগিব আৰু মণিপুৰকো উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাব লাগিব। আৰু কেৱল দ্বৈত ইঞ্জিন চৰকাৰেহে এই কাম কৰিব পাৰে", তেওঁ গুৰুত্ব আৰোপ কৰে। “আমি মণিপুৰতো স্থিৰতা বজাই ৰাখিব লাগিব আৰু মণিপুৰক উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব লাগিব। কেৱল দ্বৈত ইঞ্জিনযুক্ত চৰকাৰেহে এই কাম কৰিব পাৰে”, বুলি তেখেতে গুৰুত্ব আৰোপ কৰে। | মণিপুৰৰ ইম্ফলত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A1%E0%A6%BE%E0%A6%B2%E0%A6%9C%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%A7%E0%A6%BE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A1%E0%A6%BE%E0%A6%B2%E0%A6%9C%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%A7%E0%A6%BE/ | নমস্কাৰ জয় মা অন্নপূৰ্ণা জয়-জয় মা অন্নপূৰ্ণা গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেন্দ্ৰ ভাই পেটেল আৰু সংসদত মোৰ সতীৰ্থ তথা গুজৰাট ভাজপাৰ অধ্যক্ষ শ্ৰী চি আৰ পাটিল, অন্নপূৰ্ণা ধাম ট্ৰাষ্টৰ অধ্যক্ষ, সংসদত মোৰ সতীৰ্থ নৰহৰি অমীন, অন্য বিষয়াসকল, জনপ্ৰতিনিধিসকল, সমাজৰ জ্যেষ্ঠ সংগী, ভগ্নী আৰু ভাতৃসকল… মা অন্নপূৰ্ণাৰ এই পৱিত্ৰ ধামত আস্থা, আধ্যাত্ম আৰু সামাজিক দায়িত্বৰে জড়িত বৃহৎ অনুষ্ঠানসমূহৰ সৈতে মোক সংযুক্ত কৰাৰ যি নিৰন্তৰ সুযোগ পাই আছো, মন্দিৰৰ ভূমি পূজনেই হওক, মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই হওক, হোষ্টেলৰ ভূমি পূজনেই হওক আৰু আজি উদ্ঘাটন হৈ আছে। মাৰ আশীৰ্বাদত প্ৰতিবাৰেই মই কিবা নহয় কিবা প্ৰকাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো। আজি শ্ৰী অন্নপূৰ্ণা ধাম ট্ৰাষ্ট, অডালজ কুমাৰ হোষ্টেল আৰু এডুকেশ্যন কমপ্লেক্সৰ উদ্ঘাটনৰ লগতে জন সহায়ক ট্ৰাষ্ট হিৰামণি আৰোগ্য ধামৰ ভূমি পূজনো হৈছে। শিক্ষা, পোষণ আৰু আৰোগ্যৰ ক্ষেত্ৰত সমাজৰ বাবে গুজৰাটৰ স্বভাৱ আছে। যাৰ যিমান শক্তি, প্ৰত্যেক সমাজে কিবা নহয় কিবা সামাজিক দায়িত্ব পালন কৰে আৰু তাত পাটিদাৰ সমাজো কেতিয়াও পিছপৰি নাথাকে। আপোনালোক সকলো সেৱাৰ এই যজ্ঞত মা অন্নপূৰ্ণাৰ আশীৰ্বাদত আৰু অধিক সমৰ্থ হওক, আৰু অধিক সমৰ্পিত হওক আৰু অধিক সেৱাৰ উচ্চতাবিলাক আহৰণ কৰি যাওক। এনেকৈয়ে মা অন্নপূৰ্ণাই আপোনালোকক আশীৰ্বাদ দিয়ক। মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত অভিনন্দনো। বহুত বহুত শুভকামনাও। বন্ধুসকল, সমৃদ্ধি আৰু ধন ধানৰ দেৱী মা অন্নপূৰ্ণাৰ প্ৰতি আমাৰ অগাধ আস্থা আছে। পাটিদাৰ সমাজ তো ধৰিত্ৰী আইৰ সৈতে পোনপটীয়াকৈ সংযুক্ত। মাৰ প্ৰতি এই অগাধ শ্ৰদ্ধাৰ কাৰণেই কেইমাহমানৰ আগতে মা অন্নপূৰ্ণাৰ মূৰ্তিক আমি কানাডাৰ পৰা ওভতাই কাশীলৈ লৈ আহিলো। মাতাৰ এই মূৰ্তিটো কেইবা দশকৰ আগতে কাশীৰ পৰা চুৰ কৰি নি বিদেশ পোৱাইছিল গৈ। নিজৰ সংস্কৃতিৰ এনেকুৱা কেইবা ডজন প্ৰতীক যোৱা সাত-আঠ বছৰত বিদেশৰ পৰা ওভতাই অনা হৈছে। বন্ধুসকল, আমাৰ সংস্কৃতিত আমাৰ পৰম্পৰাত ভোজন, আৰোগ্য আৰু শিক্ষাৰ ওপৰত সদায়েই বহুত জোৰ দিয়া হৈছে। আজি আপোনালোকে এই তত্বসমূহকে মা অন্নপূৰ্ণা ধামত বিস্তাৰ কৰিছে। এই যি নতুন সুবিধাৰাজি বিকশিত হৈছে, ইয়াত যি আৰোগ্য ধাম হ’বলৈ গৈ আছে, ইয়াৰ ফলত গুজৰাটৰ সাধাৰণ মানুহৰ বহুত বেছি লাভ হ’ব। বিশেষকৈ একে সময়তে বহুত মানুহৰ ডাইলিছিছ আৰু ২৪ ঘণ্টা ব্লাড ছাপ্লাইৰ সুবিধাৰ ফলত অনেক ৰোগীৰ বহুত ডাঙৰ সেৱা হ’ব। কেন্দ্ৰীয় চৰকাৰে জিলা হাস্পতালসমূহত বিনামূলীয়া ডাইলিছিছৰ যি সুবিধা আৰম্ভ কৰিছে, সেই অভিযানক আপোনালোকৰ এই প্ৰয়াসে আৰু শক্তিৰ যোগান ধৰিব। এই সকলো মানৱীয় প্ৰয়াসৰ বাবে, সেৱা ভাবৰ বাবে, সমৰ্পণ ভাবৰ বাবে আপোনালোক সকলো প্ৰশংসাৰ পাত্ৰ। গুজৰাটৰ মানুহৰ ওচৰলৈ যেতিয়াই আহো, তেতিয়াই মোৰ এনে লাগে যেন অলপ কথা গুজৰাটীতো পাতি লোৱা যাওক। কেইবা বছৰৰ পৰা আপোনালোকৰ মাজত আছো। এক প্ৰকাৰে যদি কওঁ, তেন্তে শিক্ষা-দীক্ষা সকলো আপোনালোকেই কৰাইছে আৰু আপোনালোকে যি সংস্কাৰ দিছে, যি শিক্ষা দিছে, ইয়াক লৈ আজি দেশৰ যি দায়বদ্ধতা অৰ্পণ কৰা হৈছে, তাক সম্পূৰ্ণ কৰাতেই লাগি আছো। ইয়াৰ পৰিণাম স্বৰূপেই নৰহৰিৰ বহুত আগ্ৰহ থকা সত্বেও মই সোঁ-শৰীৰে আহিব পৰা নাই। যদি মই সোঁ-শৰীৰে আহিলো হেঁতেন, তেন্তে মই বহুত পুৰণি মহানুভৱৰ সৈতে লগ হোৱাৰ সুযোগ পালো হেঁতেন। সকলোৰে সৈতে আনন্দ লাগিল হেঁতেন, কিন্তু এতিয়া টেকনলজিৰ মাধ্যম লৈ আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ মই এৰিব নোৱাৰো, সেয়ে ইয়াৰ পৰাই আপোনালোক সকলোকে দৰ্শন কৰি আছো। আপোনালোক সকলোকে বন্দনা কৰি আছো। আমাৰ নৰহৰি ভাতৃৰ যথেষ্ট বিশেষত্ব আছে, তেওঁ মোৰ পুৰণা মিত্ৰ। নৰহৰিভাইৰ বিশেষত্ব হৈছে এইটোৱেই যে তেওঁৰ যি সাৰ্বজনীন জীৱন সেয়া আন্দোলনৰ গৰ্ভৰ পৰা জন্ম। সেয়া নৱনিৰ্মাণ আন্দোলনৰ পৰা জন্ম, কিন্তু আন্দোলনৰ পৰা জন্ম হোৱা জীৱ ৰচনাত্মক প্ৰবৃত্তিৰ সৈতে মিলি যোৱাটো বাস্তৱতে সন্তোষৰ কথা, আনন্দৰ কথা। আৰু নৰহৰিভাই আন্দোলনৰ পৰা ওলোৱা জীৱ, ৰাজনীতিত থাকিও এনেধৰণৰ ৰচনাত্মক কাৰ্য কৰে আৰু মই ভাবো ইয়াৰ যথেষ্ট ডাঙৰ মহত্ব আছে। ঘনশ্যাম ভাইও কো-অপাৰেটিভত সম্পূৰ্ণৰূপে সমৰ্পিত। এয়া এক প্ৰকাৰে ক’বলৈ গ’লে পৰিয়ালৰ সম্পূৰ্ণ সংস্কাৰ এনেকুৱা, যে এনেকৈ কিবা নহয় কিবা ভাল কাম কৰি থাকে। আৰু ইয়াৰ বাবে তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিয়ালৰ লোককো, এতিয়া তো নৰহৰিভাইৰ এটা নতুন প্ৰজন্ম প্ৰস্তুত কৰি আছে, সেয়ে তেওঁকো মোৰ শুভকামনা। আমাৰ মুখ্যমন্ত্ৰী কঠোৰ আৰু কোমল। গুজৰাটে এজন এনেকুৱা নেতৃত্ব লাভ কৰিছে, মোৰ বিশ্বাস আছে যে অহা দিনবোৰত গুজৰাটক নতুন উচ্চতালৈ লৈ যাবৰ বাবে তেওঁৰ আধুনিক বিচাৰধাৰা আৰু আধাৰভূত কামৰ দায়বদ্ধতাৰ সমান্তৰালকৈ বাস্তৱত আমাৰ ৰাজ্যৰ বাবে তেওঁৰ ফালৰ পৰা বহুত ডাঙৰ নেতৃত্ব পাই আছে আৰু আজি তেওঁ যিমান কথা কৈছে আৰু ইয়াত মোৰ অনুমান সকলো লোককে বিশেষকৈ স্বামী নাৰায়ণ সম্প্ৰদায়ৰ ভাতৃসকলক মই আহ্বান জনাওঁ যে য’তেই আমাৰ হৰি ভক্ত আছে, তাত প্ৰাকৃতিক খেতি কৰিবলৈ আমি আগবাঢ়িব লাগে। এই ধৰিত্ৰী আইক বচাবলৈ আমি যিমান সম্ভৱ সিমান চেষ্টা কৰিব লাগে। আপোনালোকে চাব তিনি চাৰি বছৰত তাৰ ফল এনেকৈ দেখিবলৈ পাব, মাতাৰ শক্তি ইমান হ’ব যে আমি সকলো ফুলে-ফলে জাতিস্কাৰ হৈ থাকিম। আৰু ইয়াৰ বাবে আমি সকলোৱেই নিশ্চিতভাৱে কাম কৰিব লাগিব। গুজৰাট দেশৰ বিকাশৰ বাবে আৰু মোৰ মনত আছে মই যেতিয়া কাম কৰিছিলো, তেতিয়া আমাৰ এটা মন্ত্ৰ আছিল যে ভাৰতৰ বিকাশৰ বাবে গুজৰাটৰ বিকাশ। আৰু আমি গুজৰাটৰ বিকাশৰ বাবে এনেধৰণৰ মাপকাঠি স্থাপন কৰিব লাগে। যি গুজৰাটৰ সমৃদ্ধ পৰম্পৰা, সেই সমৃদ্ধ পৰম্পৰাক ভূপেন্দ্ৰ ভাইৰ নেতৃত্বত আমি সকলো লগ হৈ আগবঢ়াই নিম। মই আনন্দিত যে দুই-চাৰি দিনৰ আগতে মোলৈ কোনোবাই ভিডিঅ’ পঠিয়াইছিল, য’ত মা অম্বাজীৰ এনেকৈ ভূপেন্দ্ৰ ভাইয়ে কায়াকল্প কৰি আছে, কিয়নো অম্বাজীৰ সৈতে মোৰ বিশেষ সম্পৰ্ক আছে। সেয়ে মোৰ অধিক আনন্দ হয় আৰু গব্বৰৰ তেওঁলোকে যেনেদৰে নতুন কলেবৰ ধাৰণ কৰে, ভূপেন্দ্ৰ ভাইয়ে নিজৰ ভিজনক আৰু সাকাৰ কৰি আছে। আৰু যেনেদৰে মা অম্বাৰ স্থানৰ বিকাশ হৈ আছে, যেনেদৰে ষ্টেচ্যু অফ ইউনিটিৰ দ্বাৰা চৰ্দাৰ চাহাবক গুজৰাটে ইমান ডাঙৰ শ্ৰদ্ধাঞ্জলি দিছে। সমগ্ৰ পৃথিৱীত আজি চৰ্দাৰ চাহাবৰ নাম সকলোতকৈ ওপৰত আছে আৰু স্বাধীনতাৰ ইমান বছৰৰ পিছত হৈছে। আৰু এনেকৈ মোৰ বিশ্বাস আছে যে অম্বাজীত যেতিয়া মই আছিলো তেতিয়া ৫১ শক্তিপীঠৰ কল্পনা কৰিছিল। যদি অম্বাজীলৈ কোনো আহে তেন্তে তাৰ মূল স্বৰূপ আৰু তাৰ মূল ৰচনা কোনো ভক্ত আহিলে, তেন্তে তেওঁৰ ৫১ শক্তিপীঠৰ দৰ্শন কৰাৰ সুযোগ প্ৰাপ্ত হয়। আজি ভূপেন্দ্ৰ ভাইয়ে সেই কাম আগবঢ়াইছে। সম্পূৰ্ণ মান মৰ্যাদাৰে জনসাধাৰণক সমৰ্পিত কৰিলে আৰু তেনেকৈ গব্বৰ, য’ত বহুত কম মানুহ গব্বৰেৰে গৈছিল। আজি গব্বৰকো মা অম্বাৰ স্থানত যিমানেই মহত্ব দি আৰু নিজে তালৈ গৈ যিদৰে মাই গব্বৰৰ দিশত নিজৰ ধ্যান আকৰ্ষণ কৰিছে। তাৰ কাৰণে উত্তৰ গুজৰাটত টুৰিজম বাঢ়িছে। এতিয়া মই দেখিলো যে নড়া বেটত যেনেকৈ হিন্দুস্তানৰ শেষ গাঁও প্ৰয়োগ কৰা হৈছে। ভূপেন্দ্ৰ ভাইৰ নেতৃত্বত সমগ্ৰ উত্তৰ গুজৰাটতো টুৰিজমৰ সম্ভাৱনা বহুত বাঢ়ি গৈছে আৰু আমাৰ সকলোৰে দায়িত্ব আছে যে যিহেতু এনেকৈ সকলো ঠাইৰ বিকাশ হৈ আছে, সেয়ে আমি স্বচ্ছতাৰ দিশত সম্পূৰ্ণ মনোযোগ দিব লাগে আৰু আৰোগ্যৰ কাম হাতত লৈছো, সেয়ে স্বচ্ছতা তাৰ মূলত আছে। তাৰ মূলত আছে পোষণ, আৰু মা অন্নপূৰ্ণা য’ত বিৰাজমান, তাত নিজৰ গুজৰাটত কুপোষণ কেনেকৈ হ’ব পাৰে আৰু কুপোষণত পোষণৰ অভাৱতকৈ বেছি পোষণৰ অজ্ঞানতা ইয়াৰ কাৰণ হয় আৰু এই অজ্ঞানতাৰ কাৰণে গম নাপায় যে শৰীৰক কি বস্তুৰ প্ৰয়োজন, কি খোৱা উচিত? কি বয়সত খোৱা উচিত? শিশুৱে মাকৰ গাখীৰত যি শক্তি লাভ কৰে আৰু অজ্ঞানতাৰ কাৰণে যদি আমি সেই কামৰ পৰা বিমুখ হৈ যাওঁ, তেন্তে সেই শিশুক আমি কেতিয়াও শক্তিশালী কৰি তুলিব নোৱাৰিম। আধাৰভূত উদ্দেশ্যে যিহেতু আমি মাতা অন্নপূৰ্ণাৰ সান্নিধ্যত বহি আছো সেয়ে আমি তেওঁক স্মৰণ কৰিম আৰু মোৰ বিশ্বাস আছে যে এই টাইমিং হলে ৬০০ মানুহক খাদ্য তো দিবই লগতে নৰহৰি জীক আজি এটা নতুন কাম সঁপি আছো যে তাত এটা ভিডিঅ’ ৰাখক, আমাৰ ডাইনিং হলত য’ত খাই থাকোতে সকলো লোকে স্ক্ৰীণত ভিডিঅ’ চাই থাকিব, যি ভিডিঅ’ত কেৱল এইটোৱেই দেখুৱাব লাগে যে কি খাব লাগে আৰু কি খাব নালাগে। কি খালে শৰীৰৰ লাভ হ’ব, কোনবিধ তত্ত্ব শৰীৰক লাগে, তাৰ জ্ঞান ভিডিঅ’ত দিব লাগে যাতে খাওঁতে তেওঁলোকৰ মনত পৰে যে মাতাৰ প্ৰসাদৰ সৈতে মই এই জ্ঞান লগত লৈ যাব লাগিব আৰু ঘৰলৈ গৈ তাক মানিব লাগিব। আজি কালিতো এইবিলাক কথা জানিবলৈ মানুহ বৃহৎ সংখ্যাত একত্ৰিত হয়। আপোনাৰ এক নতুন প্ৰকাৰৰ ডাইনিং হল প্ৰসিদ্ধ হৈ যাব আৰু এই মিডিয়াৰ মানুহে যেতিয়া আপোনাৰ এই ভিডিঅ’ দেখুৱাব, আপোনাৰ ডাইনিং হল দেখা যাব, আৰু মোৰ বিশ্বাস আছে যে মই আজিলৈকে নৰহৰি ভাইক যিমান পৰামৰ্শ দিছো, আজিলৈকে কোনো পৰামৰ্শৰ অনাদৰ কৰা নাই, সেয়ে এইটোও তেওঁ নিশ্চয় মনত ৰাখিব আৰু আমাৰ ইয়াত তো শাস্ত্ৰত এষাৰ ভাল কথা কৈছে আৰু চাওক আমাৰ পূৰ্বজে কিমান ভাল কাম কৰি গৈছে। তাত কৈছে দেয়ং ৱৈশজম আৰ্তস্য, পৰিশ্ৰান্তস্য চ আসনম্। তৃষি তশ্যাশ্চ পানী য়ঃ, সুধি তশ্যাশ্চ ভোজনম্। ইয়াৰ অৰ্থ হৈছে এনেকুৱা যে পীড়িতক ঔষধি, ভাগৰুৱা মানুহক আসন, তৃষ্ণাতুৰ মানুহক পানী আৰু ক্ষুধাৰ্ত মানুহক ভোজন দিয়া দৰকাৰ। এয়া আমাৰ শাস্ত্ৰত কোৱা হৈছে। এই কাম মাতা অন্নপূৰ্ণাৰ সান্নিধ্যত যি কামৰ পৰামৰ্শ দিয়া হৈছিল, আৰম্ভ হৈ আছে আৰু মোৰ বাবে গৌৰৱৰ কথা। আপুনি আৰু সকলো সতীৰ্থই মোৰ কথা শিৰত উঠাই পৰিপূৰ্ণ কৰিছে, সেয়ে মোৰ উৎসাহ আৰু বাঢ়ি গৈছে আৰু সেই দুটা নতুন কথা কোৱাৰো ইচ্ছা হয়। ভোজন, আৰোগ্যৰ সবাতোকৈ প্ৰথম চিড়ি, আৰু সেয়ে পোষণ অভিযান আমি সমগ্ৰ দেশত চলাবলৈ আৰম্ভ কৰি দিছো। মই আজিও কওঁ যে ভোজনৰ অভাৱৰ কাৰণে কুপোষণ আহে, এনেকুৱা নহয়। ভোজনৰ অজ্ঞানতাৰ কাৰণে কুপোষণ অহাৰ সম্ভাৱনা অধিক বাঢ়ি যায়। আজি আপোনালোকে জানে যে যোৱা তিনি বছৰ, দুই আঢ়ৈ বছৰ ধৰি, যেতিয়া এই কৰোণা আহিল তেতিয়াৰ পৰা গুজৰাটত দুখীয়া মানুহ ভোকাতুৰ পেটেৰে থকা নাই। দুখীয়াৰ ঘৰত গধুলী চৌকা নজ্বলিব, এনেকুৱা স্থিতি আমি হ’বলৈ নিদিওঁ। আৰু সমগ্ৰ পৃথিৱীয়ে অনুভৱ কৰিছে যে কেনেকৈ দুই আঢ়ৈ বছৰলৈকে সম্পূৰ্ণ ৮০ কোটি মানুহে বিনামূলীয়াকৈ খাদ্য পাই থাকিল এই কথা পৃথিৱীৰ বাবে আশ্বৰ্যৰ। সমগ্ৰ বিশ্বত যি উত্থান পতনৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কোনেও কোনো বস্তু পাই থকা নাই, য’ৰ পৰা আমি পেট্ৰল পাই আছো, তেল পাই আছো, ফাৰ্টিলাইজাৰ পাই আছো, সেই সকলো দুৱাৰ বন্ধ হৈ গ’ল। যুদ্ধৰ এনেকুৱা পৰিৱেশ হৈ গ’ল যে সকলোৱে নিজক চম্ভালি বহি আছে। এনে অৱস্থাত এটা নতুন বিপদ পৃথিৱীৰ সন্মুখলৈ আহিল যে অন্নৰ ভাণ্ডাৰ কম হ’বলৈ ধৰে। কালি যেতিয়া মই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰি আছিলো, তেতিয়া তেওঁকো কওঁ যে আমাৰ ইয়াত যদি বিশ্ব বাণিজ্য সংস্থাই আহ্বান জনায় তেন্তে অলপ সকাহ দিয়া হ’ব যে ভাৰতত যি ভাণ্ডাৰ আছে, তাক যদি বাহিৰলৈ পঠিয়াব পাৰি তেন্তে আমি সেয়া কাইলৈকে পঠিয়াবলৈ সাজু। আমি ভাৰতক তো খুৱাইছোৱেই, আমাৰ অন্নপূৰ্ণা মাতাৰ আশীৰ্বাদত আমাৰ দেশৰ কৃষকে যেন আগৰেপৰাই পৃথিৱী চিন্তিত তেনে ভাবত প্ৰস্তুতি কৰিলে। কিন্তু এতিয়া পৃথিৱীৰ আইন কানুনত থকা দৰকাৰ। সেয়ে নাজানো কেতিয়া ডব্লিউ টি অ’ই ইয়াত সংশোধন কৰিব। আপুনি চাওক গুজৰাটৰ শক্তি আৰোগ্যৰ ক্ষেত্ৰত কিমান। সমগ্ৰ পৃথিৱীত যি দ্ৰুতগতিত আমি কৰোণাৰ সন্মুখত ভেকচিনেচনৰ অভিযান চলালো, আৰু মই ভূপেন্দ্ৰ ভাইক এই ক্ষেত্ৰতো অভিনন্দন দিব বিচাৰো যে গুজৰাটত ভেকচিনেচনৰ কাম বহুত দ্ৰুতগতিত কৰিছে। বহুত উত্তম উপায়েৰে কৰিছে আৰু তেনেকৈয়ে গুজৰাটক ৰক্ষা কৰিলে। ইমান ডাঙৰ কাম কৰা বাবে ভূপেন্দ্ৰ ভাই আৰু তেওঁৰ চৰকাৰ অভিনন্দনৰ পাত্ৰ। আৰু এতিয়া তো শিশুৰ বাবেও আমি টীকাকৰণৰ বাবে আগবাঢ়িছো আৰু আমাৰ পাটীদাৰ ভাইসকল বহুবাৰ বিদেশলৈ যাবলগীয়া হৈছে, ডায়মণ্ড থকাসকল যাবলগীয়া হৈছে। গুজৰাটৰ মানুহ বেপাৰ বাণিজ্যৰ বাবে যাবলগীয়া হয়, এনেকুৱাত যদি কোনোবা বাহিৰলৈ যায়, তেওঁক কোনোবাই সোধে যে আপুনি প্ৰিকশ্যন ড’জ ল’লে নে নাই, যিহেতু আমাৰ এনেকুৱা সুবিধা আছে যে এতিয়া আমি যিকোনো হাস্পতাললৈ গৈ ড’জ ল’ব পাৰো আৰু ওলাই যাব পাৰো। চিন্তাৰ কোনো দৰকাৰ নাই। সেয়ে যিয়েই আৱশ্যকতা আছে, তাক সম্পূৰ্ণ কৰিবলৈ আমি প্ৰায় সকলো প্ৰকাৰে চেষ্টা চলাইছো আৰু এতিয়া যি সময়, এই ক্ষেত্ৰত মই সমাজৰ লোকক আহ্বান জনাওঁ যে নিজৰ শিশুৰ দক্ষতা বিকাশৰ বাবে আমি কিমান অগ্ৰাধিকাৰ দিওঁ। আৰু স্কিল ডেভেলপমেন্টো সেই পুৰণি দিনৰ নহয়, এতিয়া এই সময়ত কোনো চাইকেল ৰিপেয়াৰিঙৰ স্কিল ডেভেলপমেন্ট নহয়। এতিয়া পৃথিৱী সলনি হৈছে। যিসময়ত ইণ্ডাষ্ট্ৰী ৪.০ হৈ আছে, সেই সময়ত স্কিল ডেভেলপমেন্টো ইণ্ডাষ্ট্ৰী ৪.০ অনুসৰি হ’ব লাগিব। এতিয়া গুজৰাটৰ ইণ্ডাষ্ট্ৰীয়ে ৪.০ৰ স্কিল ডেভেলপমেন্টৰ বাবে জাঁপ দিব লাগিব আৰু গুজৰাটে এই কাৰ্যত হিন্দুস্তানৰ নেতৃত্ব বহন কৰিব লাগিব। গুজৰাটৰ উদ্যোগ জগতৰ অগ্ৰণী, যি প্ৰফেশ্যনেল, যি এণ্টাৰপ্ৰাইজৰ মানুহ, তেওঁলোকৰ সহজ প্ৰভাৱত গুজৰাট আছে আৰু গুজৰাটে তো অতীত কালত এনেকুৱা কৰি কৈছে। মই আপোনালোকক এটা উদাহৰণ দিওঁ। আমাৰ উপৰিপুৰুষে গুজৰাটত এখন ফাৰ্মাচী কলেজ আৰম্ভ কৰিছিল। তাৰ আজি ৫০-৬০ বছৰ সম্পূৰ্ণ হ’ল। সেই সময়ত নগৰ সেঠ আৰু মহাজনৰ মানুহে হিন্দুস্তানত প্ৰথম ফাৰ্মাচী কলেজ আৰম্ভ কৰিছিল, কিন্তু তেওঁলোকে কলেজ আৰম্ভ কৰিছিল আৰু তাৰ পৰিণাম স্বৰূপে আজি ফাৰ্মাচীৰ ক্ষেত্ৰত পৃথিৱীত গুজৰাটৰ ডংকা বাজি আছে আৰু গুজৰাটৰ ঔষধ বনোৱা কোম্পানীৰ নাম সমগ্ৰ পৃথিৱীত বিয়পি পৰিছে আৰু দুখীয়াই সস্তাত ঔষধ পোৱাৰ চিন্তা আমাৰ মানুহে কৰিবলৈ ধৰিছে। ৫০-৬০ বছৰৰ আগতে এখন ফাৰ্মাচী কলেজ হ’ল আৰু তাৰ ফলত যি বিদ্যাৰ্থীৰ বাবে পৰিৱেশ আৰু ইক’-ছিষ্টেমৰ নিৰ্মাণ হ’ল তাৰ কাৰণে আজি ফাৰ্মাচী উদ্যোগে গুজৰাটক জকমকীয়া কৰি তুলিলে। এনেদৰেই ইণ্ডাষ্ট্ৰী ৪.০, আধুনিক আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগতে টেকনলজিযুক্ত আমাৰ যুৱক স্কিল ডেভেলপমেন্টত সাজু হ’লে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে, ইয়াৰ নেতৃত্বও আমি কৰিব পাৰিম আৰু গুজৰাটৰ সামৰ্থ্য আছে যে এই সকলো কাম যথেষ্ট সহজেই কৰিব পাৰিব। এই দিশত আমি যিমান আগবাঢ়িম, সিমান লাভ হ’ব। আজি যেতিয়া আৰোগ্যৰ আলোচনা হৈ আছে, আমি জানো যে যেতিয়া মই আহিছিলো তেতিয়া মোৰ সন্মুখত যথেষ্ট সমস্যা আছিল। কিডনিৰ ৰোগী বাঢ়ি আছিল, ডায়ালিছিছ বাঢ়ি আছিল, আৰু মানুহ পুৱাই ঘৰৰ পৰা ওলাইছিল, ২০০-২৫০ টকাৰ ভাৰা ভৰিছিল, ডাঙৰ হাস্পতাললৈ গৈছিল, যাক সপ্তাহত ডায়ালিছিছ কৰিবলগীয়া হৈছিল, তেওঁ দুমাহত চাঞ্চ পাইছিল, এইবোৰ পৰিস্থিতিৰ বাবে যথেষ্ট চিন্তা হৈছিল। আৰু আমাৰ অপৰ্যাপ্ত সাধনৰ মাজতো আমি এটা অভিযান আৰম্ভ কৰিলো যে হিন্দুস্তানত ডায়ালিছিছৰ সুবিধা উপলব্ধ হওক আৰু সেয়াও বিনামূলীয়া হওক, যাতে যাকেই ডায়ালিছিছৰ দৰকাৰ হয় তেওঁ যাতে ডায়ালিছিছৰ সুবিধা পায় সেই চিন্তা কৰিলো আৰু আজি আমি সফলতাৰে আগবাঢ়ি আছো আৰু এনেধৰণৰ ৰোগীয়ে এই সহায় পাই আছে। আমি বহুত মহত্বৰ কাম কৰিলো, তাৰ আলোচনা যথেষ্ট কম হয়। বাতৰিকাকতত তো মই বেছি দেখা নাই, কিয়নো তেওঁলোকে বাকী সকলো কামৰ মাজত সময় কেতিয়া পায়, কিন্তু আমি এটা বহুত মহত্বৰ কাম কৰিলো, আমি দেশৰ মধ্যম আৰু গৰীব শ্ৰেণীক আমি সবাতোকৈ বেছি লাভ দিছো। এয়া জন ঔষধি কেন্দ্ৰ, যদি কোনো ঘৰত কোনোবা ডাঙৰৰ ডায়াবিটিছ হয় তেতিয়া সেই পৰিয়ালৰ হাজাৰ দুহাজাৰ খৰছ হয়। যদি মধ্যম শ্ৰেণীৰ ব্যক্তিৰ ওপৰত ঔষধৰ খৰছৰ বোজা পৰে তেন্তে তেওঁ বিপদত পৰে যে এইবোৰ কেনেকৈ কৰা যাব, কিন্তু এতিয়া চিন্তা নাই। আমি জন ঔষধি, জন ঔষধি ঔষধত কোনো আপোচ কৰা নাই, তথাপিও যি ঔষধ ১০০ টকাত পোৱা যায় সেই ঔষধ জন ঔষধি কেন্দ্ৰত ১০-১২ বা ১৫ টকাত পোৱা যায়। আমি যিমানেই জন ঔষধি কেন্দ্ৰৰ প্ৰচাৰ কৰিম আৰু আমাৰ মধ্যম শ্ৰেণীৰ মানুহে জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ কিনিবলৈ লাগিব তেওঁলোকৰ যথেষ্ট ৰাহি হ’ব। দুখীয়াই সহায় পাব। বহুবাৰ এনেকুৱা হয় যে দুখীয়া মানুহে ঔষধ নলয়, তাৰ ফলত তেওঁলোকৰ দুশ্চিন্তা হয়। তেওঁলোকে বিল দিব নোৱাৰে। জন ঔষধিৰ ফলত সাধাৰণ মানুহেও ঔষধ কিনিব পাৰে, নিজৰ শুশ্ৰূষা কৰিব পাৰে, এনেকৈ আমি চিন্তা কৰি আছো। স্বচ্ছতাৰ অভিযানেই হওক, ডায়ালিছিছৰ কামেই হওক, পোষণৰ কামেই হওক বা জন ঔষধিৰ দ্বাৰা সস্তাত ঔষধৰ কথাই হওক, আমি চিন্তা কৰিছো। এতিয়া আমি হৃদয় ৰোগৰ ৰোগীৰ ষ্টেণ্টৰ পইচা কম কৰিবৰ বাবে অভিযান চলাইছো। অপাৰেচনৰ পইচা কম কৰিবলৈ অভিযান চলাইছো। এনেকুৱা বহুত কাম আছে, যাতে সাধাৰণ মানুহৰ কষ্ট নহওক। আৰু সবাতোকৈ ডাঙৰ কাম কৰিছো, আয়ুষ্মান ভাৰত যোজনা। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে, হিন্দুস্তানৰ সাধাৰণ মানুহক প্ৰতি বছৰে তেওঁলোকৰ পৰিয়ালক ৫ লাখলৈকে ৰোগৰ চিকিৎসাৰ ব্যয় চৰকাৰে দি আছে আৰু মই দেখিছো যে অনেক, য’ত বিশেষকৈ আমাৰ মাতৃসকলৰ যদি গুৰুতৰ ৰোগ হয়, তেন্তে আগতে নিজৰ সন্তানক নকৈছিল, কিয়নো ভাবিছিল যে যদি সন্তানে দুখ পায়, সেয়ে তেওঁলোকে কষ্ট সহি আছিল। যেতিয়া কথা বিষম হয় আৰু অপাৰেচনৰ কথা আহে তেতিয়া মাতৃয়ে কৈছিল যে মই তহঁতক ঋণত পেলাব নোখোজো, এনেয়েও মই কিমান দিন জীয়াই থাকিম, আৰু জীৱনত কষ্ট সহিছিল। এনে অৱস্থাত মাতৃসকলৰ চিন্তা কোনে কৰে। য’ত মা অম্বাৰ ধাম আছে, মা কালীৰ ধাম আছে, য’ত মা খোড়িয়াৰ আছে, মা ঊমিয়া আছে, য’ত মা অন্নপূৰ্ণা আছে, তাত মাৰ চিন্তা কোনে কৰে আৰু আমি নিৰ্ণয় কৰিলো যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে আয়ুষ্মান ভাৰত যোজনাৰে ৫ লাখ টকালৈকে চিকিৎসা ভালৰো ভাল হাস্পতালত কৰাৰ দায়িত্ব চৰকাৰে ল’ব। লাগে তেওঁলোকৰ অপাৰেচন কৰিবলগা হওক, তেওঁলোকৰ কিডনিৰ বেমাৰ হওক, সকলোৰে ব্যয় বহন কৰিব। ইমানেই নহয়, আহমদাবাদতেই হওক আৰু তেওঁ মুম্বাইত যদি বেমাৰত পৰে তেওঁৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে ল’ব। তেওঁৰ অপাৰেচন কৰিবলগীয়া হওক, ইমাৰ্জেঞ্চী চিকিৎসা হওক, ইমানেই নহয়, আহমদাবাদৰ এই লোকজন যদি মুম্বাইলৈ যায় তেন্তে তাত তেওঁ মুনাফা পাব, হায়দৰাবাদলৈ যদি যায় তাতো পাব। এক প্ৰকাৰৰ আৰোগ্যৰ বাবে যিমানেই সুৰক্ষা কৱচ সম্ভৱ, আৰোগ্যৰ ৰক্ষাৰ বাবে যিমান পাৰি, সেই সকলো কামৰ বাবে আমি চেষ্টা চলাই আছো আৰু গুজৰাটৰ তো বিশেষত্ব আছে যে গুজৰাট সদায়েই সকলোৰে লগত আগবঢ়া ৰাজ্য। আমাৰ ইয়াত যেতিয়া কেতিয়াবা আপত্তি আহে আৰু ফুড পেকেট দিবলগীয়া হ’লে চৰকাৰে দৌৰাদৌৰি কম কৰিবলগীয়া হয়। ইয়াত স্বামী নাৰায়ণ সংস্থালৈ এটা ফোন কৰি দিম, সন্তৰাম সংস্থালৈ এটা ফোন কৰি দিম তেন্তে ফটাফট গুজৰাটত ফুড পেকেট আহি পায়। কোনো লঘোনত নাথাকে। এয়া সকলো মাতা অন্নপূৰ্ণাৰ আশীৰ্বাদত হয়। এই আৱশ্যকতা গুজৰাটৰ আৰু ইয়াৰ আধাৰতে আমি গুজৰাটক প্ৰগতিৰ পথত আগবঢ়াই আছো। শিক্ষণৰ বাবে, আৰোগ্যৰ বাবে বহুত ভাল ব্যৱস্থা কৰা হৈছে আৰু আধ্যাত্মৰো চিন্তা কৰি আছো। ত্ৰিবেণী মিলিত হৈছে, সেয়ে মোৰ আপোনালোক সকলোলৈ বহুত শুভকামনা। বহুত বহুত ধন্যবাদ | অডালজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা চৌহদ উদ্ঘাটনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F/ | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি বাজেট পাছত সপ্তমখন ৱেবিনাৰত বক্তব্য আগবঢ়ায়৷ বাজেটত গৃহীত প্রস্তাৱসমূহ সংশ্লিষ্ট সকলোৰে সৈতে আলোচনাৰ মাধ্যমে উপযুক্তভাৱে ৰূপায়ণৰ বাবে ইয়াত আলোচনা কৰা হৈছে। এই ৱেবিনাৰসমূহ আয়োজনৰ উদ্দ্যেশ্য ব্যাখ্যা কৰি প্রধানমন্ত্রীয়ে কয়, “বাজেটৰ প্রস্তাৱসমূহৰ সৰ্বাধিক সুফল লাভ কৰা আৰু কিদৰে আমি সেয়া দ্রুতগতিত কার্যকৰী কৰিব পাৰো, সেয়া নিশ্চিত কৰিবলৈ এই ৱেবিনাৰৰ মাধ্যমে এক যুটীয়া প্ৰচেষ্টাৰ পৰিকল্পনা কৰা হ’ব৷” প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বর্তমান চৰকাৰৰ বাবে বিজ্ঞান আৰু প্রযুক্তি কোনো পৃথক ক্ষেত্র নহয়। অর্থনীতিত ডিজিটেল অর্থনীতি আৰু ফিনটেক প্রযুক্তিৰ সৈতে সম্পৰ্কযুক্ত। একেদৰে, আন্তঃগাঁথনি আৰু জনসেৱা প্রদানৰ বাবে উন্নত প্রযুক্তিৰ গুৰুত্বপূর্ণ ভূমিকা আছে। তেওঁ কয় যে দেশৰ জনতাক সবলীকৰণত প্রযুক্তিয়ে আমাৰ বাবে গুৰুত্বপূর্ণ মাধ্যম। দেশক আত্মনির্ভৰ কৰি তুলিবলৈ প্রযুক্তিৰ ব্যৱহাৰ কৰাটো আৱশ্যক। এইবাৰৰ বাজেটত সেই চিন্তাধাৰাকে প্রতিফলিত হৈছে। এই প্রসংগত প্রধানমন্ত্রীয়ে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ শেহতীয়া ভাষণৰ কথা উল্লেখ কৰেন৷ বাইডেনে মার্কিন যুক্তৰাষ্ট্রৰ দৰে উন্নত দেশৰ আত্মনির্ভৰ হৈ উঠাৰ গুৰুত্বৰ কথা উল্লেখ কৰে৷ বর্তমান আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত আত্মনির্ভৰতাক অগ্রাধিকাৰ দি আমি আগুৱাই যাব লাগিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কৃত্রিম বুদ্ধিমত্তা, ভূ-স্থানিক ব্যৱস্থাপনা, ড্রোন, ছেমিকণ্ডাক্টৰ, মহাকাশ প্রযুক্তি, জিন সংক্রান্তীয় প্রযুক্তি, ঔষধ প্রস্তুত, পৰিৱেশ অনুকূল প্রযুক্তি আৰু ফাইভ-জি’ৰ দৰে সম্ভাৱনাপূৰ্ণ ক্ষেত্রসমূহে বাজেটত যথেষ্ট গুৰুত্ব লাভ কৰিছে। তেওঁ লগতে কয় যে ফাইভ-জি স্পেকট্রামৰ নিলামৰ বাবে বাজেটত স্পষ্ট পৰিকল্পনা আছে। তদুপৰি শক্তিশালী ফাইভ-জি ব্যৱস্থাপনাৰ বাবে প্রয়োজনীয় সামগ্ৰী প্ৰস্তুতকৰণত উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ প্রস্তাৱ লোৱা হৈছে। ব্যক্তিগত সংস্থাসমূহক এই প্ৰচেষ্টাত তেওঁ সহযোগ কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। আন্তঃৰাষ্ট্ৰীয় বজাৰত গেমৰ চাহিদা বৃদ্ধিৰ সন্দৰ্ভত উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এইবাৰৰ বাজেটত এনিমেচনক কামত লগাই ভিজুৱেল এফেক্টৰ মাধ্যমে কমিক গেমছ প্ৰস্তুত কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব দিয়া হৈছে। একেদৰে, ভাৰতীয় পৰিৱেশ আৰু দেশৰ চাহিদা অনুসৰি প্রয়োজনীয় খেলনা প্ৰস্তুত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ কমিউনিকেচন চেণ্টাৰ আৰু ফিনটেকসমূহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশৰ ওপৰত নির্ভৰশীলতা হ্ৰাস দেশত প্রয়োজনীয় ব্যৱস্থাপনা গঢ়ি তুলিব লাগিব৷ বিভিন্ন নিয়মৰ সময়োপযোগী পৰিৱর্তনৰ ফলত ভূ-স্থানিক তথ্য ব্যৱহাৰ আৰু সংস্কাৰৰ বাবে যি অপৰিসীম সুযোগ সৃষ্টি হৈছে, সেইবোৰক কামত লগাবলৈ তেওঁ ব্যক্তিগত সংস্থাসমূহক পৰামর্শ দিয়ে৷ ক’ভিডৰ সময়ত টিকা উৎপাদনৰ ক্ষেত্রত আত্মনির্ভৰশীলতাৰ বাবে সমগ্ৰ বিশ্বৰ বাবে আমি বিশ্বাসযাগ্য হৈ পৰিছো৷ প্রধানমন্ত্রীয়ে কয় যে প্রতিটো ক্ষেত্রতে এই সাফল্যক আমি কামত লগাব লাগিব। প্রধানমন্ত্রীয়ে দেশৰ বাবে তথ্য সুৰক্ষা ব্যৱস্থাপনা গঢ়ি তোলাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে যাৰ মান নির্ধাৰণৰ বাবে এক পৰিকল্পনা প্ৰস্তুত তেওঁ পৰামর্শ দিয়ে। ভাৰতীয় ষ্টার্টআপ ব্যৱস্থাপনাক বিশ্বৰ তৃতীয় বৃহত্তম নতুন উদ্যোগ বা ষ্টার্টআপ ব্যৱস্থাপনা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে সংশ্লিষ্ট ক্ষেত্রক সকলো ধৰণৰ সহযোগিতা কৰিব৷ “বাজেটত যুবসম্প্রদায়ক দক্ষ কৰি তোলা, নতুন নতুন ক্ষেত্রত দক্ষতা অর্জন আৰু দক্ষতা বৃদ্ধিৰ বাবে এটা পোৰ্টেলৰ প্রস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে যুৱসম্প্রদায়ে দক্ষতা সংক্রান্তীয় প্ৰশংসাপত্র, লেনদেন আৰু যোগান সংক্রান্তীয় এপিআইভিত্তিক নির্ভৰযোগ্য সূত্রৰ পৰা লাভ কৰিব। ইয়াৰ সহায়ত তেওঁলোকে সঠিক জীবিকাৰ সন্ধান পাব৷” প্রধানমন্ত্রীয়ে কয় যে ১৪টা গুৰুত্বপূর্ণ ক্ষেত্রত ২ লাখ কোটি টকাৰ উৎসাহ-ভিত্তিক উৎপাদন আঁচনিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে দেশত সামগ্রীৰ উৎপাদন বৃদ্ধি পাব। নাগৰিক সেৱাৰ বাবে অপ্টিকেল ফাইবাৰৰ ব্যৱহাৰ, বৈদ্যুতিন সামগ্রীৰ পৰা প্রাপ্ত আৱৰ্জনা ব্যৱস্থাপনা, বৃত্তাকাৰ অর্থনীতি আৰু বৈদ্যুতিক যানবাহনৰ দৰে ক্ষেত্রত সংশ্লিষ্ট সকলোকে বাস্তৱসন্মত পৰামর্শ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনায়৷ | ‘প্রযুক্তিভিত্তিক উন্নয়ন’ শীর্ষক ৱেবিনাৰত প্রধানমন্ত্রীৰ ভাষ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%87%E0%A7%B0-%E0%A6%A6%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%A4-%E0%A6%9C%E0%A6%97%E0%A6%A6%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%87%E0%A7%B0-%E0%A6%A6%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%A4-%E0%A6%9C%E0%A6%97%E0%A6%A6%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80/ | শ্ৰী বিথ্থলায় নমঃ নমো সদগুৰু, তুকায়া জ্ঞানদীপা। নমো সদগুৰু, সচ্চিদানন্দ ৰূপা। নমো সদগুৰু, ভক্ত-কল্যাণ মূৰ্তি। নমো সদগুৰু, ভাস্কৰ পূৰ্ণ কীৰ্তি। মস্তক হে পায়াৱৰী। য়া বাৰকৰী সন্তাঞ্চা। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰজী, বিৰোধী দলৰ নেতা শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, প্ৰাক্তন মন্ত্ৰী শ্ৰী চন্দ্ৰকান্ত পাটিলজী, ৱাৰকাৰী সন্ত শ্ৰী মুৰলী বাবা কুৰেকাৰজী, জগতগুৰু শ্ৰীসন্ত তুকাৰাম মহাৰাজ সংস্থাৰ অধ্যক্ষ নীতিন মোৰেজী, আধ্যাত্মিক অঘাড়ী সভাপতি আচাৰ্য শ্ৰী তুষাৰ ভোচলে জী, আৰু উপস্থিত সাধুসকলৰ লগতে ভদ্ৰলোক আৰু মহিলাসকল। ভগৱান বিথ্থাল আৰু সকলো ৱাৰকাৰী সাধুৰ শ্ৰীচৰণত মোৰ কোটি কোটি প্ৰণাম! আমাৰ শাস্ত্ৰত কোৱা হৈছে যে মানুহ জীৱনত আটাইতকৈ সৌভাগ্য হৈছে সাধুসকলৰ সৎসংগ লাভ কৰা। যদি সাধুসকলৰ সংগ লাভ কৰা হয়, তেন্তে ঈশ্বৰৰ অনুভূতি স্বতঃৰ্ফূতভাৱে পোৱা যায়। আজি মই দেহুৰ এই পবিত্ৰ তীৰ্থযাত্ৰালৈ অহাৰ সৌভাগ্য লাভ কৰিছোঁ আৰু ময়ো ইয়ালৈ আহি একেই অনুভৱ কৰিছোঁ। দেহু সন্ত শিৰোমণি জগতগুৰু তুকাৰামজীৰ জন্মস্থলীৰ লগতে কৰ্মস্থলীও। ধন্য দেহুংগাঁও, পুণ্যভূমি থাভ। তেথে নান্দে দেৱ পাণ্ডুৰাং। ধন্য ক্ষেত্ৰবাসী লোক তে দৈবাচে। উচ্চাৰিতী বাচে নামঘোষ। দেহুত ভগৱান পাণ্ডুৰাঙৰ চিৰন্তন বাসস্থন আৰু ইয়াত থকা লোকসকল সাধুৰ প্ৰকাশ আৰু ভক্তিৰে পৰিপূৰ্ণ। এই ভাবনাৰে মই দেহুৰ সকলো নাগৰিক, মোৰ মাতৃ আৰু ভগ্নীসকলক সন্মানসহকাৰে অভিবাদন জনাইছোঁ। মাত্ৰ কেইমাহমান পূৰ্বে মই পালখি মাৰ্গত দুটা ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। শ্ৰীসন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখি মাৰ্গৰ নিৰ্মাণ পাঁচটা পৰ্যায়ত সম্পূৰ্ণ হ'ব আৰু সন্ত তুকাৰাম মহাৰাজ পালখি মাৰ্গৰ নিৰ্মাণ তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ'ব। এই সকলো পৰ্যায়ত, ৩৫০ কিলোমিটাৰৰো অধিক ঘাইপথ নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ বাবে ১১ হাজাৰ কোটি টকাৰ অধিক ব্যয় কৰা হ'ব। এই প্ৰচেষ্টাবোৰে অঞ্চলটোৰ উন্নয়নো ত্বৰান্বিত কৰিব। আজি, সৌভাগ্যক্ৰমে, মই পবিত্ৰ শৈল মন্দিৰ উৎসৰ্গাৰ বাবে দেহুলৈ অহাৰ সৌভাগ্য লাভ কৰিছোঁ। সন্ত তুকাৰামজীয়ে নিজে যি শিলত ১৩ দিন ধৰি তপস্যা কৰিছিল, সেই শিল যি সন্ত তুকাৰামজীৰ বোধ আৰু বৈৰাগ্যৰ সাক্ষী হৈছে, মই বিশ্বাস কৰোঁ যে ই কেৱল শিল নহয়, ই ভক্তি আৰু জ্ঞানৰ আধাৰশিলাস্বৰূপ। দেহুৰ শৈল মন্দিৰ কেৱল ভক্তিশক্তিৰ কেন্দ্ৰই নহয়, ই ভাৰতৰ সাংস্কৃতিক ভৱিষ্যতকো প্ৰশস্ত কৰে। এই পবিত্ৰ স্থানৰ পুনৰ নিৰ্মাণৰ বাবে মই মন্দিৰৰ ন্যাস আৰু সকলো ভক্তক কৃতজ্ঞতা জ্ঞাপন কৰি আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। জগতগুৰু সন্ত তুকাৰামজীৰ কাহিনী প্ৰচাৰ কৰাৰ বাবে ওচৰতে থকা সাদুম্বৰেৰ সন্তজী মহাৰাজ জগনাড়ে জীকো মই তেওঁলোককো প্ৰণাম জনাইছোঁ। বন্ধুসকল, বৰ্তমান, দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে। পৃথিৱীৰ আটাইতকৈ প্ৰাচীনতম জীৱন্ত সভ্যতাবোৰৰ মাজৰ এটা হব পাৰি আমি গৌৰৱান্বিত। ইয়াৰ কৃতিত্ব ভাৰতৰ সাধু পৰম্পৰা, ভাৰতৰ ঋষিসকলৰ। ভাৰত চিৰন্তন, কিয়নো ভাৰত হৈছে সাধুসকলৰ দেশ। প্ৰতিটো যুগতে, আমাৰ দেশ আৰু সমাজক দিশনিৰ্দেশনা দিবলৈ কিছুমান মহান আত্মাৰ আবিৰ্ভাৱ হৈছে। আজি দেশে সন্ত কবিৰদাসৰ জন্ম জয়ন্তী উদযাপন কৰিছে। সন্ত জ্ঞানেশ্বৰ মহাৰাজ, সন্ত নিভ্ৰুতিনাথ মহাৰাজ, সন্ত সোপানদেৱ আৰু ভগ্নী আদি-শক্তি মুক্তাবাইৰ দৰে সাধুসকলৰ দেহাৱসানৰ এয়া ৭২৫ তম বছৰ। এনে মহান ব্যক্তিত্বই আমাক অনন্তকালৰ সুৰক্ষাৰ দ্বাৰা ভাৰতক আগুৱাই নিছিল। সন্ত তুকাৰামজীক সন্ত বহিনাবায়ে সাধুসকলৰ মন্দিৰৰ মণিকূট বুলি অভিহিত কৰিছে। তেওঁ নানা অসুবিধা আৰু কষ্টকৰ জীৱন যাপন কৰিছিল। তেওঁ দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছিল। পৃথিৱীত, তেওঁ ভোক আৰু অনাহাৰ ভোক দেখিছিল। দুখ আৰু বেদনাৰ এনে এক চক্ৰত, যেতিয়া মানুহে আশা এৰি দিয়ে, তেতিয়া সন্ত তুকাৰামজীয়ে কেৱল সমাজৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও আশাৰ কিৰণ হিচাপে ওলাই আহিছিল! তেওঁ তেওঁৰ পৰিয়ালৰ সম্পত্তি মানুহৰ সেৱাত উৎসৰ্গিত কৰিছিল। এই শিলটো তেওঁৰ সেই ত্যাগ আৰু বৈৰাগ্যৰ প্ৰমাণ। বন্ধুসকল, সন্ত তুকাৰামজীৰ দয়া, সহানুভূতি আৰু সেৱাৰ সেই অনুভূতি আজিও তেওঁৰ 'অভংগ'ৰ ৰূপত আমাৰ মাজত আছে। এই 'অভংগ'বোৰে আমাৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। যিটো দ্ৰৱীভূত নহয়, যিটো সময়ৰ সৈতে চিৰন্তন আৰু প্ৰাসংগিক হৈ থাকে, সেয়াই হৈছে 'অভংগ'। আজিও, দেশে ইয়াৰ সাংস্কৃতিক মূল্যবোধৰ আধাৰত আগবাঢ়ি থকাৰ সময়ত, সন্ত তুকাৰামজীৰ 'অভংগ'সকলে আমাক শক্তি প্ৰদান কৰিছে, আমাক পথ দেখুৱাইছে। সন্ত নামদেৱ, সন্ত একনাথ, সন্ত সাৱতা মহাৰাজ, সন্ত নৰহৰী মহাৰাজ, সন্ত সেনা মহাৰাজ, সন্ত গোৰোবা-কাকা, সন্ত চোখামেলা, তেওঁলোকৰ প্ৰাচীন 'অভংগ'বোৰে আমাক এক নতুন অনুপ্ৰেৰণা প্ৰদান কৰে। মই আজি সন্ত চোখামেলা আৰু তেওঁৰ পৰিয়ালৰ দ্বাৰা ৰচিত সাৰ্থ অভংগগাথা মুকলি কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। এই সাৰ্থ অভংগাগাথাত, এই সাধুজনৰ পৰিয়ালৰ ৫০০তকৈও অধিক অভং ৰচনা সহজ ভাষাত অৰ্থৰ সৈতে বৰ্ণিত হৈছে। ভাই-ভনীসকল, সন্ত তুকাৰামজীয়ে কৈছিল, "উচ্চ নীচ কাহী নেনে ভগৱন্ত।" অৰ্থাৎ, সমাজত উচ্চ আৰু নীচৰ বৈষম্য, মানুহৰ মাজত ভেদাভেদ অনাটো এক ডাঙৰ পাপ। তেওঁৰ এই শিক্ষা ভগৱান ভক্তিৰ বাবে যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ দেশপ্ৰেমৰ বাবে, সামাজিক ভক্তিৰ বাবে। এই বাৰ্তাৰে আমাৰ ৱাৰকাৰী ভাই-ভনীসকলে প্ৰতি বছৰে পান্ধৰপুৰলৈ যায়। সেয়েহে, আজি দেশখনে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস' মন্ত্ৰ অনুসৰণ কৰি আছে। চৰকাৰৰ প্ৰতিটো আঁচনিৰ লাভালাভ, সকলোৱে কোনো বৈষম্য নোহোৱাকৈ লাভ কৰি আছে। ৱাৰকাৰী আন্দোলনৰ ভাৱনাক শক্তিশালী কৰি দেশখনে মহিলা সশক্তিকৰণৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। আমাৰ ভগ্নীসকলে পুৰুষৰ দৰে ইমান শক্তিৰে ৱাৰীত খোজ কাঢ়ি আছে, যি সুযোগৰ সমতাৰ এক প্ৰতীক হৈ ৰৈছে। বন্ধুসকল, সন্ত তুকাৰামজীয়ে কৈছিল, ‘जे का रंज़ले गांज़ले, त्यांसी म्हणे जो आपुले। तोचि साधू ओलखावा, देव तेथे-चि-जाणावा।’ অৰ্থাৎ সমাজৰ অন্তিম শাৰীত বহি থকা ব্যক্তিজনক গ্ৰহণ কৰা, তেওঁলোকৰ কল্যাণ কৰা, এয়া হৈছে সাধুসকলৰ লক্ষণ। এয়াই হৈছে অন্ত্যোদয়ৰ সংকল্প, যাক লৈ আজি দেশ আগবাঢ়িছে। দলিত, বঞ্চিত, পিছপৰা, জনজাতীয়, দৰিদ্ৰ, শ্ৰমিকসকলৰ কল্যাণ আজি দেশৰ প্ৰথম অগ্ৰাধিকাৰ। ভাই-ভনীসকল, সাধুসকল নিজৰ ভিতৰতে এক শক্তিৰ দৰে যি বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত সমাজক গতি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। আপোনাসৱে চাওক, আনকি ছত্ৰপতি শিৱাজী মহাৰাজৰ দৰে ৰাষ্ট্ৰনায়কৰ জীৱনতো তুকাৰামজীৰ দৰে সাধুসকলে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যেতিয়া বীৰ সাভাৰকাৰজীক স্বাধীনতা সংগ্ৰামত শাস্তি দিয়া হৈছিল, তেতিয়া কাৰাগাৰত তেওঁ চিপলিৰ দৰে হাতকেৰেয়াক ‘চিপলী’ৰ দৰে বজাই তুকাৰামজীৰ অভং গাইছিল। বিভিন্ন সময়, বিভিন্ন ব্যক্তিত্ব, কিন্তু সন্ত তুকাৰামজীৰ কণ্ঠস্বৰ আৰু শক্তি সকলোৰে বাবে সমানে অনুপ্ৰেৰণাদায়ক! এয়া হৈছে সাধুসকলৰ মহিমা যাৰ বাবে ইয়াক 'নেতি-নেতি' বুলি কোৱা হয়। বন্ধুসকল, তুকাৰামজীৰ এই শৈল মন্দিৰত প্ৰণাম জনাই, আহাৰ মাহত পান্ধৰপুৰজীৰ যাত্ৰাও আৰম্ভ হ'ব। মহাৰাষ্ট্ৰৰ পান্ধৰপুৰ যাত্ৰা হওঁক, বা উৰিষ্যাৰ ভগৱান জগন্নাথৰ যাত্ৰাই হওঁক, নাইবা মথুৰাৰ ব্ৰজৰ পৰিক্ৰমাই হওঁক বা কাশীৰ পঞ্চকোশী পৰিক্ৰমাই হওঁক! চাৰধাম যাত্ৰাই হওঁক বা অমৰনাথজীৰ যাত্ৰাই হওঁক, এই যাত্ৰাবোৰ আমাৰ সামাজিক আৰু আধ্যাত্মিক গতিশীলতাৰ বাবে শক্তিৰ উৎসৰ দৰে। এই ভ্ৰমণসমূহৰ জৰিয়তে আমাৰ সাধুসকলে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ আত্মাক জীয়াই ৰাখিছে। বৈচিত্ৰ্য সত্বেও, হাজাৰ হাজাৰ বছৰ ধৰি ভাৰত এখন ৰাষ্ট্ৰ হিচাপে জাগ্ৰত হৈ আহিছে, কিয়নো এনেধৰণৰ যাত্ৰাই আমাৰ বৈচিত্ৰতাক সংযোগ কৰি আহিছে। ভাই-ভনীসকল, আমাৰ ৰাষ্ট্ৰীয় ঐক্য শক্তিশালী কৰাৰ বাবে, আমাৰ প্ৰাচীন পৰিচয় আৰু পৰম্পৰাক জীয়াই ৰখাটো আজি আমাৰ কৰ্তব্য। সেয়েহে, আজি যেতিয়া আধুনিক প্ৰযুক্তি আৰু আন্তঃগাঁথনি ভাৰতৰ উন্নয়নৰ সমাৰ্থক, আমি নিশ্চিত কৰিছোঁ যে উন্নয়ন আৰু ঐতিহ্য দুয়োটা একেলগে চলিব। আজি পান্ধৰপুৰ পাল্কি পথৰ আধুনিকীকৰণ কৰা হৈছে আৰু চাৰধাম যাত্ৰাৰ বাবে নতুন ঘাইপথো নিৰ্মাণ কৰা হৈছে। আজি অযোধ্যাত এক বিশাল ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, কাশী বিশ্বনাথ ধাম কমপ্লেক্সেও নতুন ৰূপ পাইছে, আৰু সোমনাথজীতো উন্নয়নৰ মহান কাম কৰা হৈছে। সমগ্ৰ দেশতে প্ৰসাদ আঁচনিৰ অধীনত তীৰ্থস্থান আৰু পৰ্যটনস্থলসমূহ বিকশিত কৰা হৈছে। ৰামায়ণত মহৰ্ষি বাল্মীকিয়ে উল্লেখ কৰা ভগৱান ৰামৰ সৈতে সম্পৰ্কিত স্থানবোৰো ৰামায়ণ চাৰ্কিট হিচাপে বিকশিত কৰা হৈছে। এই আঠ বছৰত বাবাচাহেব আম্বেদকাৰৰ পঞ্চ তীৰ্থসমূহো বিকশিত কৰা হৈছে। মহুত বাবাচাহেবৰ জন্মস্থানৰ বিকাশেই হওক, লণ্ডনত তেওঁ পঢ়া ঘৰটো স্মাৰকলৈ ৰূপান্তৰ কৰাই হওক, মুম্বাইৰ চৈত্য ভূমিৰ কামেই হওক, নাগপুৰত দীক্ষাভূমিৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিকাশেই হওক, দিল্লীৰ মহাপৰিনিৰ্বাণ স্থানত এটা স্মাৰক নিৰ্মাণেই হওক, এই পঞ্চতীৰ্থসমূহে নতুন প্ৰজন্মক বাবাহেবৰ স্মৃতিৰ সৈতে নিৰন্তৰ পৰিচয় কৰাই আহিছে। বন্ধুসকল, সন্ত তুকাৰামজীয়ে কৈছিল, " असाध्य ते साध्य करीता सायास। कारण अभ्यास, तुका म्हणे।" অৰ্থাৎ, যদিহে সকলোৱে সঠিক দিশত চেষ্টা কৰে তেতিয়াহলে অসম্ভৱো সম্ভৱ হৈ পৰে। আজি স্বাধীনতাৰ ৭৫ তম বৰ্ষত দেশে ১০০ শতাংশ লক্ষ্য পূৰণ কৰাৰ সংকল্প লৈছে। দেশখনে দৰিদ্ৰ লোকসকলৰ বাবে যি আঁচনি চলাই আছে, তেওঁলোকক জীৱনধাৰণৰ মৌলিক প্ৰয়োজনীয়তা, যেনে বিদ্যুৎ, পানী, বাসস্থান আৰু চিকিৎসাৰ সৈতে সংযোগ কৰি আছে, আমি সেইবোৰ ১০০ শতাংশ লোকৰ ওচৰলৈ যাব লাগিব। একেদৰে, দেশখনে পৰিৱেশ, পানী সংৰক্ষণ আৰু নদী ৰক্ষাৰ দৰে অভিযান আৰম্ভ কৰিছে। আমি এক স্বাস্থ্যৱান ভাৰতৰ সংকল্প লৈছো। আমি এই সংকল্পবোৰো ১০০ শতাংশ পূৰণ কৰিব লাগিব। ইয়াৰ বাবে সকলোৰে প্ৰচেষ্টা, সকলোৰে অংশগ্ৰহণৰ প্ৰয়োজন। যদি আমি সকলোৱে দেশৰ সেৱাৰ এই দায়বদ্ধতাক আমাৰ আধ্যাত্মিক সংকল্পৰ অংশ কৰি লওঁ, তেন্তে দেশখনে ইয়াৰ পৰা লাভান্বিত হ'ব। আমি দেশক প্লাষ্টিক মুক্ত কৰাৰ সংকল্প লম, আমাৰ চাৰিওফালে থকা হ্ৰদ, পুখুৰীবোৰ পৰিষ্কাৰ কৰি ৰখাৰ সংকল্প ললে পৰিৱেশ সুৰক্ষিত কৰা হ'ব। অমৃত মহোৎসৱত, দেশে প্ৰতিখন জিলাত ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ সংকল্প লৈছে। যদিহে এই অমৃত সৰোবৰসমূহে আপোনালোক সকলো সাধুৰ আশীৰ্বাদ লাভ কৰে, যদি আপোনাসৱে ইয়াৰ নিৰ্মাণত সহযোগিতা আগবঢ়ায়, তেন্তে এই কামৰ গতি আৰু বৃদ্ধি পাব। দেশখনে এই সময়ত প্ৰাকৃতিক কৃষিক এক অভিযান হিচাপে আগুৱাই নিছে। এই প্ৰচেষ্টা ৱাৰকাৰী সাধুসকলৰ আদৰ্শৰ সৈতে সম্পৰ্কিত। আমি প্ৰাকৃতিক কৃষিক প্ৰতিখন খেতিপথাৰলৈ নিবলা হলে আমি একেলগে কাম কৰিব লাগিব। কেইদিনমানৰ পিছত আন্তৰ্জাতিক যোগ দিৱসো আহি আছে। আজি বিশ্বত যোগভ্যাসৰ যি বিকাশ হৈছে সেয়াও আমাৰ সাধুসকলৰ উপহাৰ। মই নিশ্চিত যে আপোনালোক সকলোৱে সম্পূৰ্ণ উৎসাহেৰে যোগ দিৱস উদযাপন কৰিব আৰু দেশৰ প্ৰতি এই কৰ্তব্য পালন কৰি নতুন ভাৰতৰ সপোন পূৰণ কৰিব। এই ভাবনাৰ সৈতে, মই বক্তৃতাৰ সামৰণি মাৰিছোঁ। আৰু মোক আপোনাসৱে যি সুযোগ দিলে, যি সন্মান দিলে তাৰ বাবে আপোনালোক সকলোকে মূৰ দোৱাই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। জয়-জয় ৰামকৃষ্ণ হৰি। জয়-জয় ৰামকৃষ্ণ হৰি। হৰ হৰ মহাদেৱ। | পুনেৰ দেহুত জগদগুৰু শ্ৰীসন্ত তুকাৰাম মহাৰাজ শৈল মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BF%E0%A6%82%E0%A6%AC%E0%A6%A6%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%97%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%95-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A6%95/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BF%E0%A6%82%E0%A6%AC%E0%A6%A6%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%97%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%95-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A6%95/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি গায়িকা তথা সুৰকাৰ শ্ৰী বাপ্পী লাহিড়ীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: “শ্ৰী বাপ্পী লাহিড়ীজীৰ সংগীতে সকলোকে মুগ্ধ কৰিছিল আৰু বিভিন্ন আৱেগৰ অভিব্যক্তিৰ সৌন্দৰ্যত সূতা দিছিল। প্ৰতিটো প্ৰজন্মৰ মানুহ তেওঁৰ সংগীতৰ সৈতে সংযুক্ত আছিল। সকলোৱে তেওঁৰ প্ৰফুল্ল স্বভাৱ মনত ৰাখিব। তেওঁৰ মৃত্যুত মই দুখিত। তেওঁলোকৰ পৰিয়াল আৰু প্ৰিয়জনৰ প্ৰতি সমবেদনা। ওম শান্তি!” | কিংবদন্তী গায়ক আৰু সুৰকাৰ শ্ৰী বাপ্পী লাহিড়ীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A7%80%E0%A6%B6%E0%A7%82%E0%A7%B0%E0%A7%B0-%E0%A6%A6%E0%A6%B6%E0%A7%87%E0%A7%B0%E0%A6%BE-%E0%A6%89%E0%A6%A6%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A6%AD/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A7%80%E0%A6%B6%E0%A7%82%E0%A7%B0%E0%A7%B0-%E0%A6%A6%E0%A6%B6%E0%A7%87%E0%A7%B0%E0%A6%BE-%E0%A6%89%E0%A6%A6%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A7%B0-%E0%A6%86%E0%A6%AD/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহীশূৰত দশেৰা উদযাপনৰ আভাস শ্বেয়াৰ কৰি মহীশূৰবাসীৰ সংস্কৃতি আৰু ঐতিহ্যক সুন্দৰ ৰূপত সংৰক্ষণ কৰাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰশংসা কৰে। ২০২২ চনৰ যোগ দিৱস উপলক্ষে শেহতীয়াভাৱে মহীশূৰ ভ্ৰমণৰ সুমধুৰ স্মৃতি স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। এগৰাকী নাগৰিকৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, “মাহীশূৰৰ দশেৰা দৰ্শনীয়। ইমান সুন্দৰকৈ নিজৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰাৰ বাবে মই মহীশূৰবাসীক প্ৰশংসা কৰিছো। শেহতীয়াকৈ ২০২২চনৰ যোগ দিৱসৰ সময়ত মোৰ মহীশূৰ ভ্ৰমণৰ ভাল স্মৃতি আছে৷” | মহীশূৰৰ দশেৰা উদযাপনৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয় |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF/ | প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ব্ৰাজিলৰ মাজত বিনিয়োগৰ ক্ষেত্ৰত সগযোগিতা (আই চি এফ টি)ৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই চুক্তিৰ ফলত দুয়োখন দেশৰ মাজত বিনিয়োগৰ সোঁত বাঢ়িব।(আই চি এফ টিয়ে ভাৰতত ব্ৰাজিলৰ বিনিয়োগকাৰী আৰু ব্ৰাজিলত ভাৰতীয় বিনিয়োগকাৰীসকললৈ সহায় আগবঢ়াব। ই দুযোখন দেশৰ বিনিয়োগকাৰীসকলৰ মনত আত্মবিশ্বাস দৃঢ় কৰাৰ লগতে বিনিয়োগৰ সুচল পৰিৱেশ ৰচনা কৰিব।ই ভাৰতৰ প্ৰকল্পসমূহৰ বাবে ব্ৰাজিলৰ বিনিয়োগকাৰীৰ পৰা পোনপটীয়া বৈদেশিক বিনিয়োগ আনি দিয়াতো সহায় কৰিব। | ভাৰত আৰু ব্ৰাজিলৰ মাজত বিনিয়োগৰ ক্ষেত্ৰত সগযোগিতাৰ প্ৰস্তাৱত কোবিনেটৰ অনুমোদন |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A7%B0-%E0%A7%AB%E0%A7%A6-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A7%B0-%E0%A7%AB%E0%A7%A6-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF/ | ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ৰাজ্যখনৰ গঠন আৰু উন্নয়নত অৱদান আগবঢ়োৱা আটাইকে শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ অৰ্থে শ্বিলং ভ্ৰমণৰ কথা স্মৰণ কৰে। এয়া আছিল ৩-৪ দশকৰ ব্যৱধানৰ পিছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাজ্যখন ভ্ৰমণ। তেখেতে ৰাজ্যখনৰ জনসাধাৰণক প্ৰকৃতিৰ ওচৰৰ লোক হিচাপে স্বকীয় পৰিচয় অধিক সুদৃঢ়কৰণৰ বাবে শুভেচ্ছা জনায়। "মেঘালয়ে বিশ্বখনক প্ৰকৃতি, প্ৰগতি, সংৰক্ষণ আৰু পৰিবেশ-বহনক্ষমতাৰ বাৰ্তা প্ৰদান কৰিছে", শ্ৰী মোদীয়ে কয়। 'হুইচলিং ভিলেজ' আৰু প্ৰতিখন গাঁৱতে গায়ক-গায়িকাসকলৰ পৰম্পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কলা আৰু সংগীতৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ অৱদানক অভিবাদন জনায়। তেখেতে কয় যে এই ভূমি প্ৰতিভাশালী শিল্পীৰে পৰিপূৰ্ণ আৰু শ্বিলং চেম্বাৰ কয়ৰে ইয়াক নতুন উচ্চতালৈ নিছে। মেঘালয়ৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিক লৈ দেশখনৰ যথেষ্ট আশা আছে বুলি তেখেতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জৈৱিক কৃষিৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ বৰ্ধিত খ্যাতিৰ বিষয়েও উল্লেখ কৰে। তেখেতে কয়, "মেঘালয়ৰ ভগ্নীসকলে বাঁহ বয়ন কলাক পুনৰুজ্জীৱিত আৰু ইয়াৰ কঠোৰ-পৰিশ্ৰমী কৃষকসকলে জৈৱিক ৰাজ্য হিচাপে মেঘালয়ৰ পৰিচয়ক শক্তিশালী কৰিছে"। প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নত পথ, ৰে'ল আৰু বিমান সংযোগৰ বাবে চৰকাৰখনৰ অংগীকাৰৰ কথা দোহাৰে। তেখেতে কয় যে ৰাজ্যখনৰ জৈৱিক সামগ্ৰীৰাজিৰ বাবে নতুন ঘৰুৱা আৰু বৈশ্বিক বজাৰ নিশ্চিতকৰণৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় আঁচনিসমূহক জনসাধাৰণৰ ওচৰলৈ নিয়াৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা আৰু ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ দৰে আঁচনিসমূহে মেঘালয়ক লাভান্বিত কৰিছে। আজি, জল জীৱন অভিযানে ২০১৯ ত মাত্ৰ ১ শতাংশ গৃহস্থীপৰা ৩৩ শতাংশ গৃহস্থীলৈ পাইপেৰে পানী প্ৰশস্ত কৰিছে। প্ৰথমবাৰলৈ ভেকচিন প্ৰদানৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা ৰাজ্যসমূহৰ ভিতৰত মেঘালয় অন্যতম বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে। পৰিশেষত, প্ৰধানমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ জনসাধাৰণক পৰ্যটন আৰু জৈৱিক সামগ্ৰীৰ উপৰিও নতুন খণ্ডসমূহৰ বিকাশৰ বাবে তেখেতৰ নিৰন্তৰ সমৰ্থন আৰু সংকল্পৰ আশ্বাস প্ৰদান কৰে। | মেঘালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ সম্বোধ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D-2/ | প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “তেওঁৰ মৃত্যু বাৰ্ষিকীত আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদিছো”। | মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A6%BE%E0%A6%96%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A6%BE%E0%A6%96%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশাখী উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “সকলোকে বৈশাখীৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱে আমাৰ সকলোৰে জীৱন আনন্দময় কৰি তোলক আৰু সকলোৰে মংগল হওক, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে জীৱনত সফলতা আৰু সমৃদ্ধি লাভ কৰক।” | বৈশাখী উপলক্ষে ৰাইজক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ দিৱস উপলক্ষে বিহাৰবাসীক শুভেচ্ছা জনাইছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিহাৰ দিৱস উপলক্ষে বিহাৰৰ মোৰ ভাই-ভনীসকললৈ শুভেচ্ছা জনাইছো। ইতিহাসে ঢুকি পোৱা দিনৰে পৰা দেশৰ প্ৰগতিত বিহাৰৰ অৱদান উল্লেখযোগ্য আৰু অমূল্য।” | বিহাৰ দিৱস উপলক্ষে বিহাৰবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%95-%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A1%E0%A6%BC%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%AE%E0%A6%BF/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%95-%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A1%E0%A6%BC%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%AE%E0%A6%BF/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক্ৰীড়াক্ষেত্ৰত যি উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে সেয়া অটুট ৰখাৰ লগতে আমাৰ যুৱ প্ৰজন্মক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁ আহক। দূৰদৰ্শন নিউজৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; ‘এই প্ৰৱণতাই আপোনাক আনন্দিত কৰিব। আহক ক্ৰীড়াক্ষেত্ৰত আমি এই উৎসাহ-উদ্দীপনা অটুট ৰাখোঁ আৰু আমাৰ যুৱক-যুৱতীসকলক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁ।’ | আহক ক্ৰীড়াক্ষেত্ৰত আমি এই উৎসাহ-উদ্দীপনা অটুট ৰাখোঁ আৰু আমাৰ যুৱকসকলক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁঃ প্ৰধানমন্ত্ৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%AE%E0%A6%9F%E0%A6%BF-%E0%A7%AB%E0%A6%9C%E0%A6%BF-%E0%A6%B8%E0%A7%8D%E0%A6%AA%E0%A7%87%E0%A6%95%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%AE%E0%A6%9F%E0%A6%BF-%E0%A7%AB%E0%A6%9C%E0%A6%BF-%E0%A6%B8%E0%A7%8D%E0%A6%AA%E0%A7%87%E0%A6%95%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত দূৰসংযোগ বিভাগৰ এটা প্ৰস্তাৱত অনুমোদন জনায় যাৰ জৰিয়তে ৰাজহুৱা আৰু উদ্যোগসমূহক ৫জি সেৱা প্ৰদানৰ বাবে সফল নিবিদাকাৰীসকলক স্পেকট্ৰাম আবণ্টন কৰা হ’ব। ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আদিৰ দৰে চৰকাৰৰ ধ্বজাবাহী আঁচনিৰ জৰিয়তে ডিজিটেল সংযোগ চৰকাৰৰ নীতিগত পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে। ব্ৰ’ডবেণ্ড বিশেষকৈ ম’বাইল ব্ৰ’ডবেণ্ড নাগৰিকৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ২০১৫ চনৰ পৰা সমগ্ৰ দেশতে ৪জি সেৱাৰ দ্ৰুত সম্প্ৰসাৰণৰ জৰিয়তে ইয়াত এক বৃহৎ সকাহ দিছিল। ২০১৪ চনত দহ কোটি গ্ৰাহকৰ তুলনাত বৰ্তমান আশী কোটি গ্ৰাহকে ব্ৰ’ডবেণ্ডৰ সুবিধা লাভ কৰিছে। এনে মাৰ্গদৰ্শক নীতিগত পদক্ষেপৰ জৰিয়তে চৰকাৰে অন্ত্যোদয় পৰিয়ালসমূহক ম’বাইল বেংকিং, অনলাইন শিক্ষা, টেলিমেডিচিন, ই-ৰেচন আদিৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে। দেশত গঢ় লৈ উঠা ৪জি ইক’ছিষ্টেম এতিয়া ৫জি থলুৱা উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। ভাৰতৰ ৮টা শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানত ৫জি টেষ্ট বেড স্থাপনে ভাৰতত ঘৰুৱা ৫জি প্ৰযুক্তিৰ মুকলিৰ কাম ক্ষিপ্ৰ কৰি তুলিছে। ম’বাইল হেণ্ডছেট, টেলিকম সঁজুলিৰ বাবে পিএলআই (উৎপাদনকেন্দ্ৰিক উদ্গনি) আঁচনি আৰু ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ আৰম্ভণিয়ে ভাৰতত ৫জি সেৱা আৰম্ভ কৰাৰ বাবে এক শক্তিশালী ইক’চিষ্টেম গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। ৫জি প্ৰযুক্তি আৰু পৰৱৰ্তী পৰ্যায়ত ৬জি প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ বেছি দিন নাই৷ স্পেকট্ৰাম সমগ্ৰ ৫জি ইক’ছিষ্টেমৰ এক অবিচ্ছেদ্য আৰু অত্যাৱশ্যকীয় অংশ। আগন্তুক ৫জি সেৱাসমূহে নতুন যুগৰ ব্যৱসায় সৃষ্টি কৰাৰ, উদ্যোগসমূহৰ বাবে অতিৰিক্ত ৰাজহ সৃষ্টি কৰা আৰু উদ্ভাৱনীমূলক ব্যৱহাৰ-ক্ষেত্ৰ আৰু প্ৰযুক্তিৰ দিশত নিয়োগ সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা আছে। ২০বছৰৰ বাবে মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্টজ স্পেকট্ৰাম প্ৰদান কৰা হ’ব, যিটো ২০২২ চনৰ জুলাই মাহৰ শেষৰ ফালে নিলাম অনুষ্ঠিত হ’ব। ৯০০ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ, ২৩০০ মেগাহাৰ্টজ, মিড (৩৩০০ মেগাহাৰ্টজ) আৰু হাই (২৬ গিগাহাৰ্টজ) ফ্ৰিকুৱেন্সি বেণ্ডৰ নিলাম অনুষ্ঠিত হ’ব। এইটো আশা কৰা হৈছে যে টেলিকম সেৱা প্ৰদানকাৰীসকলে মিড আৰু হাই বেণ্ড স্পেকট্ৰম ব্যৱহাৰ কৰি গতি আৰু ক্ষমতা প্ৰদান কৰিব পৰা ৫জি প্ৰযুক্তিভিত্তিক সেৱাসমূহ ৰোল-আউট কৰিব, যিটো বৰ্তমানৰ ৪জি সেৱাতকৈ গতি প্ৰায় ১০ গুণ বেছি অধিক দ্ৰুত হ’ব। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ঘোষণা কৰা দূৰসংযোগ খণ্ডৰ সংস্কাৰৰ দ্বাৰা এই স্পেকট্ৰাম নিলামত লাভৱান হ’ব। এই সংস্কাৰসমূহৰ ভিতৰত আগন্তুক নিলামত অধিগ্ৰহণ কৰা স্পেকট্ৰামৰ ওপৰত শূন্য স্পেকট্ৰাম ব্যৱহাৰ চাৰ্জ (এছইউচি) অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে টেলিকম নেটৱৰ্কৰ পৰিচালনা ব্যয়ৰ ক্ষেত্ৰত সেৱা প্ৰদানকাৰীসকলক যথেষ্ট সকাহ প্ৰদান কৰিব। তদুপৰি, এটা বাৰ্ষিক কিস্তিৰ সমতুল্য বিত্তীয় বেংকৰ নিশ্চয়তা দাখিল কৰাৰ প্ৰয়োজনীয়তাও হ্ৰাস কৰা হৈছে। দূৰসংযোগ খণ্ডৰ সংস্কাৰৰ গতি অব্যাহত ৰাখি কেবিনেটে সহজ ব্যৱসায় কৰাৰ সুবিধাৰ বাবে আগন্তুক স্পেকট্ৰাম নিলামৰ জৰিয়তে নিবিদাকাৰীসকলে অধিগ্ৰহণ কৰিবলগীয়া স্পেকট্ৰামৰ সন্দৰ্ভত বিভিন্ন প্ৰগতিশীল বিকল্প ঘোষণা কৰে। প্ৰথমবাৰৰ বাবে সফল নিবিদাকাৰীয়ে আগতীয়াকৈ ধন পৰিশোধ কৰাৰ কোনো বাধ্য–বাধ্যকতা নাই। স্পেকট্ৰামৰ বাবে পেমেণ্ট ২০টা সমান বাৰ্ষিক কিস্তিত প্ৰদান কৰিব পাৰিব, যিটো প্ৰতি বছৰৰ আৰম্ভণিতে আগতীয়াকৈ পৰিশোধ কৰিব লাগিব। ইয়াৰ ফলত নগদ ধনৰ প্ৰবাহৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস পাব আৰু এই খণ্ডত ব্যৱসায় কৰাৰ খৰচ কম হ’ব বুলি আশা কৰা হৈছে। নিবিদাকাৰীসকলক বাকী থকা কিস্তিৰ ক্ষেত্ৰত ভৱিষ্যতে কোনো ধৰণৰ দায়বদ্ধতা নোহোৱাকৈ ১০ বছৰৰ পিছত স্পেকট্ৰাম আত্মসমৰ্পণ কৰাৰ বিকল্প সুযোগ দিয়া হ’ব। ৫জি সেৱাসমূহৰ ৰোল-আউট সক্ষম কৰিবলৈ পৰ্যাপ্ত বেকহ’ল স্পেকট্ৰামৰ উপলব্ধতা থাকিব লাগিব। বেকহ’লৰ চাহিদা পূৰণৰ বাবে কেবিনেটে টেলিকম সেৱা প্ৰদানকাৰীসকলক ই-বেণ্ডত ২৫০ মেগাহাৰ্টজকৈ ২টাকৈ কেৰিয়াৰ সাময়িকভাৱে আবণ্টনৰ সিদ্ধান্ত লৈছে। তদুপৰি, কেবিনেটে বৰ্তমানৰ ১৩, ১৫, ১৮ আৰু ২১ গিগাহাৰ্টজ বেণ্ডৰ ফ্ৰিকুৱেন্সি বেণ্ডত পৰম্পৰাগত মাইক্ৰৱেভ বেকহ’ল কেৰিয়াৰৰ সংখ্যা দুগুণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটে লগতে এক নতুন তৰংগ যেনে মেচিন টু মেচিন যোগাযোগ, ইণ্টাৰনেট অৱ থিংছ(আইঅ’টি), কৃত্ৰিম বুদ্ধিমত্তা(এআই) সমগ্ৰ অ’টোমোটিভ, স্বাস্থ্যসেৱা, কৃষি, শক্তি, আৰু অন্যান্য খণ্ডৰ বাবে এক প্ৰাইভেট কেপটিভ নেটৱৰ্কৰ বিকাশ সাধন কৰা লগতে স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। | আইএমটি/৫জি স্পেকট্ৰামৰ নিলামত অনুমোদন কেবিনেট |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9C%E0%A6%BF%E0%A6%87%E0%A6%8F%E0%A6%AE-%E0%A6%AA/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9C%E0%A6%BF%E0%A6%87%E0%A6%8F%E0%A6%AE-%E0%A6%AA/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জিইএম প্লেটফৰ্মত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ বাবে বিক্ৰেতাসকলক প্ৰশংসা কৰে। জিইএম প্লেটফৰ্মত ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ বাবে ২০২২ চনৰ ২৯ নৱেম্বৰলৈকে ১ লাখ কোটি টকাৰ মুঠ সামগ্ৰী মূল্য অতিক্ৰম কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "উৎকৃষ্ট খবৰ! ভাৰতৰ উদ্যোগী উৎসাহ প্ৰদৰ্শন আৰু স্বচ্ছতা আগবঢ়োৱাৰ ক্ষেত্ৰত @GeM_India এক দিশ পৰিৱৰ্তনকাৰী হিচাপে বিবেচিত হৈছে। যিসকলে এই প্লেটফৰ্মত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰি আছে তেওঁলোকক মই প্ৰশংসা কৰোঁ আৰু আনসকলকো তেনে কৰিবলৈ অনুৰোধ জনাইছো।" | প্ৰধানমন্ত্ৰীয়ে জিইএম প্লেটফৰ্মত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰা সকলক প্ৰশংসা কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE%E0%A6%9C%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A6%B7-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A6%B8%E0%A7%81%E0%A7%B0-3/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE%E0%A6%9C%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A6%B7-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A6%B8%E0%A7%81%E0%A7%B0-3/ | মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী আৰু বছৰজোৰা উদযাপনৰ অংশ হিচাপে চৰকাৰে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অপৰিসীম অৱদানৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনৰ অংশ হিচাপে গ্ৰেনাইটেৰে নিৰ্মিত এই মূৰ্তিটো স্থাপন কৰা হ’ব। তেওঁৰ সংগ্ৰামৰ প্ৰতি দেশ ঋণী আৰু ইয়াৰ জৰিয়তে দেশে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব। প্ৰতিমূৰ্তিটোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে নেতাজীৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে প্ৰদৰ্শিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত ইণ্ডিয়া গেটত নেতাজীৰ হলোগ্ৰাম প্ৰতিমূৰ্তিটো উন্মোচন কৰিব। হলোগ্ৰামৰ মূৰ্তিটো ৩০,০০ লুমেন ৪কে প্ৰজেক্টৰৰ দ্বাৰা চালিত হ’ব। ৯০শতাংশ স্বচ্ছ উন্নতমানৰ হলোগ্ৰাফিক স্ক্ৰীণত ই প্ৰদৰ্শিত হ’ব। এই স্ক্ৰীণখন ইমানেই উন্নতমানৰ যে দৰ্শনাৰ্থীসকলে কেৱল মাত্ৰ নেতাজীৰ প্ৰতিমূৰ্তিকেই দেখিবলৈ পাব। নেতাজীৰ ত্ৰিমূৰ্তি হলোগ্ৰাম মূৰ্তিটোৰ ২৮ ফুট উচ্চতা আৰু ৬ ফুট প্ৰস্থৰ । এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২০১৯, ২০২০, ২০২১ আৰু ২০২২ বৰ্ষৰ সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰসমূহ প্ৰদান কৰিব। অনুষ্ঠানত মুঠ সাতটা বঁটা প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যক্তি বিশেষ আৰু সংগঠনসমূহে আগবঢ়োৱা অমূল্য অৱদান আৰু নিস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি বছৰে ২৩ জানুৱাৰীত এই বঁটা ঘোষণা কৰা হয়। এই বঁটাত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত নগদ ৫১ লাখ টকা আৰু প্ৰমাণপত্ৰ আৰু ব্যক্তি বিশেষৰ ক্ষেত্ৰত ৫ লাখ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। স্বাধীনতা সংগ্ৰামীসকলক উপযুক্তভাৱে সন্মান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈ আহিছে তাৰ অংশ হিচাপে কিংবদন্তী স্বাধীনতা সংগ্ৰামী আৰু দূৰদৰ্শী নেতা নেতা সুভাষ চন্দ্ৰ বসুৰ প্ৰতি সন্মান জনাবলৈ এই বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত কেইবাটাও পদক্ষেপ লোৱা হৈছে, যাৰ ভিতৰত আছে প্ৰতি বছৰে তেওঁৰ জন্ম জয়ন্তী পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হ’ব। এই মনোভাৱৰ সৈতে সংগতি ৰাখি গণতন্ত্ৰ দিৱস উদযাপন এদিন আগে অৰ্থাত্ ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। | নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী বছৰজোৰা উদযাপনৰ অংশ হিচাপে ইণ্ডিয়া গেটত নেতাজীৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ’ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B2%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A7%80/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B2%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A7%80/ | শ্ৰী সৰস্বতয়া নমঃ এই পৱিত্ৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যাৰী জী, মহাৰাষ্ট্ৰ বিধান সভাৰ বিৰোধী দলপতি শ্ৰী দেৱেন্দ্ৰ ফাড়নাভিশ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী শ্ৰী সুভাষ দেশাই জী, সন্মানীয় ঊষা জী, আশা জী, আদিনাথ মংগেশকাৰ জী, মাষ্টাৰ দীনানাথ স্মৃতি প্ৰতিষ্ঠানৰ সকলো সদস্য, সংগীত আৰু সাংস্কৃতিক জগতৰ সকলো বিশিষ্ট সহকৰ্মী তথা অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল! সন্মানীয় হৃদয়নাথ মংগেশকা ৰজীও এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকিব লাগিছিল। কিন্তু আদিনাথ জীয়ে কোৱাৰ দৰে, অসুস্থতাৰ বাবে তেওঁ ইয়ালৈ আহিব নোৱাৰিলে। মই তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। বন্ধুসকল, মই ইয়াত নিজকে খুব যোগ্য ব্যক্তি হিচাপে অনুভৱ কৰিব পৰা নাই, কিয়নো মই সংগীতৰ দৰে গভীৰ বিষয়ৰ সৈতে ভালদৰে পৰিচিত নহয়। কিন্তু সাংস্কৃতিক দৃষ্টিকোণৰ পৰা, মই অনুভৱ কৰোঁ যে সংগীত হৈছে 'সাধনা' (ভক্তি)আৰু 'ভাৱনা' (আৱেগ)। যিটোৱে অপ্ৰকাশিত কথা প্ৰকাশ কৰে সেইটোৱেই শব্দ। যিয়ে শক্তি আৰু চেতনাৰে অভিব্যক্তি ভৰাই তোলে সেয়া হ'ল 'নাডা' (শব্দ) আৰু যিটোৱে চেতনাক আৱেগ আৰু অনুভূতিৰে ভৰাই তোলে আৰু ইয়াক সৃষ্টি আৰু সংবেদনশীলতাৰ চৰম সীমালৈ লৈ যায় সেয়া হ'ল 'সংগীত' (সংগীত)। আপুনি স্থিৰ হৈ বহি থাকিব পাৰে, কিন্তু সংগীতে আপোনাৰ চকুৰ পৰা চকুপানী প্ৰবাহিত কৰিব পাৰে। সংগীতৰ শক্তি এনেকুৱা। সংগীতে আপোনাক নিৰ্লিপ্ততাৰ অনুভূতিও দিব পাৰে। সংগীতে আপোনাক বীৰত্ব আৰু মাতৃৰ মৰমেৰে ভৰাই তুলিব পাৰে। ই এজনক দেশপ্ৰেম আৰু কৰ্তব্যবোধৰ শীৰ্ষলৈ লৈ যাব পাৰে। আমি সৌভাগ্যৱান যে আমি সংগীতৰ এই সম্ভাৱনা আৰু শক্তিক লতা দিদিৰ ৰূপত দেখিছোঁ। আমি তেওঁক নিজৰ চকুৰে চোৱাৰ সৌভাগ্য অৰ্জন কৰিছো আৰু মংগেশকাৰ পৰিয়ালে বহু প্ৰজন্ম ধৰি এই 'যজ্ঞ'ত ত্যাগ কৰি আহিছে। হৰিশজীয়ে তেওঁৰ বিষয়ে কিছু বৰ্ণনা কৰিছিল, কিন্তু মই ভাবি আছিলো যে দিদিৰ সৈতে মোৰ সম্পৰ্ক কিমান পুৰণি। চাৰে চাৰি দশক আগতে যেতিয়া সুধীৰ ফাড়কে জীয়ে মোক তেওঁৰ সৈতে পৰিচয় কৰাই দিছিল। আৰু তেতিয়াৰ পৰা এই পৰিয়ালটোৰ সৈতে হোৱা অপৰিসীম মৰম আৰু অগণন ঘটনা মোৰ জীৱনৰ এটা অংশ হৈ পৰিছিল। মোৰ বাবে লতা দিদি সুৰৰ ৰাণীৰ লগতে মোৰ ডাঙৰ ভগ্নীও আছিল। বহু প্ৰজন্মক প্ৰেম আৰু আৱেগৰ উপহাৰ দিয়া লতা দিদিৰ পৰা এগৰাকী ভগ্নীৰ মৰম পোৱাতকৈ ডাঙৰ সন্মান কি হ'ব পাৰে? ইমান দশকৰ পিছত এই বছৰৰ ৰাখী উৎসৱৰ সময়ত দিদি আমাৰ সৈতে নাথাকিব। সাধাৰণতে, মই মোৰ সন্মানাৰ্থে আয়োজিত অনুষ্ঠানবোৰৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লও। কিয়নো এই ধৰণৰ অনুষ্ঠানত মই বৰ সহজ অনুভৱ নকৰো। কিন্তু যেতিয়া বঁটাটো লতা দিদিৰ নামত হয়, মোৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু মংগেশকাৰ পৰিয়ালৰ মোৰ ওপৰত থকা অধিকাৰৰ বাবে ইয়ালৈ অহাটো মোৰ বাবে এক প্ৰকাৰৰ বাধ্যবাধকতা হৈ পৰে। মই আদিনাথজীৰ পৰা এটা বাৰ্তা পাইছিলো। তেওঁ মোক মোৰ কাৰ্যসূচী আৰু মই কিমান ব্যস্ত আছিলোঁ, সেই বিষয়ে সুধিছিল। মই একো সোধা নাছিলোঁ আৰু লগে লগে তেওঁক উপস্থিত থাকিব পাৰিম বুলি কৈছিলো, কিয়নো মোৰ বাবে তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰাটো সম্ভৱ নাছিল। মই এই বঁটা সকলো দেশবাসীক উৎসৰ্গা কৰিছো। লতাজী যিদৰে জনসাধাৰণৰ অতি মৰমৰ আছিল, ঠিক সেইদৰে মোলৈ আগবঢ়োৱা এই বঁটাও জনসাধাৰণৰ হৈ থাকিব। মই লতা দিদিৰ সৈতে সঘনাই মত বিনিময় কৰিছিলো। তেওঁ প্ৰতিটো উপলক্ষত মোলৈ বাৰ্তা আৰু আশীৰ্বাদ প্ৰেৰণ কৰিছিল। বন্ধুসকল, লতা জীৰ শাৰীৰিক যাত্ৰা এনে এটা সময়ত সম্পূৰ্ণ হৈছিল যেতিয়া আৰু দেশে ইয়াৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে। স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁ কণ্ঠদান কৰিছে। এই ৭৫ বছৰত দেশৰ প্ৰতিটো যাত্ৰাৰ সৈতে তেওঁৰ কণ্ঠ সহযোগী হৈ আছে। লতা জীৰ পিতৃ দীননাথ মংগেশকাৰ জীৰ নামো এই বঁটাটোৰ সৈতে সংযুক্ত হৈ আছে। দেশলৈ আগবঢ়োৱা অমূল্য অৰিহণাৰ বাবে মংগেশকাৰ পৰিয়ালৰ ওচৰত সমগ্ৰ দেশবাসী ঋণী হৈ থাকিব। সংগীতৰ লগতে, দেশপ্ৰেমৰ চেতনা যি লতা দিদিৰ অন্তৰত শৈশৱৰ পৰাই আছিল, ইয়াৰ উৎস আছিল তেওঁৰ পিতৃ। স্বাধীনতা সংগ্ৰামৰ সময়ত চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ সন্মানত অনুষ্ঠিত এক কাৰ্যসূচীৰ সময়ত দীনানাথ জীয়ে বীৰ ছাভাৰকাৰে লিখা এটা গান গাইছিল। কেৱল দীনানাথ মহোদয়ইহে ব্ৰিটিছ ভাইচৰয়ৰ সন্মুখত সংগীতৰ মাধ্যমেৰে থিয় দিব পাৰিছিল। ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাই বীৰ ছাভাৰকাৰে লিখা গীতটো সাহসেৰে কণ্ঠ দি দীননাথ জীয়ে তেওঁৰ পৰিয়ালটোক দেশপ্ৰেমৰ অনুভূতি প্ৰদান কৰিছিল। লতাজীয়ে ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত বীৰ ছাভাৰকাৰ জীয়ে লিখা গান 'হিন্দু নৰসিংহ' আৰু সমৰ্থ গুৰু ৰামদাস জীৰ কবিতাবোৰ শিৱ কল্যাণ ৰাজা নামৰ এলবামত গীতৰ ৰূপ দি সেইবোৰ অমৰ কৰিছিল। "এ মেৰে ৱাতন কে লগো" আৰু "জয় হিন্দ কি সেনা"ৰ আৱেগিক ট্ৰেকবোৰ দেশবাসীৰ মুখৰ ভাষা হৈ পৰে আৰু চিৰদিন আমাৰ মাজত সজীৱ হৈ থাকিব। এইটো আমাৰ কৰ্তব্য যে লতা দিদি আৰু তেওঁৰ পৰিয়ালৰ অৱদানক আমি অমৃত মহোৎসৱৰ সময়ছোৱাত মানুহৰ মাজলৈ লৈ যাব লাগিব। বন্ধুসকল, 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ বিশ্বাসৰ সৈতে আজি দেশ আগবাঢ়ি আছে। লতা জী 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ এক সুমধুৰ অভিব্যক্তি আছিল। তেওঁ দেশৰ ৩০টাতকৈও অধিক ভাষাত হাজাৰ হাজাৰ গান গাইছিল। তেওঁৰ সুৱদী কণ্ঠ দেশ প্ৰতিখন ৰাজ্যৰ, প্ৰতিটো অঞ্চলৰ মানুহৰ মনত নিহিত হৈ আছে। আজি দেশে স্বাধীনতাৰ অমৃত মহোৎসৱl নতুন সংকল্প প্ৰস্তুত কৰিছে। আমি বিশ্বৰ অন্যতম বৃহৎ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ। আজি ভাৰতে প্ৰতিটো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল হৈ উঠিছে। উন্নয়নৰ এই যাত্ৰা আমাৰ সংকল্পৰ অংশ। কিন্তু ভাৰতৰ উন্নয়নৰ মৌলিক দৃষ্টিভংগী সদায় পৃথক হৈ আহিছে। আমাৰ বাবে, উন্নয়নৰ অৰ্থ হৈছে-'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'। সকলোৰে বাবে উন্নয়নৰ মনোভাৱত 'বসুধৈৱ কুটুম্বকম' (সকলোৰে কল্যাণ)ৰ আধাৰ নিহিত হৈ আছে। সমগ্ৰ বিশ্বৰ বিকাশ আৰু সমগ্ৰ মানৱজাতিৰ কল্যাণ কেৱল ভৌতিক সামৰ্থ্যৰ জৰিয়তে প্ৰাপ্ত কৰিব নোৱাৰি। ইয়াৰ বাবে মানৱীয় মূল্যবোধ অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আধ্যাত্মিক চেতনা গুৰুত্বপূৰ্ণ। সেয়েহে, ভাৰতে যোগ, আয়ুৰ্বেদ আৰু পৰিৱেশৰ দৰে ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি আছে। মই বিশ্বাস কৰোঁ যে আমাৰ ভাৰতীয় সংগীতো এই অৱদানৰ এক গুৰুত্বপূৰ্ণ অংশ। এই দায়িত্ব আপোনাৰ হাতত আছে। এই ঐতিহ্যক একে মূল্যবোধেৰে জীয়াই ৰখা, ইয়াক আগুৱাই নিয়া আৰু বিশ্ব শান্তিৰ মাধ্যম বনোৱাটো আমাৰ সকলোৰে দায়িত্ব। মই নিশ্চিত যে সংগীত জগতৰ সৈতে জড়িত সকলো লোকে এই দায়িত্ব পালন কৰিব আৰু এখন নতুন ভাৰতক নিৰ্দেশনা দিব। এই বিশ্বাসেৰে, মই আপোনালোক সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছো। বহুত বহুত ধন্যবাদ! নমস্কাৰ! স্পষ্টীকৰণঃ এয়া হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণৰ আনুমানিক অনুবাদ। মূল ভাষণ হিন্দীত দিয়া হৈছিল। | মুম্বাইত অনুষ্ঠিত লতা দীননাথ মংগেশকাৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D-2/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D-2/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালিত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি আৰু সম্পৰ্কৰ উন্নতি হোৱাত সন্তোষ প্ৰকাশ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত নিয়মীয়াকৈ অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ বাৰ্তালাপৰ বিষয়টোক লৈও দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰে। প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, স্বচ্ছ শক্তি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰে। শিক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ উচ্চ শিক্ষা, বৃত্তিমূলক শিক্ষা, প্ৰশিক্ষণ আৰু ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানগত অংশীদাৰিত্বৰ বিষয়ে উভয় নেতাৰ মাজত বিতংভাৱে আলোচনা হয়। নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰে, যাৰ ভিতৰত আছে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, সুস্থিৰতা, জলবায়ু সম্পৰ্কীয় বিষয় আৰু ভাৰতৰ জি-২০ গোটৰ অধ্যক্ষতা সম্বন্ধীয় বিষয়ত দুয়োগৰাকী নেতাই আলোচনা কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে শীঘ্ৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এলবানিজক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। | বালিত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%B9%E0%A6%9C%E0%A7%87-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A7%9F-%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%B9%E0%A6%9C%E0%A7%87-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A7%9F-%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যান মাৰ্গত সহজে ব্যৱসায় কৰাৰ প্ৰধান প্ৰত্যাহ্বান শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ এই কাৰ্যসূচীৰ লক্ষ্য হৈছে কৃত্রিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ, বিগ ডাটা এনালিটিক্স ব্লকচেইনৰ দৰে অত্যাধুনিক প্ৰযুক্তিভিত্তিক অভিনৱ ধাৰনা আহ্বান কৰা, যাৰ জৰিয়তে চৰকাৰী প্ৰক্রিয়াসমূহৰ সংস্কাৰ কৰিব পৰা যায়। ষ্টার্ট-আপ ইণ্ডিয়া পোর্টেলক এই বৃহৎ প্ৰত্যাহ্বানৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰা হ’ব। এই উপলক্ষে এক জনসভাত প্ৰধানমন্ত্রীয়ে ‘সহজে ব্যৱসায় কৰা’ৰ ৰেংকিঙত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান উন্নত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা উদ্যোগপতিসকলক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে দোঁহাৰে যে যেতিয়া ‘সহজ ব্যৱসায় কৰা’ সম্পৰ্কীয় বিশ্ব সূচকাংকত ভাৰতৰ স্থান শীর্ষ ৫০খন দেশৰ অন্তৰ্গত কৰাৰ কথা তেওঁ প্ৰথম উত্থাপন কৰিছিল, তেতিয়া তেওঁৰ কথাত বহুতে সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু মাত্ৰ চাৰি বছৰতে আমি বহুদূৰ অগ্ৰসৰ হ’ব পাৰিছো বুলি তেওঁ সদৰি কৰে৷ এই সময়ছোৱাৰ ভিতৰত সহজে ব্যৱসায় কৰা সূচকাংকত ভাৰতে ৬৫টা স্থান উন্নীত কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম আৰু শীর্ষৰ ৫০খন দেশৰ তালিকাত ভাৰতক অন্তৰ্ভূক্ত কৰিবলৈ আৰু মাত্ৰ কেইটামান পৰ্যায়হে বাকী আছে। প্ৰধানমন্ত্রীয়ে কয় যে সহযোগিতা আৰু প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্রীয় ধাৰণাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সহজে ব্যৱসায় কৰাৰ দিশত আৰু অধিক উন্নতি কৰিবলৈ একেলগে কাম কৰি আহিছে। প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে নির্দিষ্ট নীতিৰ ভিত্তিত প্ৰশাসন পৰিচালনা আৰু স্বচ্ছ নীতিৰ ওপৰত বিশেষ জোৰ দিয়ে। তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে যি সংস্কাৰৰ প্ৰচেষ্টা লৈছে সাধাৰণ লোকৰ জীৱনপ্ৰণালীক আৰু অধিক সহজ কৰি তোলাটোৱেই ইয়াৰ প্ৰধান লক্ষ্য। বর্তমান ক্ষুদ্ৰ ব্যৱসায়ীসকলে অতি সহজেই ব্যৱসায় কৰিব পাৰে। বিদ্যুৎ সংযোগ প্ৰদানৰ কাম সহজতে হৈছে। বিগত চাৰি বছৰত ১৪০০তকৈ অধিক পুৰণি আইন চৰকাৰে বাতিল কৰিছে। ব্যৱসায়িক বিবাদ নিষ্পত্তি আৰু আমদানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্ত অতি কম সময়তে ল’ব পৰা হৈছে৷ তেওঁ কয় যে এমএছএমই খণ্ডত মাত্ৰ ৫৯ মিনিটত ১ কোটি টকা পর্যন্ত ঋণ অনুমোদন কৰা হৈছে। প্ৰধানমন্ত্রীয়ে কয় যে আইএমএফ আৰু মুডিজৰ দৰে সংস্থাসমূহেও ভাৰতৰ ভৱিষ্যতক লৈ আশাবাদী। প্ৰধানমন্ত্রীয়ে লগতে কয় যে যিমান পাৰি কম সময়ৰ ভিতৰত ভাৰতক ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অর্থনীতিত পৰিণত কৰাটোৱেই আমাৰ লক্ষ্য। সেয়েহে ইয়াৰ বাবে অর্থনীতিৰ সকলো ক্ষেত্রত আৰু অধিক উন্নতিৰ প্ৰয়োজন। তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে বর্তমান বাস্তৱ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগ নীতিৰ লক্ষ্যৰে কাম কৰি আহিছে আৰু এই নীতিয়ে নতুন ভাৰতৰ উদ্যোগপতিসকলৰ নতুন ধ্যান-ধাৰনাৰ সৈতে সামঞ্জস্য থাকিব। প্ৰধানমন্ত্রীয়ে সহজে ব্যৱসায় কৰা ৰেংকিঙত ভাৰতক শীর্ষ ৫০লৈ উন্নীত কৰাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সভাত উপস্থিত সকলোকে আহ্বান জনায়। প্ৰধানমন্ত্রীয়ে কয় যে আধুনিক আৰু ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্যোগ প্ৰতিষ্ঠানসমূহে ইয়াৰ কাম-কাজত মানুহৰ হস্তক্ষেপ পাৰ্যমানে হ্ৰাস কৰা দৰকাৰ। তেওঁ কয় যে এই ধাৰনাভিত্তিক কর্মসংস্কৃতিয়ে নির্দিষ্ট নীতিৰ দ্বাৰা পৰিচালিত প্ৰশাসনিক কাম-কাজক আৰু অধিক আগুৱাই নিব। | সহজে ব্যৱসায় কৰাৰ প্ৰধান প্ৰত্যাহ্বান শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ, উদ্যোগ জগতৰ বিভিন্ন প্ৰতিনিধিক উদ্দেশ্যি ভাষণ প্ৰদান |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%B0-%E0%A6%B2%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%9C/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%B0-%E0%A6%B2%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%9C/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনীত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অৱসৰপ্ৰাপ্ত মাননীয় শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰজু ৰাণা দেউবা উপস্থিত আছিল। নেপালৰ সংস্কৃতি, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণৰ মাননীয় মন্ত্ৰী শ্ৰীপ্ৰেম বাহাদুৰ আলে, যি লুম্বিনী উন্নয়ন ন্যাসৰ (এলডিটি) অধ্যক্ষ, লুম্বিনীৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকুল প্ৰসাদ কেচি, এলডিটিৰ উপাধ্যক্ষ, সন্মানীয় মেটেয়া শাক্য পুট্টা আৰু নেপাল চৰকাৰৰ কেইবাজনো মন্ত্ৰী উপস্থিত আছিল। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৫০০ জন অংশগ্ৰহণকাৰীক সম্বোধন কৰে, য'ত ভিক্ষু, বৌদ্ধ পণ্ডিত আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকল অন্তৰ্ভুক্ত আছিল। | নেপালৰ লুম্বিনীত বুদ্ধ জয়ন্তী উদযাপ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%9B%E0%A6%87%E0%A7%B0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%9B%E0%A6%87%E0%A7%B0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8/ | নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চিপিএছইৰ সন্মিলনত উপস্থিত থাকে৷ নিউ ইণ্ডিয়াৰ বাবে কৰ্প’ৰেট শাসন, মানৱ সম্পদ ব্যৱস্থাপনা, বিত্তীয় পুনৰ অভিযান্ত্ৰিকৰণ, উদ্ভাৱন আৰু প্ৰযুক্তি তথা ভিজন ২০২২ বিষয় সম্বন্ধীয় কিছুমান উপস্থাপন আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত কৰা হয়৷ উপস্থিত সকলোকে সম্বোধি প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনখন ৰাজহুৱা ক্ষেত্ৰৰ পৰিমণ্ডলৰ এক নতুন আৰম্ভণি বুলি অভিহিত কৰে৷ প্ৰদৰ্শিত উপস্থাপনসমূহক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ক্ষেত্ৰৰ প্ৰতিষ্ঠানসমূহক কাৰ্যকৰী স্বাধীনতা প্ৰদান কৰিছে যাতে তেওঁলোকে নিজৰ দক্ষতা উন্নয়ন কৰিব পাৰে৷ তেওঁ কয় যে পিএছইউবোৰে স্বাধীনতাৰ সময়ৰ পৰা ৰাষ্ট্ৰ গঠনত তথা ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাত অৱদান আগবঢ়াই আহিছে৷ তেওঁ কয় যে ৰাজহুৱা ক্ষেত্ৰৰ উদ্যোগসমূহৰ বাবে লাভ আৰু সামাজিক সুবিধা আদায় কৰাটো অতিশয় গুৰুত্বপূৰ্ণ৷ পিএছইৰ কৰ্মচাৰীৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পিএছই কৰ্মীৰ কঠোৰ পৰিশ্ৰম অবিহনে চৰকাৰৰ বৃহৎ অভিলাসী প্ৰকল্পসমূহ যেনে বিদ্যুতৰ সুবিধা নোহোৱা গাঁওসমূহত বিদ্যুৎ যোগান আৰু দাৰিদ্ৰসকলক এলপিজিৰ সংযোগ প্ৰদান আদি কৰ্মসমূহ সফল নহ’লহেঁতেন৷ প্ৰধানমন্ত্ৰীয়ে কয় যে অতীতৰ জয়গাঁথাসমূহ সুঁৱৰিলেই যথেষ্ট নহয়, উদ্ভাসিত নতুন প্ৰত্যাহ্বানসমূহো আঁকোৱালি ল’ব লাগিব৷ তেওঁ কয় যে উদ্যোগ আৰু উদ্ভাৱন একবিংশ শতিকাৰ মূল নিৰ্দেশক হোৱা উচিত৷ তেওঁ কয় যে অনুপ্ৰেৰণা, কল্পনা আৰু প্ৰতিষ্ঠান নিৰ্মাণেই হ’ল সফলতাৰ প্ৰধান চাবি-কাঠি৷ প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি তথা ব্যৱস্থাপনাৰ পৰিৱৰ্তনেৰে নিউ ইণ্ডিয়া গঠনত পিএছইক উৎসাহ প্ৰদান কৰি কয় যে পিএছইসমূহক পাঁচটা পি (P)ৰ সূত্ৰৰ প্ৰয়োজন- Performance(দক্ষতা), Process (প্ৰক্ৰিয়া), Persona (ব্যক্তিত্ব), Procurement (আহৰণ), আৰু Prepare (প্ৰস্তুতি)৷ ওপৰৰ সূত্ৰকেইটাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰি তেওঁ কাৰ্যকৰী আৰু বিত্তীয় দক্ষতাৰ উত্তৰণ; প্ৰক্ৰিয়াৰ স্বচ্ছতা তথা দায়িত্ব; জিইএম প্লেটফ’ৰ্ম আৰু এমএছএমইৰ জৰিয়তে আহৰণ; আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটিং তথা ৰ’ব’টিকছৰ দৰে প্ৰযুক্তিগত অৱৰোধৰ প্ৰস্তুতিৰ বিষয়ে সদৰী কৰে৷ নিউ ইণ্ডিয়াৰ বাবে তেওঁ পিএছইৰ সন্মুখত পাঁচটা প্ৰত্যাহ্বান উপস্থাপন কৰেঃ • ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে তেওঁলোকৰ ভৌগোলিক পৰিব্যপ্তি সৰ্বাধিক কৰিব? • ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে দেশৰ আমদানি বিল হ্ৰাস কৰিব? • ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে উদ্ভাৱন আৰু গৱেষণা সংবদ্ধ কৰিব? • ২০২২ চনৰ ভিতৰত ভাৰতীয় পিএছইউৰ চিএছআৰ পুঁজি ব্যৱহাৰ কৰাৰ পথ মানচিত্ৰ কি হ’ব? • ২০২২ চনৰ ভিতৰত ভাৰতীয় পিএছইউয়ে দেশক নতুন কি উন্নয়ন মডেল প্ৰদান কৰিব? প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ৫০০টা বৃহৎ উদ্যোগৰ ভিতৰত কিছুমান দেশত এক চতুৰ্থাংশই হ’ল ৰাজহুৱা খণ্ডৰ উদ্যোগ৷ তেওঁ ভাৰতীয় পিএছইউক অন্য দেশৰ পিএছইউৰ সৈতে সংবদ্ধ তথা বিদেশত বিনিয়োগৰ বাবে এক বিস্তৃত কৌশল উত্তৰণৰ বাবে পৰামৰ্শ প্ৰদান কৰে৷ তেওঁ কয় যে পিএছইউয়ে ভাৰতৰ আমদানি বিল হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ তাৰোপৰি চিপিএছইৰ আধুনিক গৱেষণা আৰু উন্নয়ন আন্তঃগাঁথনি তথা চিএছআইআৰ আৰু আইচিএআৰ ইত্যাদিৰ সুবিধাৰ কথা উনুকিয়াই দি তেওঁ উদ্ভাৱন আৰু গৱেষণা সংবদ্ধকৰণ প্ৰয়োজনৰ এয়েই সময় বুলি মন্তব্য কৰে৷ প্ৰসংগক্ৰমে তেওঁ চিপিএছই আৰু চৰকাৰী বিভাগসমূহৰ মাজত ব্যাপক পৰিমাণৰ তথ্য বিনিময়ৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে চিপিএছইক প্ৰতিটো বৰ্ষতে একোটা বিশেষ বিষয়ত সামাজিক দায়ৱদ্ধতাৰ কাৰ্যসূচী প্ৰণয়ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ এই সন্দৰ্ভত তেওঁ বিদ্যালয়সমূহত শৌচাগাৰ নিৰ্মাণত চিএছআৰ পুঁজিৰ ব্যয়ৰ সফলতাৰ বিষয়ে মন্তব্য কৰে৷ তেওঁ কয় যে এটা ভাল বিষয় একোখন সমগ্ৰ জিলাৰ প্ৰত্যাশা হিচাপে বিবেচিত হ’ব পাৰে৷ তেওঁ কয় যে চিপিএছইয়ে চিএছআৰৰ অংশ হিচাপে দক্ষতা উন্নয়ন কাৰ্যসূচীও গ্ৰহণ কৰিব পাৰে৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় য়ে চিপিএছইয়ে বিভিন্ন ক্ষেত্ৰত কাগজবিহীন কৰ্ম সংস্কৃতি, নগদবিহীন লেনদেন আৰু জাৱৰ ব্যৱস্থাপনাত আদৰ্শমূলক কৰ্ম সম্পাদন কৰিব পাৰে৷ প্ৰধানমন্ত্ৰীয়ে নিউ ইণ্ডিয়াৰ সমস্যা সমাধানত চিপিএছইৰ বৃহৎ বৰঙণি সন্দৰ্ভত আশা ব্যক্ত কৰে৷ | চিপিএছইৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান |
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A7%A7%E0%A7%A6-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AE-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AE-%E0%A7%A7%E0%A7%A6-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AE-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE/ | মোৰ মৰমৰ দেশবাসীসকল৷ আপোনালোক সকলোকে নমস্কাৰ৷ ৩১ অক্টোবৰত আমাৰ সকলোৰে প্ৰিয় চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী আৰু বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ‘ৰাণ ফৰ ইউনিটী’ৰ বাবে দেশৰ যুৱ প্ৰজন্ম একতাৰ হকে দৌৰিবলৈ সাজু হৈছে৷ এতিয়া বতৰো সুন্দৰ আৰু সেইবাবে ‘ৰাণ ফৰ ইউনিটী’ৰ বাবে উৎসাহো অধিক হ’ব৷ মোৰ আহ্বান যে আপোনালোক সকলোৱে বৃহৎ সংখ্যাত এই ‘ৰাণ ফৰ ইউনিটী’ত দলেবলে অংশগ্ৰহণ কৰক৷ স্বাধীনতাৰ প্ৰায় চাৰে ছয়মাহ পূৰ্বে ২৭ জানুৱাৰী ১৯৪৭ তাৰিখে বিশ্বৰ প্ৰসিদ্ধ আন্তৰ্জাতিক আলোচনী ‘টাইম মেগাজিনে’ যি সংস্কৰণ প্ৰকাশ কৰিছিল, তাৰে মুখ্য পৃষ্ঠাত চৰ্দাৰ পেটেলৰ আলোকচিত্ৰ আছিল৷ তেওঁলোকৰ প্ৰধান খবৰত ভাৰতৰ এখন নক্সা তেওঁলোকে প্ৰকাশ কৰিছিল আৰু সেই নক্সা আজি আমি যেনে দেখোঁ তেনে নাছিল৷ সেয়া এনে এক নক্সা আছিল য’ত ভাৰতক কেইবাটাও ভাগত ভাগ কৰা হৈছিল৷ তেতিয়া ৫৫০ত কৈও অধিক দেশীয় ৰাজশাসন আছিল৷ ভাৰতৰ প্ৰতি ইংৰাজৰ ৰুচি সমাপ্ত হ’লেও তেওঁলোকে দেশখনক বহুতো ভাগত ভাগ কৰি থৈ যাব বিচাৰিছিল৷ ‘টাইম মেগাজিনে’ লিখিছিল যে ভাৰতত বিভাজন, হিংসা, খাদ্য সংকট, মূল্যবৃদ্ধি আৰু শাসনৰ ৰাজনীতিৰ দৰে বিপদে দেখা দিছে৷ ‘টাইম মেগাজিনে’ এয়াও লিখিছিল যে এই সকলোবোৰৰ মাজত দেশক একতাৰ ডোলৰে বান্ধিবলৈ তথা এই আঘাতসমূহক যদি কোনোবাই উপশম কৰিব পাৰে তেন্তে সেয়া হ’ল চৰ্দাৰ বল্লভ ভাই পেটেল৷ ‘টাইম মেগাজিন’ৰ খবৰত লৌহ পুৰুষজনৰ জীৱনৰ আন এটা দিশো প্ৰকাশিত হৈছিল৷ কিদৰে তেওঁ ১৯২০ৰ দশকত আহমেদাবাদত হোৱা বানপানীত সাহাৰ্যৰ ব্যৱস্থা কৰিছিল৷ কিদৰে তেওঁ বাৰডোলী সত্যাগ্ৰহক আগুৱাই নিছিল৷ দেশৰ বাবে তেওঁৰ দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতি এনে আছিল যে কৃষক, শ্ৰমিকৰ পৰা আৰম্ভ কৰা উদ্যোগপতিলৈ সকলোৱে তেওঁক বিশ্বাস কৰিছিল৷ গান্ধীজীয়ে চৰ্দাৰ পেটেলক কৈছিল যে ৰাজ্যসমূহৰ সমস্যা ইমানেই যে কেৱল আপুনিহে ইয়াৰ সমাধান কৰিব পাৰিব আৰু চৰ্দাৰ পেটেলে এটা এটা কৈ সমাধান উলিয়াই দেশক একতাৰ ডোলত বান্ধি অসম্ভৱক সম্ভৱ কৰি তুলিছিল৷ তেওঁ সকলো সকলো ৰাজশাসন বিলুপ্ত কৰিছিল৷ জুনাগড়েই হওক অথবা হায়দৰাবাদ, শ্ৰাৱণকোৰেই হওক অথবা ৰাজস্থানৰ ৰাজশাসন- তেওঁ চৰ্দাৰ পেটেলেই আছিল যাৰ বিচক্ষণতা আৰু কূটনৈতিক কৌশলৰ দ্বাৰা আজি আমি একক ভাৰত দেখিবলৈ পাইছোঁ৷ একতাৰ বন্ধনত বন্ধা এই ৰাষ্ট্ৰক, আমাৰ ভাৰত মাতৃক দৰ্শন কৰি আমি স্বাভাৱিকতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ পুণ্য স্মৃতি স্মৰণ কৰিছোঁ৷ এই ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জয়ন্তী আৰু অধিক বিশেষ ৰূপত পালন কৰা হ’ব- সেইদিনা চৰ্দাৰ পেটেলক প্ৰকৃত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি আমি ষ্টেচু অব্ ইউনিটী ৰাষ্ট্ৰলৈ সমৰ্পিত কৰিম৷ গুজৰাটত নৰ্মদা নদীৰ তীৰত স্থাপিত এই প্ৰতিমাৰ উচ্চতা আমেৰিকাৰ ষ্টেচু অব্ লিবাৰ্টীতকৈও দুগুণ৷ এয়া বিশ্বৰ সবাতোকৈ ওখ গগনচুম্বী প্ৰতিমা৷ প্ৰতিজন ভাৰতীয়ই এতিয়া গৰ্ব কৰিব পাৰিব যে বিশ্বৰ সকলোতকৈ ওখ প্ৰতিমা ভাৰতৰ ভূমিত আছে৷ চৰ্দাৰ পেটেল যি মাটিৰ সৈতে জড়িত আছিল, তেওঁ এতিয়া আকাশৰ শোভাবৰ্ধন কৰিব৷ মই আশা প্ৰকাশ কৰিছোঁ যে দেশৰ প্ৰতিজন নাগৰিকে ‘ধৰিত্ৰী-মাতৃ’ৰ এই মহান উপলব্ধিৰ সৈতে বিশ্বৰ সন্মুখত গৰ্বৰ সৈতে বুকু ফুলাই, মূৰ থিয় কৰি ইয়াৰ গৌৰৱ গান কৰিব আৰু স্বাভাৱিকতে প্ৰত্যেকজন ভাৰতীয়ই এই ষ্টেচু অব্ ইউনিটী প্ৰত্যক্ষ কৰিবলৈ বিচাৰিব আৰু মোৰ বিশ্বাস যে ভাৰতৰ প্ৰতিটো কোণৰ লোকে এতিয়া এই স্থানকো প্ৰিয় স্থানৰ হিচাপত বাচনি কৰিব৷ মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, কালি আমি সকলো দেশবাসীয়ে ‘Infantry Day’ পালন কৰিলো৷ মই তেওঁলোক সকলোকে নমস্কাৰ জনাইছোঁ যি ভাৰতীয় সেনাৰ সৈতে জড়িত৷ মই আমাৰ সৈনিকসকলৰ পৰিয়ালকো তেওঁলোকৰ সাহসৰ বাবে ছেল্যুট প্ৰদান কৰিছোঁ, কিন্তু আপোনালোকে জানেনে যে আমি সকলো ভাৰতৰ নাগৰিকে এই ‘Infantry Day’ কিয় পালন কৰোঁ? এই দিনটোতেই ভাৰতীয় সেনাই কাশ্মীৰৰ ভূমিৰ পৰা অনুপ্ৰৱেশকাৰীসকলক উৎখাট কৰিছিল৷ এই ঐতিহাসিক ঘটনাৰ সৈতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে৷ মই ভাৰতৰ মহান সেনা বিষয়া ছেম মানেকশ্ব’ৰ এটা পুৰণি সাক্ষাৎকাৰ পঢ়ি আছিলো৷ সেই সাক্ষাৎকাৰটোত ফিল্ড মাৰ্শ্বেল মানেকশ্ব’ই সেই সময়ৰ স্মৃতি সোঁৱৰণ কৰিছিল যেতিয়া তেওঁ এজন কৰ্ণেল আছিল৷ সেই সময়ত ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰত এক সেনা অভিযান আৰম্ভ হৈছিল৷ ফিল্ড মাৰ্শ্বেল মানেকশ্ব’ই কৈছিল যে কিদৰে এক বৈঠকৰ সময়চোৱাত কাশ্মীৰলৈ সেনা প্ৰেৰণত বিলম্ব কৰাত চৰ্দাৰ বল্লভ ভাই পেটেল ক্ৰোধান্বিত হৈ উঠিছিল৷ চৰ্দাৰ পেটেলে বৈঠকৰ সময়ত নিজস্ব ভংগীমাৰে তেওঁৱৈ চাই কৈছিল যে কাশ্মীৰলৈ সেনা অভিযানত যাতে অকণো বিলম্ব নহয় আৰু অতি সোনকালে ইয়াৰ সমাধান উলিয়াব লাগে৷ ইয়াৰ পিছত কাশ্মীৰলৈ সৈন্য প্ৰেৰণ কৰা হ’ল আৰু আমি ভাৰতীয় সেনাৰ সফলতা দেখিবলৈ পালো৷ ৩১ অক্টোবৰত আমাৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰো পুণ্যতিথি৷ ইন্দিৰাজীতো আদৰৰে শ্ৰদ্ধাঞ্জলী যাচিছোঁ৷ মোৰ মৰমৰ দেশবাসীসকল, খেল কোনে ভাল নাপায়৷ খেল জগতৰ spirit, strength, skill, stamina- এই সকলো কথা অতি গুৰুত্বপূৰ্ণ৷ এয়া কোনো খেলুৱৈৰ সফলতাৰ কাৰণ হ’ব পাৰে আৰু এই চাৰিটা গুণেই কোনো ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে৷ কোনো দেশৰ যুৱ প্ৰজন্মৰ ভিতৰত যদি এই চাৰিটা গুণ থাকে তেন্তে দেশে কেৱল অৰ্থব্যৱস্থা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উৎকৰ্ষ লাভ কৰাই নহয় ক্ৰীড়া ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিব৷ অলপতে মই দুটা স্মৰণীয় ঘটনাৰ সন্মুখীন হ’লো৷ প্ৰথমে জাকাৰ্টাত হোৱা এছিয়ান পেৰা গেমছ ২০১৮ বৰ্ষৰ আমাৰ পেৰা এথলীটসকলৰ সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য হ’ল৷ এই ক্ৰীড়াত ভাৰতে মুঠ ৭২টা পদকেৰে এক নতুন অভিলেখ ৰচনা কৰি ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে৷ এই সকলো প্ৰতিভাৱান পেৰা এথলীটৰ সৈতে মই স্বয়ং লগ কৰাৰ সৌভাগ্য লাভ কৰিলো আৰু তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিলো৷ তেওঁলোকৰ দৃঢ় ইচ্ছাশক্তি আৰু প্ৰতিটো প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজি আগবঢ়াৰ তেওঁলোকৰ উৎসাহে আমি দেশবাসীসকলক উৎসাহিত কৰে৷ এইদৰে আৰ্জেণ্টিনাত হোৱা ছামাৰ ইয়থ অলিম্পিকছ ২০১৮ চনৰ বিজেতাসকলৰ সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলো৷ আপোনালোকে এয়া জানি সন্তোষ পাব যে ইয়থ অলিম্পিকছ ২০১৮ত আমাৰ খেলুৱৈসকলে এইবাৰ আগতকৈও উন্নত প্ৰদৰ্শন কৰিছে৷ এই আয়োজনত আমি ১৩টা পদকৰ উপৰিও মিক্স ইভেণ্টত ৩টা পদক অৰ্জন কৰিছোঁ৷ আপোনালোকৰ মনত আছে চাগে এইবাৰ এছিয়ান গেমছতো ভাৰতে উন্নত প্ৰদৰ্শন কৰিছে৷ চাওক, কেইমিনিটমান পূৰ্বে মই আপোনালোকৰ সন্মুখত কিমানবাৰ এই পৰ্যন্ত, উন্নত প্ৰদৰ্শন আদি শব্দৰ ব্যৱহাৰ কৰিছোঁ৷ এয়াই হ’ল আজিৰ ভাৰতীয় খেলৰ কাহিনী যি আকাশ স্পৰ্শ কৰিছে৷ ভাৰতে কেৱল খেলতেই নহয়, এনেকুৱা কিছুমান ক্ষেত্ৰতো নতুন অভিলেখ সৃষ্টি কৰিছে যাৰ বিষয়ে কেতিয়াও চিন্তা কৰা হোৱা নাছিল৷ উদাহৰণ স্বৰূপে আপোনালোকক পেৰা এথলীট নাৰায়ণ ঠাকুৰৰ বিষয়ে ক’ব খুজিছোঁ৷ তেওঁ ২০১৮ চনৰ এছিয়ান পেৰা গেমছত দেশৰ হৈ এথলীট শাখাত সোণৰ পদক জয় কৰিছে৷ তেওঁ জন্মৰ পৰাই দিব্যাংগ৷ আঠ বছৰ বয়সত তেওঁ নিজৰ পিতৃক হেৰুৱাইছিল৷ পিছৰ আঠ বছৰ তেওঁ অনাথালয়ত আছিল৷ অনাথালয় এৰাৰ পিছত জীৱনৰ গাড়ী আগুৱাই নিবলৈ তেওঁ ডিটিচিৰ বাছসমূহ পৰিষ্কাৰ কৰিবলৈ আৰু দিল্লীৰ ৰাস্তাৰ কাষৰ ধাবাসমূহত ৱেটাৰৰ কাম কৰিবলৈ আৰম্ভ কৰিলে৷ আজি সেইজন নাৰায়ণেই আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ বাবে সোণৰ পদক জয় কৰিছে৷ এয়াই নহয়, ভাৰতৰ খেলৰ উৎকৃষ্টতাৰ পৰিসীমা প্ৰত্যক্ষ কৰক, ভাৰতে জুডোত কেতিয়াও, সেয়া জ্যেষ্ঠ শাখাতেই হওক অথবা কনিষ্ঠ শাখাতেই হওক, কেতিয়াও অলিম্পিকৰ মেডেল জয় কৰিব পৰা নাই৷ কিন্তু তবাবী দেৱীয়ে ইয়থ অলিম্পিকত জুডোত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিলে৷ ১৬ বৰ্ষীয় যুৱ খেলুৱৈ তবাবী দেৱী মণিপুৰৰ এখন গাঁৱৰ বাসিন্দা৷ তেওঁৰ পিতৃ এজন শ্ৰমিক আৰু মাকে মাছ বিক্ৰী কৰি ঘৰ চলাই৷ কিমানবাৰ এনে হৈছে যে তেওঁলোকৰ খাবলৈও টকা নাই৷ এনে পৰিস্থিতিতো তবাবী দেৱীয়ে সাহস হেৰুওৱা নাছিল৷ আৰু তেওঁ দেশৰ বাবে মেডেল জয় কৰি ইতিহাস ৰচনা কৰিলে৷ এনেকুৱা অসংখ্য কথা আছে৷ সকলোৰে জীৱন প্ৰেৰণাৰ স্ৰোতস্বৰূপ৷ সকলো যুৱ খেলুৱৈৰ উদ্দীপনা নতুন ভাৰতৰ পৰিচয়স্বৰূপ৷ মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকৰ মনত আছে, আমি ২০১৭ চনত ফিফা ১৭ অনুৰ্ধ বিশ্বকাপৰ সফল আয়োজন কৰিছিলো৷ সমগ্ৰ বিশ্বই ইয়াক সফল টুৰ্ণামেণ্ট হিচাপে প্ৰশংসা কৰিছিল৷ ফিফা ১৭ অনুৰ্ধ বিশ্বকাপত দৰ্শকৰ সংখ্যাইও এক অভিলেখ ৰচনা কৰিছিল৷ দেশৰ বিভিন্ন ষ্টেডিয়ামত ১২লাখতকৈও অধিক লোকে ফুটবল মেচৰ আনন্দ উপভোগ কৰিছিল আৰু যুৱ খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰিছিল৷ এইবাৰ ভাৰতে ভূৱনেশ্বৰত পুৰুষ হকী বিশ্বকাপ ২০১৮ৰ আয়োজন কৰাৰ সৌভাগ্য লাভ কৰিছে৷ হকী বিশ্বকাপ ২০১৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ১৬ ডিচেম্বৰলৈ চলিব৷ প্ৰত্যেক ভাৰতীয়ৰে লাগিলে তেওঁ যি খেলকেই খেলক অথবা যি খেলতেই ৰুচি নাথাকক কিয়, হকীৰ প্ৰতি এক আকৰ্ষণ তেওঁৰ মনত অৱশ্যেই থাকে৷ ভাৰতৰ হকীৰ এক স্বৰ্ণীল ইতিহাস আছে৷ অতীতত ভাৰতে বিভিন্ন প্ৰতিযোগিতাত স্বৰ্ণ লাভ কৰিছে আৰু এবাৰ বিশ্বকাপো জয় কৰিছে৷ ভাৰতে হকীৰ কেইবাজনো মহান খেলুৱৈৰ জন্ম দিছে৷ বিশ্বত যেতিয়াই হকীৰ চৰ্চা হ’ব তেতিয়াই ভাৰতৰ এই মহান খেলুৱৈসকলৰ অবিহনে হকীৰ কাহিনী আধৰুৱা হ’ব৷ হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদৰ কথা সমগ্ৰ বিশ্বই জানে৷ তেওঁৰ পিছত বলৱিন্দৰ সিং জ্যেষ্ঠ, লেচলী ক্ল’ডিয়াছ, মোহম্মদ শ্বাহিদ, উধম সিঙৰ পৰা আৰম্ভ কৰি ধনৰাজ পিল্লাই পৰ্যন্ত হকীয়ে এক বৃহৎ পৰিক্ৰমা কৰিছে৷ আজিও টীম ইণ্ডিয়াৰ খেলুৱৈসকলে নিজৰ পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে পোৱা সাফল্যসমূহৰ দ্বাৰা হকীৰ নতুন প্ৰজন্মক উৎসাহিত কৰি আহিছে৷ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ৰোমাঞ্চক খেল উপভোগ কৰাটো এক সুন্দৰ অৱকাশ৷ ভূৱনেশ্বৰলৈ যাওক আৰু কেৱল ভাৰতীয় দলৰেই নহয়, সকলো দলৰ উৎসাহ বৃদ্ধি কৰক৷ উৰিষ্যা এনে এক ৰাজ্য যাৰ নিজৰ গৌৰৱপূৰ্ণ ইতিহাস আছে, সমৃদ্ধ, সাংস্কৃতিক ঐতিহ্য আছে আৰু তাৰে বাসিন্দসকলো অতি উৎসাহীও৷ ক্ৰীড়া প্ৰেমীসকলৰ বাবে উৰিষ্য দৰ্শনো এক সুন্দৰ সুযোগ হ’ব৷ খেলৰ আনন্দৰ সৈতে কোণাৰ্কৰ সূৰ্য মন্দিৰ, পুৰীৰ ভগবান জগন্নাথৰ মন্দিৰ আৰু চিল্কা হ্ৰদৰ সৈতে বিশ্বপ্ৰসিদ্ধ দৰ্শনীয় আৰু পবিত্ৰ স্থানসমূহ নিশ্চয় দৰ্শন কৰিব৷ মই এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় পুৰুষ হকী দলক শুভকামনা জনাইছোঁ আৰু তেওঁলোকক আশ্বাস দিছোঁ যে এশ পঁচিছ কোটি ভাৰতীয় তেওঁলোকৰ সৈতে আছে, তেওঁলোকক সমৰ্থন প্ৰদান কৰিছে আৰু ভাৰতলৈ অহা বিশ্বৰ অন্য দলসমূহকো অশেষ শুভকামনা জনাইছোঁ৷ মোৰ মৰমৰ দেশবাসীসকল, সামাজিক কাৰ্যৰ বাবে যিদৰে লোকসকল ওলাই আহিছে, স্বেচ্ছাসেৱী হৈছে, সেয়া দেশৰ বাবেই প্ৰেৰণাদায়ক কাৰ্য হিচাপে বিবেচিত হৈছে৷ এনেও সেৱা পৰমো ধৰ্মঃ ভাৰতৰ ঐতিহ্য৷ ই আমাৰ শতিকা পুৰণি পৰম্পৰা আৰু সমাজৰ প্ৰতিটো কোণত, সকলো ক্ষেত্ৰত ইয়াৰ সুগন্ধ আজিও আমি অনুভৱ কৰিব পাৰিছোঁ৷ কিন্তু নতুন যুগত নতুন ধৰণে নতুন প্ৰজন্ম, নতুন উৎসাহেৰে, নতুন সপোনৰ সৈতে এই কাম কৰাৰ বাবে আজি সকলো আগবাঢ়ি আহিছে৷ কেইদিনমান পূৰ্বে মই এক অনুষ্ঠানলৈ গৈ এক প’ৰ্টেল মুকলি কৰিছিলো যাৰ নাম হ’ল- ‘Self 4 Society’, মাই গ’ভ আৰু দেশৰ তথ্য প্ৰযুক্তি তথা বৈদ্যুতিক বিভাগে নিজৰ কৰ্মচাৰীসকলক সামাজিক কৰ্মৰ বাবে উৎসাহিত কৰিবলৈ তথা তেওঁলোকক এই সুবিধা প্ৰদান কৰিবলৈ এই প’ৰ্টেল মুকলি কৰিছে৷ এই কাৰ্যৰ বাবে তেওঁলোকৰ যি উৎসাহ পৰিলক্ষিত হৈছে , সেয়া প্ৰত্যক্ষ কৰি সকলো ভাৰতীয়ই গৰ্ব অনুভৱ কৰিব৷ আইটিৰ পৰা সমাজ, মইৰ পৰা আমি, অহমৰ পৰা বয়ম, স্বৰ পৰা সমষ্টিলৈ যাত্ৰা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে৷ কোনোবাই শিশুক পঢ়ুৱাই আছে, কোনোবাই প্ৰাপ্ত বয়স্কক পঢ়ুৱই আছে, কোনোবা স্বচ্ছতা কৰ্মৰ সৈতে জড়িত, কোনোবাই কৃষকক সহায় কৰি আছে আৰু ইয়াৰ অন্তৰালত কোনো লালসা নাই, ইয়াৰ পৰিৱৰ্তে ইয়াত সমৰ্পণ আৰু সংকল্পৰ এক নিঃস্বাৰ্থ ভাব আছে৷ এজন যুৱকে দিব্যাংগৰ হুইলচেয়াৰ বাস্কেটবলৰ দলক সহায় কৰিবলৈ নিজে হুইলচেয়াৰ বাস্কেটবল শিকিলে৷ এই যি উৎসাহ, এই যি সমৰ্পণ- এয়া অভিযানভিত্তিক কাৰ্যকলাপ৷ ইয়াৰ দ্বাৰা ভাৰতীয়সকলে গৰ্ব নকৰিবনে? নিশ্চয় কৰিব! ‘মই নহয় আমি’ৰ এই ভাবনাই আমাক সকলোকে প্ৰেৰণা দিব৷ মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, এইবাৰ যেতিয়া মই ‘মন কী বাত’ত আপোনালোকৰ চিন্তা-পৰামৰ্শ প্ৰত্যক্ষ কৰিছিলো তেতিয়া মই পুডুচেৰীৰ শ্ৰী মনীষ মহাপাত্ৰৰ এক ৰোমাঞ্চকৰ টিপ্পনী দেখিবলৈ পালো৷ তেওঁ মাই গ’ভত লিখিছে- ‘অনুগ্ৰহ কৰি ‘মন কী বাত’ত ভাৰতৰ জনজাতিসকলে কিদৰে তেওঁলোকৰ ৰীতি-নীতি আৰু পৰম্পৰা প্ৰকৃতিৰ সৈতে অস্তিত্বৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ দিবলৈ সমৰ্থ হৈছে এই বিষয়ে যেন চৰ্চা কৰে৷’ বহনক্ষম উন্নয়নৰ বাবে কিদৰে তেওঁলোকৰ পৰম্পৰাক আমি নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগে, তেওঁলোকৰ পৰা কি কি শিকিব লাগে৷ মনীষ মহোহয়- এই বিষয়ত ‘মন কী বাত’ৰ শ্ৰোতাৰ সন্মুখত প্ৰস্তুত কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ৷ এয়া এনেকুৱা এক বিষয় যি আমাক আমাৰ গৌৰৱপূৰ্ণ ইতিহাস আৰু সংস্কৃতি প্ৰত্যক্ষ কৰাৰ বাবে উৎসাহিত কৰে৷ আজি সমগ্ৰ বিশ্ব বিশেষ ৰূপত পশ্চিমীয়া দেশৰ পৰিবেশ সংৰক্ষণৰ চৰ্চা কৰি আছে আৰু সন্তুলিত জীৱনশৈলী ভাৰসাম্য জীৱনৰ বাবে নতুন পথৰ সন্ধান কৰি আছে৷ অৱশ্যে আমাৰ ভাৰতবৰ্ষও এই সমস্যাৰ সন্মুখীন নোহোৱাটো নহয়, কিন্তু ইয়াৰ সমাধানৰ বাবে আমি কেৱল নিজৰ ভিতৰলৈ ভুমুকিয়াই চাব লাগিব, নিজৰ সমৃদ্ধ ইতিহাস, পৰম্পৰা প্ৰত্যক্ষ কৰিব লাগিব, বিশেষকৈ আমাৰ জনজাতি সম্প্ৰদায়ৰ জীৱন-শৈলী লক্ষ্য কৰিব লাগিব৷ প্ৰকৃতিৰ সৈতে সামঞ্জস্য বৰ্তাই ৰখাটো আমাৰ আদিবাসী সম্প্ৰদায়ৰ সংস্কৃতিৰ এক অংগ৷ আমাৰ আদিবাসী ভাই-ভনীসকলে গছ-বন আৰু ফুলৰ পূজা দেৱ-দেৱীৰ দৰে কৰে৷ মধ্য ভাৰতৰ ভীল জনজাতিৰ মাজত বিশেষকৈ মধ্য প্ৰদেশ আৰু ছট্টিশগড়ত মানুহে বট গছ আৰু অৰ্জুন গছক শ্ৰদ্ধাৰে পূজা কৰে৷ ৰাজস্থানৰ দৰে মৰুভূমিত বিষ্ণই সমাজে পৰিবেশ সংৰক্ষণৰ পথ আমাক দেখুৱাইছে৷ বিশেষকৈ বৃক্ষৰ সংৰক্ষণৰ সন্দৰ্ভত তেওঁলোকে নিজৰ জীৱন পৰিত্যাগ কৰিব কিন্তু এদাল বৃক্ষৰো লোকচান হ’বলৈ নিদিব৷ অৰুণাচলৰ মিচিমি জনজাতিয়ে বাঘৰ সৈতে নিজৰ সম্পৰ্ক দাবী কৰে৷ তেওঁলোকে বাঘক ভাই-ভনী হিচাপে স্বীকাৰ কৰে৷ নাগালেণ্ডতো বাঘক বনৰ ৰক্ষক হিচাপে স্বীকাৰ কৰা হয়৷ মহাৰাষ্ট্ৰৰ বাৰ্লি সম্প্ৰদায়ৰ লোকে বাঘক অতিথি হিচাপে মানে আৰু তেওঁলোকৰ বাবে বাঘৰ উপস্থিতিয়ে সমৃদ্ধি আনে বুলি বিশ্বাস কৰে৷ মধ্য ভাৰতৰ কোল সম্প্ৰদায়ে তেওঁলোকৰ ভাগ্য বাঘৰ সৈতে জড়িত বুলি বিশ্বাস কৰে৷ যদি বাঘে খাবলৈ নাপায় তেন্তে গাঁওবাসীয়েও নোখোৱাকৈ থাকিব- এয়া তেওঁলোকৰ শ্ৰদ্ধা৷ মধ্য ভাৰতৰ গোণ্ড জনজাতিয়ে প্ৰজনন ঋতুৰ সময়ত কেথন নদীৰ কিছু অংশত মাছ ধৰা বন্ধ কৰে৷ এই স্থানসমূহক তেওঁলোকে মাছৰ আশ্ৰয়স্থল হিচাপে মানে আৰু এই প্ৰথাৰ জৰিয়তে তেওঁলোকে পিছত ভৰপূৰ মাত্ৰাত সুস্থ মাছ লাভ কৰে৷ আদিবাসী সম্প্ৰদায়ে নিজৰ বাসস্থানসমূহ প্ৰাকৃতিক সামগ্ৰীৰে নিৰ্মাণ কৰে আৰু এয়া শক্তিশালী হোৱাৰ লগতে পৰিবেশ অনুকূলো হয়৷ দক্ষিণ ভাৰতৰ নীলগিৰী পাহাৰৰ একান্ত ক্ষেত্ৰত এক সৰু সম্প্ৰদায়ে তেওঁলোকৰ ঘৰসমূহ স্থানীয় পৰ্যায়ত উপলব্ধ সামগ্ৰীৰ সহায়ত নিৰ্মাণ কৰে৷ মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, এয়া সত্য যে আদিবাসী সম্প্ৰদায়সকলে অতিশয় শান্তিপূৰ্ণ আৰু নিজৰ মাজত মিলিজুলি বাস কৰে, কিন্তু যেতিয়া কোনোবাই তেওঁলোকৰ প্ৰাকৃতিক সংসাধনৰ ক্ষতি কৰিলে তেওঁলোকেও নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰিবলৈ পিছ নোহঁহকে৷ এয়া আশ্বৰ্যৰ কথা নহয় যে আমাৰ স্বাধীনতা সেনানীসমূহৰ ভিতৰত সৰ্বপ্ৰথম সেনা এই আদিবাসী লোকসকলৰেই আছিল৷ ভগবান বীৰছা মুণ্ডাৰ কথা কোনে পাহৰিব পাৰে যিয়ে নিজৰ বন্যভূমিৰ সুৰক্ষাৰ বাবে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তুমূল সংঘৰ্ষত লিপ্ত হৈছিল৷ মই যিবোৰ কথা ক’লো তাৰে সূচী অনেক দীঘল৷ আদিবাসী সম্প্ৰদায়ৰ এনেকুৱা উদাহৰণ বহু আছে যিয়ে আমাক প্ৰকৃতিৰ সৈতে কিদৰ সামঞ্জস্য বৰ্তাই ৰাখিব লাগে সেই বিষয়ে শিক্ষা দিয়ে আৰু আজি আমাৰ ওচৰত যি বনজ সম্পদ আছে তাৰবাবে দেশ আমাৰ আদিবাসীসকলৰ ওচৰত ঋণী৷ আহক! তেওঁলোকৰ প্ৰতি আমাৰ আদৰ ভাব প্ৰদৰ্শন কৰোঁ৷ মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’ত মই সেই ব্যক্তি আৰু সংস্থাসমূহৰ বিষয়ে কওঁ যি সমাজৰ বাবে অসাধাৰণ কাম কৰে৷ এনেকুৱা কাৰ্য যি দেখাত সাধাৰণ যেন লাগিলেও বাস্তৱিকতে তাৰ প্ৰভাৱ অধিক হয়৷ আমাৰ মানসিকতা পৰিৱৰ্তনত, সমাজৰ দিশ পৰিৱৰ্তন৷ কিছুদিন পূৰ্বে মই পাঞ্জাৱৰ কৃষক ভাতৃ গুৰবচন সিংজীৰ বিষয়ে অধ্যয়ন কৰি আছিলো৷ এক সামান্য আৰু পৰিশ্ৰমী কৃষক গুৰবচন সিংজীৰ পুত্ৰৰ বিবাহ অনুষ্ঠান আছিল৷ এই বিবাহৰ পূৰ্বে গুৰবচন জীয়ে কইনাৰ পিতৃ-মাতৃক ক’লে যে আমি বিয়া সাধাৰণভাৱে অনুষ্ঠিত কৰিম৷ ইয়াত অত্যাধিক ব্যয় কৰাৰ প্ৰয়োজন নাই৷ আমি ইয়াক অতি সাধাৰণভাৱে কৰিম৷ কিন্তু হঠাতে তেওঁ ক’লে যে মোৰ এটা চৰ্ত আছে আৰু সাধাৰণতে এনে হয় যে চৰ্তৰ কথা ক’লে কিবা এটা ডাঙৰ বস্তু খোজাৰ কথা কোৱা যেন হয়৷ হয়তো এনেকৱা বস্তু খুজিব যে কন্যাৰ পিতৃ-মাতৃৰ পক্ষে সেয়া অসম্ভৱ হৈ পৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে গুৰবচন সিং আছিল সৰল কৃষক৷ তেওঁ কইনাৰ দেউতাকক যি ক’লে, যি চৰ্তৰ কথা ক’লে সেয়াই আমাৰ সমাজৰ প্ৰকৃত শক্তি৷ গুৰবচন সিংজীয়ে তেওঁক ক’লে যে আপুনি মোক কথা দিয়ক যে এতিয়াৰে পৰা আপুনি আপোনাৰ খেতিত ‘পৰালি’ নজ্বলাব৷ আপুনি কল্পনা কৰিব পাৰে ইয়াত কিমান ডাঙৰ সামাজিক শক্তি আছে৷ গুৰবচন সিংজীৰ এই কথা সাধাৰণ যেন লাগিলেও ইয়াৰ পৰা তেওঁৰ ব্যক্তিত্বৰ বিষয়ে গম পোৱা যায় আৰু আমি দেখিছোঁ যে আমাৰ সমাজত এনেকুৱা বহু পৰিয়াল আছে যি ব্যক্তিগত প্ৰসংগক সমাজৰ হিতলৈ পৰিৱৰ্তন কৰে৷ শ্ৰীমান গুৰবচন সিংজীৰ পৰিয়ালে এনে এক আদৰ্শ আমাৰ সন্মুখত দাঙি ধৰিলে৷ মই পাঞ্জাৱৰ আৰু এখন গাঁও কল্লৰ মাজৰাৰ বিষয়ে পঢ়িলো যি নাভাৰ কাষত অৱস্থিত৷ কল্লৰ মাজৰা এইবাবেই চৰ্চালৈ আহিল কাৰণ তাৰে বাসিন্দাই ধানৰ ‘পৰালি’ জ্বলাই দিয়াৰ পৰিৱৰ্তে সেইসমূহ একত্ৰ কৰি তাক মাটিৰ সৈতে মিহলাই দিয়ে আৰু তাৰ বাবে যি প্ৰযুক্তিৰ ব্যৱহাৰ হয় সেয়া গোটাই লয়৷ ভাই গুৰবচন সিংজীক অভিনন্দন জনাইছোঁ৷ কল্লৰ মাজৰা আৰু সেই স্থানসমূহৰ বাসিন্দাসকলকো অভিনন্দন জনাইছোঁ যিয়ে বাতাৱৰণ স্বচ্ছ কৰি ৰখাৰ বাবে নিজৰ শ্ৰেষ্ঠতম প্ৰয়াস কৰে৷ আপোনালোক সকলোৱে সুস্থ জীৱনশৈলীৰ ভাৰতীয় ঐতিহ্যক এক প্ৰকৃত উত্তৰাধিকাৰীৰ ৰূপত আগুৱাই লৈ গৈ আছে৷ যিদৰে অসংখ্য টোপালৰ পৰা সাগৰৰ সৃষ্টি হয় ঠিক সেইদৰে সৰু সৰু সজাগতা আৰু সক্ৰিয়তা তথা ধনাত্মক ক্ৰিয়াই সদায় ধনাত্মক পৰিবেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ মোৰ মৰমৰ দেশবাসীসকল, আমাৰ গ্ৰন্থসমূহত উল্লেখ আছেঃ- ॐ द्यौः शान्तिः अन्तरिक्षं शान्तिः, पृथिवी शान्तिः आपः शान्तिः औषधयः शान्तिः। वनस्पतयः शान्तिः विश्वेदेवाः शान्तिः ब्रह्म शान्तिः, सर्वं शान्तिःशान्तिरेव शान्तिः सामा शान्तिरेधि|| ॐ शान्ति: शान्ति:शान्ति:|| ইয়াৰ অৰ্থ হ’ল, হে ঈশ্বৰ, তিনিও লোকত যাতে শান্তিৰ স্থাপনা হওক, জলত, পৃথিৱীত, আকাশত, মহাকাশত, অগ্নিত, বায়ুত, ঔষধিত, বনস্পতিত, উপবনত, অবচেতনত, সম্পূৰ্ণ ব্ৰক্ষ্মাণ্ডত শান্তিৰ স্থাপনা হওক৷ জীৱমাত্ৰত, হৃদয়ত, মোত, আপোনাত, জগতৰ প্ৰতিটো কোণত, সকলো স্থানতে শান্তি স্থাপিত হওক৷ ঔম শান্তিঃ শান্তিঃ শান্তিঃ৷৷ যেতিয়াই বিশ্ব শান্তিৰ কথা কোৱা হ’ব তেতিয়াই ভাৰতৰ অংশগ্ৰহণৰ কথা সোণালী আখৰেৰে লিখা ৰ’ব৷ ভাৰতৰ বাবে এই বৰ্ষৰ ১১ নৱেম্বৰৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ কাৰণ আজিৰ পৰা ১০০ বছৰ পূৰ্বে প্ৰথম বিশ্বযুদ্ধ সমাপ্ত হৈছিল৷ সেই সমাপ্তিৰ ১০০ বৰ্ষ সম্পূৰ্ণ হ’ব অৰ্থাৎ সেইসময়ত হোৱা বিশাল পৰিমাণৰ বিনাশ আৰু জনহানিৰ এটা শতাব্দী সম্পূৰ্ণ হ’ব৷ ভাৰতৰ বাবে প্ৰথম বিশ্বযুদ্ধ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল৷ প্ৰকৃততে ক’বলৈ গ’লে সেই যুদ্ধৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাছিল৷ তথাপিও আমাৰ সৈন্যই বীৰত্বৰে যুঁজিছিল আৰু সৰ্বোচ্চ বলিদানেৰে বৃহৎ ভূমিকা পালন কৰিছিল৷ ভাৰতীয় সৈন্যই বিশ্বক দেখুৱালে যে যুদ্ধৰ সময়ত আমাৰ সৈন্যই পিছ নোহঁহকে৷ আমাৰ সৈন্যই দুৰ্গম ক্ষেত্ৰত, বিষম পৰিস্থিতিতো নিজৰ শৌৰ্য প্ৰদৰ্শন কৰিছিল৷ এই সকলোবোৰৰ অন্তৰালত এটাই উদ্দেশ্য আছিল- শান্তিৰ পুনঃ স্থাপনা৷ প্ৰথম বিশ্বযুদ্ধত বিশ্বই বিনাশৰ তাণ্ডৱ প্ৰত্যক্ষ কৰিছিল৷ আনুমানিক ১ কোটি সৈনিক আৰু সিমান পৰিমাণৰ নাগৰিকে নিজৰ জীৱন হেৰুৱাইছিল৷ ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বই শান্তিৰ গুৰুত্ব কি- এয়া বুজি পালে৷ বিগত ১০০টা বৰ্ষত শান্তিৰ পৰিভাষা পৰিৱৰ্তন হৈছে৷ আজি শান্তি আৰু সৌহাৰ্দৰ অৰ্থ কেৱল যুদ্ধ নোহোৱাটোৱেই নহয়৷ সন্ত্ৰাসবাদৰ পৰা আৰম্ভ কৰি জলবায়ু পৰিৱৰ্তন, আৰ্থিক বিকাশৰ পৰা আৰম্ভ কৰি সামাজিক ন্যায়, এই সকলোবোৰকে ধৰি বিশ্বজনীন সহযোগিতা আৰু সমন্বয়ৰ সৈতে কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ দৰিদ্ৰতকৈও দৰিদ্ৰতম ব্যক্তিৰ বিকাশেই শান্তিৰ প্ৰকৃত প্ৰতীক৷ মোৰ মৰমৰ দেশবাসীসকল, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথাই বেলেগ৷ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য অনুপম আৰু ইয়াৰ লোকসকল অত্যন্ত প্ৰতিভাশালী৷ আমাৰ উত্তৰ পূৰ্বাঞ্চল বিভিন্ন শ্ৰেষ্ঠ কৰ্মৰ বাবে পৰিচিত৷ উত্তৰ পূৰ্বাঞ্চল এনে এক ক্ষেত্ৰ য’ত জৈৱিক কৃষিৰ উত্তৰণ হৈছে৷ কিছুদিন পূৰ্বে ছিক্কিমে বহনক্ষম খাদ্য ব্যৱস্থাপনাক উৎসাহিত কৰাৰ বাবে প্ৰখ্যাত Future Policy Gold rganisation ৰ তৰফৰ পৰা প্ৰদান কৰা হয়৷ আপোনালোকে জানি সুখী হ’ব, এই খণ্ডত উন্নত নীতি নিৰ্ধাৰণৰ বাবে দিয়া এই পুৰষ্কাৰ সেই ক্ষেত্ৰৰ অস্কাৰৰ সমপৰ্যায়ৰ৷ এয়াই নহয়, আমাৰ ছিক্কিমে ২৫খন দেশৰ ৫১টা মনোনীত নীতিক পিছ পেলাই এই বঁটা লাভ কৰিছে৷ ইয়াৰ বাবে মই ছিক্কিমৰ জনসাধাৰণক অশেষ অভিনন্দন জনাইছোঁ৷ মোৰ মৰমৰ দেশবাসীসকল, অক্টোবৰ মাহটো সমাপ্তিৰ পথত৷ বতৰৰো বহু পৰিৱৰ্তন অনুভূত হৈছে৷ শীতকাল আৰম্ভ হৈছে আৰু বতৰ পৰিৱৰ্তনৰ লগতে উৎসৱৰ বতৰো আহিছে৷ ধনতেৰছ, দীপাৱলী, ভায়া-দুজ, ষঠ.. এক প্ৰকাৰে ক’বলৈ গ’লে এই নৱেম্বৰ মাহটো উৎসৱৰ মাহ৷ আপোনালোক সকলো দেশবাসীক এই সকলো উৎসৱৰ অশেষ শুভ কামনা যাচিলোঁ৷ মই আপোনালোক সকলোকে আহ্বান কৰিম, এই উৎসৱৰ বতৰত যাতে নিজৰ প্ৰতিও লক্ষ্য ৰাখে, নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাৰ লগতে সমাজৰ হিতৰ প্ৰতিও যাতে লক্ষ্য ৰাখে৷ মোৰ বিশ্বাস যে এই উৎসৱ নতুন সংকল্পৰ উৎসৱ৷ এই উৎসৱ নতুন সিদ্ধান্তৰ উৎসৱ৷ এই উৎসৱে আপোনাৰ জীৱনলৈ যাতে এক অভিযানৰ ভিত্তিত আগুৱাই যোৱাৰ, দৃঢ় সংকল্প লোৱাৰ অৱকাশ সৃষ্টি কৰে৷ আপোনালোকৰ প্ৰগতি দেশৰ প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ আপোনালোকৰ যিমানেই প্ৰগতি হ’ব সিমানেই দেশৰ প্ৰগতি হ’ব৷ আপোনালোক সকলোলৈ মোৰ শুভ কামনা থাকিল৷ অশেষ ধন্যবাদ৷ | ২৮.১০.২০১৮ তাৰিখৰ প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ ৪৯তম খণ্ডৰ অসমীয়া অনুবাদ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B1%E0%A7%B0%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%B0-%E0%A6%AA%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3%E0%A6%A4-%E0%A6%A6/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B1%E0%A7%B0%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%B0-%E0%A6%AA%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3%E0%A6%A4-%E0%A6%A6/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ নবৰাত্ৰিৰ আৰম্ভণিতে শ্ৰী মোদীয়ে দেৱী শৈলাপুত্ৰীৰ প্ৰাৰ্থনা কৰাৰ লগতে সুখ, সুস্থ আৰু সৌভাগ্যৰ বাবে দেৱীৰ আশীৰ্বাদ কামনা কৰে৷ এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “শক্তিৰ উপাসনাৰ মহাপৰ্ব নবৰাত্ৰি উপলক্ষে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷ আস্থা আৰু বিশ্বাসৰ এই পবিত্ৰ ক্ষণত সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক৷ জয় মাতা দী!” "वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्। वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ।। দেৱী শৈলাপুত্ৰীৰ আৰাধনাৰ জৰিয়তে আজিৰ পৰা নবৰাত্ৰিৰ শুভাৰম্ভ হৈছে৷ মোৰ কামনা এই যে তেওঁৰ কৃপাৰ জৰিয়তে সকলোৰে জীৱন সুখ, সৌভাগ্য আৰু সুস্থতাৰে পৰিপূৰ্ণ হওক৷ | নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87-%E0%A6%86%E0%A6%9C%E0%A6%BF-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%95/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87-%E0%A6%86%E0%A6%9C%E0%A6%BF-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%95/ | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জনসাধাৰণৰ অংশগ্ৰহণে দেশৰ উন্নয়নত এক নতুন শক্তি প্ৰদান কৰিছে আৰু স্বচ্ছ ভাৰত অভিযান ইয়াৰ এক উদাহৰণ। শ্ৰী মোদীয়ে কয় যে শৌচালয় নিৰ্মাণেই হওঁক বা আৱৰ্জনা নিষ্কাশনেই হওঁক, ঐতিহ্য সংৰক্ষণেই হওঁক বা স্বচ্ছতাৰ প্ৰতিযোগিতাই হওঁক, দেশখনে আজি স্বচ্ছতাৰ ক্ষেত্ৰত নতুন কাহিনী লিখিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে; "স্বচ্ছ ভাৰত অভিযানটো হৈছে জনসাধাৰণৰ অংশগ্ৰহণে কেনেদৰে এখন দেশৰ উন্নয়নত নতুন শক্তি যোগাব পাৰে, তাৰ এক প্ৰত্যক্ষ প্ৰমাণ। শৌচালয় নিৰ্মাণেই হওঁক বা আৱৰ্জনা নিষ্কাশনেই হওঁক, ঐতিহাসিক ঐতিহ্য সংৰক্ষণেই হওঁক বা স্বচ্ছতাৰ প্ৰতিযোগিতাই হওঁক, দেশখনে আজি স্বচ্ছতাৰ ক্ষেত্ৰত নতুন কাহিনী লিখিছে।" | দেশে আজি স্বচ্ছতাৰ নতুন কাহিনী লিখিছেঃ প্ৰধানমন্ত্ৰ |
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A6%AE/ | https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A6%AE/ | হৰ হৰ মহাদেৱ! ত্ৰিলোচন মহাদেৱৰ জয়! মা শীতলা চৌকিয়া দেৱীৰ জয়! উত্তৰ প্ৰদেশৰ উদ্যমী আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী ড০ মহেন্দ্ৰনাথ পাণ্ডেজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী শ্ৰী অনিল ৰাজভৰজী, নীলকণ্ঠ তিৱাৰীজী, ৰবীন্দ্ৰ জয়ছোৱালজী, সংসদত মোৰ সহকৰ্মী শ্ৰী বি.পি. সৰোজজী, শ্ৰীমতী সীমা দ্বিবেদীজী, বিধানসভা আৰু বিধান পৰিষদৰ সকলো মাননীয় সভ্য, বাৰাণসী ডেইৰীৰ চেয়াৰপাৰ্ছন শ্ৰী শংকৰ ভাই চৌধুৰী আৰু বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ কৃষক ভাই-ভনীসকল ৷ বন্ধুসকল, আমাৰ ইয়াত গৰুৰ বিষয়ে ক'লে, গৰুৰ গোবৰৰ বিষয়ে ক'লে এনে পৰিস্থিতিৰ সৃষ্টি হয় যেন কিছুমানে পাপহে কৰিছে। আপুনি পাপ কৰিছে। গৰু কিছুমান লোকৰ বাবে পাপ হ'ব পাৰে, গৰু আমাৰ বাবে মাতৃ, শ্ৰদ্ধাৰ। গৰু আৰু ম'হক উপহাস কৰা লোকসকলে পাহৰি যায় যে দেশৰ ৮ কোটি পৰিয়ালৰ জীৱিকা এনে পশুধনৰ দ্বাৰা পৰিচালিত হয়। আজি এই পৰিয়ালবোৰৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা ভাৰতে প্ৰতি বছৰে প্ৰায় ৮.৫ লাখ কোটি টকাৰ গাখীৰ উৎপাদন কৰে। আৰু এই পৰিমাণ, ভাৰতত উৎপাদিত ঘেঁহু আৰু চাউলৰ মূল্যতকৈ অধিক। সেয়েহে, ভাৰতৰ দুগ্ধ খণ্ডক শক্তিশালী কৰাটো আজি আমাৰ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম। এই উপলক্ষে বানাস কাশী কমপ্লেক্সৰ আধাৰশিলা আজি ইয়াত স্থাপন কৰা হৈছে ৷ বানাস ডেইৰীৰ সৈতে জড়িত লাখ লাখ কৃষকৰ একাউণ্টলৈ কোটি কোটি টকা স্থানান্তৰ কৰা হৈছে, ৰামনগৰত গাখীৰ প্ৰকল্পটো চলাবলৈ জৈৱ গেছ আধাৰিত শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে, যি সমগ্ৰ দেশৰ দুগ্ধ খণ্ডত ইতিবাচক প্ৰভাৱ পেলাব। আজি সমগ্ৰ দেশতে গাখীৰৰ বিশুদ্ধতা প্ৰমাণ কৰিবলৈ এক একত্ৰিত প্ৰণালী আৰু ল’গ’ জাৰী কৰা হৈছে। দুগ্ধ খণ্ডত এই প্ৰচেষ্টাৰ উপৰিও, উত্তৰ প্ৰদেশৰ লাখ লাখ লোকক আজি তেওঁলোকৰ ঘৰৰ আইনী নথিপত্ৰও হস্তান্তৰ কৰা হৈছে। বাৰাণসীক অধিক সুন্দৰ, সুলভ আৰু সুবিধাজনক কৰি তুলিবলৈ ১৫০০ কোটি টকাৰ অধিক প্ৰকল্পও উৎসৰ্গিত আৰু স্থাপন কৰা হৈছে। এই সকলো উন্নয়নমূলক প্ৰকল্পৰ বাবে আপোনালোক সকলোকে অভিনন্দন, উত্তৰ প্ৰদেশ আৰু সমগ্ৰ দেশৰ গোপালকসকলক বিশেষ অভিনন্দন। বন্ধুসকল, এই খণ্ডটো সদায় আমাৰ বাবে নিযুক্তিৰ এক ডাঙৰ উৎস হৈ আহিছে। কিন্তু দীৰ্ঘদিন ধৰি, এই খণ্ডটোৱে যি সমৰ্থন পাব লাগিছিল সেয়া পূৰ্বৰ চৰকাৰবোৰত উপলব্ধ নাছিল। এতিয়া, আমাৰ চৰকাৰে সমগ্ৰ দেশতে এই পৰিস্থিতি সলনি কৰি আছে। আমি দুগ্ধ খণ্ডৰ আন্তঃগাঁথনিৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ এক বিশেষ পুঁজি কামধেনু আয়োগ গঠন কৰিছো। আমি এক বৃহৎ অভিযান আৰম্ভ কৰি লাখ লাখ গৰু গৰখীয়াক কিষাণ ক্ৰেডিট কাৰ্ড সুবিধাৰ সৈতে সংযুক্ত কৰিছো। কৃষকসকলে যাতে ভাল মানদণ্ডৰ পশুখাদ্যৰ বীজ পায় তাৰ বাবেও নিৰন্তৰে কাম চলি আছে। ঘৰত জন্তুৰ চিকিৎসা আৰু ঘৰত কৃত্ৰিম গৰ্ভধাৰণ প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ দেশজুৰি অভিযানো আৰম্ভ কৰা হৈছে। আমি জন্তুৰ ভৰি আৰু মুখৰ ৰোগ নিয়ন্ত্ৰণ ৰখাৰ বাবে দেশজুৰি টীকাকৰণ অভিযানো আৰম্ভ কৰিছো ৷ আমাৰ চৰকাৰে কেৱল শিশুসকলক বিনামূলীয়াকৈ টীকাকৰণ কৰাই নহয়, কেৱল ক’ৰোনা ভেকছিনেই নহয়, পশুধন ৰক্ষাৰ বাবে বহুতো ভেকছিনো প্ৰদান কৰিছে। বন্ধুসকল, দেশত এই প্ৰচেষ্টাৰ ফলস্বৰূপে, দেশত গাখীৰ উৎপাদন ৬-৭ বছৰ পূৰ্বৰ তুলনাত প্ৰায় ৪৫% বৃদ্ধি পাইছে। অৰ্থাৎ, ইয়াত প্ৰায় ডেৰ গুণ আছে। আজি, ভাৰতে বিশ্বৰ প্ৰায় ২২ শতাংশ গাখীৰ উৎপাদন কৰে। প্ৰায় এক চতুৰ্থাংশ। মই সুখী যে উত্তৰ প্ৰদেশ আজি কেৱল দেশৰ আটাইতকৈ গাখীৰ উৎপাদনকাৰী ৰাজ্য নহয়, দুগ্ধ খণ্ডৰ সম্প্ৰসাৰণতো যথেষ্ট আগবাঢ়ি আছে। ভাতৃ আৰু ভগ্নীসকল, মোৰ অটুট বিশ্বাস যে দেশৰ দুগ্ধ খণ্ড, পশুপালন, শ্বেত বিপ্লৱত নতুন শক্তিয়ে কৃষকসকলৰ অৱস্থা সলনি কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে। এই বিশ্বাসৰ বহুতো কাৰণ আছে। প্ৰথমতে, ১০ কোটিতকৈ অধিক পৰিমাণৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে পশুপালন অতিৰিক্ত উপাৰ্জনৰ এক বৃহৎ উৎস হ'ব পাৰে। দ্বিতীয়তে, ভাৰতৰ দুগ্ধজাত সামগ্ৰীৰ বিদেশত এক বৃহৎ বজাৰ আছে। য'ত আমাৰ আগবাঢ়ি যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তৃতীয়তে, পশুপালন হৈছে মহিলাৰ অৰ্থনৈতিক উন্নতি, তেওঁলোকৰ উদ্যোগক প্ৰচাৰ কৰাৰ এক উৎকৃষ্ট উপায়। আৰু চতুৰ্থতে, আমাৰ পশুধন জৈৱ গেছ, জৈৱিক কৃষি, প্ৰাকৃতিক কৃষিৰ বাবেও এক বৃহৎ আধাৰ। যিবোৰ জন্তুৱে গাখীৰ দিব নোৱাৰে, সেইবোৰ বোজা নহয়, কিন্তু সেইবোৰে প্ৰতিদিনে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে। ভাতৃ আৰু ভগ্নীসকল, আমাৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে কৃষকসকলক, গৰু পালকসকলক সকলো আন্তৰিকতাৰে, সকলো শক্তিৰে সমৰ্থন কৰি আছে। আজি ইয়াত স্থাপন কৰা বনস কাশী কমপ্লেক্সৰ আধাৰশিলাও চৰকাৰ আৰু সমবায়ৰ একেই অংশগ্ৰহণৰ প্ৰমাণ। সমবায় খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গোপালকাচৰ বানাস ডেইৰী আৰু পূৰ্বাঞ্চলৰ কৃষকসকলৰ মাজত আজি এক নতুন অংশীদাৰীত্ব আৰম্ভ হৈছে। যেতিয়া এই আধুনিক দুগ্ধ প্ৰকল্পটো সাজু হ'ব, ই কেৱল পিন্দ্ৰাৰ পৰাই নহয়, শিৱপুৰ, সেৱাপুৰী, ৰোহিনিয়া আৰু গাজীপুৰ, জৌনপুৰ, চান্দৌলি, মিৰ্জাপুৰ, বালিয়া, আজমগড়, মৌ আদি জিলাতো হাজাৰ লাখ কৃষক উপকৃত হ'ব। বানস কাশী কমপ্লেক্সৰ ফলত গাখীৰ সমিতি নিৰ্মাণ, ওচৰৰ বহুতো গাঁৱত সংগ্ৰহ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব আৰু গাখীৰ নষ্ট হোৱাৰ চিন্তাৰ পৰা সকাহ পোৱা যাব। তদুপৰি, ই কৃষকসকলক ভাল প্ৰজাতিৰ জন্তুৰ বাবে সহায় কৰিব আৰু জন্তুৰ বাবে ভাল মানদণ্ডৰ খাদ্য প্ৰদান কৰিব। গাখীৰ, দৈ, বাটাৰমিল্ক, মাখন, পনীৰ, আইচক্ৰীম আৰু মিঠাই আদিও ইয়াত তৈয়াৰ কৰা হ'ব। অৰ্থাৎ, বাৰাণসীৰ দৈ, মিঠাই, লবংগ, সকলোৰে সোৱাদ অধিক হ'ব। অৱশ্যে, মালাইৰ ঋতুও আহি আছে। এক প্ৰকাৰে, বানস কাশী কমপ্লেক্সে বাৰাণসীৰ ৰস আৰু অধিক বৃদ্ধি কৰিব। ভাতৃ আৰু ভগ্নীসকল, সাধাৰণতে, গাখীৰৰ মানদণ্ডৰ সত্যতা সম্পৰ্কেও আমি যথেষ্ট বিভ্ৰান্ত হৈছো। সাধাৰণ মানুহৰ বাবে কি গাখীৰ কিনিলে সুৰক্ষিত সেইটো চিনাক্ত কৰা কঠিন। সত্যতাৰ বাবে বিভিন্ন ব্যৱস্থাৰ বাবে, গৰু পালক, গাখীৰ ইউনিয়নকে ধৰি সমগ্ৰ দুগ্ধ খণ্ডটোৱেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। প্ৰত্যাহ্বানটো এতিয়া সমগ্ৰ দেশৰ দুগ্ধ খণ্ডৰ বাবে সমাধান কৰা হৈছে। আজি ভাৰতীয় মানদণ্ড ব্যুৰোৱে দেশৰ বাবে এক একত্ৰিত প্ৰণালী মুকলি কৰিছে। প্ৰমাণপত্ৰৰ বাবে কামধেনু গৰুৰ সৈতে এটা একত্ৰিত ল’গ’ও মুকলি কৰা হৈছে। যদি এই প্ৰমাণ, ল’গ’ দেখা যায়, ই বিশুদ্ধতা চিনাক্ত কৰা সহজ কৰি তুলিব আৰু লগতে ভাৰতৰ দুগ্ধজাত সামগ্ৰীৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব। বন্ধুসকল, আজি, দেশৰ যথেষ্ট প্ৰয়োজন হৈছে দুগ্ধ খণ্ডৰ জন্তুবোৰৰ পৰা ওলাই অহা আৱৰ্জনাবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাটো। ৰামনগৰ গাখীৰ প্ৰকল্পৰ ওচৰত এটা জৈৱ গেছ শক্তি প্ৰকল্প নিৰ্মাণ কৰাটো ইমান ডাঙৰ প্ৰচেষ্টাৰ ফল। এইটো এনে ধৰণৰ এটা প্ৰকল্প য'ত দুগ্ধ প্ৰকল্পৰ সকলো শক্তিৰ প্ৰয়োজনীয়তা জৈৱ গেছ প্ৰকল্পৰ পৰাই পূৰণ কৰা হ'ব। অৰ্থাৎ কৃষকসকলে কেৱল গাখীৰৰ পৰাই নহয়, গোবৰ বিক্ৰীৰ পৰাও উপাৰ্জন কৰিব পাৰিব। সাধাৰণতে, জৈৱ গেছ প্ৰকল্পটোৱে কৃষকসকলে লাভ কৰা গোবৰৰ মূল্যতকৈ অধিক মূল্যত কৃষকসকলৰ পৰা গোবৰ ক্ৰয় কৰিব। প্ৰস্তুত কৰা কঠিন জৈৱিক সাৰ কৃষকসকলৰ বাবে ৰাসায়নিক সাৰৰ তুলনাত বহুত কম মূল্যত উপলব্ধ হ'ব। ইয়াৰ ফলত জৈৱিক কৃষি- প্ৰাকৃতিক কৃষিৰ বিকাশ হ'ব আৰু লগতে নিৰাশ্ৰয় জীৱ-জন্তুৰ সেৱাত উদগনি দিয়া হ'ব। বন্ধুসকল, এটা সময় আছিল যেতিয়া ভাৰতত প্ৰাকৃতিক কৃষি, প্ৰাকৃতিক ধৰণে কৰা হৈছিল। প্ৰাকৃতিক কৃষিত কোনো বাহ্যিক ভেজাল নাই। খেতিপথাৰৰ পৰা উপলব্ধ একেটা উপাদান, খেতিৰ সৈতে জড়িত জন্তুবোৰৰ পৰা, খেতি বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। সাৰ হওঁক, কীটনাশক হওঁক, সকলোবোৰ প্ৰাকৃতিক উপায়েৰে তৈয়াৰ আৰু ব্যৱহাৰ কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে প্ৰাকৃতিক কৃষিৰ পৰিসৰ হ্ৰাস পাইছিল, যি ৰাসায়নিক কৃষিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। পৃথিৱী মাতৃৰ পুনৰুজ্জীৱিতকৰণৰ বাবে, আমাৰ মাটিৰ সুৰক্ষাৰ বাবে, ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সংৰক্ষণৰ বাবে, আমি এতিয়া আকৌ এবাৰ প্ৰাকৃতিক কৃষিৰ ফালে যাব লাগিব। সেইটো আজিৰ সময়ৰ দাবী। আৰু সেয়েহে, এতিয়া, চৰকাৰে প্ৰাকৃতিক কৃষিৰ প্ৰচাৰ, কৃষকসকলক সজাগ কৰাৰ বাবে এক বৃহৎ অভিযান চলাই আছে। আৰু আজি যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ উদযাপন কৰি আছো, মই দেশবাসীক, বিশেষকৈ মোৰ কৃষক ভাই-ভনীসকলক, বিশেষকৈ মোৰ ক্ষুদ্ৰ কৃষকসকলক, কৃষক দিৱসত প্ৰাকৃতিক কৃষিৰ দিশত আগবাঢ়ি যাবলৈ, প্ৰাকৃতিক কৃষিৰ ব্যয় হ্ৰাস কৰিবলৈ, সামগ্ৰী বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিম। এইটো কৃষিৰ আটাইতকৈ সস্তীয়া পদ্ধতি, আটাইতকৈ সুৰক্ষিত উপায়, আৰু আজিৰ পৃথিৱীত, প্ৰাকৃতিক কৃষিৰ পৰা জন্ম হোৱা শস্যৰ মূল্যও যথেষ্ট বেছি। আমাৰ কৃষি খণ্ডক স্বাৱলম্বিত কৰাৰ দিশত ই এক ডাঙৰ পদক্ষেপ। ভাতৃ আৰু ভগ্নীসকল, গাওঁবোৰক অবৈধ দখলৰ পৰা মুক্ত কৰাত মালিকীস্বত্ব আঁচনিৰ এক ডাঙৰ ভূমিকা আছে। মই সন্তুষ্ট যে যোগীজীৰ নেতৃত্বত উত্তৰ প্ৰদেশে সন্মুখৰ স্থান দখল কৰিছে। ইউপিৰ ৭৫ খন জিলাত ২৩ লাখতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত, আজি প্ৰায় ২১ লাখ পৰিয়ালক এই নথিপত্ৰ প্ৰদান কৰা হৈছে। যেতিয়া আপোনাৰ ঘৰৰ আপোনাৰ হাতত থাকে, দৰিদ্ৰ, দলিত, বঞ্চিত, পিছপৰা সকলে তেওঁলোকৰ ঘৰৰ অবৈধ দখলৰ চিন্তাৰ পৰা পৰিত্ৰাণ পাব। পূৰ্বৱৰ্তী চৰকাৰৰ সময়ত ইয়াত অবৈধ দখলৰ প্ৰৱণতা বৃদ্ধি হৈছিল। ই গাওঁসমূহৰ যুৱক-যুৱতীসকলক নিযুক্তি, স্ব-নিযুক্তিৰ বাবে নতুন মাধ্যম প্ৰদান কৰিব। ভাতৃ আৰু ভগ্নীসকল, যেতিয়া মই উত্তৰ প্ৰদেশৰ, কাশীৰ বিকাশৰ দ্বৈত ইঞ্জিন শক্তি আৰু দ্বৈত বিকাশৰ কথা কও, কিছুমান লোকে বহু কষ্ট পায়। এইসকল লোক যিয়ে উত্তৰ প্ৰদেশৰ ৰাজনীতিক কেৱল জাতি, ধৰ্ম, ধৰ্মৰ প্ৰিজমৰ জৰিয়তে প্ৰত্যক্ষ কৰিছিল। এই লোকসকলে কেতিয়াও বিচৰা নাছিল যে উত্তৰ প্ৰদেশৰ বিকাশ হওক, উত্তৰ প্ৰদেশৰ পৰিচয় আধুনিক হওক। বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, ৰাস্তা, পানী, বিদ্যুত, দৰিদ্ৰ ঘৰ, গেছ সংযোগ, শৌচালয়, তেওঁলোকে সেইবোৰক একেবাৰে বিকাশ বুলি বিবেচনা নকৰে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ এই ভাষাও তেওঁলোকৰ পাঠ্যক্ৰমত তেওঁলোকৰ অভিধানত নাই। বন্ধুসকল, দ্বৈত ইঞ্জিন চৰকাৰে উত্তৰ প্ৰদেশৰ উন্নয়নৰ বাবে দিন-ৰাতি এনেদৰে কাম কৰি যাব। মহাদেৱৰ আশীৰ্বাদ আৰু কাশীৰ জনসাধাৰণৰ মৰমেৰে আপোনালোকে উন্নয়নৰ নতুন অভিলেখ গঢ়ি বজাই ৰাখিব বুলি বিশ্বাসেৰে সকলো উন্নয়নমূলক প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। মোৰ সৈতে কথা কওক ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়। অশেষ ধন্যবাদ। | বাৰাণসীত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা |